বাৰ্তা:লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

টেগ্‌ কৰি থৈছোঁ যদিও মোৰ মতে এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ উপযুক্ত কৰাৰ উপায় নাই বা এইখিনি কথা বেজবৰুৱা বিষয়ক প্ৰবন্ধটোত সুমুৱাই দিয়াৰো উপায় নাই। — গীতাৰ্থ বৰদলৈ (talk) 15:10, 30 অক্টোবৰ 2012 (UTC)

সদস্য মৌচুমী বৰিয়ে এই প্ৰবন্ধটো লিখিছে, নবাগত বাবে অলপ সমস্যা পাইছে, ফেচবুকতে তেখেতক বাৰ্তা দিছো| সত্যজিত ৰায়ৰ সাহিত্যকৰ্ম ভংগীত এই প্ৰবন্ধটো লিখিব অনুৰোধ কৰিছো| দেখা যাওকচোন| বিষ্ণু শইকীয়া 15:37, 30 অক্টোবৰ 2012 (UTC)
আপুনি কোৱা প্ৰবন্ধটোও কিন্তু বৰ ভাল প্ৰবন্ধ নহয়। নিৰপেক্ষ হোৱা নাই (বাংলা, ইংৰাজী দুটাও), তথ্যসূত্ৰও তেনেকৈ নাই। সেইটোৰ দৰে লিখাটো উচিত নহ'ব। নতুন সদস্যই ভুলকৈ শিকিব। — গীতাৰ্থ বৰদলৈ (talk) 15:44, 30 অক্টোবৰ 2012 (UTC)
"if everything is perfect then nothing is." কোনোবাই কৈছিল....| যিজন সদস্যই প্ৰৱেশ কৰি প্ৰবন্ধ এটা লিখিব পৰা নাই.. তেখেতৰ পৰা ইয়াতকৈ ভাল এটা প্ৰবন্ধ এদিনতে আশা কৰাটো বোধহয় ভুল হ’ব| আৰু দ্বিতীয়তে তথ্যসূত্ৰ দিয়াটো কামটো নতুন সদস্যসকলে প্ৰায়ে টান পায়| আনহাতে তথ্যসূত্ৰৰ ক্ষেত্ৰত ৱিকিত ইমান কঠোৰ হ’লে বোধহয় অসমীয়া ৱিকিত থকা ১০০ টা মানহে ভাল প্ৰবন্ধ ওলাব (বাকীবোৰ কি বিলোপ কৰা উচিত?)| নতুন লিখকক নিৰাশ নকৰি হাত ধৰি আগুৱাই নিয়াহে মূল কথা| লগতে কেৱল বাৰ্তাতে সীমাবদ্ধ নাথাকি হাতেকামে কিছু কৰি দেখুৱালে বোধহয় নবাগতজনে আগুৱাবলৈ সহজ পাব| বিষ্ণু শইকীয়া 16:59, 30 অক্টোবৰ 2012 (UTC)
মই প্ৰথমতে ৱিকিত (ইং) সোমাই লাচিত বৰফুকনৰ ওপৰত যিটো প্ৰবন্ধ আৰম্ভ কৰিছিলোঁ, সেইটো চালে তোমালোকৰ হাঁইত পেটৰ নাড়ী ডাল ডাল দিব। প্ৰবন্ধটোৰ প্ৰথম ফালৰ ৰিভিজনবোৰ চালেই দেখিবাঁ। কিন্তু কেইবাজনো পুৰণি ৱিকিপিডিয়ানে মোৰ লগত বিভিন্ন প্ৰকাৰে যোগাযোগ কৰি, উৎসাহ দি লাহে লাহে পাচৰ প্ৰবন্ধবোৰত মোৰ লিখাবোৰ ঠিক কৰিলে (চাইপাও বৰুৱাও তাৰে এজন). সেয়ে মই ভাবোঁ সৰু কমিউনিটি হিচাবে আমি নৱাগতসকলক দৰকাৰ হ'লে ব্যক্তিগত ভাবেও মেন্টৰিং কৰি পৰিপক্ক কৰিব লাগে। বাকী থাকিল প্ৰবন্ধৰ গুণগত মানৰ কথা - প্ৰবন্ধ এটা একেদিনেই ভাল প্ৰবন্ধ হৈ নুঠে, লাহে লাহে, হয়তো বহুতে হাত লগোৱাৰ পাচতহে ই পূৰ্ণাংগ ৰূপ পায়, এয়েইতো ৱিকিপিডিয়াৰ মূল আধাৰ। বেচি কঠোৰ নহৈ মোটামোটি গ্ৰহণযোগ্য পোখালি প্ৰথম পেৰাৰে সৈতে প্ৰবন্ধটোৰ জঁকাটো থিয় হ'লেই উপযুক্ত টেগ লগাই, আলোচনা পৃষ্ঠাত (ন লিখক হ'লে) ভালদৰে কথাবোৰ বুজাই গত লগোৱাত সহায় কৰিব লাগে। এইটোৰ নিচিনা প্ৰবন্ধ হ'লে, বিষ্ণুৰ দৰে আৰ্হি প্ৰবন্ধ এটা-দুটাও দেখুৱাই দিব লাগে। প্রভাকৰ শৰ্মা নেওগ (talk) 17:18, 30 অক্টোবৰ 2012 (UTC)
মই কিবা এটা বাৰ্তা দিলেই নৱাগতক নিৰাশ কৰা বুলি কিয় ধৰে? আপোনাক ৱিকিপিডিয়াত লিখিবলৈ দেখুৱাওঁতে নিৰাশ হৈছিল নেকি? আজিৰে পৰা নতুন লেখকৰ প্ৰবন্ধত একো মন্তব্য নিদিওঁ। — গীতাৰ্থ বৰদলৈ (talk) 18:11, 30 অক্টোবৰ 2012 (UTC)