লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

পৌৰাণিক যুগৰ পৰা এতিয়ালৈকে শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱকে আদি কৰি শ্ৰেষ্ঠ দহজন অসমীয়াৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাও এজন বুলি কোৱা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] আধুনিক অসমীয়া ভাষা সাহিত্যৰ প্ৰতিষ্ঠাত তেওঁৰ অৱদানেই আটাইতকৈ বেছি[উদ্ধৃতিৰ প্ৰয়োজন]; অসমীয়া সাহিত্যৰ প্ৰতিটো বিভাগতে তেওঁৰ দখল আছিল। কবিতা,গল্প,উপন্যাস,ৰস ৰচনা,সমালোচনা সাহিত্য,সাধুকথা আদি সকলো বিভাগতে তেওঁ অৱদান আগবঢ়াই গৈছে। কৰ্মজীৱনৰ আহুকলীয়া পৰিস্হিতিৰ প্ৰতিকূলতাৰ মাজতো তেওঁ সাহিত্য সৃষ্টি কৰি গৈছিল। নিজ মাতৃভাষাৰ উন্নতিৰ বাবে তেওঁ সাহিত্য সৃষ্টিক এক প্ৰত্যাহ্বান হিচাবে লৈছিল।

কবিতা[সম্পাদনা কৰক]

বেজবৰুৱা দেৱে নিজকে কবি বুলি ভাবিব পৰা নাছিল[উদ্ধৃতিৰ প্ৰয়োজন] যদিও কবিতা হওক বা নহওক তেওঁ বহুতো কবিতা লিখিছিল। ইংৰাজী ১৯১৩ চনত তেওঁৰ কবিতা সংকলন “কদমকলি” প্ৰকাশ হয়। তেওঁৰ দুটা সুন্দৰ দেশপ্ৰেম মূলক কবিতা হৈছে “অ’ মোৰ আপোনাৰ দেশ” আৰু আনটো “আমি অসমীয়া নহওঁ দুখীয়া,কিহৰ দুখীয়া হ’ম”, ইংৰাজী ১৯৬৮ চনত তেওঁৰ আনখন কবিতা পুথি “পদুমকলি” ছপা হৈ ওলাইছিল, তেওঁৰ “বীণ-ব’ৰাগী” কবিতাটি এটা উল্লেখযোগ্য কবিতা।

সাধুকথাৰ কিতাপ[সম্পাদনা কৰক]

তেওঁৰ প্ৰকাশিত সাধুকথাৰ কিতাপ “জুনুকা”(ইং ১৯১৩), “ককাদেউতা আৰু নাতি ল’ৰা” (ইং ১৯১৩)আৰু “বুঢী আইৰ সাধু”; প্ৰতিটো সাধুকথাই সকলো শ্ৰেণীৰ পাঠকক মুগ্ধ কৰে। যুগ যুগ ধৰি মুখে মুখে প্ৰচলিত সাধুবোৰ বেজবৰুৱাদেৱে নিজ ভাষাৰে লিখি ছপা কৰি উলিয়াইছিল। “বুঢী আইৰ সাধু”ৰ জনপ্ৰিয়তা সৰবজনবিদিত।

চুটিগল্প[সম্পাদনা কৰক]

বেজবৰুৱা দেৱক চুটিগল্পৰ জনক আৰু শ্ৰেষ্ঠ চুটি গল্পকাৰ বুলি কোৱা হয়। তেওঁৰ গল্পবোৰত সুখ-দুখ,হাঁহি-কান্দোন,জীৱন পৰিক্ৰমাৰ চিত্ৰ ফুটি উঠিছে;তেওঁৰ গল্পবোৰৰ ভিতৰত “ভদৰী” আৰু “মুক্তি” অসমীয়া সাহিত্যৰ প্ৰথম আৰু সকলো সময়ৰে সৰ্বশ্ৰেষ্ঠ চুটিগল্প। তেওঁৰ গল্প সংকলন বিলাক ক্ৰমে “সুৰভি”, “সাধুকথাৰ কুকি”, “জোনবিৰি” , “কেহোকলি” আদি।

উপন্যাস[সম্পাদনা কৰক]

বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাস “পদুম কুঁৱৰী—ঐতিহাসিক সন্দৰ্ভত লিখা এখন প্ৰেম মূলক উপন্যাস-সুখপাঠ্য, মৌলিক ৰচনা হিচাপে এই উপন্যাসখনি অসমীয়া সাহিত্যত জিলিকি থাকিব।

নাটক[সম্পাদনা কৰক]

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই তিনিখন ঐতিহাসিক নাটক ৰচনা কৰিছিল—“চক্ৰধ্বজ সিংহ”, “জয়মতী কুঁৱৰী” আৰু “বেলিমাৰ”। জয়মতী কুঁৱৰী নাটক খন প্ৰথম আৰু তৃতীয় সাহিত্যসভাৰ অনুস্হানত মনস্হ হোৱাৰ উপৰিও সেই নাটক খনেই অসমৰ প্ৰথম বোলছবিৰূপে পৰিগণিত কৰিছিল-ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে।তেওঁৰ ধেমেলীয়া নাটক কেইখনৰ ভিতৰত “লিতিকাই”, “পাচনি”, “নোমল”, “চিকৰপতি নিকৰপতি”–এই নাটক কেইখনে দৰ্শকক পেটৰ নাৰী ভূৰি চিঙি যোৱাকৈ হহুঁৱাইছিল।

হাস্য ব্যংগ সাহিত্য[সম্পাদনা কৰক]

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই হাস্য বংগ সাহিত্যসৃষ্টিৰ বাবে বিভিন্ন ছদ্মনাম গ্ৰহণ কৰিছিল। তেওঁ কৃপাবৰ বৰবৰুৱা ছদ্মনামত অসংখ্য হাস্যাত্মক ৰচনা লিখি থৈ গৈছে – “কৃপাবৰ বৰুৱাৰ ওভতনি”, “বৰবৰুৱা বুলনি”, “কৃপাবৰ বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি” , “বৰবৰুৱাৰ চিন্তাৰ শিলগুটি” “বৰবৰুৱাৰ সাহিত্যিক ৰহস্য” আৰু “কৃপাবৰ বৰুৱাৰ সামৰণি”। অসমীয়া মানুহক হাস্য বংগ ৰচনাৰে হহুঁৱাব পৰা তেতিয়া এজনেই লোক আছিল।বুদ্ধিদীপ্ত মন্তব্য, নিৰ্দোষ হাস্যৰস আৰু স্হান বিশেষে কটু ব্যঙ্গ, বেজবৰুৱাৰ নিবন্ধাৱলীৰ প্ৰধান মাধ্যম। আধুনিকতা আৰু পৌৰানিকতাৰ সমন্বয়ত গঢি উঠা এগৰাকী প্ৰবল আশাবাদী, হাসোদ্দীপ্ত ব্যক্তিৰ স্বাক্ষৰ এই প্ৰৱন্ধ সমূহে বহন কৰে।

জীৱনীগ্ৰন্থ[সম্পাদনা কৰক]

লক্ষ্মীনাথ বেজবৰুৱাই লিখি থৈ যোৱা জীৱনীগ্ৰন্থ হ’ল তিনিখন—“ডাঙৰীয়া দীন নাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত”, “শঙ্কৰদেৱ”, “মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ”

তেওঁৰ আত্মজীৱনী “মোৰ জীৱন সোঁৱৰণ”।

ধৰ্ম মূলক লেখা[সম্পাদনা কৰক]

তেওঁৰ ধৰ্ম মূলক লেখা—“তত্ব কথা” আৰু “শ্ৰীকৃষ্ণ”।

বেজবৰুৱাদেৱে অসমৰ বাহিৰত জীৱনৰ সৰবাধিক সময় কটালেও কোনো ক্ষণতে অসমী আইৰ কথা পাহৰি যোৱা নাছিল, তেওঁৰ কাপৰ পৰা সেয়েহে নিগৰি ওলাইছিল অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ”।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]