অসমৰ জাতীয় গীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অ’ মোৰ আপোনাৰ দেশৰ পৰা পুনঃনিৰ্দেশিত)
অ’ মোৰ আপোনাৰ দেশ
ইংৰাজী শীৰ্ষক: O Mur Apunar Dex (O my dearest country)
O mur apunar dex

অসম  ভাৰতৰ ৰাজ্য সংগীত
গীতিকাৰ লক্ষ্মীনাথ বেজবৰুৱা
সুৰকাৰ কমলা প্ৰসাদ আগৰৱালা
গ্ৰহণৰ তাৰিখ ১৯২৭

অ’ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীত। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাসমূহৰ ভিতৰত ই এক অন্যতম কবিতা। অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি "মোৰ দেশ" নামেৰে ১৯১০ চনৰ মে' মাহৰ বাঁহীত (শ্ৰী কৃপাবৰ বৰুৱা ছদ্মনামত) আৰু ১৯১৩ চনত 'কদমকলি' পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল।[1] গীতটোৰ সুৰাৰোপ কমলা প্ৰসাদ আগৰৱালাই কৰিছিল। গীতটোৰ সুৰ আৰু পংক্তি সম্পৰ্কে বিভিন্ন মত পোৱা যায়। এই গীতটো আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীতৰূপে ১৯২৭ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত গৃহীত হয়। এই গীতটো বেজবৰুৱাৰ কদমকলি গ্ৰন্থত সন্নিবিষ্ট আছিল[2]

বেজবৰুৱাই লিখা মূল গীতটো

গীতটিৰ জন্ম সময়[সম্পাদনা কৰক]

লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা "মোৰ দেশ" শীৰ্ষক এই গীতটি বেজবৰুৱাদেৱৰেই সম্পাদিত মাহেকীয়া আলোচনী "বাঁহী"ত প্ৰকাশ হৈছিল ১৯১০ চনৰ মে' মাহৰ "বাঁহী" আলোচনীৰ ১৮৩২ শকৰ আহিন মাহৰ প্ৰথম বছৰ, সপ্তম সংখ্যাত। সেই সংখ্যাত বেজবৰুৱাদেৱৰ দুটি গীত প্ৰকাশ পাইছিল। 'মোৰ দেশ' আৰু আনটি গীতৰ নাম আছিল 'চন্দ্ৰা ৰাধাৰ দন্দ'। এই দুয়োটি গীতৰ ৰচয়িতা হিচাপে সেই সময়ত "শ্ৰীকৃপাবৰ" বুলিহে উল্লেখ কৰিছিল। পিছত ১৯১৩ চনত কলিকতাৰ পৰা প্ৰকাশিত বেজবৰুৱাদেৱৰ কবিতাপুথি কদমকলিত এই দুয়োটি গীত সন্নিবিষ্ট হৈ প্ৰকাশিত হয়। প্ৰথম অৱস্থাত এই 'মোৰ দেশ' নামৰ এই গীতটি ইংৰাজী সুৰত পৰিৱেশন কৰিব পৰাকৈ চাৰিটা স্তৱকত লিখা হৈছিল যদিও গীতটিৰ সুৰ-বিন্যাস কৰি সুৰত সজাবলৈ যাওঁতে ৰচক বেজবৰুৱাদেৱৰ পৰা অনুমতি গ্ৰহণেৰে শেষৰ চাৰিটি শাৰী, অৰ্থাৎ

"অ’ মোৰ আপোনাৰ দেশ
অ' মোৰ সুৰীয়া দেশ
ৰা তা তা, ৰা তা তা,
তা তা তা মৰমৰ দেশ!"
[3]

অংশছোৱা জাতীয় সঙ্গীতটিত অন্তৰ্ভুক্ত কৰাৰ পৰা বিৰত থাকে। গীতটিৰ স্বকীয় বৈশিষ্টতা, গভীৰ জাতীয় প্ৰেম তথা স্বদেশ প্ৰেম আৰু জাতীয় পৰ্যায়ত সৰ্বজনৰ মনোগ্ৰাহী হ'ব পৰা গুণসম্পন্ন হোৱাৰ বাবে বিভিন্ন সময়ত ভালেকেইজন সঙ্গীতজ্ঞ সুৰকাৰৰ দৃষ্টি আকৰ্ষিত হৈ একাধিক সুৰকাৰে সুৰাৰোপিত কৰি গীতটিক এটি জাতীয় সঙ্গীতৰ স্বীকৃতি পাব পৰা গীত ৰূপে উপস্থাপন কৰে। তৎমুহূৰ্তৰ পৰা গীতটিয়ে পূৰ্বৰ পৰিচয় 'মোৰ দেশ'ৰ ঠাইত 'অ' মোৰ আপোনাৰ দেশ' ৰূপে পৰিচিত হৈ প্ৰসাৰতা লাভ কৰে।[4]

গীতটিৰ সুৰ দিয়াৰ সন্দৰ্ভত বিভিন্ন ব্যক্তিৰ মত[সম্পাদনা কৰক]

'কদমকলিত' এটি কবিতাৰ ৰূপত থকা গীতটি কাৰ সুৰৰ পৰশত বৰ্তমানৰ পৰ্য্যায় পালেহি তাৰ সঠিক তথ্য পাবলৈ নাই। তথ্যবিজ্ঞ মহলে সময়ে সময়ে বিভিন্ন ব্যক্তিৰ সমলৰ ওপৰত ভিত্তি কৰি এই বিষয়ত মত প্ৰকাশ কৰিছে। তাৰে কিছুমান তলত উল্লেখ কৰা হ'ল।

যতীন্দ্ৰনাথ দুৱৰাৰ মত[সম্পাদনা কৰক]

'বাঁহী'ত প্ৰকাশিত, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বন্ধুপ্ৰতিম, 'বনফুল'ৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ পৰা লোৱা তথ্যৰ ওপৰত ভিত্তি কৰি শিৱপ্ৰসাদ বৰুৱাদেৱে যুগুতাই উলিওৱা বক্তব্যৰ কিছু অংশ উল্লেখ কৰা হ'ল। এই তথ্যখিনি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ভতিজা মাধৱা বেজবৰুৱাই সম্পাদনা কৰা 'বাঁহি'ৰ ২৭শ বছৰ পঞ্চম সংখ্যা, ৪৯২ শঙ্কৰাব্দৰ কাতি মাহত প্ৰকাশ হৈছিল।

অসমৰ জাতীয় সঙ্গীত: বেজবৰুৱাৰ অমৰ সঙ্গীত "অ' মোৰ আপোনাৰ দেশ"ক আমি অসমীয়া জাতিৰ জাতীয় সঙ্গীত বুলিছোঁ। যেনেকৈ "বন্দেমাতৰম্" ভাৰতৰ জাতীয় সঙ্গীত, Rule Britannia" ইংৰাজসকলৰ, সেইদৰে অসমত বেজবৰুৱাৰ অমৰ সঙ্গীত "অ মোৰ আপোনাৰ দেশ"ৰ নিচিনা অসমীয়াৰ হাড়ে হিমজুৱে অনুভৱ কৰা গীতটিৰ বাহিৰে, আন আন গীত আমি মানি লবলৈ টান পাওঁ।

---"দুৱৰা দেৱৰ (যতীন্দ্ৰনাথ দুৱৰা) মুখৰ পৰা থাউকতে "অ' মোৰ আপোনাৰ দেশ"ৰ বিষয়ে দুবছৰৰ আগতে (১৯৩০ চন) এইদৰে শুনিছিলোঁ। "অ' মোৰ আপোনাৰ দেশ" প্ৰথম বছৰ, ৭ম সংখ্যা বাঁহীৰ ২১২ পিঠিত ছপা হৈছিল। প্ৰথমতে এই গীতটো ডিব্ৰুগড়ৰ জৰ্জ স্কুলৰ উদ্বোধনী সভাত গোৱা হৈছিল। সুৰ বান্ধিছিল সেই স্কুলৰ শিক্ষক শ্ৰীযুক্ত তাৰাপ্ৰসাদ চক্ৰৱৰ্তী মহাশয়ে। তেখেত এতিয়া বঙ্গদেশৰ খুলনা হাইস্কুলৰ শিক্ষক। পিছত সেই সুৰেৰেই ডিব্ৰুগড়ৰ "বেৰি হোৱাইট মেডিকেল স্কুল"ৰ ছাত্ৰই সিবিলাকৰ বাৰ্ষিক উৎসৱত গায়। ডিব্ৰুগড়ত বহা অসম সাহিত্য সভাতো এই গীত গোৱা হৈছিল। এইবাৰ কিন্তু বেলেগ সুৰ হ'ল। সুৰ-শিল্পী প্ৰফুল্লচন্দ্ৰ বৰুৱাদেৱে সুৰ দিয়ে। এই সুৰটো ভালেদিন চলিছিল। ...... পিছত কমলাপ্ৰসাদ আগৰৱালা বি.এল. দেৱে বান্ধি দিয়া সুৰকে ৰাইজে গাই স্বস্তি লাভ কৰিছে। এই সুৰকে "ৰেকৰ্ড"তো দিয়া হ'ল। ইয়াৰ পৰা ডাঠি ক’ব পাৰি যে "অ' মোৰ আপোনাৰ দেশ"ৰ উৎপত্তি বা সাজসজ্জাৰ ৰূপ ডিব্ৰুগড়তেই।

এয়াই হৈছে বেজবৰুৱাদেৱৰ চিৰবাঞ্ছিত অমৰ সঙ্গীত "অ' মোৰ আপোনাৰ দেশ"ৰ উৎপত্তি। প্ৰথমে ডিবুৰুতে এই গীতৰ ধ্বনি উঠি লুইতৰ ঠৌত খলকনি তুলি অসমৰ ইমূৰৰপৰা সিমূৰলৈকে বিয়পাই দিলে। য'ত সেই মেদিণীমন্ত্ৰৰ প্ৰথম উচ্চাৰণ আৰু যি মন্ত্ৰে গোটেই আকাশ মণ্ডল তোলপাৰ লগাইছিল-- সেই "অ' মোৰ আপোনাৰ দেশ"ৰ জন্মদাতা সব্যসাচী বেজবৰুৱাৰ অসমৰ ইমূৰীয়া ডিবুৰূতে শেষ নি:শ্বাস পেলালে! বোধকৰো বেজবৰুৱাৰ চিৰবাঞ্ছিত "অ' মোৰ" ধ্বনিয়ে সেইদিনা শেষ নি:শ্বাসক পবিত্ৰ কৰিছিল, গৰিমাময়ী কৰি তুলিছিল। [4]

অতুলচন্দ্ৰ হাজৰিকাৰ মত[সম্পাদনা কৰক]

এই গীতটোৰ সুৰ দিয়া ব্যক্তি সম্পৰ্কত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সহিত্যাচাৰ্য্য অতুল চন্দ্ৰ হাজৰিকাদেৱে প্ৰণয়ন কৰা 'মঞ্চলেখা' নামৰ গ্ৰন্থত গীতিকাৰ, কবি পাৰ্ৱতি প্ৰসাদ বৰুৱাই কোৱা কথা উল্লেখ কৰিছে এই বুলি,

--- মই বন্ধত ঘৰত থাকোঁতে বেজবৰুৱা ডাঙৰীয়াৰ "অ' মোৰ আপোনাৰ দেশ" গীতটো দেউতাই মোক সুৰ দিবলৈ ক'লে। মই সেই গীতটো সুৰ দি গালত দেউতাই বৰ ভাল পালে আৰু প্ৰায়েই গাবলৈ আৰু ভাই-ভনী কেইটাক শিকাবলৈ ক'লে। সাহিত্য সভাৰ সভাপতি হৈ আহোঁতে তেখেতক পুৰণি কাৰ্জন হ'লত (বৰ্তমান কটন কলেজ লাইব্ৰেৰী) সম্বৰ্ধনা জনোৱা হৈছিল। বেজবৰুৱা ডাঙৰীয়াই সুৰটো শুনি বৰ ভাল পালে আৰু তেখেতৰ জীয়াৰী শ্ৰীযুতা ৰত্নাৱলী আইদেৱে সুৰটো শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে।

এই গীতটি পিছত তেজপুৰত দেশভক্ত তৰুণৰাম ফুকনৰ সভাপতিত্বত বহা অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনত অসমীয়া জাতীয় সনঙ্গীতৰূপে পোনপ্ৰথমে গোৱা হয়। অৱশ্যে সেই সুৰ মই আগতে দিয়া সুৰৰ পৰা সুকীয়া। মোৰ গীত ৰচনা আৰু সুৰসৃষ্টী গুৱাহাটী আৰু কলিকতাতো সণ্ঢালনিকৈ চলিবলৈ ধৰে আৰু ইয়াৰ পিছতো কৰ্মক্ষেত্ৰত এৰাধৰাকৈ চলে। (পৃষ্ঠা নং ১৯০-১৯১) [4]

অ' মোৰ আপোনাৰ দেশ গীতটোৰ স্বৰলিপি

ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ মত[সম্পাদনা কৰক]

অসমৰ এজন অভিনেতা, নাট্যকাৰ ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ ৰচনাৰাজীৰে প্ৰকাশিত 'ইন্দ্ৰেশ্বৰ বৰঠাকুৰ ৰচনাৱলী' গ্ৰন্থৰ পাতনিত সম্পাদক ডা° অনিল ৰঞ্জন বৰঠাকুৰে নিজৰ পিতৃ ইন্দ্ৰেশ্বৰ বৰঠাকুৰদেৱে কোৱা কথা উল্লেখ কৰি কৈছে,

...এই প্ৰসঙ্গত ১৯২৭ চনত তেজপুৰত পতা স্কাউট জাম্বুৰীখনৰ অসম ছাত্ৰ সন্মিলনৰ বছাৰেকীয়া অধিবেশনৰ কথা এটা উল্লেখ কৰা উচিত হ'ব বুলি ভাবোঁ। সাহিত্যৰথী বেজবৰুৱাদেৱে তেওঁক 'ডেকা ল'ৰা' বুলি মাতিছিল। জাম্বুৰীখনত 'মোৰ দেশ' বুলি বেজবৰুৱাদেৱে লিখা গীতটি ধুনীয়া ইংৰাজী সুৰেৰে গোৱাবলৈ তেজপুৰৰ সনঙ্গীতানুৰাগীসকলে ইচ্ছা প্ৰকাশ কৰাত 'ডেকা ল'ৰা'ই তেখেতৰ অনুমতি বিচাৰি চিঠি এখন দিলে। যথা সময়ত গীতটিৰ শেষৰ 'ৰা-তা-তা তা-ৰা-ৰা' পদ ফাকি বাদ দি গোৱাবলৈ অনুমতিও পালে। সকলোৱে তাৰপাছত কোৱা মেলা কৰি গীতটি ধুনীয়া ইংৰাজী সুৰেৰে জাম্বুৰীত আৰু পিছত ছাত্ৰ সন্মিলনত গোৱালে। এই গীতটি এনেদৰে গোওৱাত প্ৰফুল্ল চন্দ্ৰ বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, কমলাপ্ৰসাদ আগৰৱালা আৰু কুমুদ শৰ্ম্মা আদি শিল্পীসকল জড়িত আছিল। বৰঠাকুৰে আমাক কোৱা মতে সেই সময়ৰ স্কুল ইন্সপেক্টৰ Mr. Small এওঁ হেনো ইংৰাজী সুৰ দিয়াৰ কোৱা মেলাত ভাগ লৈছিল আৰু গীতৰ সামৰণিৰ সুৰটো কেনে ধৰণেৰে Low Pitch অত শেষ কৰিলে শ্ৰুতি মধুৰ হ'ব তাৰো পৰামৰ্শ আগবঢ়াইছিল। গীতটি শুনি শ্ৰোতাসকল বিস্ময় আৰু আনন্দত বিভোৰ হ'ল। তাৰ পাচতেই অসম সাহিত্য সভাই 'অ' মোৰ আপোনাৰ দেশ' নামেৰে গীতটিক অসমৰ জাতীয় সঙ্গীত বুলি গ্ৰহণ কৰিলে। (পৃষ্ঠা নং ২৬)[5]

বৰ্তমান পৰিৱেশন কৰা গীতটো[6][সম্পাদনা কৰক]

অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী দেশ
এনেখন সুৱলা,
এনেখন সুফলা
এনেখন মৰমৰ দেশ।

অ’ মোৰ সুৰীয়া মাত
অসমৰ সুৱদী মাত
পৃথিৱীৰ ক'তো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত।

অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই।

অসম সংগীতৰ চৰকাৰী স্বীকৃতি[সম্পাদনা কৰক]

২০১৩ চনৰ নৱেম্বৰ মাহত এই গীত সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হয়। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত গোলাঘাটৰ অৰূপ বল্লভ গোস্বামী নামৰ এজন ব্যক্তিয়ে জনোৱা আবেদনৰ ভিত্তিত এই তথ্য পোহৰলৈ আহে যে, "অ' মোৰ আপোনাৰ দেশ"ক চৰকাৰীভাৱে জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাছিল। এই তথ্য প্ৰকাশ হোৱাৰ পিছত অসম চৰকাৰে এই গীতটিক চৰকাৰীভাৱে 'ৰাজ্যিক জাতীয় সংগীত'ৰ মৰ্যাদা দিবলৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰে।[7][8] ২০১৩ চনৰ ১৫ ডিচেম্বৰত অনুষ্ঠিত অসম চৰকাৰৰ এখন কেবিনেট বৈঠকে "অ' মোৰ আপোনাৰ দেশ"ক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰে।[7][8]

বিভিন্ন ভাষাত অসমৰ জাতীয় সংগীত[সম্পাদনা কৰক]

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাত অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ’’ বিভিন্নজনে অনুবাদ কৰিছে৷

বাংলা ভাষাত[সম্পাদনা কৰক]

ওগো আমাৰ স্বদেশ
ওগো শ্ৰীময়ী দেশ
এমন মধুৰ শষ্যশালিনী
ওগো স্নেহময়ী দেশ৷

ওগো সুৰময়ী
সুধাময়ী মাগো
পৃথিৱীৰ কোথাও পাবেনা খুঁজে
জন্ম হোক অবশেষ৷

ওগো জন্মভূমি
ওগো মা অসমী
দেখি তোমাৰ মুখটি একবাৰ
মেটেনি আমাৰ আশ৷৷

( অনুবাদ: বিভূৰঞ্জন চৌধুৰী)[9]

বাগানীয়া ভাষাত[সম্পাদনা কৰক]

অ’ ম’ৰ আপন দেচ
অ’ ম’ৰ চিকণ দেচ
এৰকম মধুৰ
এৰকম চুন্দৰ
এৰকম মৰমেৰ দেচ

অ’ ম’ৰ চুৰেলা আৱাজ
আচামেৰ মিঠা আৱাজ
দুনিয়াৰ কাঁহাও
খোজে জনমটা
 নাই পাবি কৰলেও চেচ

অ’ ম’ৰ জনমেৰ থান
অ’ ম’ৰ অচমী মা
দেখে লি ত’ৰ
মুখটা একবাৰ
 ছাধ ম’ৰ হয়ে নাই চেচ৷

( অনুবাদ: সমীৰ তাঁতী, চাজন নায়ক)[9]

নেপালী ভাষাত[সম্পাদনা কৰক]

এ মেৰো আফেনা দেশ
 এ মেৰো নিৰ্মল দেশ
য়েস্তো য়ো সুন্দৰ

য়েস্তো য়ো উৰ্বৰ
য়েস্তো য়ো প্যাৰো দেশ

য়ে মেৰু সুৰিলো ভাষা (বোলী)
অসমকো সুমধুৰ(মধুৰ) ভাষা (বোলী)
পাইন্ন হৈ
সংসাৰমা কতৈ
খোজেৰ জীৱন সাৰা৷

এমেৰো জন্মভূমি
এ মেৰী আম্মা অসমী
হেৰৌঁ ন তিম্ৰো মুহাৰ একবাজি(একখেপ)
পুগেকো ছৈন ৰহৰ নৈ৷

(অনুবাদ: পুষ্পধৰ শৰ্মা)[9]

ৰাজবংশী ভাষাত[সম্পাদনা কৰক]

ও মোৰ আপোন দ্যাশ
ও মোৰ চিকণ দ্যাশ
এমন মনোমোহা
এমন সুফলা
এখন আদৰেৰ দ্যাশ৷

ও মোৰ সুৰেলা আও
অসমেৰ দৰদী ৰাও
পৃথিৱীৰ কোনো ঠে
ঘুংটিয়া জনমটা
নিপাত কইল্লেও
পাবুনা বাও৷

ও মোৰ ওপ্জনেৰ ঠাই
ও মোৰ অসমী আই
দেখোং তোমাৰ
মুখখান একবাৰ
হাবিলাস মোৰ
 শ্যাষ হয় নাই৷

( ড° দ্বিজেন্দ্ৰ নাথ ভকত)[9]

ডিমাছা ভাষাত[সম্পাদনা কৰক]

অ’ আনি জাৰ্নিবা থানি
অ’আনি লালীবা থানি
এলাইবা মাজাংবা
এলাইবা জানাবা
এলাইবা হামজাওবা থানি

অ’ আনি বিৰিলি গাৰাং
অ’ আনি মুৰিলি খুৰাং
হাবেছাউ থানিহা শ্মাইবো মাইনাংয়া
থাংৰাইথ এলাইবাখে৷

অ’ আনি হাজাইবা থানি
অ’ আমাই অসমী আনি
ফিন্ছি নাইনাংখো মুখাং নিনিখে
নাইহি নাইহিবো নাইহায়া৷

(অনুবাদ: নজেন্দ্ৰ নুনিছা)[9]

মাৰ ভাষাত[সম্পাদনা কৰক]

অ! কান চিংনা ৰাম নৈ
অ! কান ন’ই ৰাম ইনহৈ
ৰাম হাওছা লে ইনহৈ
ৰাম লিমউমলে লম’ উম
ৰাম হ্ৰিং ইনহৈ ইলও নি

অ! কা ৰল মইটাক হি
আসাম ৰাম ৰোল মই আ নি
খৱেল মোন টিনা
জং মো টুম ইন’লা খম৷

অ! কা পিংনা ৰাম ন্যাই
 অ! কানু ৰাম আসাম
ই মেল হেই মু ৰিম খমিন
কা খিৰ খন্ ক ঙাই ছে এ৷

( অনুবাদ: ছেইমি জ’থুই হাংচাল)[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. আমাৰ অসম, ড॰ দিলীপ কুমাৰ দত্ত
  2. "Encyclopedia of Indian Literature Volume 1, 1989, pagina 416-418.
  3. লক্ষ্মীনাথ বেজবৰুৱা (১৮৩৫ শক, ১লা ভাদ). কদম-কলি. প্ৰকাশক লৰেল্‌চ, হাওড়া: সাহিত্য প্ৰকাশ. 
  4. 4.0 4.1 4.2 অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' গীতৰ শতবৰ্ষ উপলক্ষে অসম সাহিত্য সভাৰ একসপ্ততিতম দেৰগাঁও অধিৱেশনৰ প্ৰথম দিনৰ বিশেষ সাংস্কৃতিক সমাৰোহৰ উদ্বোধনী ভাষণ, সূৰ্য্য হাজৰিকা ১ ফেব্ৰুৱাৰী ২০১১ চন
  5. বৰঠাকুৰ, অনিল ৰঞ্জন (সম্পা.) (১৯৯৮). "শিল্পীৰ সৃষ্টি- ইন্দ্ৰেশ্বৰ বৰঠাকুৰ ৰচনাৱলী". ইন্দ্ৰেশ্বৰ বৰঠাকুৰ স্মৃতি ন্যাস. পৃষ্ঠাসমূহ: ০.৩৩-০.৩৫. https://archive.org/details/in.ernet.dli.2015.452906/page/n35। আহৰণ কৰা হৈছে: ১০ জুন ২০১৯. 
  6. "State Anthem". Assam State Portal. https://assam.gov.in/about-us/390। আহৰণ কৰা হৈছে: 1 January 2023. 
  7. 7.0 7.1 "Bezbaroa’s song is anthem of Assam (The Hindu)". The Hindu. http://www.thehindu.com/news/national/other-states/bezbaroas-song-is-anthem-of-assam/article5365395.ece?homepage=true। আহৰণ কৰা হৈছে: 19 নৱেম্বৰ 2013. 
  8. 8.0 8.1 "Assam to adopt 'O Mur Apunar Dex'as state anthem". The Economic Times. http://economictimes.indiatimes.com/news/politics-and-nation/assam-to-adopt-o-mur-apunar-dexas-state-anthem/articleshow/25997815.cms। আহৰণ কৰা হৈছে: 19 নৱেম্বৰ 2013. 
  9. 9.0 9.1 9.2 9.3 9.4 9.5 নৰহ, জীৱন (ছেপ্তেম্বৰ ২০১২). "অ’ মোৰ আপোনাৰ দেশ". সাতসৰী খণ্ড অষ্টম বছৰ৷ দ্বিতীয় সংখ্যা. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]