বাৰ্তা:সমকামিতা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সমলৈঙ্গিক নে সমকামী?[সম্পাদনা কৰক]

লৈঙ্গিক মানে sexuality আৰু কামিতা মানে sexual intercourse দুয়োটা বেলেগ বস্তু! কামিতা (Sexual intercourse) অৰ্থাৎ যৌন সম্পৰ্ক অবিহনেও কোনোবা সমলৈঙ্গিক (Homosexual) হব পাৰে। গতিকে পৃষ্ঠাখনৰ নাম সমলৈঙ্গিকতা হব লাগিছিল বুলি ভাবো!

@As.rainbow:, আপুনি কোৱা 'সমলৈঙ্গিক' শব্দটো 'সমকামী' শব্দতকৈ ওচৰচপা যেন লাগিছে৷ পিছে, 'সমলৈঙ্গিকতা' শুদ্ধ নহ’ব নেকি! কুলধৰ ৰাভা (talk) 11:38, 14 July 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শুদ্ধতাৰ ক্ষেত্ৰত হিন্দী , গুজৰাটী, মাৰাঠী আৰু নেপালী আদি ভাষাতো সমলৈঙ্গিক, समलैंगिक , સમલૈંગિક , ব্যৱহাৰ কৰে। ইয়াত উল্লেখ কৰা দৰেই সেই ভাষা সমূহো সংস্কৃতমুলীয়। আৰু বঙালী ৱিকিপিডিয়াত সমকামী ব্যৱহাৰ কৰিছে সেইবুলিয়ে আমিও ব্যৱহাৰ কৰিম জানো? লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়টো প্ৰায় ভাৰতীয় ভাষাতে সমলৈঙ্গিক শব্দই ব্যৱহাৰ কৰা হয়। গতিকে ই ভুল হব নালাগে , বৰঞ্চ অধিক সাধাৰণতে ব্যৱহৃত শব্দহে হয়। As.rainbow (talk) 11:04, 14 July 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@As.rainbow:, 'সমলৈঙ্গিক' শব্দটো ভুল বুলি কোৱা নাই৷ 'সমলৈঙ্গিকতা' শব্দটো আপুনি শেষত ব্যৱহাৰ কৰা দেখিহে শুদ্ধ নহ’ব নেকি বুলি কৈছিলোঁ৷ প্ৰবন্ধটোৰ শিৰোনাম 'সমকামিতা'ৰ পৰিৱৰ্তে 'সমলৈঙ্গিক' উপযুক্ত হ’ব বুলি ভাবোঁ৷ এই সন্দৰ্ভত অবিজ্ঞ ব্যক্তিৰ মন্তব্যৰ কাম্য৷ ধন্যবাদ৷ কুলধৰ ৰাভা (talk) 11:38, 14 July 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Kuldhar Rabha:
Homoeroticism = সমকামিতা, Homosexuality =সমলৈঙ্গিকতা
ইয়াত sex = লিংগ হয় কাম (যৌনকাৰ্য্য) নহয় খিলঞ্জীত বাৰ্তা 07:30, 22 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@KhiLanTzi: অনুগ্ৰহ কৰি জনাব নেকি ইয়াৰ উৎস কি? কোনো অভিধান বা গ্ৰন্থৰ উৎস দিলে ভাল।- অজয়  কথা-বতৰা 08:12, 22 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@অজয় দাস:
অসমীয়া অভিধান
Homosexuality বুলি কোনো শব্দ হেমকোষত পোৱা নাই। কিন্তু যদি প্ৰতিটো শব্দ পৃথককৈ বিচাৰে তেন্তে -
সম = Similar / equal (পৃষ্ঠা ৮৯৪)
লিংগ = Gender মতা, মাইকী আৰু এই দুই বাজ বস্তু বোধক শব্দক পৃথক কৰা চিন (পৃষ্ঠা ৮৪৩)
কাম = Lust (পৃষ্ঠা ১৭৩)
Oxford languages
Oxford languages ৰ অনুসৰি –
Homosexuality মানে sexually or romantically attracted exclusively to people of one's own sex or gender.
ইয়াত sex ৰ দ্বাৰা লিংগ বুজোৱা হৈছে।
Same sex marriage = একে লিংগৰ বিবাহ হব। একে কামুকৰ বিবাহ নহব।
হিন্দী অনুবাদ
হিন্দী ভাষাত homosexuality ক समलैंगिकता বুলি অনুবাদ কৰা হৈছে। খিলঞ্জীত বাৰ্তা 09:53, 22 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@KhiLanTzi: যিহেতু আপুনি কোনো উল্লেখযোগ্য উৎস প্ৰদান কৰিব নোৱাৰিলে গতিকে বহুলভাৱে প্ৰচলিত শব্দ "সমকামিতা" ৰখায়ে ভাল হব। বিভিন্ন কাকত আলোচনীৰ পৰা সমাজশাস্ত্ৰৰ পাঠ্যপুথি সমূহতো homosexualityক "সমকামিতা" বুলিয়ে উল্লেখ কৰা হৈছে। অনলাইন অভিধান xobdo.orgটো সমকামিতা বুলিয়ে আছে। গতিকে এইবুলি ৰখায়ে ভাল। আন ভাষাৰ লগত তুলনা কৰাতকৈ আমাৰ নিজৰ ভাষাতে বহুলভাৱে ব্যৱহৃত নাম ব্যৱহাৰ কৰা ভাল।- অজয়  কথা-বতৰা 11:12, 22 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@অজয় দাস:
কেৱল মইয়ে নহয় কোনেও নিৰ্ভৰযোগ্য উৎস বিচাৰি নাপায় কাৰণ ই নতুনকৈ অনুবাদ কৰা শব্দ। তদুপৰি কোনোবাই অজ্ঞ ব্যক্তিয়ে ইয়াক ভুল অনুবাদ কৰিছিল। এতিয়া মই Homoerotic page টো কি বুলি বনাম ? সমলৈঙ্গিকতা বুলি? আৰু homosexuality টো সমকামী বুলি। Xobdo.org এটা ৱিকি, য'ত যিকোনো ব্যক্তিয়ে অৱদান আগবঢ়াব পাৰে আৰু শব্দ সম্পাদনা কৰিব পাৰে গতিকে আপুনি যি উৎস দিছে সেয়াও হাস্যকৰ। আমাৰ হাতত যদি কিবা নিৰ্ভৰযোগ্য উৎস আছে সেয়া হল প্ৰাচীন সংস্কৃত ভাষা। আৰু তাতো समलैङ्गिकता (সমলৈংগিকতা) হিচাপে আছে। এয়া অইন ভাষা বুলি নাভাবি প্ৰাচীন ভাৰতত কি শব্দ ব্যবহাৰ হল হেঁতেন সেয়া ভাবক। এতিয়া homoeroticism page ক যদি সমলৈংগিকতা বুলি লিখোঁ আৰু Homosexuality ক সমকামী বুলি তেতিয়া হ'লে ইয়াতকৈ আৰু ডাঙৰ ভুল গোটেই অসমীয়া ৱিকিপিডিয়াত নাথাকিব। খিলঞ্জীত বাৰ্তা 13:53, 22 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@KhiLanTzi: ৱিকিপিডিয়া নিজস্ব গৱেষণাৰ ঠাই নহয়। অনুগ্ৰহ কৰি আপোনাৰ মৌলিক গৱেষণাৰ বিষয়বস্তু পোনে পোনে ইয়াত যোগ নিদিব। আপুনি যদি তেনেকৈ ব্যৱহাৰ কৰিব বিচাৰিছে নিজেই উৎস সৃষ্টি কৰক। আপোনাৰ অনুবাদ যদি মানুহে গ্ৰহণ কৰে নিশ্চয় তাকেই উৎস হিচাপে লৈ ইয়াতো শুদ্ধ কৰা হ'ব। আপোনাৰ হাতত যদি উৎস নাই তেন্তে উপলদ্ধ উৎসসমূহকে সত্য বুলি গ্ৰহণ কৰা হ'ব। সমকামিতা অসমীয়াত বহুলভাৱে ব্যৱহৃত শব্দ আৰু ইয়াৰ সপক্ষে আপোনাৰ ভাষাত হাস্যকৰ হলেও কেইটামান উৎস আছে। কিন্তু আপোনাৰ হাতত একো উৎস নাই। গতিকে অনুগ্ৰহ কৰি আলোচনা চলি থকা কালত উৎস নোহোৱাকৈ পৃষ্ঠা এখনৰ নাম সলনি কৰাৰ দৰে কাম নকৰিব। লগতে বিষয়টোৰ লগত জড়িত নহয় যদিও समलैङ्गिकता শব্দটোৰ সংস্কৃত উৎস দিলে ভাল পাম।- অজয়  কথা-বতৰা 14:10, 22 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@অজয় দাস:
Consider following sources of সমলৈঙ্গিকতা। এইবোৰো উৎকৃষ্ট উৎস। বাতৰি আৰু ধৰ্ম গ্ৰন্থৰ উধৃতি দিয়া আছে। তদুপৰি আপুনি দিয়া xobo tatu সমলৈঙ্গিকতা বুলিও আছে। যিহেতু বাতৰি, অভিধান আৰু ধৰ্ম গ্ৰন্থত দুয়োটা শব্দ ব্যবহাৰ হোৱা দেখা গৈছে সেয়ে যিটো শুদ্ধ অনুবাদ (সমলৈঙ্গিকতা) তাকে ব্যবহাৰ হোৱা উচিত। অন্যহাতে Homoerotic টো সমকামী বুলিয়ে অনুবাদ হৈছে। গতিকে শুদ্ধ অনুবাদৰ প্ৰতি লক্ষ্য কৰিলে ভাল হব। কাৰণ Homoerotic ৰ অসমীয়া ভাঙনীও সমকামিতা হয়। আৰু ইয়াৰ পূৰ্বেও মই কাম আৰু লিংগৰ পাৰ্থক্য হেমকোষত দেখুৱাইছো।
Religious Sources
web translators
News Source
News Source
समलैङ्गिकः source as you asked for
Homoerotic as সমকামীতা খিলঞ্জীত বাৰ্তা 16:04, 22 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@KhiLanTzi: Religious Sources ইয়াত homosexualityৰ কথা কোৱা নাই same sex marriageৰ কথা কৈছে। same sex marriageক সমলৈঙ্গিক (সমলৈংগিক) বিবাহ বুলি লিখিলে একো আপত্তি নাই। web translators ইয়াত থকা শব্দটো homsexual হে আৰু মূল শব্দটো সমলৈংগিক। homosexualityৰ অনুবাদ নহয়। গুগল অনুবাদকৰ অনুবাদ কিমানদূৰ গ্ৰহণযোগ্য সেয়া ৰাইজে কব। যিহেতু xobdo.orgত homosexualityক সমকামিতা আৰু অসমীয়া মাধ্যমৰ সমাজশাস্ত্ৰ কিতাপত সমকামিতা বুলি আছে সেইবুলি ৰখায়ে ভাল। প্ৰতিশব্দ নথকা শব্দ ইংৰাজী লিপ্যান্তৰ কৰিলে বেছি ভাল। (আপুনি উল্লেখ কৰা समलैङ्गिकता শব্দ সংস্কৃত উৎসত সন্তুষ্ট হব নোৱাৰিলোঁ। অনুগ্ৰহ কৰি কোনো গ্ৰন্থ পাঠ্যত উল্লেখ থকা উৎস দিয়েযেন)- অজয়  কথা-বতৰা 16:59, 22 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@অজয় দাস:
পূৰ্বৰ যুক্তি
সমলৈংগিক শব্দৰ উৎস নাই। – ইয়াৰ বিপৰীতে দৈনিক অগ্ৰদূত ছপা আৰু নিউজ 19 অসমৰ অনলাইন বাতৰিৰ উৎস দেখুওৱা হৈছে।
নতুন যুক্তি
Xobdo.org ত মূল শব্দ সমকামী – আপুনি কোৱাৰ দৰে যিদৰে Google translate বিশ্বাস যোগ্য নহয় ঠিক তেনেদৰে Xobdo.org ও এটা ৱিকি হে সেয়া মই আৰম্ভনিৰে পৰা কৈ আহিছোঁ। মই আপুনি Xobdo.org ৰ কথা দি থকাৰ বাবেহে মই দেখাই দিছোঁ যে Xobdo.org টো সমলৈংগিক শব্দ আছে।
সমকামী বিবাহ (Same Sex Marriage) কথা আছে। অনুগ্ৰহ কৰি ভালকৈ চালে ধৰিব পাৰিব দুয়োটা শব্দই ব্যবহাৰ হৈছে। কিছু ঠাইত সমকামী বিবাহ কিছু ঠাইত সমলৈংগিক বিবাহ। যি পুনৰ পূৰ্বৰ যুক্তিক সঁচা প্ৰমাণ কৰে যে সমকামী আৰু সমলৈংগিক দুয়োটা ব্যবহাৰ হৈ আহিছে।
নিউজ 18 অসমৰ উৎস আছেই লগতে দৈনিক অগ্ৰদূত কাকতৰ ১ জানুৱাৰী ২০২২ ত ড° জয়কান্ত শৰ্মাৰ দ্বাৰা লিখিত প্ৰবন্ধত সমলৈংগিক শব্দৰ ব্যবহাৰ হৈছে।
মোৰ বোধেৰে -
  1. হেমকোষ প্ৰমাণ কৰে যে সমকামী আৰু সমলৈংগিক দুয়োটা নতুন শব্দ।
  2. মোৰ অনলাইন আৰু অফলাইন উৎসসমূহে প্ৰমাণ কৰে যে দুয়োটা শব্দই ব্যবহাৰ হৈ আহিছে।
  3. অক্সফৰ্ড অভিধানে প্ৰমাণ কৰে যে Homosexual ত sex = লিংগ আৰু সমলৈংগিক শব্দটো শুদ্ধ।
  4. Homoeroticism ৰ অনুবাদত সমকামী শব্দ অধিক উপযুক্ত।
  5. মই ভাবো ওপৰৰ যুক্তি সমূহ শুদ্ধ আৰু তেনে হলে homosexual ৰ বাবে সমলৈংগিক , Homoerotic ৰ বাবে সমকামী আৰু homoromance ৰ বাবে সমপ্ৰেম শব্দ ব্যবহাৰ হব লাগে।
ওপৰত কিবা ভুল যুক্তি আছে যদি তাৰ ওপৰত আলোচনা হওঁক। Xobdo.org ৰ কথা আৰু নানে যেন সেয়া ৱিকি সকলোৱে সম্পাদনা কৰিব পাৰে। খিলঞ্জীত বাৰ্তা 18:44, 22 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@অজয় দাস:
অসমীয়া সাহিত্যিক , লেখক আৰু বাতৰি প্ৰকাশক সকলৰ লগতে অসম চৰকাৰে বিভিন্ন সময়ত সমলৈংগিক শব্দৰ ব্যবহাৰ কৰা উৎস তথা লিংক।
  1. ডা° ৰাজীৱ কুমাৰ দাস, জুলাই ১৭, ২০২০
  2. ময়ুৰ চেতিয়া , ডিচেম্বৰ ২৪, ২০১২
  3. ড° জয়কান্ত শৰ্মা , দৈনিক অগ্ৰদূত কাকতৰ ১ জানুৱাৰী ২০২২ ত ৰ দ্বাৰা লিখিত প্ৰবন্ধ
  4. চম্পাৱতীৰ ন-কৈ সজা ঘৰখন’ত এটা উমাল সন্ধিয়া By The CrossCurrent
  5. অসমLive24 পৰিয়াল আৰু সমাজে নিদিলে; আদালতে দিলে, সংসাৰ কৰিব লখিমপুৰৰ দুই যুৱতীয়ে
  6. অসম চৰকাৰৰ Assam Skill development mission]
  7. এক বিকল্প যৌন ৰাজনীতিৰ সন্ধানত-(জিতেন বেজবৰুৱা) 10/09/2018 , মুক্ত চিন্তা আলোচনী
সমকামী বিবাহৰ সলনি সমলৈংগিক বিবাহ ব্যবহাৰৰ উৎস :--
  1. সমলৈংগিক বিবাহলৈ সেউজ সংকেত, ক্ষুণ্ণ মাৰ্কেলপন্থী
  2. সমলৈংগিক বিবাহ সমৰ্থন নকৰে মোডী চৰকাৰে
খিলঞ্জীত বাৰ্তা 19:16, 22 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@KhiLanTzi: ওপৰৰ আলোচনাৰ পৰা কেইটামান কথা ওলাই পৰিছে:
  1. Homosexualৰ অসমীয়া প্ৰতিশব্দ সমলৈংগিক ৰূপে ব্যৱহাৰ কৰিব পাৰি।
  2. Same sex marriageৰ অসমীয়া প্ৰতিশব্দ সমলৈংগিক বিবাহ ব্যৱহাৰৰ কৰিব পাৰি।
  3. অসমীয়াত সমলৈংগিকতা বুলি কোনো শব্দ নাই। ওপৰোক্ত কোনো উৎসতে homosexualityৰ সমাৰ্থক ৰূপে সমলৈংগিকতা বুলি কোনো শব্দ নাপালোঁ। যিহেতু আলোচনাৰ বিষয় সমলৈংগিকতালৈ, গতিকে ইয়াৰ সমৰ্থনত যদি কিবা উৎস আছে সেয়া দিব। অৱশ্যে সমলৈংগিক শব্দৰ গ্রহণযোগ্যতাৰ প্ৰতি কোনো দ্বিমত নাই।
  4. আপুনি উল্লেখ কৰা উৎস সমূহতো কিছুমান ঠাইত সমকামিতা শব্দ ব্যৱহৃত হৈছে। যদিও নিউজ পৰ্টেল আৰু ব্লগ সমূহত এশ একুৰি ভুল থাকে, তথাপিও কতো সমলৈংগিকতা শব্দটো নাই। homosexualityৰ প্ৰতিশব্দ হিচাপে সমকামিতা শব্দটো বহুলভাৱে ব্যৱহৃত।
  5. xobdo.org কোনো ৱিকি নহয়। ইয়াত peer reviewৰ ব্যৱস্থা আছে। ই যথেষ্ট নিৰ্ভৰযোগ্য উৎস। তদুপৰি প্ৰকাশিত গ্ৰন্থ আৰু পাঠ্যপুথিত সমকামিতা শব্দৰ ব্যৱহাৰ কৰে। যেনে:
  • অনিমা গুহৰ আত্মজীৱনী
  • একাদশ শ্ৰেণীৰ শিক্ষাৰ পাঠ্যপুথি (ইয়াৰ লগতে শিক্ষা আৰু সমাজশাস্ত্ৰৰ অসমীয়া মাধ্যমৰ পাঠ্যপুথিত homosexuality সদায় সমকামিতা বুলি উল্লেখ কৰি আহিছে।)
  • সাধাৰণ গুগল চাৰ্চ কৰিলেই সমকামিতাৰ বহু উৎস ওলায়। কিন্তু সমলৈংগিকতা বুলি কোনো উৎস নাই। সংস্কৃত ভাষাটো এনে কোনো শব্দ বিচাৰি নাপালোঁ।

এতেকে এই পৃষ্ঠাখন সমকামিতা বুলি থকায়ে শ্ৰেয়। লগতে দ্বিধাত পৰা homoeroticism শব্দৰ প্ৰতিশব্দ হিচাপে ইয়াক লিপ্যান্তৰ কৰিব পাৰে বা সমকামবাসনা হিচাপে ব্যৱহাৰ কৰিব পাৰে। শুভেচ্ছাৰে- অজয়  কথা-বতৰা 03:50, 23 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@অজয় দাস:
  1. সমকামবাসনাৰ উৎস দিব। মই ভাবো এইটোহে আপুনি এইমাত্ৰ অনুবাদ কৰা এটা নতুন শব্দ। গতিকে নতুন অনুবাদ এইদৰে চলি থাকিব। সেই ক্ষেত্ৰত শুদ্ধ অনুবাদক গ্ৰহণ কৰিলে বেছি ভাল। আপোনাৰ দৰে নতুনকৈ কৰা এটা ভুল অনুবাদক ধৰি নাথাকি।
  2. ময়ুৰ চেতিয়াৰ উৎসত স্পষ্টকৈ লিখিছে সমলৈংগিকতা (Homosexuality) বুলি। ডক্তৰ ৰাজীৱ কুমাৰ দাসেও মনোবিজ্ঞানৰ লেখাত স্পষ্টকৈ সমলৈংগিক বুলি লিখিছে। প্ৰায় স্পষ্ট হয় যে নতুনকৈ অহা শব্দ দুয়োটা মনোবিজ্ঞানত ব্যবহাৰ হৈ আহিছে। অসমীয়াত সমলৈংগিকতা বুলি কোনো শব্দ নাই বুলি আপোনাৰ পক্ষপাতি মন্তব্যক ওপৰৰ প্ৰবন্ধ দুটাই নিশ্চয় উত্তৰ দিছে। গতিকে এই ক্ষেত্ৰত মই ভাবো ব্যাকৰণক প্ৰাধান্যদিয়া উচিত।
  3. xobdo.org :This is a wiki, where anybody can contribute and edit words in the dictionary provided they have a substantial knowledge of the Assamese language ~ English Wikipedia
  4. সাধাৰণ গুগল চাৰ্চ কৰিলেই সমকামিতাৰ বহু উৎস ওলায়। কিন্তু সমলৈংগিকতা বুলি কোনো উৎস নাই - ওপৰৰ সকলো উৎস গুগল চাৰ্চত উপলব্ধ আৰু সকলোতে সমলৈংগিকতা বুলি আছে।
সমকামিতা = নতুনকৈ কৰা ভুল অনুবাদ

ইংৰাজী অভিধানত homosexual ৰ sex ক লিংগ বুজোৱা হৈছে , কামিতা বুজোৱা হোৱা নাই :--

  1. REACH DICTIONARY ....Feeling romantic, emotional, and/or sexual attraction to a person(s) of the same gender with which one identifies….


  1. Macmillan Dictionary …people of the same sex….
  1. Cambridge Dictionary …a person who is sexually attracted to people of the same sex…


  1. LGBT lexicon। ...romantically and/or sexually attracted to a person of the same sex or gender…


এটা নতুনকৈ অনুবাদ কৰা (হেমকোষত দুয়োটাৰে এটা শব্দও নাই) ভুল অনুবাদক (ইংৰাজী অভিধান অনুসৰি) সলনি কৰোঁতে মই ভাবো ইমান আপুনি ইমান বাধা দিব নালাগে। কাৰণ আমাৰ কথাৰ মাজতে আপুনি নিজে Homoerotic ৰ বাবে এটা অনুবাদ কৰি দেখালে।
খিলঞ্জীত বাৰ্তা 04:28, 23 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@KhiLanTzi প্ৰতিশব্দ নথকা শব্দ ইংৰাজী লিপ্যান্তৰ কৰিলে বেছি ভাল। এই কথাষাৰ ওপৰত বহুবাৰ কোৱাৰ পিছতো বাৰে বাৰে homoeroticism অসমীয়া প্ৰতিশব্দ বিচাৰি থকাৰ বাবেহে সমকামবাসনা শব্দটো উল্লেখ কৰা হৈছিল। শব্দটো মই অনুবাদ কৰা নহয় আৰু ইয়াক লিপ্যান্তৰ কৰিলেই ভাল পাম। অৱশ্যে উল্লেখিত শব্দটো বাংলা ভাষাত ব্যৱহাৰ কৰা তথ্য আছে। আপুনি উল্লেখ কৰা ময়ুৰ চেতিয়াৰ উৎসত ক'ত সমলৈংগিকতা বুলি উল্লেখ আছে বিচাৰি পোৱা নাই, অনুগ্ৰহ কৰি কোনটো শাৰীত আছে জনাব। তদুপৰি আমাৰ আলোচনা সমলৈংগিকতালৈ হে, সমলৈংগিকলৈ নহয়। গতিকে সমলৈংগিকতা থকাহে উৎস দেখুৱাই দিয়েযেন। সমকামিতা = নতুনকৈ কৰা ভুল অনুবাদ যদি এয়া হয় তেন্তে প্ৰথমে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু বিশ্ববিদ্যালয়ৰ সমূহৰ পাঠ্যক্ৰমত থকা ভুলসমূহ শুদ্ধ কৰিবলৈ যত্ন কৰক। গৱেষণাৰ দৃষ্টিকোণৰ পৰা কেতিয়াবা ভুল অনুবাদো বহুল ব্যৱহাৰৰ বাবে এটা ভাষাৰ অংশ হব পাৰে। পাঠ্যক্ৰমত থকা শব্দটো বেছি গ্রহণযোগ্য বুলি বিবেচিত হোৱা উচিত। আকৌ কওঁ যে আপুনি উল্লেখ কৰা কোনো উৎসতে সমলৈংগিকতা বুলি কোনো শব্দ নাই। নিজে আকৌ ভালকৈ চাই ল'ব পাৰে। শুদ্ধ অশুদ্ধ পিছৰ কথা। (xobdo.orgত যদি সম্পাদনা কৰিবলৈ ইমান সহজ তেন্তে তাতেই প্ৰথমতে শব্দটো অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনালোঁ)- অজয়  কথা-বতৰা 05:41, 23 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]