সমললৈ যাওক

বিগ ফ'ৰ (ভাৰতীয় সাপ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতীয় উপমহাদেশত (মূলতঃ ভাৰত আৰু শ্ৰীলংকাত) চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা সৰ্বাধিক গুৰুত্বপূৰ্ণ মানৱ সৰ্প দংশনৰ ক্ষেত্ৰত দায়ী চাৰিটা বিষাক্ত সাপৰ প্ৰজাতিক কেতিয়াবা সামূহিকভাৱে বিগ ফ’ৰ (Big Four; বৃহৎ চাৰি) বুলিও কোৱা হয়। এই সাপকেইবিধ হৈছে:[1][2]

  1. ৰাছেলছ্ ভাইপাৰ, Daboia russelii
  2. ভাৰতীয় শংখচূড়, Bungarus caeruleus
  3. ভাৰতীয় ফেঁটী, Naja naja
  4. ভাৰতীয় কাঁইটীয়া বাকলিৰ ভাইপাৰ, Echis carinatus

২০২০ চনত কৰা এক অধ্যয়নৰ ভাৰতত সাপে কামোৰাৰ বিস্তৃত বিশ্লেষণ অনুসৰি ভাৰতত সংঘটিত হোৱা সৰ্পদংশনৰ ৪৩% ৰাছেলছ্ ভাইপাৰ, তাৰ পিছতে ক্ৰমে ক্ৰেইট (১৮%), ফেঁটী সাপ (১২%), হাম্প ন’জ ভাইপাৰ (৪%), কাঁইতীয়া বাকলিযুক্ত ভাইপাৰ (১.৭%), আৰু পানীত থকা সাপৰ (০.৩%) বাবে হয়। বাকী (২১%) দংশন অচিনাক্ত প্ৰজাতিৰ আছিল।[3]

চাৰিবিধ বৃহৎ ভাৰতীয় সাপৰ বিষক ফলপ্ৰসূভাৱে নিষ্ক্ৰিয় কৰা পলিভেলেণ্ট ছিৰাম (এণ্টিভেনম) ভাৰতত বহুলভাৱে উপলভ্য, আৰু জীৱন ৰক্ষাৰ বাবে সঘনাই ইয়াৰ প্ৰয়োগ কৰা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Mukherjee, Ashis K. (2012). "Green medicine as a harmonizing tool to antivenom therapy for the clinical management of snakebite: The road ahead". Indian J Med Res খণ্ড 136 (1): 10–12. PMID 22885258. 
  2. Whitaker Z. 1990. Snakeman. Penguin Books Ltd. 192 pp. আই.এচ.বি.এন. 0-14-014308-4.
  3. 3.0 3.1 Suraweera, Wilson; Warrell, David; Whitaker, Romulus; Menon, Geetha; Rodrigues, Rashmi; Fu, Sze Hang; Begum, Rehana; Sati, Prabha et al. (2020-07-07). "Trends in snakebite deaths in India from 2000 to 2019 in a nationally representative mortality study" (en ভাষাত). eLife খণ্ড 9: e54076. doi:10.7554/eLife.54076. ISSN 2050-084X. PMID 32633232.