সমললৈ যাওক

বিয়েৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এগিলাচ বিয়েৰ

বিয়েৰ (ইংৰাজী: Beer) হৈছে একপ্ৰকাৰৰ নিচাযুক্ত পানীয়। শ্বেতসাৰ নামৰ এবিধ শৰ্কৰাৰ বিদ্যুৎ বিশ্লেষণ কৰি পোৱা চেনীজাতীয় পদাৰ্থৰ কিন্বনৰ যোগেদি বিয়েৰ তৈয়াৰ কৰা হয়। শৰ্কৰা বিশ্লেষণৰ উৎসেচকসমূহ ঘাইকৈ শুষ্ক অৱস্থাত থকা খাদ্যশস্য যেনে বাৰ্লি আৰু ঘেঁহুৰ পৰা আহৰণ কৰা হয়।[1] প্ৰায়ভাগ বিয়েৰতে হ’পচ নামৰ এবিধ উদ্ভিদৰ উপকৰণ যোগ কৰা হয়। ই পানীয়বিধ তিতা সোৱাদযুক্ত কৰি তোলাৰ লগতে প্ৰাকৃতিক সংৰক্ষকৰ কাম কৰে। অন্যান্য উদ্ভিদ বা ফলো বিয়েৰৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰা হ’ব পাৰে।[2]

বিয়েৰ হৈছে বিশ্বত সৰ্বাধিক ব্যৱহৃত নিচাযুক্ত পানীয় [3] আৰু পানী আৰু চাহৰ পিছতেই বিশ্বত সৰ্বাধিক পৰিমাণে ব্যৱহৃত পানীয়ৰ তালিকাত বিয়েৰৰ স্থান তৃতীয়।[4] কিছু লোকৰ মতে বিয়েৰ পৃথিৱীৰ আটাইতকৈ পুৰণি কিন্বনৰ যোগেদি আহৰণ কৰা পানীয়।[5][6][7][8] এই পানীয়বিধ সাধাৰণতে বটল আৰু কেনত পোৱা যায়। পাব আৰু বাৰসমূহত বিয়েৰ খোলাকৈয়ো উপলব্ধ।

মানৱ সভ্যতাৰ আদিমতম লেখনিসমূহৰ কিছুসংখ্যকত বিয়েৰৰ উৎপাদন আৰু বিতৰণৰ উল্লেখ পোৱা যায়। উদাহৰণস্বৰূপে, ক’ড অফ হামুৰাবিত বিয়েৰ আৰু বিয়েৰ পাৰ্লাৰ বা বিয়েৰৰ দোকানসমূহ নিয়ন্ত্ৰণ কৰা আইনো সন্নিৱিষ্ট কৰা হৈছে।[9] মেচ’পটেমিয়ানসকলৰ সুৰাৰ অধিষ্ঠাত্ৰী দেৱীৰ প্ৰতি উৎসৰ্গিত নিনকাচি শ্লোকসমূহক অশিক্ষিত লোকসকলে দেৱীৰ স্তুতিৰ লগতে বিয়েৰ তৈয়াৰ কৰাৰ পদ্ধতি মনত ৰাখিবৰ বাবেও ব্যৱহাৰ কৰিছিল।[10][11] বৰ্তমান সময়ত বিয়েৰ তৈয়াৰ কৰা উদ্যোগটোৱে সমগ্ৰ বিশ্বতে বিশাল ৰূপ ধাৰণ কৰিছে।

সাধাৰণতে বিয়েৰত ৪%-৬% এলক'হল থাকে। অৱশ্যে এই পৰিমাণ ০.৫%-২০%লৈকে হ’ব পাৰে। কিছুসংখ্যক উৎপাদনস্থলীত ৪০% বা ততোধিক পৰিমাণৰ এলক'হল থকা বিয়েৰো প্ৰস্তুত কৰা হয়।[12]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Barth, Roger. The Chemistry of Beer: The Science in the Suds, Wiley 2013: ISBN 978-1-118-67497-0.
  2. "আৰ্কাইভ কপি". Archived from the original on 2017-01-23. https://web.archive.org/web/20170123135205/http://beer.about.com/od/commercialbeers/f/fizz.htm আহৰণ কৰা হৈছে: 2015-10-18.
  3. "Volume of World Beer Production". European Beer Guide. Archived from the original on 28 October 2006. http://www.europeanbeerguide.net/eustats.htm#production আহৰণ কৰা হৈছে: 17 October 2006.
  4. Nelson, Max (2005). The Barbarian's Beverage: A History of Beer in Ancient Europe. প্ৰকাশক Abingdon, Oxon: Routledge. পৃষ্ঠা. 1. ISBN 0-415-31121-7. http://books.google.com/?id=6xul0O_SI1MC&pg=PA1&dq=most+consumed+beverage আহৰণ কৰা হৈছে: 21 September 2010.
  5. Rudgley, Richard (1993). The Alchemy of Culture: Intoxicants in Society. প্ৰকাশক London: British Museum Press. পৃষ্ঠা. 411. ISBN 978-0-7141-1736-2. http://books.google.com/?id=5baAAAAAMAAJ&q=The+Alchemy+of+Culture&dq=The+Alchemy+of+Culture আহৰণ কৰা হৈছে: 13 January 2012.
  6. Arnold, John P (2005). Origin and History of Beer and Brewing: From Prehistoric Times to the Beginning of Brewing Science and Technology. প্ৰকাশক Cleveland, Ohio: Reprint Edition by BeerBooks. পৃষ্ঠা. 411. ISBN 0-9662084-1-2. http://books.google.com/?id=O5CPAAAACAAJ&dq=Origin+and+History+of+Beer+and+Brewing আহৰণ কৰা হৈছে: 13 January 2012.
  7. Joshua J. Mark (2011). Beer. Ancient History Encyclopedia.
  8. World's Best Beers: One ThousandCraft Brews from Cask to Glass. Sterling Publishing Company, Inc.. 6 October 2009. ISBN 978-1-4027-6694-7. http://books.google.com/?id=SHh-4M_QxEsC&pg=PA10&dq=oldest+beverage&q=oldest%20beverage আহৰণ কৰা হৈছে: 7 August 2010.
  9. "Beer Before Bread". Alaska Science Forum #1039, Carla Helfferich. Archived from the original on 9 May 2008. https://web.archive.org/web/20080509121452/http://www.gi.alaska.edu/ScienceForum/ASF10/1039.html আহৰণ কৰা হৈছে: 13 May 2008.
  10. "Nin-kasi: Mesopotamian Goddess of Beer". Matrifocus 2006, Johanna Stuckey. Archived from the original on 24 May 2008. http://www.matrifocus.com/SAM06/spotlight.htm আহৰণ কৰা হৈছে: 13 May 2008.
  11. Black, Jeremy A.; Cunningham, Graham; Robson, Eleanor (2004). The literature of ancient Sumer. প্ৰকাশক Oxford: Oxford University Press. ISBN 0-19-926311-6.
  12. "World's strongest beer reclaimed". BBC News. 2010-02-16. http://news.bbc.co.uk/1/hi/scotland/north_east/8517607.stm আহৰণ কৰা হৈছে: 2015-08-05.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]