সমললৈ যাওক

বিয়েৰ গ্ৰিলচ্

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Bear Grylls

২০১২ চনত কভেণ্ট্ৰি স্কাউট গ্ৰুপৰ সৈতে হোৱা এখন বৈঠকত গ্ৰিলচ্
জন্ম Edward Michael Grylls
৭ জুন, ১৯৭৪ (৫০ বছৰ)
ডোনাঘাডি, উত্তৰ আয়াৰলেণ্ড, ব্ৰিটেইন
শিক্ষা এটন কলেজ
শিক্ষানুষ্ঠান
  • University of the West of England, Bristol
  • Birkbeck College
পেচা
  • Adventurer
  • Author
  • Television presenter
  • Motivational speaker
দাম্পত্যসঙ্গী Shara Cannings Knight (বি. ২০০০)
সন্তান
সামৰিক কেৰিয়াৰ
আনুগত্য যুক্তৰাজ্য যুক্তৰাজ্য
চাকৰি/শাখা   ব্ৰিটিছ আৰ্মী
চাকৰিৰ কাৰ্যকাল ১৯৯৪–১৯৯৭
ইউনিট 21 SAS
ৱেবছাইট
beargrylls.com

এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলচ্ (ইংৰাজী: Edward Michael "Bear" Grylls ; জন্ম: ৭ জুন ১৯৭৪) এজন ব্ৰিটিছ দুঃসাহসিক অভিযাত্ৰী, লেখক আৰু টেলিভিছনৰ উপস্থাপক। তেওঁ তাৰ মেন ভাৰ্চেচ ৱাইল্ড (২০০৬-২০১১), যি আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্ণ ছাৰ্ভাইভাৰ: বিয়েৰ গ্ৰিলচ্ নামেৰে প্ৰচলিত, টেলিভিছন ধাৰাবাহিকৰ বাবে সৰ্বাধিক পৰিচিত। ব্ৰিটেইন আৰু আমেৰিকাৰ বহু সংখ্যক টেলিভিছন ধাৰাবাহিকৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে।

ব্যাক্তিগত জীৱন

[সম্পাদনা কৰক]

গ্ৰিলচ্‌ৰ জন্ম হৈছিল ১৯৭৪ চনৰ ৭ জুনত উত্তৰ আয়াৰলেণ্ডৰ ড’নাঘাডিত।[1][2] গ্ৰিলচ্ ৪ বছৰ বয়সলৈ উত্তৰ আয়াৰলেণ্ডৰ কাউন্টী ডাউনৰ ডোনাঘাডিত ডাঙৰ-দীঘল হৈছিল। ইয়াৰ পিছত তেওঁলোকৰ পৰিয়ালটো ইলে অৱ ৱইটৰ বেমব্ৰিজ অঞ্চললৈ উঠি যায়।[3][4] গ্ৰিলচ্‌ কঞ্জাৰভেটিভ পাৰ্টীৰ নেতা ছাৰ মাইকেল গ্ৰিলচ্ আৰু লেডী চাৰাহ গ্ৰিলচ্‌ৰ সন্তান আছিল। লাৰা ফ'চেট নামৰ গ্ৰিলচ্‌ৰ এজনী বায়েকো আছে। উল্লেখযোগ্য যে এৱেই গ্ৰিলচ্‌ক ঘৰত মতা 'বিয়েৰ' নামটো দিছিল যেতিয়া তেওঁৰ বয়স এসপ্তাহ হৈছিল।

গ্ৰিলচে্ ইটন হাউচ, লাডগ্ৰোভ স্কুল আৰু ইটন কলেজৰ পৰা শিক্ষা লাভ কৰিছিল। ইটন কলেজৰ প্ৰথমটো পৰ্বাতৰোহী ক্লাব তেওঁৰ সহযোগত গঢ় লৈ উঠিছিল। ২০০২ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা Hispanic বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

উল্লেখযোগ্য যে তেওঁৰ আজোককা ৱাল্টাৰ ডৰ্লিং স্মাইলচ্ অসম লেজিচলেটিভ কাউঞ্চিলৰ সদস্য আছিল

২০০০ চনত গ্ৰিলচ্ শ্বাৰা কেনিংচ্ নাইটৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল।[5] তেওঁলোকৰ তিনিজন ল'ৰা সন্তান আছে।[6][7]

সামৰিক সেৱা

[সম্পাদনা কৰক]

স্কুল এৰাৰ পিছত গ্ৰিলচে্ ভাৰতীয় সেনাত যোগদান কৰাৰ কথা ভাবিছিল। এই সময়ত কেইমাহমান তেওঁ চিক্কিম, পশ্চিমবংগ আৰু অসমত থাকি হিমালয় পৰ্বত আৰোহণ কৰি কটাইছিল।[8] ইয়াৰ পিছত ১৯৯৭ চনলৈ ৩ বছৰ ব্ৰিটিছ সেনা বাহিনীত কাম কৰে।

১৯৯৬ চনত গ্ৰিলচ্ এক পেৰাচুট দুৰ্ঘটনাত পতিত হৈ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।[9]তেওঁ পুণৰ খোজ কাঢ়িব পাৰিব নে নোৱাৰে তাত সন্দেহ আহি পৰিছিল। সুস্থ হৈ উঠালৈ প্ৰায় ১২ মাহ লাগিছিল। ইয়াৰ পিছত তেওঁ এভাৰেষ্ট আৰোহণ কৰা শৈশৱৰ স্বপ্ন পূৰ্ণ কৰাৰ বাবে উঠিপৰি লাগিছিল।

সন্মানসূচক ভাৱে তেওঁক ২০০৪ চনত লেফটেনেন্ট কামাণ্ডাৰ আৰু ২০১৩ চনত লেফটেনেন্ট কৰ্ণেল পদ প্ৰদান কৰা হয়।[10]

এভাৰেষ্ট জয়

[সম্পাদনা কৰক]

দুৰ্ঘটনাৰ ১৮ মাহ পিছত গ্ৰিলচে্ তেওঁৰ শৈশৱৰ সপোন পূৰ্ণ কৰি ১৯৯৮ চনৰ ১৬ মে' তাৰিখে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰোহণ কৰে। ২৩ বছৰ বয়সত এই শৃংগ আৰোহণ কৰি গ্ৰিলচ্ এই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা সৰ্বকনিষ্ঠ লোকসকলৰ মাজৰ এজন হিচাপে পৰিচিত হয়। দাবী কৰা ধৰণে তেওঁ আটাইতকৈ কনিষ্ঠ ব্ৰিটন হয় নে নহয় কথাটোত কিছু বিতৰ্ক হোৱা দেখা যায়। কাৰণ ১৯৯৫ চনত জেমচ্ আলেন নামৰ অষ্ট্ৰেলিয়া আৰু ব্ৰিটেইনৰ দ্বিনাগৰিকত্ব থকা ২২ বছৰীয়া যুৱক এজনে এই শৃংগ জয় কৰিবলৈ সক্ষম হৈছিল।[11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Bain, Mark (23 May 2023). "NI-born Bear Grylls to learn family history on BBC show: 'I'm doing it for my mum'". Belfast Telegraph. https://www.belfasttelegraph.co.uk/entertainment/film-tv/ni-born-bear-grylls-to-learn-family-history-on-bbc-show-im-doing-it-for-my-mum/601632569.html। আহৰণ কৰা হৈছে: 28 June 2023. 
  2. Tiwari, Anuj (6 June 2023). "7 June What Happened On This Day In History" (en-IN ভাষাত). IndiaTimes. https://www.indiatimes.com/trending/social-relevance/7-june-what-happened-on-this-day-in-history-605066.html। আহৰণ কৰা হৈছে: 28 June 2023. 
  3. "Sunday Life reclaims the celebs with Ulster ties". The Belfast Telegraph. 1 November 2009. http://www.belfasttelegraph.co.uk/sunday-life/sunday-life-reclaims-the-celebs-with-ulster-ties-14547046.html. 
  4. "My Life In Travel: Bear Grylls", Independent.co.uk, 17 April 2004.
  5. "Out of the Wild: Bear Grylls survives the urban jungle". mensvogue.com. http://www.mensvogue.com/arts/articles/2007/08/grylls?currentPage=2। আহৰণ কৰা হৈছে: 14 July 2008. 
  6. Bear Grylls Welcomes Son Huckleberry Archived 17 February 2010 at the Wayback Machine Celebrity Baby Blog, 15 January 2009
  7. "Biography". BearGrylls.com. http://www.beargrylls.com/index.php/about/about-bear। আহৰণ কৰা হৈছে: 7 February 2012. 
  8. "Bear Grylls". hmforces.co.uk. http://www.hmforces.co.uk/careers/articles/748-bear-grylls। আহৰণ কৰা হৈছে: 30 January 2012. 
  9. Bear Grylls Archived 5 February 2019 at the Wayback Machine at sasspecialairservice.com
  10. Kelly, Jon (17 June 2013). "Five survivors of spectacular falls" (en-GB ভাষাত). BBC News. https://www.bbc.co.uk/news/magazine-22934269. 
  11. Summit Magazine No. 40, Winter 2005, page 12

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]