সমললৈ যাওক

বিপাশা বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিপাশা বৰা
জন্ম অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

বিপাশা বৰা (ইংৰাজী: Bipasha Borah) হৈছে এগৰাকী অসমীয়া গল্পকাৰ।

১৯৮৬ চনত যোৰহাটৰ সৰু চৰাই চাহ বাগিছাত বিপাশা বৰাৰ জন্ম হয়।[1]

স্নাতক পৰ্যন্ত তেওঁ শিক্ষা যোৰহাটত কৰিছিল। যোৰহাটৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা মহাবদ্যালয়ৰ পৰা ইতিহাস সন্মানীয় বিষয় হিচাপে লৈ স্নাতকত উত্তীৰ্ণ হয়। পাছত তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতি অধ্যয়ন বিভাগৰ পৰা স্নাতকোত্তৰ পাছ কৰে।[1]

সাহিত্যৰাজি

[সম্পাদনা কৰক]

তেওঁ সৰুৰে পৰা গল্প,কবিতা আদি লিখিবলৈ আৰম্ভ কৰে। তেখেতৰ প্ৰথমখন গল্পপুথি হৈছে “মৌ-মাখি সাম্ৰাজ্য”।[1] তেখেতৰ প্ৰথম প্ৰকাশিত উপন্যাস হ'ল 'জাকাৰান্দা'৷(বনলতা,২০২৩)

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  1. মৌ-মাখি সাম্ৰাজ্য নামৰ গল্পপুথিৰ বাবে বিপাশা বৰাই ২০১৮ চনত সাহিত্য অকাডেমিৰ “যুৱ পুৰস্কাৰ” লাভ কৰে।[2]
  2. জাকাৰান্দা উপন্যাসৰ বাবে ২০২৩ বৰ্ষৰ অক্টোবৰ মাহত"গোলাপ চন্দ্ৰ বৰা সোঁৱৰণী উপন্যাস বঁটা" লাভ কৰে৷

তথ্যসূত্ৰ

[সম্পাদনা কৰক]