বিশ্ব গ্ৰন্থ দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্ব গ্ৰন্থ দিৱস
বিশ্ব গ্ৰন্থ দিৱস
১৯৬০ চনত নিউজিলেণ্ডত উদযাপিত বিশ্ব গ্ৰন্থ দিৱসত শিশু সকলৰ গ্ৰন্থ অধ্যয়ন
সম্পূৰ্ণ নাম বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস
পালন কৰে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ
প্ৰকাৰ আন্তৰ্জাতিক
তাৰিখ ২৩ এপ্ৰিল
উদযাপন সজাগতা, গ্ৰন্থ অধ্যয়ন
অৱধি এদিন
সংঘটন বাৰ্ষিক

বিশ্ব গ্ৰন্থ দিৱস বা বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস বা আন্তঃৰাষ্ট্ৰীয় কিতাপৰ দিন প্ৰতি বছৰে ২৩ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা এক দিৱস। ৰাষ্ট্ৰসংঘৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থায়ে গ্ৰন্থ অধ্যয়ন, প্ৰকাশৰ আৰু কপিৰাইটৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই দিৱসৰ পাতনি মেলিছিল। ১৯৯৫ চনৰ ২৩ এপ্ৰিল তাৰিখে পোনপ্ৰথমবাৰৰ বাবে বিশ্ব গ্ৰন্থ দিৱসৰ আৰম্ভণি হৈছিল। এইদিনা বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী মাধ্যমেৰে গ্ৰন্থ আৰু ইয়াৰ আনুষংগিক বিষয় সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰ্যপন্থা হাতত লোৱা হয়।

দিন বাছনি[সম্পাদনা কৰক]

ভেলেনচিয়ান লেখক ভিছেণ্ট ক্লাভেল আন্দ্ৰেয়ে সাহিত্যিক মিগুৱেল ডে কাৰভেণ্টছক তেওঁৰ জন্মদিন ৭ অক্টোবৰ আৰু পিছলৈ তেওঁৰ মৃত্যু দিৱস ২৩ এপ্ৰিলত তেওঁৰ সন্মানৰ্থে এই দিনা বিশ্ব গ্ৰন্থ দিৱস হিচাপে উদযাপন কৰিবলৈ বিচাৰিছিল। ১৯৯৫ চনত ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থায়ে ২৩ এপ্ৰিলক বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস উদযাপনৰ বাবে বাছনি কৰে। ২৩ এপ্ৰিল উইলিয়াম শ্বেইকছপীয়েৰ আৰু ইনকা গাৰ্ছিলাছ' ডে লা ভেগাৰ মৃত্যু দিৱস। ইয়াৰ লগতে ২৩ এপ্ৰিল বহু বিখ্যাত লেখক-সাহিত্যিকৰ জন্ম আৰু মৃত্যু দিৱস হোৱাৰ বাবে এই বিশ্ব গ্ৰন্থ দিৱসৰ বাবে এই দিন বাছনি কৰা হ’ল।[1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "World Book and Copyright Day, 23 April". Un.org. https://www.un.org/en/events/bookday/। আহৰণ কৰা হৈছে: 2014-08-12. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]