বিশ্ব ডাক দিৱস
বিশ্ব ডাক দিৱস World Post Day | |
---|---|
![]() বিশ্ব ডাক সন্থাৰ পতাকা | |
পালন কৰে | গোটেই বিশ্বৰ ডাক বিভাগসমূহ |
প্ৰকাৰ | আন্তৰ্জাতিক |
তাৰিখ | ৯ অক্টোবৰ |
উদযাপন | সভা-সমিতি, বক্তৃতা অনুষ্ঠান, পুৰস্কাৰ বিতৰণ |
অৱধি | এদিন |
সংঘটন | বছৰেকীয়া |
বিশ্ব ডাক দিৱস (World Post day) প্ৰতি বছৰে ৯ অক্টোবৰ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। ১৮৭৪ চনৰ এই দিনতে চুইটজাৰলেণ্ডৰ বাৰ্নত বিশ্ব ডাক সন্থাৰ (Universal Postal Union) জন্ম হৈছিল। পিছলৈ এই সন্থা ৰাষ্ট্ৰসংঘৰ লগত চামিল হয়। বিশ্ব ডাক সন্থায়ে তথ্যৰ আদান-প্ৰদান আৰু দূৰসংযোগৰ মাধ্যমেৰে ডাক বিভাগৰ এক গোলকীয় বিপ্লৱৰ সূচনা কৰে। ডাক সেৱাৰ প্ৰচাৰ আৰু প্ৰসাৰ এই সন্থাৰ মূল উদ্দেশ্য।
ইতিহাস[সম্পাদনা কৰক]
১৯৬৯ চনৰ জাপানৰ টকিঅ চহৰত অনুষ্ঠিত বিশ্ব ডাক সন্থা কংগ্ৰেছে ৯ অক্টোবৰক বিশ্ব ডাক দিৱস হিচাপে ঘোষণা কৰে। তেতিয়াৰ পৰা ডাক সেৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি গোটেই বিশ্বজুৰি এই দিৱস পালন কৰা হয়।[1]
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ "About World Post Day". United Postal Union. http://www.upu.int/en/the-upu/world-post-day/about-world-post-day.html। আহৰণ কৰা হৈছে: 9 October 2011.