বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস
বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস
২০১২ চনৰ বিশ্ব বৌদ্ধিক সম্পত্তি দিৱসৰ উদযাপন
পালন কৰে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ
প্ৰকাৰ International
তাৰিখ ২৬ এপ্ৰিল
সম্পৰ্কিত উদ্ভাৱক দিৱস, বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস
অৱধি 1 day
সংঘটন annual

বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস প্ৰতি বছৰে ২৬ এপ্ৰিল তাৰিখে পালন কৰা হয়।[1] ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থায়ে ২০০০ চনত পোন প্ৰথমবাৰৰ বাবে এই দিৱসৰ পালন কৰিছিল। বৌদ্ধিক সম্পত্তিৰ পেটেণ্ট, কপিৰাইট, ট্ৰেডমাৰ্ক আৰু ঔদ্যোগিক ডিজাইনৰ দৈনন্দিন জীৱনত পেলোৱা প্ৰভাৱৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা এই দিৱসৰ মূল উদ্দেশ্য। ইয়াৰ লগতে সৃষ্টিশীল প্ৰতিভাৰ উদযাপন কৰা আৰু সৃষ্টিকৰ্তা আৰু উদ্ভাৱক সকল সমাজৰ উন্নয়নত আগবঢ়োৱা অৱদানৰ বিষয়ে কৃতজ্ঞতা প্ৰকাশ কৰা ইয়াৰ অন্যতম উদ্দেশ্য।[1] ১৯৭০ ২৬ এপ্ৰিল তাৰিখে বিশ্ব বৌদ্ধিক সংস্থাৰ স্থাপনৰ বাবে অভিবৰ্তন কাৰ্যকৰী হৈছিল। সেয়ে ২৬ এপ্ৰিল তাৰিখে এই দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 WIPO web site, World Intellectual Property Day – 26 April. Consulted on 20 April 2011.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]