বিশ্ব মাহ দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্ব মাহ দিৱস
পালন কৰে ৰাষ্ট্ৰসংঘ
প্ৰকাৰ আন্তঃৰাষ্ট্ৰীয়
তাৰিখ ১০ ফেব্ৰুৱাৰী
পৰৱৰ্তী তাৰিখ প্ৰতি বছৰে একে তাৰিখত
অৱধি এদিনীয়া
সংঘটন বাৰ্ষিক

বিশ্ব মাহ দিৱস (ইংৰাজী : World Pulses Day) হৈছে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই (FAO) বিশ্বব্যাপী খাদ্য হিচাপে মাহজাতীয় শস্যৰ (শুকান বীন, মচুৰ দাইল, শুকান পটল, চজিনা আদি) গুৰুত্বক স্বীকৃতি প্ৰদান কৰিবলৈ প্ৰতিষ্ঠা কৰা এটা আন্তঃৰাষ্ট্ৰীয় দিৱস।[1]

বিৱৰণ[সম্পাদনা কৰক]

২০১৮ চনৰ ২০ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৩ সংখ্যক অধিবেশনত ২০১৯ চনৰ পৰা প্ৰতি বছৰে ১০ ফেব্ৰুৱাৰীত এই দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই দিৱসৰ লক্ষ্য হৈছে বিশ্বজুৰি মাহজাতীয় শস্যক্ষেত্ৰৰ সৈতে জড়িত কাৰ্যকলাপ আৰু তথ্যৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা।

উদ্দেশ্য[সম্পাদনা কৰক]

খাদ্য সুৰক্ষা আৰু পুষ্টিৰ দিশত বহনক্ষম খাদ্য উৎপাদনৰ অংশ হিচাপে বিশ্ব মাহ দিৱসে মাহজাতীয় শস্যৰ পুষ্টিগত উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টিৰ সুযোগ প্ৰদান কৰে।

এই আনুষ্ঠানিক দিৱসটো ৰাষ্ট্ৰসংঘৰ ২০৩০ চনৰ বহনক্ষম উন্নয়নৰ কাৰ্যসূচীৰ - “সাৰ্বজনীন শান্তি শক্তিশালী কৰাৰ বাবে সাৰ্বজনীন আৰু পৰিৱৰ্তনশীল বহনক্ষম উন্নয়ন লক্ষ্যৰ এক বিস্তৃত গোট”ৰ সৈতেও জড়িত।

যোৱা ২০১৬ বৰ্ষটোক ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় মাহ বছৰ হিচাপে ঘোষণা কৰে, ফলস্বৰপে বিশ্ব মাহ দিৱসেও অধিক প্ৰসাৰ লাভ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]