বেঙেনাআটী সত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বেঙেনাআটী সত্ৰ নদীদ্বীপ মাজুলীৰ মধ্য়ভাগত অৱস্থিত এখন ইতিহাসপ্ৰসিদ্ধ সত্ৰ। ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে অৱস্থিত এই বেঙেনাআটী সত্ৰখনৰ ঐতিহাসিকভাৱে যথেষ্ট গুৰুত্ব আছে। পুৰুষ সংহতিৰ অন্তৰ্গত এই সত্ৰখনি ১৬৫৩ খ্ৰীঃত মুৰাৰীদেৱে প্ৰতিষ্ঠা কৰিছিল। অসমৰ বিভিন্ন ঠাই যেনে গোলাঘাট, যোৰহাট, শিৱসাগৰ আদি ঠাইত বেঙেনাআটীৰ সত্ৰৰ শিষ্যই ভৰি থকা পৰিলক্ষিত হয়।

বেঙেনাআটী সত্ৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা মাজুলী জিলা
অঞ্চল বেঙেনাআটী গাঁও
প্ৰতিষ্ঠাপক মুৰাৰীদেৱ
উপাসনা পন্থা বৈষ্ণৱ

ইতিহাস[সম্পাদনা কৰক]

১৫শ-১৬শ শতিকাত নদীদ্বীপ মাজুলীত হাবি-বননিৰ সংখ্য়া ধেৰ আছিল। সেই সময়ত চলি থকা বৈষ্ণৱ আন্দোলনৰ সমান্তৰালভাৱে মাজুলীতো বৈষ্ণৱ পণ্ডিতসকলে সত্ৰ-নামঘৰ প্ৰতিষ্ঠা কৰি ধৰ্ম প্ৰচাৰ কৰিছিল। নদীৰ মাজত থকাৰ বাবে মাজুলী আছিল ধৰ্ম-সাহিত্য় চৰ্চাৰ বাবে অতি উপযুক্ত ঠাই। বেঙেনাআটী সত্ৰৰ প্ৰতিষ্ঠাতা মুৰাৰীদেৱ আছিল শ্ৰীমন্ত শংকৰদেৱৰ বৈমাতৃৰ আজুপৰিণাতিৰ এটি পৰিয়ালৰ বংশধৰ। পুৰুষোত্তম ঠাকুৰৰ আজ্ঞাপৰ মধুকল্য় গোত্ৰীয় মুৰাৰীদেৱ বৰবাৰজনীয়া গোটৰ অন্য়তম ধৰ্মাচাৰ্য। [1] বানপানী আৰু গৰাখহনীয়াৰ বাবে সত্ৰখনি প্ৰতিষ্ঠা কালৰে পৰা কেইবাবাৰো স্থানান্তৰ কৰা হৈছে। বৰ্তমান সত্ৰখনি থকা স্থানো খহনীয়াৰ কবলত পৰি বিপদাপন্ন হৈ আছে।

সদস্য আৰু সত্ৰাধিকাৰ[সম্পাদনা কৰক]

বেঙেনাআটী সত্ৰখন এখন গৃহস্থী পৰম্পৰাৰ সত্ৰ। বৰ্তমান প্ৰায় ১১০টা পৰিয়াল আৰু প্ৰায় ৭৫০ জনসংখ্যাৰে এই সত্ৰখন পৰিচালিত হৈ আছে। প্ৰতিষ্ঠাকালৰে পৰা বৰ্তমানলৈকে ১৫জন ব্যক্তিয়ে সত্ৰাধিকাৰৰ ধৰ্মগাদী ৰক্ষা কৰি আহিছে। বৰ্তমান বেঙেনাআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভৱানন্দ দেৱগোস্বামী। এই সত্ৰত বংশানুক্ৰম আৰু জেষ্ঠ্যানুসৰি সত্ৰাধিকাৰৰ পদবী গ্ৰহণ কৰা হয়। বৰ্তমান সমগ্ৰ অসমত বেঙেনাআটী সত্ৰৰ প্ৰায় চাৰি লাখ শিষ্য আছে বুলি জানিব পৰা গৈছে।

সত্ৰৰ মূল উৎসৱ-পাৰ্বণ[সম্পাদনা কৰক]

বেঙেনাআটী সত্ৰৰ মূল উৎসৱ-পাৰ্বণসমূহৰ ভিতৰত বাৰ্ষিক সেৱা, তিনিটা বিহু, জন্মাষ্টমী, শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাৱ তিথি, ৰাস, ফল্গুৎসৱ, নন্দোৎসৱ, ভাদমাহৰ অখণ্ড পালনাম আদি অন্য়তম। বেঙেনাআটী সত্ৰত ফল্গুৎসৱ চাৰিদিনীয়াকৈ আয়োজন কৰা হয়। এই চাৰিদিনক ক্ৰমে অধিবাস বা মেষদাহ, মহাপূজা, বিসৰ্জন আু ফুৰণী হিচাপে পালন কৰা হয়। পুৰুষ সংহতিৰ অন্তৰ্গত এই সত্ৰখনিত প্ৰতিষ্ঠাকালৰে পৰা বিগ্ৰহ আৰু শালগ্ৰাম পূজাৰ পৰম্পৰা আছে। এনে বিগ্ৰহসমূহ হল- বৈকুণ্ঠনাথ(পিতলৰ চতুৰ্ভুজ মূৰ্তি-সত্ৰাধিকাৰৰ ব্য়ক্তিগত পূজাৰ বাবে), বাসুদেৱ(শংকৰদেৱৰ কুণ্ডিলৰ পৰা আনি চমৰিয়াত স্থাপিত, পিছত বেঙেনাআটীলৈ স্থানান্তৰ), প্ৰস্তৰৰ চতুৰ্ভুজ গোবিন্দ( শিলৰ ফাগুৱাৰ বাবে লক্ষ্মীসিংহই দিয়া)। তদুপৰি এই সত্ৰখনিত আন কেইবাভাগো বিগ্ৰহ আছে। সেই বিগ্ৰহৰ পূজাও নিয়মিতভাৱে অনুষ্ঠিত কৰি থকা হয়। মহাপুৰুষ শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত অংকীয়া নাটসমূহৰ উপৰিও এই সত্ৰৰ সত্ৰাধিকাৰ পূৰ্ণানন্দ দেৱৰ ১৩খন নাট, ৰমাকান্ত দেৱৰ ১১খন নাট আৰু লক্ষ্মীকান্ত দেৱৰ ৪খন নাট সত্ৰীয়া উৎসৱ-পাৰ্বণৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা হয়।

আহোম ৰজাৰ অৱদান[সম্পাদনা কৰক]

বেঙেনাআটী সত্ৰই আহোম ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তাৰ ফলস্বৰূপে সত্ৰই বহুতো মাটি-বাৰী, সা-সম্পত্তি লাভ কৰিছিল। ৰজাঘৰত এই সত্ৰৰ গুৰুত্ব চাৰিসত্ৰৰ পিছতে নিৰ্ণিত আছিল। [2] আনহাতে চন্দ্ৰকান্ত সিংহই বেঙেনাআটী সত্ৰৰ ভকত জীয়ৰী এগৰাকীক বিয়া কৰাই সত্ৰখনিৰ অৱস্থা টনকিয়াল কৰে।

সত্ৰৰ ঐতিহাসিক সম্পদ[সম্পাদনা কৰক]

বেঙেনাআটী সত্ৰৰ ঐতিহাসিক সম্পদসমূহ বৰ্তমান সত্ৰাধিকাৰৰ গৃহৰ কাষতে অস্থায়ীভাৱে সংৰক্ষণ কৰি ৰখা হৈছে। সত্ৰৰ সংৰক্ষিত সম্পদ-সামগ্ৰীসমূহ তলত তথ্য় সাপেক্ষে উল্লেখ কৰা হল-

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

১.সত্ৰীয়া উৎসৱ আৰু ইয়াৰ তাৎপৰ্য বিচাৰ- ড° পীতাম্বৰ দেৱগোস্বামী

২.সত্ৰান্বয়- ৰূপম শইকীয়া

৩.মাজুলীৰ মুখ্য সত্ৰসমূহৰ ইতিবৃত্ত-কেশৱ কাকতি, অনন্ত কলিতা

  1. কাকতি, কেশৱ আৰু কলিতা, অনন্ত (২০১০). মাজুলীৰ মুখ্য় সত্ৰসমূহৰ ইতিবৃত্ত. প্ৰকাশক মাজুলী: ক্ষীৰোদ চেকনিধৰা. পৃষ্ঠা. ২২. 
  2. কাকতি, কেশৱ আৰু কলিতা, অনন্ত (২০১০). মাজুলীৰ মুখ্য় সত্ৰসমূহৰ ইতিবৃত্ত. প্ৰকাশক মাজুলী: ক্ষীৰোদ চেকনিধৰা. পৃষ্ঠা. ২৩. 
  3. কাকতি, কেশৱ আৰু কলিতা, অনন্ত (২০১০). মাজুলীৰ মুখ্য় সত্ৰসমূহৰ ইতিবৃত্ত. প্ৰকাশক মাজুলী: ক্ষীৰোদ চেকনিধৰা. পৃষ্ঠা. ৪৬.