বেনাজিৰ ভুট্টো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বেনাজিৰ ভুট্টো
Benazir Bhutto.jpg
পাকিস্তানৰ ১১তম আৰু ১৩তম প্ৰধানমন্ত্ৰী
কাৰ্যকাল
১৮ অক্টোবৰ ১৯৯৩ – ৫ নৱেম্বৰ ১৯৯৬
ৰাষ্ট্ৰপতি ৱাজিম চাজ্জাদ (ভাৰপ্ৰাপ্ত)
ফাৰুক লেঘাৰী
পূৰ্বসূৰী মৈনুদ্দীন আহমদ কুৰেশ্বী (ভাৰপ্ৰাপ্ত)
উত্তৰসূৰী মালিক মেৰাজ খালীদ (ভাৰপ্ৰাপ্ত)
কাৰ্যকাল
২ ডিচেম্বৰ ১৯৮৮ – ৬ আগষ্ট ১৯৯০
ৰাষ্ট্ৰপতি গুলাম ঈশ্বাক খান
পূৰ্বসূৰী মোহাম্মদ খান জুনেজ'
উত্তৰসূৰী গুলাম মুস্তাফা জাতেঅ' (ভাৰপ্ৰাপ্ত)
পাকিস্তানৰ বিৰোধী দলৰ দলপতি
কাৰ্যকাল
১৭ ফেব্ৰুৱাৰী ১৯৯৭ – ১২ অক্টোবৰ ১৯৯৯
পূৰ্বসূৰী নৱাজ শ্বৰিফ
উত্তৰসূৰী ফজাল-উল-ৰেহমান
কাৰ্যকাল
৬ নৱেম্বৰ ১৯৯০ – ১৮ এপ্ৰিল ১৯৯৩
পূৰ্বসূৰী খান আব্দুল ৱালি খান
উত্তৰসূৰী নৱাজ শ্বৰিফ
পাকিস্তান পিপলচ্ পাৰ্টিৰ নেতা
কাৰ্যকাল
১২ নৱেম্বৰ ১৯৮২ – ২৭ ডিচেম্বৰ ২০০৭
পূৰ্বসূৰী নুচৰত ভুট্টো
উত্তৰসূৰী আচিফ আলি জৰদাৰী
বিলৱাল ভুট্টো জৰদাৰী
ব্যক্তিগত তথ্য
জন্ম
বেনাজিৰ ভুট্টো

২১ জুন, ১৯৫৩
কৰাচী, সিন্ধ, পাকিস্তান
মৃত্যু ২৭ ডিচেম্বৰ, ২০০৭ (৫৪ বছৰ)
ৰাৱলপিন্দী, পাকিস্তান
মৃত্যুৰ কাৰণ হত্যা
ৰাষ্ট্ৰীয়তা পাকিস্তানী
ৰাজনৈতিক দল পাকিস্তান পিপলচ্ পাৰ্টি
দাম্পত্যসঙ্গী আচিফ আলি জৰদাৰী (বি. ১৯৮৭)
পিতৃ-মাতৃ জুলফিকাৰ আলি ভুট্টো (পিতৃ)
নুচৰত ভুট্টো (মাতৃ)
শিক্ষানুষ্ঠান হাৰ্ভাড বিশ্ববিদ্যালয়
অক্সফ'ৰ্ড বিশ্ববিদ্যালয়
স্বাক্ষৰ

বেনাজিৰ ভুট্টো (উৰ্দু: بینظیر بھٹو‎; জন্ম: ২১ জুন ১৯৫৩ আৰু মৃত্যু: ২৭ ডিচেম্বৰ ২০০৭) আছিল এগৰাকী পাকিস্তানী ৰাজনীতিবিদ যিয়ে ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈ আৰু পুণৰ ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল। বেনাজিৰ ভুট্টো আছিল প্ৰথম মহিলা যিয়ে কোনো মুছলিম সংখ্যাগৰিষ্ঠ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদত নিযুক্ত হৈছিল। আদৰ্শগতভাবে তেওঁ এগৰাকী উদাৰবাদী আৰু ধৰ্মনিৰপেক্ষতাত বিশ্বাসী। ১৯৮০ চনৰ পৰা ২০০৭ চনলৈকে তেওঁ পাকিস্তান পিপলচ্ পাৰ্টি (Pakistan Peoples Party,PPP)-ৰ সভাপতি আৰু উপ-সভাপতি ৰূপে নিযুক্ত আছিল।

বেনাজিৰ ভুট্টোৰ জন্ম হৈছিল পাকিস্তানকাৰাচী চহৰত, এক সম্ভ্ৰান্ত ধনী পৰিয়ালত। তেওঁৰ দেউতা জুলফিকাৰ আলি ভুট্টো আছিল পাকিস্তান পিপলচ্ পাৰ্টিৰ প্ৰতিষ্ঠাতা আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী। বেনাজিৰ ভুট্টো উচ্চশিক্ষা গ্ৰহণ কৰিছিল হাৰ্ভাড বিশ্ববিদ্যালয় আৰু অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা। ভুট্টো ১৯৭৭ চনত পাকিস্তান উভতি আহে আৰু তেওঁৰ অহাৰ পূৰ্বে তেওঁৰ দেউতা জুলফিকাৰ আলি ভুট্টোক পাকিস্তানী আৰ্মিয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদচ্যুত কৰে। ইয়াৰ পাছতেই বেনাজিৰ ভুট্টো আৰু তেওঁৰ মাতৃ মিলি পাকিস্তান পিপলচ্ পাৰ্টিৰ নিয়ন্ত্ৰন হাতত লয় আৰু পাকিস্তানত গণতন্ত্ৰ পুনঃপ্ৰতিষ্ঠা কৰাৰ বাবে আন্দোলন চলাই যায়। ভুট্টোক তৎকালীন মিলিটাৰি চিফ্ মহম্মদ জিয়াউল হকে বহুবাৰ কাৰাবন্দী কৰিছিল আৰু ১৯৮৪ চনত তেওঁক ব্ৰিটেইনলৈ নিৰ্বাসিত কৰা হয়। ১৯৮৬ চনত তেওঁ পাকিস্তান উভতি আহে আৰু পাকিস্তান পিপলচ্ পাৰ্টিৰ ভেটি সমাজবাদী আদৰ্শক সলনি কৰি উদাৰবাদীত পৰিণত কৰি ১৯৮৮ চনৰ সাধাৰন নিৰ্বাচনত জয় লাভ কৰে। প্ৰধানমন্ত্ৰী হিচাপত ভুট্টোৰ মূল উদ্দেশ্য আছিল সংৰক্ষিত ইছলামিক শক্তিৰ বিৰূদ্ধে যুঁজ দি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা।

তেওঁৰ প্ৰশাসনৰ বিৰূদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ১৯৯০ চনত তেওঁক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বিচ্যুত কৰে। সেই একেই চনত ষড়যন্ত্ৰ কৰি সাধাৰন নিৰ্বাচন বাতিল কৰি ইছলামিক ডেম'ক্ৰেটিক এলায়েন্স (IJI)-এ চৰকাৰ গঠন কৰে। আৰু তাৰ পৰাই ভুট্টো বিৰোধী পক্ষৰ ভূমিকাত আছিল।

নৱাজ শ্বৰিফৰ চৰকাৰক দুৰ্নীতিৰ অভিযোগত ক্ষমতাচ্যুত কৰা হয় আৰু ১৯৯৩ চনৰ সাধাৰন নিৰ্বাচনত বেনাজিৰ ভুট্টো দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰে। তেওঁ দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত নিযুক্ত থকা কালত চৰকাৰী খণ্ডৰ ব্যক্তিগতকৰণ আৰু নাৰী সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। ১৯৯৭ চনত তেওঁৰ দল পিপিপি সাধাৰন নিৰ্বাচনত পৰাজয় হয় আৰু ইয়াৰ পাছতেই বেনাজিৰ ভুট্টো ডুবাইলৈ নিৰ্বাসিত হয়। ২০০৮ চনত তেওঁ আকৌ পাকিস্তানলৈ উভতি আহে, সাধাৰন নিৰ্বাচনত তেওঁৰ দলক নেতৃত্ব দিয়াৰ বাবে। ৰাৱলপিণ্ডিত হোৱা ৰাজনৈতিক সমাৱেশত অংশগ্ৰহন কৰাৰ পাছত তেওঁক হত্যা কৰা হয়। হত্যাৰ আঁৰত আলকায়দাৰ হাত আছে বুলি আলকায়দায়ে প্ৰকাশ কৰে।

বেনাজিৰ ভুট্টো এজন বিবাদিত ব্যক্তিত্ব। তেওঁৰ দুবাৰ প্ৰধানমন্ত্ৰী থকা কালত বহুতো বিতৰ্ক আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল তেওঁৰ বিৰূদ্ধে। তেওঁ পাশ্চাত্যৰ আধুনিক আৰু অগ্ৰশীল দেশৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল, তেওঁৰ নাৰী সবলীকৰণৰ প্ৰচেষ্টা আৰু ইছলামিক শক্তিৰ বিৰূদ্ধে যুঁজ দিয়াৰ বাবে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • Allen, Brooke (2016). Benazir Bhutto: Favored Daughter. Icons Series. প্ৰকাশক New York: Amazon/New Harvest. ISBN 978-0-544-64893-7. 
  • Bhargava, G. S. (1990). Benazir: Pakistan's New Hope. প্ৰকাশক London: Aspect Publications. ISBN 978-1855290532. 
  • Houtman, Gustaaf; Ahmed, Akbar (2008). "Benazir Bhutto (1953–2007): A Conversation with Akbar Ahmed". Anthropology Today খণ্ড 24 (1): 4–5. doi:10.1111/j.1467-8322.2008.00557.x. 
  • Ahmed, K. A.; Choudhry, I. A. (2009). "Benazir Bhutto's Struggle for Democracy". European Journal of Social Sciences খণ্ড 10 (1). 
  • Ahmed, Mushtaq (2005). Benazir: Politics of Power. প্ৰকাশক Karachi: Royal Book Company. 
  • Akhter, M. Javaiid (2009). "Politics of Reconciliation and Accommodation: A Study of Benazir Bhutto's First Era Democratic Government 1988–1990". Journal of Political Studies খণ্ড 16: 63–80. 
  • Bhatia, Shyam (2008). Goodbye Shahzadi: A Political Biography of Benazir Bhutto. Lotus Collection. ISBN 9788174366580. 
  • Lamb, Christina (1991). Waiting for Allah: Pakistan's Struggle for Democracy. Penguin. ISBN 978-0-14-014334-8. 
  • Suvorova, Anna (2015). Benazir Bhutto: A Multidimensional Portrait. প্ৰকাশক Karachi: Oxford University Press Pakistan. ISBN 978-0-19-940172-7. 
  • Talbot, Ian (2009). Pakistan: A Modern History (third সম্পাদনা). প্ৰকাশক London: C. Hurst and Co.. ISBN 978-1850659891.