বেন (হিন্দু ৰজা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেন
তথ্য
পৰিয়াল
  • অংগ (পিতৃ)
  • সুনীতা (মাতৃ)
সন্তান পৃথু আৰু নিষাদ (তেওঁৰ দেহ মৰ্দ্দন কৰাৰ ফলত জন্মা)[1]

বেন (সংস্কৃত: वेन; আক্ষৰিক অৰ্থ. 'যন্ত্ৰণাদায়ক') হৈছে দুষ্টতা আৰু অপশাসনৰ বাবে কুখ্যাত এজন হিন্দু ধৰ্মৰ পৌৰাণিক ৰজা। তেওঁ আছিল প্ৰথম মনুৰ বংশধৰ। তেওঁ ৰাজপাটত বহাৰ লগে লগে তেওঁৰ ৰাজ্যত সকলো পূজা, অৰ্চনা আৰু বলিদান নিষিদ্ধ কৰি দিছিল। এই প্ৰথাসমূহ পুনৰুদ্ধাৰৰ বাবে কৰা সকলো আবেদন অস্বীকাৰ কৰাৰ পিছত ঋষিসকলে বেনক পবিত্ৰ ঘাঁহৰ পৰা তৈয়াৰ কৰা অস্ত্ৰৰ সহায়ত বধ কৰিছিল। পিছত তেওঁৰ সোঁহাতৰ পৰা কিংবদন্তি ৰজা পৃথুৰ আৱিৰ্ভাৱ হৈছিল।[2]

ঋগবেদত বেনক কোনো আকাশী সত্তা সম্ভৱতঃ ৰামধেনু হিচাপে ব্যক্তি স্বৰূপ প্ৰদান কৰা হৈছে। ৰচনাকাৰৰ নামেৰে শ্লোকটোৰ নামো বেন।

বংশাৱলী[সম্পাদনা কৰক]

ভাগৱত পুৰাণত বেন ধ্ৰুৱ আৰু চাক্ষুষ মনুৰ বংশধৰ হিচাপে উল্লেখ কৰা হৈছে।

ধ্ৰুৱৰ জ্যেষ্ঠ পুত্ৰ উৎকল সিংহাসনত আৰোহণ কৰা নাছিল। গতিকে, ধ্ৰুৱৰ দ্বিতীয় পুত্ৰ বৎসৰ ৰাজপাটত আৰোহণ কৰে। বৎসৰে স্বৰতীক বিয়া কৰাই পুষ্পৰ্ণা, তিগমকেতু, ঈষা, উৰ্জা, বাসু আৰু জয়াক জন্ম দিয়ে।

পুষ্পৰ্ণাই প্ৰভা আৰু দোষাক বিয়া কৰায়। দোষাৰ পৰা প্ৰদোষ, নিশিতা আৰু ব্যুষ্ঠাৰ জন্ম হয়। ব্যুষ্ঠাই পুষ্কৰিণীক বিয়া কৰাই, আৰু তেওঁ সৰ্বতেজ নামৰ এজন পুত্ৰৰ জন্ম দিয়ে। সৰ্বতেজ আৰু তেওঁৰ পত্নী আকুতিৰ পৰা চাক্ষুষ মনুৰ জন্ম হয়। মনু আৰু তেওঁৰ পত্নী নদবালাৰ বাৰজন পুত্ৰ আছিল। মনুৰ এজন পুত্ৰ উল্মুক আৰু তেওঁৰ পত্নী পূষ্কৰিণী (যাৰ নাম ব্যুষ্ঠৰ পত্নীৰ সৈতে একে)ৰ ছজন পুত্ৰ আছিল। উল্মুকৰ অন্যতম পুত্ৰ অংগই সুনীতাক বিয়া কৰায় আৰু বেনক জন্ম দিয়ে।[3][4]

পদ্ম পুৰাণত সুনীতা মৃত্যুৰ কুৎসিত কন্যা বুলি উল্লেখ আছে আৰু সেয়েহে বেন জন্মৰ পৰাই দুষ্ট বুলি গণ্য কৰা হয়।[5]

কিংবদন্তী[সম্পাদনা কৰক]

উৎপত্তি[সম্পাদনা কৰক]

পদ্ম পুৰাণত উল্লেখ আছে যে বেনৰ মাতৃ সুনিতা এগৰাকী নিষ্ঠুৰ নাৰী আছিল, তেওঁ আন মানুহক আঘাত দি ভাল পাইছিল। এবাৰ তেওঁ নিজৰ দাসীৰ লগত খেলিবলৈ অৰণ্যলৈ যোৱাৰ সময়ত সুশঙ্খ নামৰ এজন গন্ধৰ্বক দেখিলে। সুদৰ্শন যুৱকজনে সংগীতৰ দেৱী সৰস্বতীক আৰাধনা কৰি তপস্যাত নিয়োজিত হৈ আছিল। সুনীতাই তেওঁক বিৰক্ত কৰিবলৈ ধৰিলে, কিন্তু সুশঙ্খই তেওঁক বিচলিত কৰাৰ চেষ্টাক প্ৰতিহত কৰিলে। যুৱকজনে তেওঁক আওকাণ কৰা বুলি তিক্ত হৈ তেওঁ সুশঙ্খক আঘাত কৰিলে। সুশঙ্খৰ খং উঠিল, কিন্তু এগৰাকী নাৰীক আঘাত কৰিবলৈ ইচ্ছা নকৰিলে। সুনীতাই তেওঁ যমৰ বংশ বুলি কৈ সুশঙ্খৰ আগত গৌৰৱ কৰিছিল যদিও তেওঁক প্ৰভাৱিত কৰিব নোৱাৰিলে। যেতিয়া সুনীতাই সুশঙ্খক আকৌ লগ পালে, তেতিয়া তেওঁ সুশঙ্খক চাবুকেৰে আঘাত কৰিলে। এইবাৰ ক্ৰোধিত আৰু বিষত কঁপি থকা সুশঙ্খই সুনীতাক এইদৰে অভিশাপ দিলে:[6]

হে দুষ্ট যুৱতী! যেতিয়া আপুনি বিবাহিত হৈ স্বামীৰ লগত মিলন কৰিব তেতিয়া আপুনি এজন ব্ৰাহ্মণৰ উপহাসকাৰী আৰু সৰ্বাংগীন পাপী পুত্ৰৰ জন্ম দিব।

জন্ম[সম্পাদনা কৰক]

ভাগৱত পুৰাণৰ মতে এবাৰ ৰজা অংগই অশ্বমেধ যজ্ঞ কৰিছিল কিন্তু দেৱতাসকলে তেওঁৰ বলি গ্ৰহণ কৰা নাছিল, কাৰণ তেওঁৰ অপুত্ৰক আছিল। ঋষি সকলে অংগক আন এক যজ্ঞ কৰি বিষ্ণু পূজা কৰিবলৈ উপদেশ দিয়ে। যজ্ঞৰ অগ্নিৰ পৰা গাখীৰত সিজোৱা চাউল (পায়স) লৈ এজন ব্যক্তিৰ আৱিৰ্ভাৱ হয়। সেই পায়স অংগই পত্নী সুনীতাক খুৱাই আৰু সুনীতাই এজন পুত্ৰৰ জন্ম দিয়ে। পুত্ৰই শৈশৱৰ পৰাই মাতৃৰ ফালৰ পৰা ককাক মৃত্যুৰ সৈতে (অধৰ্মৰ এটা অংশ) সংযুক্ত হৈ আছিল, আৰু অধাৰ্মিকতাৰ দিশে গতি কৰিছিল। তেওঁ জন্তুৰ দৰে আচৰণ কৰিছিল আৰু নিৰ্দয়ভাৱে নিৰীহ হৰিণৰ চিকাৰ কৰিছিল। তেওঁৰ কু-কৰ্ম দেখি তেওঁৰ নাম বেন, ‘যন্ত্ৰণাদাতা’ ৰখা হ’ল। সন্তানক বশ কৰিব নোৱাৰি অংগই নিজৰ মনৰ শান্তি হেৰুৱাই পেলালে, আৰু বিতৃষ্ণাত নিজৰ ৰাজ্য এৰি অৰণ্যলৈ গুছি গ’ল। অৰাজকতা আৰু চোৰৰ ভয়ত ঋষি আৰু জনসাধাৰণে ৰাজকুমাৰৰ ওপৰত অসন্তুষ্ট হ'লেও বেনক ৰজা হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য হ’ল।[7]

ৰাজত্ব আৰু মৃত্যু[সম্পাদনা কৰক]

বেন ৰজা হোৱাৰ লগে লগে চোৰবোৰে নিজৰ অপৰাধ বন্ধ কৰি আত্মগোপন কৰে। কিন্তু বেনে ঘোষণা কৰে যে তেওঁৰ ৰাজ্যত কোনেও যজ্ঞ আৰু ধৰ্মীয় কামত এটাও মুদ্ৰা খৰচ কৰিব নোৱাৰিব। তেওঁ ধৰ্মত কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰে। ঋষিসকলে ধৰ্মশাস্ত্ৰৰ যোগেদি ধৰ্ম (কৰ্তব্য), মোক্ষ (ত্ৰাণ) আৰু শাসক হিচাপে তেওঁৰ দায়িত্বৰ বিষয়ে জ্ঞান প্ৰদান কৰিবলৈ বেনৰ ৰাজসভালৈ গ’ল। তেওঁলোকে তেওঁক যজ্ঞ আৰু ধৰ্মীয় অনুষ্ঠানৰ প্ৰথা পুনৰ ঘূৰাই আনিবলৈ কয়। বেনে যজ্ঞেশ্বৰৰ প্ৰতি তেওঁলোকৰ ভক্তিক মূৰ্খৰ কাৰ্য বুলি উপহাস কৰে আৰু নিজকে সকলো দেৱতাৰ মূৰ্তি বুলি ঘোষণা কৰে। তেওঁ সকলো প্ৰজাক আন কাকো ৰূজা নকৰি তেওঁক পূজা কৰিবলৈ আদেশ দিয়ে। ঋষিসকলৰ ব্ৰাহ্মণ জন্ম, আৰু উপাস্য দেৱতা বিষ্ণুৰ প্ৰতি কৰা অপমানত ক্ষুব্ধ হৈ ঋষিসকলে তেওঁক ঘাঁহৰ পৰা নিৰ্মাণ কৰা পবিত্ৰ অস্ত্ৰৰ সহায়ত “হুম” শব্দ উচ্চাৰণ কৰি বেনক হত্যা কৰে। সময়তে হুম শব্দ উচ্চাৰণ কৰিলে। শোকত ভাগি পৰা মাতৃ সুনিতাই মন্ত্ৰ জপ আৰু ঔষধ প্ৰয়োগ কৰি পুত্ৰৰ মৃতদেহ সংৰক্ষণ কৰে।[8][9]

পৃথুৰ জন্ম[সম্পাদনা কৰক]

বেনৰ মৃত্যুৰ পিছত দেশত অৰাজকতাৰ সৃষ্টি হয়, যিহেতু বেনৰ কোনো পুত্ৰ আৰু উত্তৰাধিকাৰী নাছিল। চোৰ আৰু দুষ্ট মানুহে নিৰীহ লোকৰ পৰা লুণ্ঠন আৰু চুৰ কৰিবলৈ আৰম্ভ কৰে। বেনৰ পিতৃ অংগৰ বংশ আগবঢ়াই নিব বিচাৰি ঋষিসকলে বেনৰ উৰুটো মন্থন কৰিবলৈ ধৰে। অৱশেষত সেই উৰুৰ পৰা ক’লা বৰণৰ, তেজ ৰঙা চকুৰ এজন বাওনা মানুহ ওলাই আহিল। মানুহজনে ঋষিসকলৰ পৰা তেওঁক কিয় আহ্বান কৰা হ’ল সেয়া জানিব বিচাৰে। ঋষিসকলে তেওঁক বহিবলৈ ক’লে (নিষিদা), যাৰ নামেৰে তেওঁ নিজৰ নাম ‘নিষাদ’ ৰাখিলে। মানুহজনে বেনে কৰা সকলো পাপ গ্ৰহণ কৰে বুলি কোৱা হয়। ইয়াৰ পিছত মানুহজনৰ বংশধৰসকলক বিন্ধ্য পৰ্বতত বাস কৰা নিষাদ বুলি জনা যায়।[10]

তাৰ পিছত ঋষিসকলে মৃতদেহটোৰ সোঁ বাহুটো মঠিবলৈ ধৰিলে, য’ৰ পৰা ঈশ্বৰীয় ধনু, কাঁড় আৰু কৱচ লৈ এজন উজ্জ্বল পুৰুষ পৃথুৰ আবিৰ্ভাৱ হ’ল। পৃথুৰ দেহত সুদৰ্শন চক্ৰৰ চিন ঋষিসকলে দেখা পায় বাবে তেওঁক বিষ্ণুৰ অৱতাৰ বুলি অভিহিত কৰে। তেওঁক দেশৰ নতুন ৰজা হিচাপে অভিষেক কৰা হয়। ধৰ্মীয় আচাৰ-ব্যৱহাৰ আৰু যজ্ঞ পুনৰুদ্ধাৰ কৰি পৃথু এজন শক্তিশালী শাসক হিচাপে পৰিগণিত হয়।

জনসাধাৰণে পৃথুৰ আগত তেওঁৰ ৰাজপাটত বহাৰ আগৰ অৰাজকতাৰ বিষয়ে অৱগত কৰে। বেনৰ ৰাজত্ব কালত ধৰাখন ইমানেই ম্লান আৰু অন্ধকাৰ হৈ পৰিছিল যে দেৱী লক্ষ্মী, ধৰিত্ৰী দেৱীৰ অৱতাৰ ভূদেৱীয়ে সিদ্ধান্ত লৈছিল যে তেওঁ আৰু মানুহক কোনো শস্যৰ যোগান নধৰে। তেওঁ ধেনু (গৰু)ৰ ৰূপ লৈ আত্মগোপন কৰে, ইয়াৰ ফলত পৃথিৱীখন গছ-গছনি শূন্য হৈ পৰে। ক্ৰোধিত হৈ পৃথুৱে নিজৰ অজগৱ ধনু হাতত লৈ ভূদেৱীক ত্ৰিজগতৰ মাজেৰে খেদি পঠিয়ালে। অৱশেষত যেতিয়া পৃথুৱে ভূদেৱীক কৰায়ত্ত কৰিলে, ভূদেৱীয়ে তেওঁক ৰেহাই দিবলৈ অনুৰোধ কৰিলে। পৃথুৱে ঋষিসকলক গৰু ৰূপী ভূদেৱীৰ গাখীৰ খুৱাবলৈ ক’লে। ইয়াৰ ফলত ধৰাখন পুনৰ গছ-গছনিৰে ভৰি পৰিল আৰু সজীৱ হৈ আগৰ অৱস্থালৈ ঘূৰি আহিল। এইদৰেই ভগৱান বিষ্ণুৱে পৃথু অৱতাৰ লৈ নিজৰ পত্নীৰ সহায়ত মানৱ জাতিৰ সমৃদ্ধি পুনৰ ঘূৰাই আনিবলৈ সক্ষম হৈছিল। সেই কাৰণেই ভূদেৱীয়ে পৃথিৱী নাম লাভ কৰে।[11][12][13]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Motilal Bansaridas Publisher's Bhagavata Purana Book 2, Skandha IV Chapter 13
  2. www.wisdomlib.org (2014-08-03). "Vena, Veṇa, Veṇā: 21 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/vena। আহৰণ কৰা হৈছে: 2022-11-01. 
  3. Motilal Bansaridas Publisher's Bhagavata Purana Book 2, Skandha IV Chapter 13
  4. "Srimad Bhagavatam: Canto 4 - Chapter 13". bhagavata.org. https://bhagavata.org/canto4/chapter13.html। আহৰণ কৰা হৈছে: 2023-11-03. 
  5. Padma Purana Srishti Khanda (First Canto) Chapter 8.Verse 3
  6. www.wisdomlib.org (2019-01-28). "Story of Vena" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc242053.html। আহৰণ কৰা হৈছে: 2022-11-01. 
  7. Motilal Bansaridas Publisher's Bhagavata Purana Book 2, Skandha IV Chapter 14
  8. www.wisdomlib.org (2022-08-14). "The Story of Vena: Pṛthu’s Birth [Chapter 14"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-bhagavata-purana/d/doc1127099.html। আহৰণ কৰা হৈছে: 2022-11-01. 
  9. Motilal Bansaridas Publisher's Bhagavata Purana Book 2, Skandha IV Chapter 14
  10. www.wisdomlib.org (2022-08-14). "The Story of Vena: Pṛthu’s Birth [Chapter 14"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-bhagavata-purana/d/doc1127099.html। আহৰণ কৰা হৈছে: 2022-11-01. 
  11. O'Flaherty, Wendy Doniger (1980-01-01) (en ভাষাত). The Origins of Evil in Hindu Mythology. University of California Press. ISBN 9780520040984. https://books.google.com/books?id=Ug_9cVR4lW8C. 
  12. www.wisdomlib.org (2019-01-28). "Story of Pṛthu" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241849.html। আহৰণ কৰা হৈছে: 2022-11-01. 
  13. www.wisdomlib.org (2013-05-25). "The Kings Vena and Prithu" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-vishnu-purana/d/doc57591.html। আহৰণ কৰা হৈছে: 2022-11-01.