বেলিমাৰ (নাটক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বেলিমাৰ
লিখক লক্ষ্মীনাথ বেজবৰুৱা
চৰিত্ৰসমূহ পিজৌ
ভুমুক বৰুৱা
প্ৰথম প্ৰদৰ্শনৰ ঠাই অসম
মূল ভাষা অসমীয়া
Genre ঐতিহাসিক

বেলিমাৰ নাটকখন হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন ঐতিহাসিক নাটক। এই নাটকখনত অসমৰ জাতীয় জীৱনৰ ট্ৰেজেডিৰ ইতিহাস ওপৰত ৰচিত।[1] ইয়াত ব্যক্তি বিশেষৰ ট্ৰেজেডি প্ৰতিফলিত হোৱা নাই। বেজবৰুৱাদেৱে এই নাটকৰ জৰিয়তে ভাস্কৰ বৰ্মা, চক্ৰধ্বজ সিংহ আৰু ৰুদ্ৰ সিংহৰ অসম কেনেকৈ শ্মশান হ’ল তাক দেখুৱাব বিছাৰিছিল।[1]

লেখকৰ বিষয়ে[সম্পাদনা কৰক]

লক্ষ্মীনাথ বেজবৰুৱা (ইংৰাজী: Laksminath Bezbarua; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে।

কথাবস্তু[সম্পাদনা কৰক]

মিষ্টাৰ গেইট চাহাবৰ বুৰঞ্জী আৰু গুণাভিৰাম বৰুৱাৰ অসম বুৰঞ্জীৰ পৰা বেলিমাৰৰ কথাবস্তু সংগ্ৰহ কৰা হৈছে। বেলিমাৰ নাটকৰ বিষয়বস্তুৱে মানৰ তিনিওটা আক্ৰমণৰ ঘটনাবহুল কাহিনী সামৰি লৈছে। অসমৰ স্বাধীনতাৰ বেলি কি কি কাৰণত বা কেনেকৈ মাৰ যাব লগা হ’ল তাৰ বহুল ইতিহাসে নাটখনত ঠাই পাইছে। নাটখনৰ প্ৰথম তিনিটা অংকত মানৰ প্ৰথম আক্ৰমণৰ কথা অন্তৰ্ভূক্ত হৈছে। নাটকখনৰ চতুৰ্থ আৰু পঞ্চম অংকত মানৰ দ্বিতীয় আৰু তৃতীয় আক্ৰমণৰ ঘটনাক নাট্যৰূপ দিয়া হৈছে।[1]

সমালোচনা[সম্পাদনা কৰক]

নাটকখনৰ প্ৰথম তিনিটা অংকত চন্দ্ৰকান্ত, পূৰ্ণানন্দ, বদনচন্দ্ৰ আৰু সতৰামৰ ইচ্ছা-আকাংক্ষা, কাৰ্যকলাপ, চাৰিত্ৰিক দুৰ্বলতা আৰু পাৰস্পৰিক ঈৰ্ষাৰ চিত্ৰ অংকন কৰি জাতীয় জীৱনৰ গৰিমা হ্ৰাসৰ কাৰণসমূহ দাঙি ধৰা হৈছে। চতুৰ্থ অংকত ৰুচিনাথৰ নেতৃত্বত পুৰন্দৰ সিংহৰ ৰাজ্য লাভ, চন্দ্ৰকান্তৰ ৰাজ্যচ্যুতি আৰু চন্দ্ৰকান্তৰ পুনৰ ৰাজ্য প্ৰাপ্তিৰ বিৱৰণ আৰু ঘটনা ৰূপায়িত হৈছে। পঞ্চম অঅংকত মানৰ তৃতীয় আক্ৰমণৰ কাৰণ, চন্দ্ৰকান্তৰ কামৰূপলৈ পলায়ন, মানৰ অত্যাচাৰ আৰু সদৌশেষত ব্ৰিটিছৰ আগমন আৰু মানৰ পৰাভৱ দেখুৱাইছে। ঐতিহাসিক কথাবস্তুৰ সমান্তৰালভাৱে সৃষ্টি কৰা উপ-ঘটনা দুটামানে নাটকখনক আকৰ্ষণীয় কৰি তুলিছে। প্ৰিয়ৰাম, গজপুৰীয়াক লৈ সৃষ্টি কৰা উপ-কথাই নাটকখনত হাস্যৰসৰ সৃষ্টি কৰিছে আৰু শদিয়াখোৱা গোহাঁই, চেনেহীৰ প্ৰণয় কথাই নাটকখনত ৰোমাণ্টিক আৱেদন এটা সৃষ্টি কৰি নাটকখনক ৰসগ্ৰাসী কৰি তুলিছে।[1]

চৰিত্ৰ[সম্পাদনা কৰক]

  • পিজৌ : পিজৌ গাভৰুৰ চৰিত্ৰটোত শ্বেইক্সপীয়েৰৰ অমৰ সৃষ্টি ‘হেমলেট’ নাটকৰ অফীলিয়া নামৰ চৰিত্ৰটোৰ প্ৰভাৱ পৰিছে। পিজৌৰ লগত অফীলিয়া (Ophelia) কিছু সাদৃশ্য থকা বোলোতে পিজৌৰ চৰিত্ৰৰ শেষচোৱাৰ কথাহে কোৱা হৈছে। অফীলিয়াই দেউতাক পলনিয়অছক খুব ভাল পাইছিল আৰু তেওঁৰ হাক-বচন মানি চলিছিল। সেয়ে দেউতাকৰ হত্যাৰ বাতৰি পাই তাই পাগলীৰ দৰে হ’ল আৰু শোকত আউলী-বাউলী হৈ কিছুমান লাগ-বান্ধ নোহোৱা গীত গাই ৰাজসভা ওলাইছিলহি। পিজৌৱেও দেউতাক বদনক খুব ভাল পাইছিল যদদিও স্বদেশলৈ মান অনা আৰু অন্যান্য স্বেচ্ছাচাৰী কাৰ্যৰ বাবে তেওঁৰ ভাল পোৱা আৰু সন্মানৰ পৰিমাণ শেষলৈ কিছু কমিছিল। কিন্তু ৰূপ সিঙে দেউতাকক হত্যা কৰাৰ বাতৰি পাই তেওঁ থিৰেৰে থাকিব নোৱাৰিলে আৰু অফীলিয়াৰ দৰেই গীত গাই মনৰ শোক প্ৰকাশ কৰিছে।[2]
  • ভুমুক বৰুৱা : শ্বেইক্সপীয়েৰৰ ফুল (Fool) আৰু বহুৱা (Clown) চৰিত্ৰৰ অনুকৰণত গঢ় দিছে। ফুলে ৰজা লীয়েৰৰ দুখ পাতলবলৈ হাস্যৰস অৱতাৰণা কৰাৰ সমান্তৰালভাৱে ধেমালিৰ ছলেৰেই ফুলে ৰজাৰ কাম-কাজৰো সমালোচনা কৰিছে। সেইদৰে বলিমাৰ নাটকখনত ভুমুক বৰুৱাৰ আপাত বহুৱালিৰ আঁৰত সমালোচনাৰ সুৰ আছে।[2]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 সুব্ৰত জ্যোতি নেওগ (২৯ জুন, শনিবাৰ ২০১৩). "লক্ষীনাথ বেজবৰুৱাৰ নাটক". দৈনিক জনমভূমি: ৭ পৃষ্ঠা. 
  2. 2.0 2.1 সুব্ৰত জ্যোতি নেওগ (৬ জুলাই, শনিবাৰ ২০১৩). "লক্ষীনাথ বেজবৰুৱাৰ নাটক – ৬ জুলাই". দৈনিক জনমভূমি: ৭ পৃষ্ঠা.