সমললৈ যাওক

বৌদ্ধ শ্ৰুতিকথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বুদ্ধৰ জীৱনৰ কথা খোদিত কৰা এখন দুৱাৰ

বৌদ্ধ শ্ৰুতিকথা (ইংৰাজী: Buddhist mythology) হৈছে বৌদ্ধ ধৰ্মৰ সৈতে জড়িত কিংবদন্তি, লোককথা, লোকাচাৰ আদি বিভিন্ন লোক-সাহিত্য-সংস্কৃতিৰ সমাসাৰ। পৌৰাণিক সাহিত্যৰ ক্ষেত্ৰখনত বৌদ্ধ পৰম্পৰাই এক বিশাল পৰিসৰৰ অধিকাৰ কৰিছে। বৌদ্ধ ধৰ্মৰ কেন্দ্ৰীয় শ্ৰুতিকথা হৈছে বুদ্ধৰ জীৱন। এই কথাসমূহ আদিম গ্ৰন্থসমূহত তুলনামূলকভাৱে বাস্তৱসন্মতভাৱে বৰ্ণনা কৰা হৈছে আৰু এক জটিল সাহিত্যিক পৌৰাণিক কাহিনী হিচাপে প্ৰকাশ কৰা হৈছে। এই কাহিনীৰ মূল সাজোন, আৰু বৌদ্ধ শ্ৰুতিকথাৰ আটাইতকৈ স্বকীয় বৈশিষ্ট্য হৈছে নিজৰ ঘৰ আৰু পৰিয়াল এৰি আধ্যাত্মিক অভিযানৰ দিশে অগ্ৰসৰ হোৱা বুদ্ধৰ ত্যাগৰ কাহিনী। এই কেন্দ্ৰীয় শ্ৰুতিকথাৰ সমান্তৰালভাৱে পৰম্পৰাসমূহত বৃহৎ সংখ্যক সৰু সৰু কাহিনীও আছে, যিবোৰে সাধাৰণতে কোনো নৈতিক বা বৌদ্ধ শিক্ষাৰ কথা প্ৰতিফলিত কৰে। ইয়াৰ ভিতৰত গৌতম বুদ্ধৰ পূৰ্বজন্মৰ জীৱন বুলি বিশ্বাস কৰা জনপ্ৰিয় জাতক, লোককথা বা কিংবদন্তি আদি অন্যতম। যিহেতু এইবোৰক বুদ্ধৰ জীৱনৰ এটা অংশ হিচাপে গণ্য কৰা হয়, গতিকে ইয়াত ইয়াক শ্ৰুতিকথা, কিংবদন্তি আৰু লোককথাৰ মাজত পাৰ্থক্য নকৰি কেৱল “শ্ৰুতিকথা” হিচাপেই গণ্য কৰা হয়।[1]

বৌদ্ধ পৌৰাণিক কাহিনী বা শ্ৰুতিকথাবোৰ গ্ৰন্থত লিখিত ৰূপত পোৱা যায়, কিন্তু গল্প কোৱাৰ মৌখিক পৰম্পৰাৰ লগতে এই শ্ৰুতিকথাবোৰ নাটক বা শিল্পকৰ্ম হিচাপেও সমান্তৰালভাৱে পৰিবেশন কৰা হয়।[2][3][4][5] এই সৃষ্টিশীল পৌৰাণিক কাহিনী আজি প্ৰচলিত হৈ আছে, আৰু এই বৌদ্ধ শ্ৰুতিকথাবোৰৰ আধাৰিত বিভিন্ন চলচ্চিত্ৰ, দূৰদৰ্শন অনুষ্ঠান, আৰু সংগীত অনুষ্ঠানৰ যোগেদিও পৰিবেশন কৰা হৈছে।

বৌদ্ধসকলৰ আত্মবিশ্লেষণ আৰু সম্প্ৰদায় গঠনৰ বাবে শ্ৰুতিকথাসমূহে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। শ্ৰুতিকথাসমূহে প্ৰতি সকলোৰে মনোভাৱ একে নহয়, কিছুমানে কাহিনীবোৰক সম্পূৰ্ণৰূপে বাস্তৱিক বুলি ভাবে, আনহাতে কিছুমানে প্ৰতীকী বুলি গণ্য কৰে। সাধাৰণতে পৌৰাণিক কাহিনীৰ অধ্যয়নে “শ্ৰুতিকথা” শব্দটোৰ ব্যৱহাৰিক মূল্য বা সত্যৰ বিচাৰৰ ইংগিত নিদিয়ে। বৰঞ্চ ই এটা সম্প্ৰদায়ৰ ভিতৰত পবিত্ৰ কাহিনী আৰু ইয়াৰ অৰ্থৰ অধ্যয়নক বুজায়।

পণ্ডিতসকলে বহুদিনৰ পৰাই স্বীকাৰ কৰি আহিছে যে বৌদ্ধ ধৰ্মত বিশ্বৰ অন্যতম মহান পৌৰাণিক কাহিনী সন্নিবিষ্ট কৰা হৈছে। টি ডব্লিউ ৰাইছ ডেভিডছে (TW Rhys Davids) কৈছিল যে জাতকসমূহ হৈছে “বৰ্তমান বিশ্ব সাহিত্যৰ আটাইতকৈ নিৰ্ভৰযোগ্য, সম্পূৰ্ণ আৰু আটাইতকৈ প্ৰাচীন লোককথাৰ সংকলন।”[6] চি এ এফ ৰাইছ ডেভিডছে (CAF Rhys Davids) কৈছিল যে জাতকসমূহ “সাহিত্যত, মানুহৰ আৰোহণৰ ক্ষেত্ৰত সামূহিকভাৱে আটাইতকৈ ডাঙৰ মহাকাব্য”।[7] জোচেফ কেম্পবেলে (Joseph Campbell) তেওঁৰ “দ্য হিৰো উইথ এ থাউজেণ্ড ফেচেছ”ত (The Hero with a Thousand Faces) বুদ্ধৰ পৰৱৰ্তী কিংবদন্তিৰ ওপৰত নিৰ্ভৰ কৰি বুদ্ধৰ জীৱনৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিছিল।[8] কিন্তু বৌদ্ধ শ্ৰুতিকথাৰ আধুনিক মূল্যায়ন সুলভ নহয়, আৰু সমালোচকসকলে যুক্তি দিছে যে বৌদ্ধ আধুনিকতাবাদে যুক্তিবাদৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত বৌদ্ধ সম্প্ৰদায়ৰ অতীত আৰু বৰ্তমানৰ শ্ৰুতিকথাৰ ভূমিকা অস্পষ্ট হৈ পৰিছে।

বুদ্ধৰ জীৱন

[সম্পাদনা কৰক]

আদিম গ্ৰন্থ

[সম্পাদনা কৰক]

ধৰ্মীয় শিক্ষাক প্ৰতীকী আৰু কেতিয়াবা অৰ্ধ-ঐতিহাসিক প্ৰকাশৰ উদ্দেশ্যে বৌদ্ধ ধৰ্মত পৌৰাণিক কাহিনী বিভিন্ন বৌদ্ধিক স্তৰত ব্যৱহাৰ কৰা হয়। বৌদ্ধ ধৰ্মৰ আদিম গ্ৰন্থসমূহত বুদ্ধৰ কোনো সুসংহত আৰু পদ্ধতিগত জীৱনী উপস্থাপন কৰা হোৱা নাই।[9] কিন্তু এই গ্ৰন্থসমূহত জীৱনৰ অসংখ্য পৰিঘটনাৰ বিভিন্ন উল্লেখ আছে, আৰু কিছুমান গুৰুত্বপূৰ্ণ পৰিঘটনাৰ বিস্তৃত বিৱৰণ দিয়া হৈছে। বুদ্ধৰ জীৱনৰ পিছৰ সকলো সংস্কৰণ মূলতঃ এই উৎসসমূহৰ পৰাই উদ্ভৱ হৈছে। এই বিৱৰণীবোৰ হৈছে:

  • গৌতমৰ জন্ম।[10]
  • ল’ৰালি কালৰ কিছু বৰ্ণনা।
  • মহানিষ্ক্ৰমণ উল্লেখ। “চতুৰাৰ্য সত্য” বিষয়ে কোৱা হৈছে, কিন্তু সেয়া গৌতম বুদ্ধ নহয়, অতীতৰ বুদ্ধ বিপশ্যীৰ বিষয়েহে কোৱা হৈছে।
  • বোধিলাভ বা মহাপৰিনিৰ্বানৰ পূৰ্বে গৌতমৰ আচাৰ-ব্যৱহাৰৰ বিশদ বিৱৰণ।
  • মহাপৰিনিৰ্বানৰ নিশাৰ বিভিন্ন বিৱৰণ ইত্যাদি।

জাতকৰ কাহিনী

[সম্পাদনা কৰক]

আদিম গ্ৰন্থসমূহত বুদ্ধৰ অতীতৰ জীৱনৰ প্ৰকৃত আখ্যান অতি কমেইহে পোৱা যায়।[11] আদিম গ্ৰন্থসমূহত পোৱা কাহিনীবোৰ প্ৰায় সেই গ্ৰন্থসমূহৰ শেহতীয়া স্তৰৰ অন্তৰ্ভুক্ত হোৱাৰ লক্ষণ দেখা পোৱা যায়।[12] কিন্তু কম সময়ৰ ভিতৰতে বৌদ্ধ সমাজে বুদ্ধৰ অতীতৰ জীৱনৰ লগত জড়িত কাহিনীৰ এক বিশাল সংগ্ৰহ গঢ়ি তুলিলে, যাক জাতক বুলি জনা যায়। পালি ধৰ্মশাস্ত্ৰত এনে ৫৫০টা কাহিনী লিপিবদ্ধ কৰা হৈছে লগতে চীনা, তিব্বতী, সংস্কৃত আদি অন্যান্য উৎসত আৰু এনে শ শ কাহিনী পোৱা যায়। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ আশে-পাশে সাঁচীৰ কীৰ্তিচিহ্নসমূহত কেইবাটাও জাতকৰ কাহিনী চিত্ৰিত কৰা হৈছে। যুগ যুগ ধৰি জাতক কাহিনীৰ সংগ্ৰহ ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিলে। মহানিপত জাতকত বুদ্ধৰ শেষ জন্মৰ পূৰ্বৰ দহটা জনমৰ কাহিনী বৰ্ণনা কৰা হৈছে।

জাতকসমূহ বেছিভাগেই স্থানীয় ভাষাৰ ভাৰতীয় লোককথা, উপকথা আৰু মিশ্ৰিত গদ্য আৰু পদ্যৰ কিংবদন্তিৰ পৰা উদ্ভৱ হোৱা যেন লাগে।[13][14] বুদ্ধৰ জীৱনৰ দৰে জাতকবোৰ কোনো এটা সম্প্ৰদায়ত আবদ্ধ নহয়, বিভিন্ন পৰম্পৰাৰ জাতক পোৱা যায়। কিছুমান কাহিনী ৰামায়ণ আৰু মহাভাৰতত পোৱা ব্ৰাহ্মণ্যবাদী কিংবদন্তিৰ সৈতে জড়িত, আন কিছুমানে ইছপৰ সাধু আৰু অন্যান্য বিশ্ব সাহিত্যৰ সৈতে মিল দেখা পোৱা যায়। বেছিভাগ জাতকতে এটা “নীতিকথা” পোৱা যায় যদিও বেছিভাগ জাতকৰ কাহিনী অহিংসা বা সততাৰ সৈতে জড়িত আৰু মাত্ৰ কিছুমান কাহিনীতহে স্বতন্ত্ৰভাৱে বৌদ্ধ ধাৰণা আছে।

বিনয়ৰ পাঠসমূহ

[সম্পাদনা কৰক]

বিনয়সমূহ হৈছে বৌদ্ধ সংঘৰ সম্পূৰ্ণৰূপে নিযুক্ত সন্ন্যাসী আৰু সন্ন্যাসিনীসকলৰ বাবে সন্নিবিষ্ট কৰা নিয়ম আৰু উপদেশমূলক বৌদ্ধ নীতিৰ গ্ৰন্থ। এই অনুশাসন সম্পৰ্কীয় গ্ৰন্থসমূহত প্ৰতিটো নিয়ম বা পদ্ধতিৰ আগত এটা উৎপত্তি কাহিনী জড়িত থাকে। ইয়াৰে অধিকাংশ কাহিনীতে বুদ্ধৰ জীৱনৰ, বিশেষকৈ তেওঁৰ পৰিয়ালৰ লগত জড়িত গুৰুত্বপূৰ্ণ পৰিঘটনাৰ সম্পৰ্কে বৰ্ণনা কৰা হৈছে।

অশোকৰ পিছৰ যুগ

[সম্পাদনা কৰক]

আদিম গ্ৰন্থসমূহৰ বেছিভাগেই প্ৰাক-অশোক যুগত লিপিবদ্ধ হৈছিল যদিও অশোকৰ পিছৰ যুগত বৌদ্ধ ধৰ্মক জনপ্ৰিয় ধৰ্ম হিচাপে ব্যাপকভাৱে গ্ৰহণ কৰা দেখা গৈছিল। এই সময়ত ভাৰতীয় উপমহাদেশ আৰু ইয়াৰ বাহিৰত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ ঘটিছিল আৰু বিভিন্ন অঞ্চলত বহুতো সুকীয়া বৌদ্ধমঠৰ উত্থান ঘটিছিল। প্ৰতিটো মঠতে বুদ্ধৰ জীৱনক পাঠদানৰ প্ৰাথমিক বিষয় হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই কাহিনীসমূহৰ কেইবাটাও সুকীয়া সংস্কৰণ পোৱা যায়। এইবোৰৰ সাহিত্যিক ৰূপ ভিন্ন হ’লেও মূল মতবাদৰ মাজত বিশেষ পাৰ্থক্য নাই। এই পৰবৰ্তী যুগৰ গ্ৰন্থসমূহত বুদ্ধৰ অলৌকিক আৰু অসাধাৰণ চৰিত্ৰৰ ওপৰত বহু বেছি গুৰুত্ব দিয়া হৈছে। পূৰ্বৰ গ্ৰন্থসমূহৰ বিপৰীতে এই গ্ৰন্থসমূহত বুদ্ধক ভগৱানসদৃশ সত্তাৰ দৰে চিত্ৰিত কৰা হৈছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Myths are "stories about divine beings, generally arranged in a coherent system; they are revered as true and sacred; they are endorsed by rulers and priests; and closely linked to religion. Once this link is broken, and the actors in the story are not regarded as gods but as human heroes, giants or fairies, it is no longer a myth but a folktale. Where the central actor is divine but the story is trivial … the result is religious legend, not myth." [J. Simpson & S. Roud, "Dictionary of English Folklore," Oxford, 2000, p.254]
  2. Pia Brancaccioa1 and Xinru Liu, Dionysus and drama in the Buddhist art of Gandhara, Journal of Global History, vol. 4.2, July 2009, pp 219–244
  3. Liu, Xinru; Brancaccio, Pia (2009). "Dionysus and drama in the Buddhist art of Gandhara*". Journal of Global History খণ্ড 4 (2): 219–244. doi:10.1017/S1740022809003131. 
  4. Professor Kulatilaka Kumarasinghe, Buddhism in Noh Drama, University of Kelaniya
  5. "Publications - Prof. Kulatilaka Kumarasinghe". Archived from the original on 2017-07-02. https://web.archive.org/web/20170702094624/http://www.kln.ac.lk/humanities/depts/sinhala/index.php?option=com_content&view=article&id=25&Itemid=26&limitstart=2। আহৰণ কৰা হৈছে: 2018-12-07. 
  6. "Buddhist India -- Chapter 11". http://fsnow.com/text/buddhist-india/chapter11.htm। আহৰণ কৰা হৈছে: 2018-12-07. 
  7. Caroline Augusta Foley Rhys Davids, Stories of the Buddha: being Selections from the Jataka, introduction, p. xix.
  8. Jātaka Nidāna and Lalitavistara Sūtra. See Hero, prologue, note 38; chap 1, note 44, etc.
  9. Endo, Toshiichi., (2002)Buddha in Theravada Buddhism-A Study of the Concept of Buddha in the Pali Commentaries, pp. 1-2
  10. MN 123, MA 32
  11. One early example is the Pacetana Sutta, AN 3.15.
  12. Eg. Parallels for DN 17 Mahāsudassana (DN ii 169): MA 68 (T i 515b03); T 6 (T i 176a02); T 7 (T i 191b02); T 5 (T i 160b05); T 1451.37 (T xxiv 393a01–394b13); DA 2 (T i 011a07); SF 102 (MATSUMURA, Hisashi 1988. The Mahāsudarśanāvadāna and the Mahāsudarśanasūtra ( = Bibliotheca Indo-Buddhica no. 47). Delhi: Sri Satguru Publications.); SF 245.34.1–SF 245.34.169 (WALDSCHMIDT, Ernst 1950–1951. Das Mahāparinirvāṇasūtra: Text in Sanskrit und Tibetisch, verglichen mit dem Pali nebst einer Übersetzung der chinesischen Entsprechung im Vinaya der Mūlasarvāstivādins, auf Grund von Turfan-handschriften. Teil I-III. Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst, 1949/1, 1950/2, 1950/3. Berlin: Akademie-Verlag.). Retrieved from https://suttacentral.net/dn17 on 20/01/2016.
  13. "Indian Stories",The History of World Literature, Grant L. Voth, Chantilly, VA, 2007
  14. Winternitz, Moriz, A History of Indian Literature: Buddhist literature and Jaina literature, Motilal Banarsidass, 1996, p. 118.