সমললৈ যাওক

বৰুণ ধৱন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰুণ ধৱন

২০১৭ চনত ধৱন
জন্ম ২৪ এপ্ৰিল, ১৯৮৭ (৩৭ বছৰ)
শিক্ষানুষ্ঠান নটিংহাম ট্ৰেণ্ট বিশ্ববিদ্যালয়
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০১২–বৰ্তমান
দাম্পত্যসঙ্গী নাতাশ্বা দালাল (বি. ২০২১)
সন্তান
আত্মীয়-স্বজন ধৱন পৰিয়াল চাওঁক
বঁটা, সন্মান, পুৰস্কাৰ আদি সম্পূৰ্ণ তালিকাখন চাওঁক
স্বাক্ষৰ

বৰুণ ধৱন (হিন্দী উচ্চাৰণ: [ʋəɾʊɳ d̪ʱəʋən]; জন্ম: ২৪ এপ্ৰিল ১৯৮৭) মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ ভাৰতৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতাসকলৰ ভিতৰত অন্যতম এজন। তেওঁ ২০১৪ চনৰ পৰা বৰ্তমানলৈকে ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত অন্তৰ্ভুক্ত হৈয়ে আছে। ২০১২ চনৰ পৰা ২০১৮ চনলৈকে তেওঁৰ অভিনীত মুঠ ১১ খন‌ ছবি বাণিজ্যিকভাৱে সফল হয়।[1][2][3][4]

তেওঁ চলচ্চিত্ৰ পৰিচালক ডেভিদ ধৱনৰ কনিষ্ঠ পুত্ৰ। তেওঁ নটিংহাম ট্ৰেণ্ট বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় অধ্যয়নত স্নাতক ডিগ্ৰী লাভ কৰে৷ তেওঁ মাই নেম ইজ খান (২০১০) ছবিখনত কৰণ জোহৰৰ সহকাৰী পৰিচালক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল, আৰু তাৰ পিছত ২০১২ চনত জোহৰৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰৰ জৰিয়তে‌ তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে। ৰোমান্টিক কমেডী ছবি মেই‌ তেৰা হিৰো (২০১৪), হাম্প্টি শৰ্মা কি দুলহানিয়া (২০১৪), বদ্ৰীনাথ কি দুলহানিয়া (২০১৭), দিলৱালে (২০১৫), ডিশ্বুম (২০১৬), জুড়ৱা ২ (২০১৭), এবিচিডি ২ (২০১৫); আৰু ছুই ধাগা (২০১৮) আদি ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰে।

থ্ৰিলাৰ ছবি বদলাপুৰ (২০১৫)ত এগৰাকী প্ৰতিশোধকাৰীৰ চৰিত্ৰত আৰু অক্টোবৰ (২০১৮)ত এগৰাকী লক্ষ্যহীন ব্যক্তিৰ চৰিত্ৰত অভিনয়েৰেও ধৱনে ভূয়সী প্ৰশংসা লাভ কৰে। তিনিখন ছবি সমালোচনাত্মক তথা বাণিজ্যিকভাৱে বিফল হোৱাৰ পিছত তেওঁ ২০২২ চনত জুগজুগ জীয়ো আৰু ভেড়িয়া শীৰ্ষক দুখন সফল ছবিত অভিনয় কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৮৭ চনৰ ২৪ এপ্ৰিলত[5] চলচ্চিত্ৰ পৰিচালক ডেভিদ ধৱন আৰু কৰুণা ধৱনৰ গৃহত তেওঁ জন্মগ্ৰহণ কৰিছিল।[6][7] তেওঁ পাঞ্জাবী হিন্দু সম্প্ৰদায়ৰ লোক।[8] তেওঁৰ ককায়েক ৰোহিত ধৱন এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰথম চলচ্চিত্ৰ দেশী বয়জৰ বাবে পৰিচিত। তেওঁৰ খুৰাক অনিল ধৱনো এগৰাকী অভিনেতা।[9] এইচ.আৰ. কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সৰ পৰা তেওঁ উচ্চতৰ মাধ্যমিকৰ শিক্ষা লাভ কৰিছিল। যুক্তৰাজ্যৰ নটিংহাম ট্ৰেণ্ট বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ব্যৱসায় অধ্যয়নত ডিগ্ৰী লাভ কৰে।[10][11] অভিনয় জীৱনৰ পূৰ্বে তেওঁ মাই নেম ইজ খান (২০১০) ছবিখনত কৰণ জোহৰৰ সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।[12]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. . 13 October 2016. Archived from the original on 3 January 2018. https://web.archive.org/web/20180103113314/https://www.forbes.com/sites/robcain/2017/10/13/with-9-straight-hits-judwaa-2-lead-varun-dhawan-has-become-a-bona-fide-bollywood-superstar/#4cfa19664a58. 
  2. "The verdict is out: Varun Dhawan is officially a SUPERSTAR!". Bollywood Hungama. 5 October 2017. Archived from the original on 5 October 2017. https://web.archive.org/web/20171005092439/http://www.bollywoodhungama.com/news/features/verdict-varun-dhawan-officially-superstar/। আহৰণ কৰা হৈছে: 6 October 2017. 
  3. "Box Office: Varun Dhawan maintains his zero flops record with his tenth film October". Bollywood Hungama. 23 April 2018. Archived from the original on 3 July 2018. https://web.archive.org/web/20180703133418/http://www.bollywoodhungama.com/news/box-office-special-features/box-office-varun-dhawan-maintains-zero-flops-record-tenth-film-october/। আহৰণ কৰা হৈছে: 3 July 2018. 
  4. . 4 October 2018. Archived from the original on 4 October 2018. https://web.archive.org/web/20181004185611/https://www.dnaindia.com/bollywood/report-varun-dhawan-adds-another-hit-to-his-kitty-with-sui-dhaaga-made-in-india-2671470. 
  5. "Happy Birthday Varun Dhawan: 7 lesser known facts about the Dishoom star!". India.com. 24 April 2016. http://www.india.com/showbiz/happy-birthday-varun-dhawan-7-lesser-known-facts-about-the-dishoom-star-1132592/. 
  6. Sangghvi, Bhavikk (23 April 2013). "Varun Dhawan will attract girls even when he's older?". The Times of India. Archived from the original on 3 June 2013. https://web.archive.org/web/20130603110032/http://articles.timesofindia.indiatimes.com/2013-04-23/news-interviews/38762353_1_varun-dhawan-alia-bhatt-david-dhawan. 
  7. Singh, Prashant (17 August 2013). "I was a waiter at dad's party: Varun Dhawan". Hindustan Times. Archived from the original on 25 December 2014. https://web.archive.org/web/20141225171730/http://www.hindustantimes.com/entertainment/tabloid/i-was-a-waiter-at-dad-s-party-varun-dhawan/article1-1108986.aspx. 
  8. "I'm a Punjabi and I won't let them down: Varun Dhawan" (en ভাষাত). Deccan Chronicle. 17 June 2016. https://www.deccanchronicle.com/entertainment/bollywood/170616/im-a-punjabi-and-i-wont-let-them-down-varun-dhawan.html। আহৰণ কৰা হৈছে: 4 January 2021. 
  9. Gupta, Priya (5 July 2014). "Varun Dhawan considers his brother Rohit his real life Humpty". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Varun-Dhawan-considers-his-brother-Rohit-his-real-life-Humpty/articleshow/37769756.cms. 
  10. "Forget girlfriend, I'll now find myself a wife: Varun Dhawan". The Times of India. 25 July 2013. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/Forget-girlfriend-Ill-now-find-myself-a-wife-Varun-Dhawan/articleshow/20755803.cms?. 
  11. "Distinguished Alumni". ntu.ac.uk. https://www.ntu.ac.uk/alumni/stories/distinguished-alumni. 
  12. "The new stars of Bollywood". Hindustan Times. 31 December 2010. Archived from the original on 5 October 2012. https://web.archive.org/web/20121005081045/http://www.hindustantimes.com/Entertainment/Bollywood/The-new-stars-of-Bollywood/Article1-644946.aspx. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]