সমললৈ যাওক

ভাত কেৰেলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাত কেৰেলা
সংৰক্ষণ স্থিতি
বিৰল  (NCA)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Cucurbitales
পৰিয়াল: Cucurbitaceae
গণ: Momordica
প্ৰজাতি: M. dioica
বৈজ্ঞানিক নাম
Momordica dioica
Roxb. ex Willd.[1]
ভাত কেৰেলা

ভাত কেৰেলা হৈছে এবিধ একবৰ্ষী, আৰোহী লতা। ইয়াৰ বৈজ্ঞানিক নাম— Momordica dioica। ইংৰাজীত ইয়াক স্পাইনি গাৰ্ড (spiny gourd), স্পাইন গাৰ্ড (spine gourd)[2], টিজল গাৰ্ড (teasle gourd) আৰু ব্ৰিষ্টলি বালছাম পিয়েৰ (bristly balsam pear)[3] বুলি জনা যায়।

ভাতকেৰেলা গছৰ পাতবোৰ প্ৰায় ১০ৰ পৰা ১২ ছেঃমিঃ পৰ্যন্ত দীঘল আৰু সমানে বহল। ডিম্বকাৰ। কেৰেলাবোৰ সাধাৰণতে ৫ খলপীয়া আৰু নিমজ বা কিছু নোমাল। পুষ্পবোৰ ভিন্নবাসী হয়। প্ৰায় ৪-৫টা মান পাহি থকা ফুলেবাৰ ৫ ছেঃ মিঃ দীঘল হয়। ফুলবোৰৰ ৰং বগা বা সামান্য হালধীয়া আৰু তিনটা মান কলা ফোট থাকে। ভাতকেৰেলাৰ ফলবোৰ ১০-১২ ছেঃ মিঃ মান ডাঙৰ হয়। ইয়াৰ গোটেই গাটো অসংখ্য কোমল কাঁইট হয়। কেঁচা অৱস্থাত দেখিবলৈ সেউজীয়া আৰু পকিলে ৰঙা আৰু ৰসাল হয়। ভিতৰভাগ অসংখ্য বীজৰে ভৰা।

অসমৰ বিভিন্ন ঠাইত ভাত কেৰেলাৰ পোৱা যায়। খৰালীমাহত গছবোৰ মৰি যায়। মাটিৰ তলত কেবল মাত্ৰ আলুটোহে জীৱিত অৱস্থাত থাকে। চত বা ফাগুন মাহত ই পুনৰ গজালি মেলি গছ হয়। লতাজাতীয় গছবোৰ আন গছত বা মটিৰ পৰা সামান্য চাং তৈয়াৰ কৰি বগাবলৈ সুবিধা কৰি দিয়া হয়। গছ বগাই মে-জুলাই মাহত খাবৰ বাবে উপযোগী হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Momordica dioica Roxb. ex Willd." (ইংৰাজী ভাষাত). Royal Botanic Gardens, KewPlants of the World Online. https://powo.science.kew.org/taxon/293438-1। আহৰণ কৰা হৈছে: 8 July 2024. 
  2. USDA, ARS, Germplasm Resources Information Network. ভাত কেৰেলা in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service.
  3. "Momordica dioica" (ইংৰাজী ভাষাত). Global Biodiversity Information Facility. http://www.gbif.org/species/2874579। আহৰণ কৰা হৈছে: 24 September 2022.