ভাৰতীয় জন সংঘ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাৰতীয় জনসংঘৰ পৰা পুনঃনিৰ্দেশিত)
অখিল ভাৰতীয় জন সংঘ
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ২১ অক্টোবৰ ১৯৫১[1]
বিলুপ্তি ১৯৭৭
ৰাজনৈতিক মতাদৰ্শ হিন্দু জাতীয়তাবাদ[2]
হিন্দুত্ব[3]
একাত্ম মানৱবাদ[4]
ৰাষ্ট্ৰীয় ৰক্ষণশীলতা[5]
অৰ্থনৈতিক জাতীয়তাবাদ[6]
দলীয় ৰং      গেৰুৱা

ভাৰতীয় জন সংঘ (ইংৰাজী: Bharatiya Jana Sangh, সম্পূৰ্ণ নাম: অখিল ভাৰতীয় জন সংঘ, চমুকৈ: জন সংঘ, সংক্ষিপ্তৰূপ: BJS) [7] ভাৰতৰ এটা অধুনালুপ্ত সোঁপন্থী ৰাজনৈতিক দল। ১৯৫১ চনৰ পৰা ১৯৭৭ চনলৈ সক্ৰিয় হৈ থকা এই দলটো হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাজনৈতিক শাখা আছিল।[8] ১৯৭৭ চনত ইন্দিৰা গান্ধী নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে এটা ৰাষ্ট্ৰীয় বিকল্প তৈয়াৰ কৰিবলৈ গঠন কৰা জনতা পাৰ্টিত অন্য বহুবোৰ ৰাজনৈতিক দলৰ সৈতে জন সংঘও চামিল হৈ গৈছিল। ১৯৮০ চনত জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বৈত সদস্যতাৰ বিষয়ত মতানৈক্য হৈ জন সংঘ গোটটো জনতা পাৰ্টিৰ পৰা ওলাই আহিছিল আৰু ১৯৮২ চনত ভাৰতীয় জনতা পাৰ্টি গঠন কৰিছিল।[9]

উৎপত্তি[সম্পাদনা কৰক]

১৯৪৯ পিছত সোঁপন্থী হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘব্ৰিটিছৰ শাসনকালতে আৰম্ভ কৰা তেওঁলোকৰ কামকাজ আৰু বিচাৰধাৰা আগবঢ়াই লৈ যাবলৈ এটা ৰাজনৈতিক দল গঠন কৰাৰ সম্পৰ্কত চিন্তা-চৰ্চা আৰম্ভ কৰে। সেই একে সময়তে শ্যামাপ্ৰসাদ মুখাৰ্জীয়েও অহিন্দু লোককো দলৰ সদস্যপদৰ বাবে অনুমতি দিয়া সংক্ৰান্তত অসহমত হৈ ৰাজনৈতিক দল হিন্দু মহাসভা ত্যাগ কৰিছিল।[10][11][12] ১৯৫১ৰ ২১ অক্টোবৰত[13] দিল্লীত শ্যামাপ্ৰসাদে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহযোগত কংগ্ৰেছ দলৰ বিৰুদ্ধে এক ৰাষ্ট্ৰীয় বিকল্প হিচাপে জনসংঘ গঠন কৰে।[14]

দলৰ নিৰ্বাচনী চিহ্ন আছিল তেলৰ চাকি আৰু স্বয়ংসেৱক সংঘৰ দৰে তেওঁলোকেও তেওঁলোকৰ বিচাৰধাৰা হিন্দুত্বৰ ওপৰত কেন্দ্ৰীভূত কৰিছিল। ১৯৫৩ত শ্যামাপ্ৰসাদৰ মৃত্যুৰ পিছত জনসংঘত থকা স্বয়ংসেৱক সংঘৰ কৰ্মকৰ্তাসকলক আঁতৰাই দি ইয়াক সংঘৰ ৰাজনৈতিক শাখা আৰু সংঘ পৰিয়ালৰ অবিচ্ছেদ্য অংগৰূপে গঢ় দিয়া হৈছিল।[15]

সভাপতিসকলৰ তালিকা[সম্পাদনা কৰক]

শ্যামাপ্ৰসাদ মুখাৰ্জী

সাধাৰণ নিৰ্বাচনত প্ৰদৰ্শন[সম্পাদনা কৰক]

১৯৫১ চনত প্ৰতিষ্ঠা হোৱা জনসংঘই প্ৰথমটো সাধাৰণ নিৰ্বাচনত ৩খন লোকসভা আসনত জয়লাভ কৰিছিল। আন দুটা হিন্দুত্ববাদী ৰাজনৈতিক দল হিন্দু মহাসভা আৰু ৰামৰাজ্য পৰিষদে উক্ত নিৰ্বাচনত লাভ কৰা আসনৰ সংখ্যা আছিল ক্ৰমে ৪খন আৰু তিনিখন। শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দুৰ্গাচৰণ বেনাৰ্জী পশ্চিমবংগৰ পৰা জয়লাভ কৰিছিল আৰু জনসংঘৰ তৃতীয়জন সদস্য উমা শংকৰ ত্ৰিবেদী ৰাজস্থানৰ পৰা জিকি আহিছিল। শ্যামাপ্ৰসাদৰ নেতৃত্বত সম-মনস্ক দলসমূহে সংসদত এটা গোট গঠন কৰিছিল।[16][17]

বৰ্ষ সাধাৰণ নিৰ্বাচন আসন লাভ আসনৰ পৰিবৰ্তন ভোটৰ % তথ্যসূত্ৰ
১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ১ম লোকসভা ৩.০৬ [16][18]
১৯৫৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ২য় লোকসভা বৃদ্ধি ৫.৯৩ [17][18]
১৯৬২ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৩য় লোকসভা ১৪ বৃদ্ধি ১০ ৬.৪৪ [17][18]
১৯৬৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৪ৰ্থ লোকসভা ৩৫ বৃদ্ধি ২১ ৯.৪১ [17][18]
১৯৭১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৫ম লোকসভা ২২ decrease ১৩ ৭.৩৫ [19][18]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Anand, Arun (21 October 2020). "On this day 69 years ago, 200 leaders formed Jana Sangh. It is now the BJP" (en-US ভাষাত). ThePrint. https://theprint.in/politics/on-this-day-69-years-ago-200-leaders-formed-jana-sangh-it-is-now-the-bjp/528070/। আহৰণ কৰা হৈছে: 15 April 2021. 
  2. Graham, Bruce D. "The Jana Sangh as a Hindu Nationalist Rally". Hindu Nationalism and Indian Politics. Cambridge University Press. p. 94. 
  3. Thachil, Tariq (2014). Elite Parties, Poor Voters. Cambridge University Press. পৃষ্ঠা. 42. 
  4. Kochanek, Stanley (2007). India: Government and Politics in a Developing Nation. Cengage Learning. পৃষ্ঠা. 333. 
  5. Baxter, Craig (1969). The Jana Sangh: a biography of an Indian political party. University of Pennsylvania Press. পৃষ্ঠা. 171. 
  6. Marty, Martin E. (1996). Fundamentalisms and the State. University of Chicago Press. পৃষ্ঠা. 418. 
  7. Donald Anthony Low, ed. (1968), Soundings in Modern South Asian History, University of California Press, pp. 372–, GGKEY:6YPJXGZBWJQ, https://books.google.com/books?id=WfD02m8q8eYC&pg=PA372 
  8. Gurumurthy, S (16 October 2013). "Lifting of the ban on the RSS was unconditional". The Hindu. http://www.thehindu.com/opinion/op-ed/Lifting-of-ban-on-RSS-was-unconditional/article11806185.ece. 
  9. "BJP History". Andhra Pradesh BJP. Archived from the original on 2021-05-09. https://web.archive.org/web/20210509043630/https://www.apbjp.org/eng/2015/06/welcome-to-bjp-website/। আহৰণ কৰা হৈছে: 28 মে' 2021. 
  10. Urmila Sharma & SK Sharma 2001, পৃষ্ঠা. 381.
  11. Kedar Nath Kumar 1990, পৃষ্ঠা. 20–21.
  12. Islam 2006b, পৃষ্ঠা. 227.
  13. "Founding of Jan Sangh". www.bjp.org. Archived from the original on 25 January 2019. https://web.archive.org/web/20190125183142/http://www.bjp.org/en/about-the-party/history?u=founder। আহৰণ কৰা হৈছে: 25 January 2019. 
  14. Sharad Gupta; Sanjiv Sinha (18 January 2000). "Revive Jan Sangh -- BJP hardlines". The Indian Express. http://expressindia.indianexpress.com/ie/daily/20000118/ina18037.html. 
  15. Kanungo, Pralaya (November 2006), "Myth of the Monolith: The RSS Wrestles to Discipline Its Political Progeny", Social Scientist খণ্ড 34 (11/12): 51–69 
  16. 16.0 16.1 Nag 2014, chapter 1.
  17. 17.0 17.1 17.2 17.3 Archis Mohan (9 October 2014). "The roots of India's second republic". Business Standard. http://www.business-standard.com/article/beyond-business/the-roots-of-india-s-second-republic-114100901275_1.html. 
  18. 18.0 18.1 18.2 18.3 18.4 Andersen & Damle 1987, পৃষ্ঠা. 165.
  19. Nag 2014, chapter 4.

Sources

অধিক জানিবলৈ পঢ়ক[সম্পাদনা কৰক]