একাত্ম মানৱবাদ (দীন দয়াল উপাধ্যায়)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

একাত্ম মানৱবাদ দীন দয়াল উপাধ্যায়ৰ দ্বাৰা বিকশিত এক দৰ্শন। এই দর্শনক ১৯৬৫ত জন সংঘই নিজৰ আনুষ্ঠানিক দৰ্শন হিচাপে গ্ৰহণ কৰিলে।[1][2][3]

দৰ্শন[সম্পাদনা কৰক]

পণ্ডিত দীন দয়াল উপাধ্যায়ৰ মতে, ভাৰতৰ মুখ্য উদ্দেশ্য হ'ব লাগে এক ঘৰুৱা ধৰণেৰে মানৱক চিন্তাৰ কেন্দ্ৰত ৰাখি বিকাশ কৰা।.[3]

এই ধাৰণাই পশ্চিমীয়া পুঁজিবাদী ব্যক্তিবাদ আৰু মাৰ্ক্সবাদী সমাজবাদৰ বিৰোধ কৰে। এই বিচাৰত উভয়ৰ মাজৰ পথ বিচৰা হৈছে।.[4]

মানুহৰ চাৰি উদ্দেশ্য[সম্পাদনা কৰক]

উপাধ্যায়ৰ মতে, মানুহৰ শৰীৰ, মন, বুদ্ধি আৰু আত্মা থাকে। আৰু থাকে চাৰি সাৰ্বজনীন উদ্দেশ্য- ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। একোকে বাদ দিব নোৱাৰি যদিও, ধৰ্ম প্ৰাৰম্ভিক আৰু মোক্ষ চৰম উদ্দেশ্য কোনো মানৱ আৰু সমাজৰ। তেওঁ দাবী কৰিছিল যে পুঁজিবাদ আৰু সমাজবাদে শৰীৰ আৰু মনকহে মহত্ব প্ৰদান কৰে, আৰু বস্তুবাদী উদ্দেশ্য তথা সম্পদ আগবঢ়াই।[5]

ব্যক্তিবাদ নস্যাৎ[সম্পাদনা কৰক]

উপাধ্যায়ে ব্যক্তিবাদক সৰ্বোচ্চ জ্ঞান কৰা সামাজিক ব্যৱস্থাসমূহৰ সমালোচনা কৰিছিল। তেওঁ লগতে দাবী কৰিছিল যে সাম্যবাদে ব্যক্তিবাদক এক বৃহৎ হ্ৰদয়হীন যন্ত্ৰৰ অংগ হিচাপে ভাঙি পেলায় আৰু সেয়ে তেওঁ সাম্যবাদৰো বিৰোধিতা কৰিছিল। উপাধ্যায়ৰ মতে, সমাজ কেইবাজনো ব্যক্তিৰ মাজত হোৱা সামাজিক চুক্তিৰে উদ্ভৱ হোৱা নাই, বৰং স্বয়ংক্ৰিয়ভাৱে হৈছে এক জীৱিত প্ৰাণীৰ দৰে। সমাজৰ নিজা 'জাতীয় আত্মা' থাকে ঠিক এক ব্যক্তিৰ দৰেই।.[5]

উৎস[সম্পাদনা কৰক]

সূত্ৰৰ উৎস[সম্পাদনা কৰক]

দাবী কৰা হয় যে একাত্ম মানৱবাদৰ উৎস অদ্বৈত বেদান্ত, আৰু গান্ধীৰ দৰ্শন। গান্ধীবাদী দৰ্শনৰ দৰে স্বদেশী আৰু লঘু উদ্যোগৰ বিকাশত গুৰুত্ব প্ৰদান কৰা হৈছে। কিন্তু একাত্ম মানৱবাদত হিন্দু জাতীয়তাবাদৰ বিশেষ প্ৰভাৱ আছে।[6]

নেহৰুৱীয় অৰ্থনৈতিক নীতিৰ বিৰোধ[সম্পাদনা কৰক]

উপাধ্যায়ে দাবী কৰিছিল যে নেহৰুৱে সমালোচনা অবিহনে পশ্চিমীয়া ধাৰণা আৰু উদ্যোগীকৰণ গ্ৰহণ কৰিছিল। উপাধ্যায়ৰ মতে এনে কৰাত ভাৰতত ভোগবাদী প্ৰৱণতা গঢ় লৈ উঠিছে। তেওঁৰ মতে ই ভাৰতীয় আদৰ্শৰ বিৰোধী কাৰণ ভাৰতীয় আদর্শই ভৌতিক সম্পদ বৃদ্ধিৰ নিৰন্তৰ প্ৰয়াসৰ সলনি সন্তুষ্টিতহে গুৰুত্ব আৰোপ কৰে। তেওঁ এই কথাও সোঁৱৰাইছিল যে নেহৰুৱীয় অৰ্থনৈতিক নীতি দাৰিদ্র্য দূৰীকৰণত বিফল হৈছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hansen 1999, পৃষ্ঠা. 84.
  2. http://180.179.170.85/en/about-the-party/philosophy
  3. 3.0 3.1 Hansen 1999, পৃষ্ঠা. 85.
  4. Téatreault 2004, পৃষ্ঠা. 122.
  5. 5.0 5.1 Bhatt 2001, পৃষ্ঠা. 155.
  6. Bhatt 2001, পৃষ্ঠা. 154-155.