দীনদয়াল উপাধ্যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Pandit দীনদয়াল উপাধ্যায়
দীনদয়াল উপাধ্যায়

দপ্তৰৰ কাৰ্যকাল
১৯৬৭ – ১৯৬৮
পূৰ্বসূৰী বলৰাজ মাধোক
উত্তৰসূৰী অটল বিহাৰী বাজপায়ী

জন্ম ২৫ ছেপ্টেম্বৰ, ১৯১৬
মথুৰা জিলা, সংযুক্ত প্ৰদেশ, বৃটিছ ভাৰত
মৃত্যু ১১ ফেব্ৰুৱাৰী, ১৯৬৮ (৫১ বছৰ)
মুগলচৰাই, উত্তৰ প্ৰদেশ, ভাৰত
জাতীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জন সংঘ
অধ্যয়নকৃত শিক্ষা প্ৰতিষ্ঠান বিৰলা ইন্সিটিউট অৱ টেকন'ল'জী এণ্ড চায়েঞ্চ
জীৱিকা ৰাজনীতিক
ধৰ্ম হিন্দুত্ব


পণ্ডিত দীনদয়াল উপাধ্যায় (২৫ চেপ্তেম্বৰ ১৯১৬- ১১ ফ্ৰেব্ৰুৱাৰী ১৯৬৮) এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী ভাৰতীয় জন সংঘৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিল।[1]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ ব্ৰজভূমিৰ বৰ্তমানৰ দীনদয়াল ধাম নামে জনাজান পূৰ্বৰ নাগ্্লা চন্দ্ৰবন গাঁওত দীনদয়াল উপাধ্যায়ৰ জন্ম হয়। তেওঁৰ দেউতাক ভাগৱতী প্ৰসাদ এজন সহকাৰী ষ্টেচন মাষ্টৰ আৰু মাক শ্ৰীমতী ৰামপিয়াৰী এগৰাকী ধৰ্মপৰায়ণা মহিলা আছিল। তেওঁৰ আজোককাক পণ্ডিত হৰিৰাম উপাধ্যায় এগৰাকী প্ৰখ্যাত জ্যোতিষী আছিল। তিনিবছৰ বয়সত দেউতাকক আৰু আঠ বছৰ বয়সত তেওঁ মাকক হেৰুৱাবলগীয়া হয়। পিতৃ-মাতৃ উভয়ৰে মৃত্যু হোৱাত সৰু ভায়েকৰ আৰু তেওঁক মাতৃপক্ষৰ ককাক চুন্নীলালে আগ্ৰা জিলাৰ ফটেহপুৰ চিক্ৰিৰ ওচৰৰ নিজগাঁও গুড় কী মন্ধাইলৈ লৈ আহে। দীনদয়াল উপাধ্যায়ৰ দহ বছৰ বয়সত ককাকৰো মৃত্যু হোৱাত মোমায়েক আৰু মামীয়েকৰ তত্বাৱধানতে দুই ভাতৃ ডাঙৰ-দীঘল হয়। মামীয়েকে তেওঁলোকক নিজ মাতৃৰ দৰে স্নেহ কৰিছিল। তেওঁ ৰাজস্থানৰ সিকাৰৰ পৰা প্ৰথম স্থান লৈ মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হয় আৰু সিকাৰৰ মহাৰাজা কল্যাণ সিঙৰ পৰা সোণৰ পদক সহ মাহে দহটকাকৈ ছাত্ৰব়ত্তি, লগতে ওপৰঞ্চি পাঠ্যপুথি ক্ৰয় কৰাৰ বাবে ২৫০ টকা লাভ কৰে। বৰ্তমান পালানি স্থিত বিৰলা ইনষ্টিটিউট অৱ টেকন'লজী এণ্ড চায়েঞ্চ নামে জনাজাত পূৰ্বৰ বিৰলা মহাবিদ্যালয়ৰ পৰা তেওঁ প্ৰাক্-স্নাতক সমাপ্ত কৰে। ১৯৩৯ চনত প্ৰথম বিভাগত স্নাতক ডিগ্ৰী লয় কানপুৰৰ সনাতন ধৰ্ম মহাবিদ্যালয়ৰ পৰা। স্বৰ্ণপদক লাভ কৰি ইংৰাজী সাহিত্যত স্নানকোত্তৰ কৰে আগ্ৰাৰ চেইণ্ট জনচ্ মহাবিদ্যালয়ৰ পৰা। মোমায়েকৰ তংপৰতাত তেওঁ ৰাজ্যিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হৈ বাচনিভুক্ত হয় যদিও ৰাজনৈতিক উচ্চাকাঙ্ক্ষাৰ বাবে চাকৰিত যোগদান নকৰিলে। তেওঁ প্ৰয়াগৰ পৰা বি.এড. আৰু এম.এড. ডিগ্ৰীও লয়।[2][1]

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু জনসংঘ[সম্পাদনা কৰক]

সনাতন মহাবিদ্যালয়ত পঢ়ি থকা দিনতে ১৯৩৭ চনত উপাধ্যায় তেওঁৰ সহপাঠা বালুজী মহাশব্দেৰ জড়িয়তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংস্পৰ্শলৈ আহে। সংঘৰ প্ৰতিষ্ঠাপক কে বি হেডগেৱাৰে তেওঁক সংঘৰ এটা শাখাত অনুষ্ঠিত বৌদ্ধিক আলোচনাচক্ৰত নিযুক্ত কৰে। সুন্দৰ সিং ভাণ্ডাৰীও তেওঁৰ কানপুৰৰ সহপাঠীসকলৰ ভিতৰত এজন আছিল। ১৯৪২ চনত সংঘৰ কামকাজত পূৰ্ণকালীন ৰূপত নিজকে সমৰ্পিত কৰে। তেওঁ গ্ৰীষ্মবন্ধত নাগপুৰত অনুষ্ঠিত হোৱা সংঘৰ এটা ৪০ দিনীয়া প্ৰশিক্ষণ শিৱিৰত অংশ লয়। সংঘৰ শৈক্ষিক শাখাত দ্বিতীয় বৰ্ষৰ প্ৰশিক্ষণ সমাপ্ত কৰাৰ অন্তত তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আজীৱন প্ৰচাৰকৰ দাযিত্ব লাভ কৰে। ১৯৫৫ চনৰ পৰা উত্তৰ প্ৰদেশ ৰাজ্যৰ যুটীয়া প্ৰান্ত প্ৰচাৰকৰ সেৱা আগবঢ়ায়। এজন আদৰ্শ স্বয়ংসেৱক ৰূপে তেওঁ স্বীকৃতি পাইছিল, কাৰণ 'তেওঁৰ বক্তব্যত সংঘৰ বিশুদ্ধ চিন্তা-স্ৰোতৰ প্ৰতিফলন হৈছিল'।[3]

১৯৪০ চনত লক্ষ্ণৌৰ পৰা তেওঁ 'ৰাষ্ট্ৰ ধৰ্ম' নামৰ এখন মাহেকীয়া আৰম্ভ কৰে। কাকতখনৰ উদ্দেশ্য আছিল হিন্দুত্ববাদৰ আদৰ্শৰ প্ৰসাৰ কৰা। কাকতখনৰ কোনো এটা সংখ্যাতে তেওঁৰ নামটো সম্পাদক ৰূপে ছপা কৰা নাছিল। পিছলৈ তেওঁ 'পাঞ্চজন্য' নামৰ সাপ্তাহিক এখন আৰু 'স্বদেশ' নামৰ দৈনিক কাকত এখনো উলিয়ায়।[4]

জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে 'নেহৰু-লিয়াকৎ চুক্তিৰ' বিৰোধ কৰি মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে ভাৰতীয় জন সংঘৰ স্থাপনা কৰে। মুখাৰ্জীয়ে দলৰ সাংগাঠনিক কামৰ বাবে উপাধ্যায়ৰ সহায় বিচাৰে। ১৯৫১ৰ ২১ চেপ্তম্বৰৰ দিনা তেওঁ উত্তৰ প্ৰদেশত এখন ৰাজনৈতিক সন্মিলনৰ আয়োজন কৰে আৰু জন সংঘৰ ৰাজ্যিক শাখা গঠন কৰে। একেবছৰৰে ২১ অক্টোৱৰত মুখাৰ্জীৰ সভাপতিত্বত জন সংঘৰ প্ৰথম সৰ্বভাৰতীয় সন্মিলন অনুষ্ঠিত হয়। উপাধ্যায়ৰ সাংগঠনিক দক্ষতা অতুলনীয় আছিল। ১৯৬৭ত তেওঁ দলৰ সভাপতিৰ পদত অধিষ্ঠিত হয়।[1]

ম়ত্যু[সম্পাদনা কৰক]

১৯৬৮ৰ ১১ ফেব্ৰুৱাৰীত এক ৰহস্যজনক পৰিস্থিতিত উত্তৰ প্ৰদেশৰ মুগলচৰাই ষ্টেচনত উপাধ্যায়ৰ মৃত্যু হয়। হাতেৰে এখন পাঁচটকীয়া নোট খামুচি ধৰি থকা অৱস্থাত মুগলচৰাই ষ্টেচনৰ য়াৰ্ডত তেওঁৰ মৃতদেহ পোৱা গৈছিল।[1] তেওঁৰ মৃত্যুক লৈ বহুকেইটা ষড়যন্ত্ৰমূলক মতবাদ আছে। জনসংঘৰ এজন অন্যতম প্ৰতিষ্ঠাপক সদস্য বলৰাজ মাধোকে কৈছিল যে তেওঁৰ মৃত্যু দুৰ্ঘটনা নহয়, এক হত্যাকাণ্ডহে আছিল।[5][6][7]

উত্তৰাধিকাৰ[সম্পাদনা কৰক]

Several institutions are named after him:

  • Pt. Deendayal Upadhyay Shekhawati University, Sikar (Rajasthan)
  • Pt. Deendayal Upadhyay Sanatan Dharma Vidyalaya, Kanpur
  • Deen Dayal Upadhyay Gorakhpur University
  • Deen Dayal Upadhyay Hospital, Delhi[8][9]
  • Pandit Deendayal Upadhyay Vidyalaya, Kanpur
  • Deen Dayal Upadhyaya College
  • Pandit Deendayal Petroleum University, Gandhinagar, Gujarat[10]
  • Pandit Deendayal Upadhyaya Medical College, Rajkot[11]
  • Deen Dayal Upadhyaya Hospital, Shimla, Himachal Pradesh
  • Pandit Deendayal Upadhyaya Park, Indian Space Research Organisation Layout, Bengaluru
  • Pandit Deendayal Flyover, Yeshwanthpur, Bengaluru
  • Pt. Deen Dayal Upadhyay Hospital, Varanasi
  • Pt. Deen Dayal Upadhyay Urja Bhawan, Delhi
  • Pt. Deen Dayal Upadhyay Sanyukt jila Chikitsalay, Bijnor (UP)
  • Pt. Deen Dayal Upadhyay National Academy of Social Security, Janakpuri, Delhi.
  • Pt. Deen Dayal Upadhyay Smriti Manch ( Founder Smt Madhu Sharma )

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • Jaffrelot, Christophe (2007). Hindu Nationalism - A Reader. Princeton University Press. ISBN 0-691-13097-3.