ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান
INdian Statistical Institute
ISI Logo
ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ ল'গ'
মূলমন্ত্ৰ भिन्नेष्वैक्यस्य दर्शनम्
স্থাপিত ১৭ ডিচেম্বৰ ১৯৩১
অধিকৰ্তা বিমল কুমাৰ ৰায়
শৈক্ষিক কৰ্মচাৰী ২৫৫
প্ৰশাসনিক কৰ্মচাৰী ১০০০
শিক্ষাৰ্থী ৩৭৫
স্নাতক শিক্ষাৰ্থী ১১০
স্নাতকোত্তৰ শিক্ষাৰ্থী ২২৫
ডক্টৰেট শিক্ষাৰ্থী ৪০
স্থান কলকাতা, দিল্লী, চেন্নাই, বেংগালুৰু, তেজপুৰ, ভাৰত
চৌহদ চহৰ
উপনাম ISI
ভুক্তি AIU
ৱেবছাইট isical.ac.in

ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই.) হ'ল ১৯৫৯ চনৰ সংসদীয় আইনৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে স্বীকৃতিপ্ৰাপ্ত এটি উচ্চশিক্ষা প্ৰতিষ্ঠান।[1]কলকাতাৰ প্ৰেচিডেন্সি বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা গৱেষণাগৰত প্ৰশান্ত চন্দ্ৰ মহালানবিছৰ তত্ত্বাৱধানত এই প্ৰতিষ্ঠানৰ জন্ম হৈছিল। ১৯৩১ চনত স্থাপিত ভাৰতৰ অন্যতম ঐতিয্যপূৰ্ণ এই চৰকাৰী বিশ্ববিদ্যালয়খন]] পৰিসংখ্যীয় গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম মৰ্যাদাপূৰ্ণ প্ৰতিষ্ঠানবোৰৰ ভিতৰত লেখত ল'বলগীয়া। এই প্ৰতিষ্ঠানৰ প্ৰাৰম্ভিক খ্যাতিৰ বাবে ইয়াক মডেল হিচাপে লৈ নৰ্থ কেৰ'লিনাত প্ৰথমখন US institute of Statistics স্থাপন কৰা হৈছিল।[2]

ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় কলকাতাৰ বৰানগৰত আছে। দিল্লী, বেংগালুৰু, চেন্নাই আৰু তেজপুৰত এই প্ৰতিষ্ঠানৰ চাৰিটা শাখা আছে। ইয়াৰ লগতে মুম্বাই, হায়দৰাবাদ, পুণে, গিৰিড, বদোদৰা আৰু কইম্বটুৰত ইয়াৰ কাৰ্যালয় আছে।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "UNSD Document – The Indian Statistical Institute Act 1959". United Nations Statistics Division. http://unstats.un.org/unsd/dnss/docViewer.aspx?docID=417। আহৰণ কৰা হৈছে: ২৬ আগষ্ট ২০১৫. 
  2. Ghosh, JK (1994). "Mahalanobis and the Art and Science of Statistics: The Early Days". Indian Journal of History of Science খণ্ড 29 (1): 90. 
  3. http://www.isical.ac.in/campus.php