সমললৈ যাওক

ভিক্টৰ এম্ব্ৰ'ছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভিক্টৰ আৰ. এম্ব্ৰ'ছ

জন্ম ১ ডিচেম্বৰ, ১৯৫৩ (৭১ বছৰ)
হেনঅভাৰ, নিউ হেম্পশ্বায়াৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ
ক্ষেত্ৰ জীৱবিজ্ঞান
কৰ্মস্থান এম.আই.টি. চেণ্টাৰ ফৰ কেন্সাৰ ৰিচাৰ্চ (১৯৭৫–১৯৭৬)

মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজি (১৯৭৬–১৯৭৯)
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (১৯৮৫–১৯৯২)
ডাৰ্টমাউথ কলেজ (১৯৯২–২০০১)
ডাৰ্টমাউথ মেডিকেল স্কুল (২০০১–২০০৭)

ইউনিভাৰ্চিটি অৱ মেছাচুচেটছ মেডিকেল স্কুল (২০০৮–)
শিক্ষানুষ্ঠান মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজি, (বিএছ, পিএইচডি)
ডক্তৰেল পৰামৰ্শদাতা ডেভিড বাল্টিমূৰে
জনা যায় মাইক্ৰ'আৰ.এন.এ.ৰ আৱিষ্কাৰ

ভিক্টৰ আৰ. এম্ব্ৰ'ছ (ইংৰাজী: Victor R. Ambros, জন্ম: ১ ডিচেম্বৰ, ১৯৫৩) এগৰাকী আমেৰিকান বিকাশমূলক জীৱবিজ্ঞানী আৰু নোবেল বঁটা বিজয়ী। তেওঁ প্ৰথম জ্ঞাত মাইক্ৰ'আৰ. এন. এ. (miRNA) আৱিষ্কাৰ কৰিছিল। বৰ্তমান তেওঁ ইউনিভাৰ্চিটি অৱ মেছাচুচেটছ মেডিকেল স্কুলৰ অধ্যাপক। তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা স্নাতক আৰু ডক্টৰেট অধ্যয়ন দুয়োটাই সম্পূৰ্ণ কৰিছে। মাইক্ৰ'আৰ.এন.এ.ৰ বিষয়ে গৱেষণাৰ বাবে এম্ব্ৰ'ছে গেৰী ৰুভকুনৰ সৈতে যুটীয়াভাৱে "মাইক্ৰ'আৰএনএ আৱিষ্কাৰ আৰু প্ৰতিলিপি-পৰৱৰ্তী জিন নিয়ন্ত্ৰণত ইয়াৰ ভূমিকাৰ বাবে" ২০২৪ চনৰ শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[1]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৫৩ চনৰ ১ ডিচেম্বৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেম্পশ্বায়াৰৰ হেনঅভাৰত ভিক্টৰ এম্ব্ৰ’ছৰ জন্ম হৈছিল। তেওঁৰ পিতৃ লংগিন পোলেণ্ডৰ যুদ্ধ শৰণাৰ্থী আছিল।[2] ভিক্টৰে ভাৰমণ্টৰ হাৰ্টলেণ্ডৰ এখন সৰু দুগ্ধ পামত আঠটা সন্তানৰ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। উডষ্টক ইউনিয়ন হাইস্কুলত তেওঁ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল।[3] তাৰ পিছত মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা ১৯৭৫ চনত জীৱবিজ্ঞানত বি এছ আৰু ১৯৭৯ চনত নোবেল বিজয়ী ডেভিদ বাল্টিমূৰেৰ তত্ত্বাৱধানত পি এইচ ডি ডিগ্ৰী লাভ কৰে। নোবেল বঁটা বিজয়ী এইচ. ৰবাৰ্ট হৰভিটজৰ লেবত প্ৰথমজন পোষ্ট ডক্টৰেট ফেল' হিচাপে এম্ব্ৰ’ছে এম আই টিত গৱেষণা কৰিছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

এম্ব্ৰ'ছ ১৯৮৪ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অনুষদৰ সদস্য হৈছিল। অৱশ্যে, হাৰ্ভাৰ্ডে মাইক্ৰ'আৰএনএ আৱিষ্কাৰ কৰাৰ অলপ পিছতে এম্ব্ৰ'ছৰ পৰৱৰ্তী কাৰ্যকাল অস্বীকাৰ কৰে।[4] এই বিষয়ে বাল্টিমূৰে পিছত ২০০৮ চনত এইদৰে কৈছিল:

তেওঁলোকে এজন সম্ভাৱ্য নবেল বঁটা বিজয়ীক হেৰুৱাইছিল কিয়নো তেওঁলোকে তেওঁৰ মাজত থকা সম্ভাৱনা দেখা নাছিল... এয়া এক প্ৰাথমিক আৱিষ্কাৰৰ প্ৰকৃতি যে ই পিছলৈ ঘূৰি চালেও প্ৰাথমিক। আপুনি অৱিষ্যত জানিব নোৱাৰে।[4]

এম্ব্ৰ'ছে ১৯৯২ চনত ডাৰ্টমাউথ কলেজৰ অনুষদত যোগদান কৰিছিল। তেওঁ ২০০৮ চনত মেছাচুচেটছ মেডিকেল স্কুল বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিবলৈ যোগদান কৰে আৰু বৰ্তমান তেওঁৰ প্ৰাক্তন ডাৰ্টমাউথ ছাত্ৰ হাৱাৰ্ড স্কট চিলভাৰমেনৰ দ্বাৰা সমৃদ্ধ আণৱিক মেডিচিনৰ কাৰ্যসূচীত চিলভাৰমেন প্ৰফেচাৰ অফ নেচাৰেল চাইন্সেছ আসনত অধিষ্ঠিত।[1][5]

১৯৯৩ চনত এম্ব্ৰ'ছ আৰু তেওঁৰ সহকৰ্মী ৰোজালিণ্ড লী আৰু ৰোণ্ডা ফেইনবাউমে চেল[6] আলোচনীত প্ৰতিবেদন দিছিল যে তেওঁলোকে জীৱ চি. ইলেগানছত একক-আৱদ্ধ অ-প্ৰ'টিন-কোডিং নিয়ামক আৰএনএ অণু আৱিষ্কাৰ কৰিছিল। এই বিষয়ক পূৰ্বৱৰ্তী গৱেষণাৰ ভিতৰত উল্লেখযোগ্য এম্ব্ৰ'ছ আৰু হৰ্ভিটজৰ গৱেষণাই[7][8] প্ৰকাশ কৰিছিল যে লিন-৪ নামৰ জিন এটা চি. ইলেগানছৰ স্বাভাৱিক পলু বিকাশৰ বাবে গুৰুত্বপূৰ্ণ। চি. ইলেগানছ এবিধ ঘূৰণীয়া কৃমি আৰু ইয়াক প্ৰায়ে আদৰ্শ জীৱ হিচাপে অধ্যয়ন কৰা হয়। বিশেষকৈ, কৃমিৰ পলু বিকাশৰ সময়ত প্ৰ'টিন এল.আই.এন.-১৪-ৰ প্ৰগতিশীল দমনৰ বাবে লিন-৪ দায়বদ্ধ আছিল। লিন-৪ কাৰ্যকাৰিতাৰ অভাৱ থকা উৎপৰিৱৰ্তিত কীটবোৰৰ নিৰন্তৰ উচ্চ স্তৰৰ এল.আই.এন.-১৪ আছিল আৰু সিহঁতৰ বিকাশৰ সময়ৰ ত্ৰুটি প্ৰদৰ্শন কৰিছিল।[8]

এম্ব্ৰ’ছ আৰু তেওঁৰ সহযোগীসকলে দেখিলে যে লিন-৪-এ, অভাৱনীয়ভাৱে কোনো নিয়ন্ত্ৰণকাৰী প্ৰ’টিনক সংকেত নিদিয়ে। বৰঞ্চ ইয়াৰ ফলত ২২ আৰু ৬১ নিউক্লিঅ’টাইড দৈৰ্ঘ্যৰ কিছুমান সৰু সৰু আৰ এন এ অণুৰ জন্ম হয়। এই অণুসমূহক এম্ব্ৰ’ছে লিন-৪এছ (চমু) আৰু লিন-৪এল (দীঘল) বুলি উল্লেখ কৰে। ক্ৰম বিশ্লেষণৰ ফলত প্ৰমাণিত হয় যে লিন-৪এছ হৈছে লিন-৪এলৰ অংশ। লিন-৪এলে এটা ষ্টেম-লুপ গঠন গঠন কৰিব বুলি ধাৰণা কৰা হৈছিল। এই ষ্টেম লুপত ৫' বহুত লিন-৪এছ লাগি থাকে। ইয়াৰ উপৰিও এম্ব্ৰ'ছে গেৰী ৰুভকুনৰ সৈতে আৱিষ্কাৰ কৰে যে লিন-৪এছ লিন-১৪ প্ৰটিন সংকেত কৰা বাৰ্তাবাহক আৰ এন এৰ ৩' অনুবাদ নোহোৱা অঞ্চলৰ কেইবাটাও ক্ৰমৰ আংশিকভাৱে পৰিপূৰক।[9] এম্ব্ৰ'ছ আৰু তেওঁৰ সহযোগীসকলে অনুমান কৰিছিল আৰু পিছলৈ নিৰ্ণয় কৰিছিল যে লিন-৪ এ লিন-১৪ অনুলিপিকৰণত এই ক্ৰমসমূহৰ সৈতে লিন-৪এছৰ বান্ধোনৰ জৰিয়তে এক প্ৰকাৰৰ এণ্টিচেন্স আৰ এন এ ব্যৱস্থাত নিয়ন্ত্ৰণ কৰিব পাৰে।[10]

২০০০ চনত আন এটা চি. ইলেগানচ সৰু আৰ.এন.এ. নিয়ামক অণু, লেট-৭ ৰুভকুন পৰীক্ষাগাৰৰ দ্বাৰা চিহ্নিত কৰা হৈছিল[11] আৰু মেৰুদণ্ডী প্ৰাণীকে ধৰি বহুতো প্ৰজাতিৰ কোষত ইয়াক সংৰক্ষিত ৰূপত দেখা গৈছিল।[12] এই আৱিষ্কাৰসমূহে নিশ্চিত কৰিছিল যে এম্ব্ৰ'ছে প্ৰকৃততে সংৰক্ষিত কাৰ্যৰ সৈতে সৰু আৰএনএৰ এটা শ্ৰেণী আৱিষ্কাৰ কৰিছিল আৰু ইয়াক বৰ্তমান মাইক্ৰ'আৰএনএ বুলি জনা যায়।[13]

এম্ব্ৰ'ছ ২০০৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীলৈ নিৰ্বাচিত হৈছিল।[14] তেওঁ ২০১১ চনত আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সেছৰ ফেলো নিৰ্বাচিত হয়।[15] ২০২৪ চনত তেওঁ গেৰী ৰুভকুনৰ সৈতে "মাইক্ৰ'আৰএনএ আৱিষ্কাৰ আৰু প্ৰতিলিপি-পৰৱৰ্তী জিন নিয়ন্ত্ৰণত ইয়াৰ ভূমিকাৰ বাবে" শৰীৰতত্ত্ব আৰু চিকিৎসা বিজ্ঞানৰ নবেল বঁটা লাভ কৰে।[1]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ২০০২: বিজ্ঞানত প্ৰকাশিত আটাইতকৈ উল্লেখযোগ্য গৱেষণা পত্ৰৰ বাবে আমেৰিকান এছ'চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্সৰ নিউকম ক্লিভলেণ্ড বঁটা (ডেভিদ পি. বাৰ্টেল আৰু থমাছ টাছলৰ পৰীক্ষাগাৰৰ সৈতে সহ-প্ৰাপক)'[16]
  • ২০০৪: ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয়ৰ চিকিৎসা গৱেষণাৰ বিশিষ্ট কামৰ বাবে লুইছ এছ ৰ'জেনষ্টিল বঁটা (ক্ৰেগ মেলো, এণ্ড্ৰু ফায়াৰ আৰু গেৰী ৰুভকুনৰ সৈতে সহ-প্ৰাপক)[17]
  • ২০০৬: যোৱা ১৫ বছৰত অসাধাৰণ অৱদানৰ বাবে জেনেটিক্স ছ'চাইটি অৱ আমেৰিকা পদক
  • ২০০৭ চনত নেচনেল একাডেমী অৱ চাইন্সেছলৈ নিৰ্বাচিত হয়[18]
  • ২০০৮: গেইৰ্ডনাৰ ফাউণ্ডেশ্যন আন্তৰ্জাতিক বঁটা (সহ-প্ৰাপক)[19]
  • ২০০৮: দা ফ্ৰেংকলিন ইনষ্টিটিউটৰ জীৱন বিজ্ঞানত বেঞ্জামিন ফ্ৰেংকলিন পদক (গেৰী ৰুভকুন আৰু ডেভিদ বাউলকমৰ সৈতে সহযোগী)
  • ২০০৮: মৌলিক চিকিৎসা গৱেষণাৰ বাবে এলবাৰ্ট লেস্কাৰ বঁটা (গেৰী ৰুভকুন আৰু ডেভিদ বাউলকমৰ সৈতে সহ-প্ৰাপক)
  • ২০০৮: মেছাচুচেটছ জেনেৰেল হস্পিতাল ৱাৰেন ট্ৰাইএনিয়েল বঁটা (গেৰী ৰুভকুনৰ সৈতে সহ-প্ৰাপক)[20]
  • ২০০৯: পিটচবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানত ডিকচন বঁটা[21]
  • ২০০৯: কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা লুইছা গ্ৰছ হৰৱিট্জ বঁটা (গেৰী ৰুভকুনৰ সৈতে সহযোগী)
  • ২০০৯: দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা মেছৰী বঁটা (গেৰী ৰুভকুনৰ সৈতে সহ-প্ৰাপক)
  • ২০১২: জনছন এণ্ড জনছনৰ পৰা জৈৱ চিকিৎসা গৱেষণাৰ বাবে ডাঃ পল জান্সেন বঁটা (গেৰী ৰুভকুনৰ সৈতে সহযোগী)
  • ২০১৩: কেইঅ' বিশ্ববিদ্যালয়ৰ পৰা কেইঅ' চিকিৎসা বিজ্ঞান বঁটা (শ্বিগেকাজু নাগাটাৰ সৈতে সহ-প্ৰাপক)
  • ২০১৪: গ্ৰুবাৰ ফাউণ্ডেশ্যনৰ পৰা জেনেটিক্সত গ্ৰুবাৰ বঁটা (গেৰী ৰুভকুন আৰু ডেভিদ বাউলকমবৰ সৈতে সহ-প্ৰাপক)[15]
  • ২০১৪: উলফ ফাউণ্ডেশ্যনৰ পৰা চিকিৎসা বিজ্ঞানৰ উলফ বঁটা (গেৰী ৰুভকুন আৰু নাহুম ছনেনবাৰ্গৰ সৈতে সহ-প্ৰাপক)[15]
  • ২০১৫: জীৱন বিজ্ঞানত ব্ৰেকথ্ৰু বঁটা[22]
  • ২০১৬: উন্নয়নমূলক জীৱবিজ্ঞানৰ মাৰ্চ অৱ ডাইমছ বঁটা (গেৰী ৰুভকুনৰ সৈতে সহ-প্ৰাপক)[23]
  • ২০২৩: স্কলাৰজিপিএছৰ দ্বাৰা উচ্চ স্থানপ্ৰাপ্ত বিদ্বান[24]
  • ২০২৪: শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা (গেৰী ৰুভকুনৰ সৈতে সহ প্ৰাপক)[1]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "Press release: The Nobel Prize in Physiology or Medicine 2024" (en-US ভাষাত). NobelPrize.org. https://www.nobelprize.org/prizes/medicine/2024/press-release/। আহৰণ কৰা হৈছে: October 7, 2024. 
  2. "Obituary for Longin B. Ambros at Windsor" (en ভাষাত). www.knightfuneralhomes.com. https://www.knightfuneralhomes.com/obituary/2457074. 
  3. Gitschier, Jane (March 5, 2010). "In the Tradition of Science: An Interview with Victor Ambros" (en ভাষাত). PLOS Genetics খণ্ড 6 (3): e1000853. doi:10.1371/journal.pgen.1000853. ISSN 1553-7404. PMID 20221254. 
  4. 4.0 4.1 Cooney, Elizabeth (September 14, 2008). "UMass scientist Ambros wins Lasker Award". Telegram & Gazette. https://www.telegram.com/story/news/local/north/2008/09/14/umass-scientist-ambros-wins-lasker/52268029007/. 
  5. Schwan, Henry. "'Long overdue': UMass Chan celebrates as researcher Victor Ambros wins Nobel Prize". The Worcester Telegram & Gazette. https://eu.telegram.com/story/news/education/2024/10/07/victor-ambrose-researcher-at-umass-medical-school-wins-nobel-prize/75551962007/. 
  6. Lee, R. C.; Feinbaum, R. L.; Ambros, V. (1993). "The C. Elegans heterochronic gene lin-4 encodes small RNAs with antisense complementarity to lin-14". Cell খণ্ড 75 (5): 843–854. doi:10.1016/0092-8674(93)90529-Y. PMID 8252621. 
  7. Chalfie, M.; Horvitz, H. R.; Sulston, J. E. (1981). "Mutations that lead to reiterations in the cell lineages of C. Elegans". Cell খণ্ড 24 (1): 59–69. doi:10.1016/0092-8674(81)90501-8. PMID 7237544. 
  8. 8.0 8.1 Ambros, V. (1989). "A hierarchy of regulatory genes controls a larva-to-adult developmental switch in C. Elegans". Cell খণ্ড 57 (1): 49–57. doi:10.1016/0092-8674(89)90171-2. PMID 2702689. 
  9. Wightman, B.; Ha, I.; Ruvkun, G. (1993). "Posttranscriptional regulation of the heterochronic gene lin-14 by lin-4 mediates temporal pattern formation in C. Elegans". Cell খণ্ড 75 (5): 855–862. doi:10.1016/0092-8674(93)90530-4. PMID 8252622. 
  10. Lee, Rosalind C.; Feinbaum, Rhonda L.; Ambros, Victor (December 1993). "The C. elegans heterochronic gene lin-4 encodes small RNAs with antisense complementarity to lin-14". Cell খণ্ড 75 (5): 843–854. doi:10.1016/0092-8674(93)90529-Y. PMID 8252621. 
  11. Reinhart, B. J.; Slack, F. J.; Basson, M.; Pasquinelli, A. E.; Bettinger, J. C.; Rougvie, A. E.; Horvitz, H. R.; Ruvkun, G. (2000). "The 21-nucleotide let-7 RNA regulates developmental timing in Caenorhabditis elegans". Nature খণ্ড 403 (6772): 901–906. doi:10.1038/35002607. PMID 10706289. 
  12. Pasquinelli, A. E.; Reinhart, B. J.; Slack, F.; Martindale, M. Q.; Kuroda, M. I.; Maller, B.; Hayward, D. C.; Ball, E. E. et al. (2000). "Conservation of the sequence and temporal expression of let-7 heterochronic regulatory RNA". Nature খণ্ড 408 (6808): 86–89. doi:10.1038/35040556. PMID 11081512. 
  13. Bartel, David P. (March 2018). "Metazoan MicroRNAs". Cell খণ্ড 173 (1): 20–51. doi:10.1016/j.cell.2018.03.006. PMID 29570994. 
  14. "Victor R. Ambros – NAS". National Academy of Sciences. https://www.nasonline.org/directory-entry/victor-r-ambros-fhumzl/। আহৰণ কৰা হৈছে: 9 October 2024. 
  15. 15.0 15.1 15.2 "Learn more about Victor Ambros" (en ভাষাত). UMass Chan Medical School. 7 October 2024. https://www.umassmed.edu/news/news-archives/2024/10/learn-more-about-victor-ambros-phd/। আহৰণ কৰা হৈছে: 9 October 2024. 
  16. "Newcomb Cleveland Prize Recipients" (en ভাষাত). AAAS – The World's Largest General Scientific Society. July 5, 2013. Archived from the original on October 23, 2012. https://web.archive.org/web/20121023152927/http://www.aaas.org/aboutaaas/awards/newcomb/newcomb_winners.shtml. 
  17. "Rosenstiel Award Winners". Brandeis University. https://www.brandeis.edu/rosenstiel/rosenstiel-award/past.html। আহৰণ কৰা হৈছে: October 7, 2024. 
  18. "Rosenstiel Award Winners". Brandeis University. https://www.brandeis.edu/rosenstiel/rosenstiel-award/past.html। আহৰণ কৰা হৈছে: October 7, 2024. 
  19. "Victor Ambros - Gairdner Foundation Award Winner". Gairdner Awards for Biomedical Research. https://www.gairdner.org/winner/victor-ambros। আহৰণ কৰা হৈছে: 9 October 2024. 
  20. "Warren Triennial Prize". https://ecor.mgh.harvard.edu/MeetingsEvents/warren-triennial-prize। আহৰণ কৰা হৈছে: 9 October 2024. 
  21. "Victor R. Ambros, PhD | Dickson Prize in Medicine | University of Pittsburgh". The Dickson Prize in Medicine. https://www.dicksonprize.pitt.edu/recipients/2009-ambros.php। আহৰণ কৰা হৈছে: 9 October 2024. 
  22. Fessenden, Jim (November 10, 2014). "Victor Ambros awarded 2015 $3M Breakthrough Prize for co-discovery of microRNAs". University of Massachusetts Medical SchoolUMass med NOW. http://umassmed.edu/news/news-archives/2014/11/victor-ambros-awarded-2015-3m-breakthrough-prize-for-co-discovery-of-micrornas/। আহৰণ কৰা হৈছে: September 6, 2015. 
  23. "Victor Ambros awarded 2016 March of Dimes prize for co-discovery of MicroRNAs". University of Massachusetts Medical School. May 3, 2016. http://www.umassmed.edu/news/news-archives/2016/05/victor-ambros-awarded-2016-march-of-dimes-prize-for-co-discovery-of-micrornas/। আহৰণ কৰা হৈছে: September 9, 2016. 
  24. "ScholarGPS Profile: Victor Ambros". https://scholargps.com/scholars/76340624541044/victor-ambros.