মথুৰা ধৰ্ষণ কাণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মথুৰা ধৰ্ষণ কাণ্ড ১৯৭২ চনৰ ২৬ মাৰ্চত ভাৰতত সংঘটিত হৈছিল, য'ত মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাৰ দেশাইগঞ্জ থানাৰ চৌহদত দুজন আৰক্ষীয়ে মথুৰা নামৰ এগৰাকী জনজাতীয় যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। উচ্চতম ন্যায়ালয়ে অভিযুক্তক দোষমুক্ত কৰাৰ পিছত জনসাধাৰণৰ আন্দোলন আৰু প্ৰতিবাদৰ সৃষ্টি হয়, যাৰ ফলত অৱশেষত ভাৰতীয় ধৰ্ষণ আইনখন The Criminal Law Amendment Act 1983 (No. 43) ৰ জৰিয়তে সংশোধন কৰা হয়।[1][2]

মূল ঘটনাটো[সম্পাদনা কৰক]

মথুৰা এগৰাকী অনাথ জনজাতীয় ছোৱালী আছিল আৰু তেওঁ দুজন ভায়েকৰ এজনৰ লগত বাস কৰিছিল।[3] তেওঁ আছিল এগৰাকী আদিবাসী ছোৱালী। ১৯৭২ চনৰ ২৬ মাৰ্চত এই কাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে, সেই সময়ত তেওঁৰ বয়স আছিল ১৪ৰ পৰা ১৬ বছৰৰ ভিতৰত।[3] মথুৰাই মাজে মাজে নোছি নামৰ এগৰাকী মহিলাৰ ঘৰত ঘৰুৱা সহায়িকা হিচাপে কাম কৰিছিল।[4] তাতে তেওঁক বিয়া কৰাব বিচৰা অশোক নামৰ নোছিৰ ভতিজাকক লগ পায়, কিন্তু ভায়েকে এই সম্পৰ্কত সন্মতি নিদি স্থানীয় থানাত গৈ এজাহাৰ দাখিল কৰে যে, তেওঁৰ নাবালিকা ভগ্নীক অশোক আৰু তেওঁৰ পৰিয়ালৰ লোকে অপহৰণ কৰি লৈ গৈছে। এজাহাৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ বিষয়ববীয়াই অশোক আৰু তেওঁৰ পৰিয়ালৰ লোকক থানালৈ লৈ আহে। সাধাৰণ তদন্তৰ অন্তত মথুৰা, তেওঁৰ ভায়েকৰ লগতে অশোক আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক ঘৰলৈ উভতি যাবলৈ অনুমতি দিয়া হয়। কিন্তু তেওঁলোক যোৱাৰ সময়ত মথুৰাক ৰৈ যাবলৈ কোৱা হয় আৰু তেওঁৰ আত্মীয়ক মথুৰাৰ বাবে বাহিৰত ৰৈ থাকিবলৈ কোৱা হয়।[5] ইয়াৰ পিছতে মথুৰাক ধৰ্ষণ কৰে আৰক্ষী দুজনে।

যেতিয়া তাইৰ আত্মীয় আৰু গোট খোৱা লোকসকলে আৰক্ষী থানাখন জ্বলাই দিয়াৰ ভাবুকি দিছিল, তেতিয়া অভিযুক্ত আৰক্ষী দুজন গণপট আৰু টুকাৰামে অনিচ্ছা সত্ত্বেও পঞ্চনামা (ঘটনাৰ বৈধ তথ্য) দাখিল কৰিবলৈ সন্মত হৈছিল।[6][7]


আইনী প্ৰক্ৰিয়া[সম্পাদনা কৰক]

১৯৭৪ চনৰ ১ জুনত এই গোচৰটো চেছন আদালতত শুনানিৰ বাবে উত্থাপিত হৈছিল। কিন্তু, বিচাৰকৰ ৰায়দানত আচামীসকলক দোষমুক্ত বুলি প্ৰমাণ কৰা হয়। কোৱা হৈছিল যে, মথুৰাৰ ‘যৌন সম্পৰ্কৰ অভ্যাস’ থকাৰ বাবে তেওঁৰ ইচ্ছাকৃত সন্মতিসূচক পৰিস্থিতিত হোৱা কেৱল যৌন সম্পৰ্কহে প্ৰমাণ কৰিব পৰা গ'ল আৰু ধৰ্ষণ নহয়।[6][7]

পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ত কৰা আপীল মৰ্মে নাগপুৰ বিচাৰপীঠয়ে চেছন আদালতৰ ৰায়দান বাতিল কৰে আৰু অভিযুক্তক ক্ৰমে এবছৰ আৰু পাঁচ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। আদালতে ৰায় দিছিল যে, গুৰুতৰ ভাবুকিৰ দ্বাৰা জাপি দিয়া ভয়ৰ বাবে সমৰ্পিত কৰাটোক সন্মতি বা ইচ্ছাকৃত যৌন সম্পৰ্ক বুলি ধৰিব নোৱাৰি।[6]

কিন্তু ১৯৭৯ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত সিং, কৈলাসম আৰু কোশালে টুকাৰাম বনাম মহাৰাষ্ট্ৰ ৰাজ্য সন্দৰ্ভত দিয়া ৰায়দানত উচ্চ ন্যায়ালয়ৰ ৰায়দানক পুনৰ বিশ্লেষণ কৰে আৰু অভিযুক্ত আৰক্ষীক দোষমুক্ত কৰে। উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে, মথুৰাই কোনো আপত্তি প্ৰকাশ কৰা নাছিল; আৰু লগতে তাইৰ শৰীৰত আঘাতৰ কোনো দৃশ্যমান চিন নাছিল, যাৰ ফলত কোনো সংঘৰ্ষ হৈছিল আৰু সেয়েহে ধৰ্ষণ হোৱা নাছিল।[6] বিচাৰকে টোকাত লিখিছিল, "যিহেতু তাই যৌন সম্পৰ্কত অভ্যস্ত আছিল, সেয়েহে তাই হয়তো পুলিচক (কৰ্তব্যৰত সময়ত মদ্যপান কৰি আছিল) তাইৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ উচটনি দিছিল"।[8][9]

পৰিণতি[সম্পাদনা কৰক]

ৰায়দানৰ মাত্ৰ কেইদিনমান পিছতে ১৯৭৯ চনৰ ছেপ্টেম্বৰ মাহত দিল্লী বিশ্ববিদ্যালয়ৰ আইনৰ অধ্যাপক উপেন্দ্ৰ বাক্সী, ৰঘুনাথ কেলকাৰ আৰু লতিকা সৰকাৰ আৰু পুনেৰ বসুধা ধাগমৱাৰে উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ লিখি ৰায়দানত সন্মতিৰ ধাৰণাটোৰ প্ৰতিবাদ কৰিছিল। “সহমতিৰ লগত সন্মতি জড়িত হৈ থাকে, কিন্তু ইয়াৰ বিপৰীতটো সঁচা হ'বই লাগিব বুলি ক'ব নোৱাৰি...কেছৰ তথ্যৰ পৰা যিটো প্ৰতিষ্ঠা কৰা হ’ল, সেয়া মাথোঁ আত্মসমৰ্পণ কৰা, সন্মতি নহয়...বিবাহৰ পূৰ্বে যৌন সম্পৰ্কৰ বিৰুদ্ধে নিষেধাজ্ঞা ইমানেই শক্তিশালী নেকি যে, ভাৰতীয় আৰক্ষীয়ে কণমানি ছোৱালীক ধৰ্ষণ কৰিবলৈ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব পাৰি।" [8] স্বতঃস্ফূৰ্তভাৱে ব্যাপক প্ৰতিবাদ আৰু বিক্ষোভৰ পিছত মহিলা সংগঠনসমূহে বিচাৰৰ পৰ্যালোচনাৰ দাবী জনায় আৰু সংবাদ মাধ্যমত ব্যাপক প্ৰচাৰ লাভ কৰে।[10]

এই ৰায়ৰ প্ৰত্যক্ষ সঁহাৰি হিচাপে দিল্লীত ছাহেলীকে ধৰি কেইবাটাও মহিলা গোট গঠন কৰা হয় আৰু তাৰ আগতে ১৯৮০ চনৰ জানুৱাৰী মাহত লতিকা সৰকাৰে ধৰ্ষণৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমটো নাৰীবাদী গোট "ধৰ্ষণৰ বিৰুদ্ধে মঞ্চ" গঠনৰ কামতো জড়িত আছিল, যি পিছলৈ "মহিলাৰ অত্যাচাৰৰ বিৰুদ্ধে মঞ্চ" (FAOW) নামলৈ সলনি কৰা হয়। FAOW ৰ উদ্যোগত এখন ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছিল, যিয়ে আইনী সংস্কাৰৰ বাবে বিতৰ্ক আৰম্ভ কৰিছিল। মহিলাৰ বিৰুদ্ধে হিংসা আৰু যৌন অপৰাধত ন্যায়িক সহায় বিচৰাৰ অসুবিধাৰ বিষয়সমূহ এই মহিলা আন্দোলনে উজ্জ্বল কৰি তুলিছিল।[11][12][13]

একে প্ৰতিবাদ অনুসৰণ কৰি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত দিল্লী, মুম্বাই, হায়দৰাবাদ, নাগপুৰকে ধৰি বিভিন্ন ৰাজ্যৰ মহিলা ৰাজপথলৈ ওলাই আহিল। মহিলাৰ ওপৰত হোৱা হিংসাত্মক ঘটনাৰ বিষয়ত কাম কৰা ভাৰতৰ প্ৰথম মহিলা সংগঠনৰ প্ৰতিষ্ঠাপক সীমা চাখাৰে মথুৰাক লগ পাইছিল আৰু তেওঁক সমৰ্থন কৰিছিল।[3] কিন্তু আদালতে ৰায় দিয়ে যে, মথুৰাৰ সপক্ষে ৰায় দিবলৈ গোচৰটোত প্ৰত্যাহ্বান জনোৱা (আইনী ষ্টেণ্ডিং) কোনো নাই।[14] অৱশেষত, এই গোচৰৰ পৰিণতিত ভাৰত চৰকাৰে ধৰ্ষণ আইন সংশোধন কৰে।[6][13]

ভাৰতত মহিলা অধিকাৰ আন্দোলনে এই গোচৰটোক এক টাৰ্নিং পইণ্ট হিচাপে লোৱা দেখা যায়, কিয়নো ইয়াৰ ফলত মহিলাৰ আইনী অধিকাৰৰ বিষয়, অত্যাচাৰ আৰু পিতৃতান্ত্ৰিক মানসিকতাৰ প্ৰতি অধিক সজাগতা সৃষ্টি হৈছিল। অতি সোনকালেই সমগ্ৰ ভাৰতবৰ্ষতে কেইবাটাও এনে মহিলা সংগঠন ওলাই আহিল। পূৰ্বতে ধৰ্ষণৰ ভুল বিচাৰ বা দোষমুক্ত হোৱাৰ কথা লক্ষ্য কৰা নাছিল, কিন্তু পিছৰ বছৰবোৰত ধৰ্ষণৰ বিৰুদ্ধে মহিলাৰ আন্দোলনে শক্তি গোটাইছিল আৰু ধৰ্ষণৰ বলি হোৱা লোক আৰু মহিলা অধিকাৰৰ সমৰ্থকসকলক সমৰ্থন কৰা সংগঠনসমূহ চৰ্চালৈ আহিছিল।[11][13][15] এই গোচৰৰ ফলস্বৰূপে ১৯৮৩ চনৰ ফৌজদাৰী আইন সংশোধনী আইন প্ৰণয়ন কৰা হয়। উদাহৰণস্বৰূপে ভাৰতীয় দণ্ডবিধিৰ ২২৮এ ধাৰা এই কাণ্ডৰ বাবেই প্ৰণয়ন কৰা হৈছিল।[16]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Older friends". Mid-day. 13 January 2013. http://www.mid-day.com/columnists/2013/jan/130113-opinion-paromita-vohra-old-er-friends.htm. 
  2. B. Suguna (1 January 2009). Women S Movements. Discovery Publishing House. পৃষ্ঠা. 66–. ISBN 978-81-8356-425-0. https://books.google.com/books?id=mhC2IQ53uQ8C&pg=PA66। আহৰণ কৰা হৈছে: 9 June 2013. 
  3. 3.0 3.1 3.2 Basu, Moni (8 November 2013). "The Girl Whose Rape Changed A Country". CNN. http://edition.cnn.com/interactive/2013/11/world/india-rape/. 
  4. Basu, Moni (8 November 2013). "The Girl Whose Rape Changed A Country". CNN. http://edition.cnn.com/interactive/2013/11/world/india-rape/. 
  5. Maya Majumdar (1 January 2005). Encyclopaedia of Gender Equality Through Women Empowerment. Sarup & Sons. পৃষ্ঠা. 297–. ISBN 978-81-7625-548-6. https://books.goHNVGVNGGVGVGVGVGVGGVGVGVGVGVGVGVGogle.com/books?id=X5aYvBs7iGIC&pg=PA297। আহৰণ কৰা হৈছে: 9 June 2013. [সংযোগবিহীন উৎস]
  6. 6.0 6.1 6.2 6.3 6.4 Indira, Jaising (20 January 1999). "Slamming the doors of justice on women". The Indian Express. http://www.indianexpress.com/Storyold/74290/. 
  7. 7.0 7.1 Kamini Jaiswal (12 October 2008). "Mathura rape case". The Sunday Indian. Archived from the original on 30 May 2013. https://web.archive.org/web/20130530204628/http://www.thesundayindian.com/en/story/mathura-rape-case/7/6489/। আহৰণ কৰা হৈছে: 5 June 2013. 
  8. 8.0 8.1 Khullar, p. 132
  9. "Remember Mathura?". Hindustan Times. 26 December 2012. Archived from the original on 1 July 2013. https://web.archive.org/web/20130701221242/http://www.hindustantimes.com/editorial-views-on/sujataanandan/Remember-Mathura/Article1-981083.aspx. 
  10. Michael T. Kaufman (20 April 1980). "Rape Case Reversal Infuriates Indian Women's Groups; Assaults on Women Reported 'I was Appailed' Class and Sexist Prejudice". The New York Times. https://www.nytimes.com/1980/04/20/archives/rape-case-reversal-infuriates-indian-womens-groups-assaults-on.html. 
  11. 11.0 11.1 Epp, p. 105
  12. "In memoriam: Lotika Sarkar 1923 – 2013". feministsindia.com. 25 February 2013. http://feministsindia.com/in-memoriam-lotika-sarkar-1927-2013/। আহৰণ কৰা হৈছে: 4 June 2013. 
  13. 13.0 13.1 13.2 Gamble, p. 59
  14. Khullar, p. 133
  15. Epp, p. 106
  16. Singh, Shreya; Pandey, Apoorv. "The Identity Dilemma". India Law Journal. https://www.indialawjournal.org/the-identity-dilemma.php। আহৰণ কৰা হৈছে: 24 January 2022.