মনোবিশ্লেষণ
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মনোবিশ্লেষণ বা মনঃসমীক্ষণ হৈছে মনোবিজ্ঞানৰ এক তত্ত্ব। এই তত্ত্বৰ প্ৰভাৱতেই চিকিৎসাবিজ্ঞানত সংযোজিত হৈছিল এক নতুন শাখা; সেয়া হ'ল চিকিৎসা মনোবিজ্ঞান বা মনোৰোগ বিজ্ঞান। মনোবিজ্ঞানৰ পিতৃ আছিল অষ্ট্ৰীয়াৰ ভিয়েনা চহৰৰ শৰীৰবিজ্ঞানী চিগ্মণ্ড ফ্ৰয়েড। ফ্ৰয়েডৰ ওপৰিও মনোবিশ্লষণৰ জগতলৈ অৱদান আগবঢ়াই যোৱা কেইজনমান জগতবিখ্যাত মনোবিদৰ ভিতৰত কাৰ্ল গুষ্টাভ য়ুং, আলফ্ৰেড এডলাৰ, এৰিক এৰিকছন উল্লেখযোগ্য। এই তত্ত্বই কেৱল মনোবিজ্ঞানৰ জগতেই প্ৰভাৱ কৰি ক্ষান্ত থকা নাছিল, ই মানুহৰ মন,সমাজ,সাহিত্য,জীৱনাদৰ্শৰ ওপৰতো গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল। মানুহ নামৰ প্ৰাণীতোৰ সম্পৰ্কে এই তত্ত্বই মানুহক নতুনকৈ ভাবিবলৈ বাধ্য কৰিছিল। এই তত্ত্বই আমাক নতুনকৈ শিকালে যে মানুহ অমৃতৰ সন্তান নহয়, আনকি আগৰ দিনৰ পণ্ডিতসকলে ভাৱি থকাৰ দৰে মানুহ যুক্তিবাদী প্ৰাণীও নহয়। মানুহক প্ৰকৃততে কিছুমান জৈৱিক প্ৰবৃত্তি আৰু আবেগৰ দ্বাৰাহে পৰিচালিত হয়। আৰু আটাতকৈ ডাঙৰ কথাটো হ'ল মানুহ দূৰ-দূৰণিৰ গ্ৰহ-নক্ষত্ৰ চাব জানিলেও মানুহ কিন্তু নিজৰ বেছিভাগ বিষয়তেই অন্ধ হৈ থাকে। মনোবিশ্লেষণে মানুহৰ মনোজগতৰ বহুতো গোপন ৰহস্য আমাৰ আগত দাঙি ধৰিছিল। মানুহৰ মন সম্পৰ্কে আৱিষ্কৃত এই অপ্ৰিয় কিন্তু সত্য যেন লগা কথাবোৰক সেই সময়ৰ বহুতো লোকে মানি লবলৈ টান পাইছিল যদিও এনেবোৰ কথাই জীৱন সম্পৰ্কে উৎসুক নৱপ্ৰজন্মক উল্লাসিতও কৰিছিল। যদিও মনোবিশ্লেষণবাদ প্ৰয়োগিক ক্ষেত্ৰত সফল আৰু সৰ্বগ্ৰহণযোগ্য, তথাপিও ইয়াক বিজ্ঞান বুলি প্ৰমাণ কৰাত বহুতো যৌক্তিক সীমাবদ্ধতা আহি পৰে। এক কথাত কবলৈ গলে মনোবিশ্লেষণ বা ফ্ৰৰেডীয় মনোবিজ্ঞান মানুহৰ অৱচেতন মনৰ এক দাৰ্শনিক অনুমানভিত্তিক অধ্যয়ন। মানসিক ৰোগ নিৰাময়,মনৰ অস্বাভাৱিক ভাৱ-অনুভূতিৰ বিশ্লষণ,সপোন বিশ্লষণ,নাৰী আৰু শিশু মনৰ বিশ্লষণৰ ক্ষেত্ৰত ফ্ৰয়েডীয় মনোবিশ্লষণ আজিও প্ৰভাবশালী আৰু অপ্ৰতিদ্বন্দী।