ময়ূখ হাজৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ময়ুখ হাজৰিকাৰ পৰা পুনঃনিৰ্দেশিত)
ময়ূখ হাজৰিকা
জন্মৰ নাম ময়ূখ হাজৰিকা
জন্ম ১৩ জানুৱাৰী, ১৯৭১ (৫৩ বছৰ)
গুৱাহাটী, অসম, ভাৰত
সংগীতৰ প্ৰকাৰ পপ, সুগম সংগীত
পেচা কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ
বাদ্যযন্ত্ৰ গীটাৰ
কাৰ্যকাল ১৯৮৮ – বৰ্তমান
ৰেকৰ্ড লেবেল ছাৰেগামা


ময়ূখ হাজৰিকা (ইংৰাজী: Mayukh Hazarika; জন্ম ১৩ জানুৱাৰী ১৯৭১) অসমৰ এজন গায়ক তথা গীতিকাৰ আৰু সুৰকাৰ।[1] Mayukh Hazarika and the Brahmaputra Balladeers নামৰ বেণ্ডটোৰ তেওঁ মুখ্য শিল্পী। তেওঁ প্ৰখ্যাত অসমীয়া কণ্ঠশিল্পী যুটী জয়ন্ত হাজৰিকা আৰু মণীষা হাজৰিকাৰ পুত্ৰ আৰু ভূপেন হাজৰিকাৰ ভতিজা।[2][3]

জীৱনী[সম্পাদনা কৰক]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৭১ চনৰ ১৩ জানুৱাৰী তাৰিখে গুৱাহাটীত ময়ূখ হাজৰিকাৰ জন্ম হয়। তেওঁৰ অন্য নাম 'ৰাজা'। পিতৃ-মাতৃ জয়ন্ত হাজৰিকা আৰু মণীষা হাজৰিকাৰ তেওঁ একমাত্ৰ সন্তান। তেওঁৰ ৭ বছৰ বয়সতে দেউতাকৰ মৃত্যু হয়। সৰুৰেপৰাই তেওঁ মাকৰপৰা সংগীতৰ শিক্ষা লাভ কৰে। খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ত তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, ইন্দ'ৰৰপৰা (IIM ইন্দ'ৰ) তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[4]

কৰ্মজীৱন[সম্পাদনা কৰক]

IIM-ৰপৰা উত্তীৰ্ণ হোৱাৰ পাছত হাজৰিকাই ২০০৭ চনত এন ডি টি ভি লাইফষ্টাইলত Head of Camera হিচাপে চাকৰি জীৱন আৰম্ভ কৰে। সমান্তৰালভাৱে তেওঁ মাতৃ মণীষা হাজৰিকা আৰু পত্নী লাইলি দত্ত হাজৰিকাৰ সৈতে ভাৰতৰ বাহিৰে-ভিতৰে বিভিন্ন ঠাইৰ অনুষ্ঠানত গীত পৰিৱেশন কৰি আহিছে।[5][6][7][8][9]

সংগীত জীৱন[সম্পাদনা কৰক]

প্ৰথমে তেওঁ জয়ন্ত হাজৰিকা আৰু ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীতসমূহৰ ক'ভাৰ ভাৰ্চন গাই জনপ্ৰিয়তা লাভ কৰিছিল।[10][11] ২০০৯ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে তেওঁৰ নিজৰ কথা, সুৰ আৰু কণ্ঠৰ প্ৰথমটো এলবাম 'চকুৱে যদি কথা কয়' মুক্তিলাভ কৰে।[12]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

পত্নী লাইলি দত্ত হাজৰিকাৰ সৈতে ময়ূখ হাজৰিকা দিল্লীত বাস কৰে।

গীতৰ এলবাম[সম্পাদনা কৰক]

  • শ্বিলঙৰে গধূলি (২০০২)
  • চকুৱে যদি কথা কয় (২০০৯)
  • মনৰ মৰম (২০১২)
  • Assamese Modern Songs (২০১২)
  • All Time Greats Jayanta Hazarika (২০১২)
  • অনুৰাধা (২০১২)[13]
  • অসমৰ চিৰযুগমীয়া গীত (২০১২)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Mayukh Hazarika - the frontman of the Brahmaputra Balladeers Archived 2015-09-15 at the Wayback Machine, India-north-east.com
  2. Airtel promotes Assam’s singing sensation – Mayukh & Laili Hazarika Eastern Panorama
  3. Relive golden melodies - ‘A Tribute to Assamese Music’ down the ages on Sunday The Telegraph (Calcutta)
  4. Legend Resurrected Archived 2009-10-27 at the Wayback Machine, Bipuljyoti.in
  5. "London tribute to Assamese music legend - Wife, son and daughter-in-law to sing at the Nehru Centre in memory of Jayanta Hazarika". The Telegraph (Calcutta). 13 October 2006. http://www.telegraphindia.com/1061013/asp/northeast/story_6856983.asp। আহৰণ কৰা হৈছে: 20 March 2015. 
  6. "Mayukh-Laili enthrall Assamese in Australia". Times of Assam. 16 May 2012. https://www.timesofassam.com/headlines/mayukh-laili-enthrall-assamese-in-australia। আহৰণ কৰা হৈছে: 19 March 2015. 
  7. "Festival of northeast begins in Delhi". Assam Times. 8 November 2014. http://www.assamtimes.org/node/12288। আহৰণ কৰা হৈছে: 20 March 2015. 
  8. "A celebration of the North East". Deccan Herald. 20 February 2012. http://www.deccanherald.com/content/228691/a-celebration-north-east.html। আহৰণ কৰা হৈছে: 20 March 2015. 
  9. "North East festival in Delhi sends out message of national integration". Asian News International. 18 November 2014. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402151738/http://www.aninews.in/newsdetail2/story192163/north-east-festival-in-delhi-sends-out-message-of-national-integration.html। আহৰণ কৰা হৈছে: 20 March 2015. 
  10. "Maestros honoured thorough performances at this tribute event in Delhi". Times Of India. 26 June 2012. http://timesofindia.indiatimes.com/entertainment/hindi/music/music-events/Maestros-honoured-thorough-performances-at-this-tribute-event-in-Delhi/articleshow/14388197.cms। আহৰণ কৰা হৈছে: 19 March 2015. 
  11. "Bhupenda’s death anniversary at Mumbai". The Assam Tribune. 2 November 2014. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402105128/http://www.assamtribune.com/scripts/detailsnew.asp?id=nov0214/city054। আহৰণ কৰা হৈছে: 20 March 2015. 
  12. "Airtel promotes Assam’s singing sensation – Mayukh Hazarika & Laili Hazarika". Future Sounds. 10 November 2011. http://www.futuresounds.in/airtel-promotes-assams-singing-sensation-mayukh-hazarika-laili-hazarika। আহৰণ কৰা হৈছে: 19 March 2015. 
  13. Anuradha - Mayukh Hazarika, Gaana.com

বাহ্যিক সংযোগ[সম্পাদনা কৰক]