সমললৈ যাওক

মল্লভূম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মল্লভূম ৰাজ্য
৬৯৪ খ্ৰীষ্টাব্দ–১৯৪৭ খ্ৰীষ্টাব্দ
ৰাজধানীলৌগ্ৰাম
প্ৰদ্যুম্নপুৰ
বিষ্ণুপুৰ
ভাষাসংস্কৃত
বাংলা
ধৰ্ম
হিন্দুধৰ্ম
Governmentৰাজতন্ত্ৰ
মহাৰাজ 
 ৬৯৪–৭১০ খ্ৰীষ্টাব্দ
আদি মল্ল
 ১৯৩০–১৯৮৩ খ্ৰীষ্টাব্দ
কালীপদ সিংহ ঠাকুৰ
Historical eraধ্ৰুপদী ভাৰত
মধ্যযুগীয় ভাৰত
আধুনিক যুগৰ আৰম্ভণি
 Established
৬৯৪ খ্ৰীষ্টাব্দ
 Disestablished
২৯ ডিচেম্বৰ ১৯৪৭ খ্ৰীষ্টাব্দ

মল্লভূম বৰ্তমান ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ বাংকুৰা জিলাৰ বিষ্ণুপুৰ চহৰৰ পৰা মল্লবংশৰ দ্বাৰা শাসিত প্ৰাচীন ৰাজ্য।

বিস্তাৰ

[সম্পাদনা কৰক]

বিষ্ণুপুৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলটোক মল্লভূম বুলি কোৱা হৈছিল। বৰ্তমানৰ বাংকুৰা থানাৰ মূল অঞ্চলটো (ছাতনা, ওন্দা, বিষ্ণুপুৰ, কোতুলপুৰ আৰু ইন্দাসৰ বাহিৰে) মল্লভূম ৰাজ্যৰ আছিল। আগতে বিষ্ণুপুৰ ৰাজ্যৰ সম্প্ৰসাৰণ অতি বৃহৎ আছিল। উত্তৰে সন্থাল পৰগনাৰ দামিন-ই-কোহৰ পৰা দক্ষিণে মেদিনীপুৰ জিলালৈকে এই ৰাজ্য বিস্তৃত আছিল। বৰ্ধমান জিলাৰ পূব অংশ আৰু চোটোনাগপুৰ মালভূমিৰ কিছু অংশ এই ৰাজ্যৰ অন্তৰ্গত আছিল।[1]

বিষ্ণুপুৰৰ ৰজাসকলক মল্ল ৰাজা বুলি কোৱা হৈছিল। সংস্কৃতত "মল্ল" শব্দৰ অৰ্থ হ'ল মল্লযুঁজাৰু। কিন্তু এই অঞ্চলৰ মাল জনগোষ্ঠীৰ নামৰ লগত এই নামটো জড়িত হোৱাটো সম্ভৱ।[1]

খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা ব্ৰিটিছ শাসনৰ আৰম্ভণিলৈকে প্ৰায় ১০০০ বছৰৰ বাংকুৰা জিলাৰ ইতিহাস মল্লভূম ৰাজ্যৰ উত্থান-পতনৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত। এই মল্লৰাজাসকলৰ লগত বিপত্তাৰিণী দেৱীৰ কিংবদন্তি জড়িত হৈ আছে।[1][2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]