মহম্মদ নিছাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বেইখ মহম্মদ নিছাৰ
ব্যক্তিগত তথ্য
বেটিং শৈলী সোঁহতীয়া বেট্‌ছমেন
বলিং শৈলী সোঁহতীয়া পে'চ বলাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভৰতীয়
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট প্ৰথম শ্ৰেণী
মুঠ খেল ৯৩
ৰাণ ৫৫ ১১২০
বেটি গড় ৬.৮৭ ১০.৯৮
শতক/অৰ্ধশতক -/- -/-
সৰ্বোচ্চ ৰাণ ১৪ ৪৯
বল ১২১১ -
উইকেট ২৫ ৩৯৬
বলিং গড় ২৮.২৮ ১৭.৭০
এটা ইনিংছত ৫টা উইকেট ৩২
এখন খেলত ১০টা উইকেট -
শ্ৰেষ্ঠ বলিং ৫/৯০ ৬/১৭
কেচ্চ/ষ্টাম্পিং ২/- ৬৫/-
উৎস: [1],

শ্বেইখ মহম্মদ নিছাৰ (ইংৰাজী: Mohammad Nissar; এই শব্দটোৰ বিষয়ে উচ্চাৰণ (জন্ম ১ আগষ্ট ১৯১০, মৃত্যু ১১ মাৰ্চ ১৯৬৩) বিভাজনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ হৈ তথা ব্ৰিটিছ শাসিত ভাৰত আৰু পাকিস্তানৰ ঘৰুৱা দলৰ হৈ খেলা এজন বেগী বলাৰ।[1] হ'চিয়াৰপুৰ, পঞ্জাবত জন্মলাভ কৰা এইজন খেলুৱৈক পূৰ্ব-বিভাজিত ভাৰতৰ সকলোতকৈ বেগী বলাৰ বুলি গণ্য কৰা হৈছিল।[1]

ভাৰতীয় বেট্‌ছমেন আৰু আৰু অধিনায়ক চি কে নাইডুৱে তেওঁৰ লেখাত প্ৰকাশ কৰিছিল যে প্ৰথম স্পেলত নিছাৰৰ বলৰ বেগ ১৯৩২ চনৰ কুখ্যাত বডীলাইন চিৰিজঅষ্ট্ৰেলিয়াক সংকটত পেলোৱা ইংৰাজ বলাৰ হেৰল্ড লাৰউডতকৈ বেছি আছিল।[2]

নিছাৰৰ সৈতে অমৰ সিঙৰ ফাষ্ট বলিং যুটীক ১৯৩০ৰ দশকত বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছিল।

ক্ৰিকেটৰ বাহিৰে তেওঁ এটা ডাঙৰ পাছটুন জনজাতিৰ দলপতি আছিল আৰু লগতে পাকিস্তানৰ সপক্ষে কোৱা নেতা আছিল। তেওঁৰ স্মৃতিকথাত মহম্মদ আলি জিন্না, বাৰ্মাৰ লৰ্ড মাউণ্টবেটেন, আৰু মহাত্মা গান্ধীৰ চিঠি সন্নিবিষ্ট আছে। পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ তেওঁ এজন প্ৰতিষ্ঠাপক আছিল আৰু তেওঁক প্ৰথম পাকিস্তানী ক্ৰিকেটাৰ বুলি গণ্য কৰা হয়।

১৯৪৭ চনত তেওঁ পাকিস্তানলৈ প্ৰবজন কৰে আৰু ১৯৬৩ চনত লাহোৰত মৃত্যুবৰণ কৰে।

খেলুৱৈ জীৱন[সম্পাদনা কৰক]

১৯৩২ চনত ইংলেণ্ড ভ্ৰমণ কৰা ভাৰতীয় ক্ৰিকেট দলটো। পোৰবন্দৰৰ মহাৰাজাই নেতৃত্ব দিয়া এই দলটোত থিয় হৈ চাৰি নম্বৰত নিছাৰক দেখা গৈছে।

১৯৩২ চনত ইংলেণ্ড ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলত নিছাৰক অন্তৰ্ভুক্ত কৰা হৈছিল। এই দলত চি কে নাইডু, ভাতৃদ্বয় ৱাজিৰ আলি আৰু নাজিৰ আলি, অমৰ সিং আদি খেলুৱৈ আছিল। নিছাৰ আছিল ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটত উইকেট দখল কৰা প্ৰথম বলাৰ। ১৯৩২ চনৰ ২৫ জুনত জীৱনৰ প্ৰথমখন টেষ্ট খেলৰ দ্বিতীয় অ'ভাৰৰ প্ৰথম বলতে তেওঁ হাৰ্বাট ছাট্‌ক্লিফক ৩ ৰাণত ব'ল্ড আউট কৰিছিল। তাৰপিছত একে অ'ভাৰৰ পঞ্চম বলত তেওঁ আনজান ইংৰাজ অ'পেনাৰ পাৰ্চী হ'ম্‌ছক ব'ল্ড কৰে।[3] ইয়াৰ মাথোঁ দহদিন আগতে হ'ম্‌ছ আৰু চাট্‌ক্লিফে য়ৰ্কশ্বায়াৰৰ হৈ অ'পেনিং যুটীত ৫৫৫ ৰাণ কৰিছিল।[1] ২৬ অ'ভাৰৰ স্পেলত নিছাৰে ৯৩ ৰাণ খৰছ কৰি পাঁচটা উইকেট দখল কৰে[4] আৰু ইংলেণ্ডৰ দলে ২৫৯ ৰাণত সকলো উইকেট হেৰুৱায়। দ্বিতীয় ইনিংছত নিছাৰে ১৮ অ'ভাৰ বলিং কৰি ৪২ ৰাণত ৱাল্টাৰ ৰবিন্‌ছৰ উইকেট লাভ কৰিছিল। গোটেই মেট্‌ছখনত তেওঁৰ ৪৪ ষ্ট্ৰাইক ৰে'টসহ ১৩৫ ৰাণত ৬টা উইকেট লাভ কৰিছিল।

সেই ভ্ৰমণত খেলা অন্য প্ৰথম শ্ৰেণীৰ মেট্‌ছসমূহত নিছাৰে ১৮.০৯ গড়ে ৭১টা উইকেট লাভ কৰিছিল। ১৯৩৫ চনত জেক ৰাইডাৰৰ নেতৃত্বত অষ্ট্ৰেলিয়ান একাদশে মহাৰাজা "ভিজী" ভিজিয়ানগৰমৰ ভাৰতীয় দলৰ বিৰুদ্ধে খেলিবলৈ ভাৰত ভ্ৰমণ কৰোঁতে নিছাৰে তিনিখন আনুষ্ঠানিক টেষ্টত ১২টা উইকেট আৰু চাৰিখন অনানুষ্ঠানিক টেষ্টত ৩২টা উইকেট দখল কৰিছিল।

খেলুৱৈ জীৱনত মুঠ ছখন টেষ্ট খেলত নিছাৰে ৪৮.৪ ষ্ট্ৰাইক ৰে'টসহ ২৫টা উইকেট লাভ কৰিছিল। ৯৩ খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলত তেওঁ ৩৮.০ ষ্ট্ৰাইক ৰে'টেৰে ৩৯৬টা উইকেট লাভ কৰিছিল।[1]

১৯৩৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে অ'ভেলত মহম্মদ নিছাৰে অন্তিমখন টেষ্ট খেলে। খেলখনত তেওঁ এটা ইনিংছত পাঁচটা উইকেটসহ মুঠ ছটা উইকেট লাভ কৰিছিল।[5]

ঐতিহ্য[সম্পাদনা কৰক]

প্ৰতিবছৰে ছেপ্টেম্বৰ মাহত ভাৰতৰ ৰঞ্জী ট্ৰফীৰ বিজয়ী আৰু পাকিস্তানৰ কাইদ-ই-আজম ট্ৰফীৰ বিজয়ীৰ মাজত "মহম্মদ নিছাৰ ট্ৰফী" অনুষ্ঠিত কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Mohammad Nissar". Espncricinfo.com. http://www.espncricinfo.com/india/content/player/31791.html। আহৰণ কৰা হৈছে: March 25, 2013. 
  2. "Fast bowling legacy: Nissar and Amar Singh". Cricketnetwork.com. June 10, 2003. http://www.cricketnetwork.co.uk/main/s119/st26334.php। আহৰণ কৰা হৈছে: March 25, 2013. 
  3. "England v India 1932". Espncricinfo.com. http://www.espncricinfo.com/wisdenalmanack/content/story/151765.html। আহৰণ কৰা হৈছে: March 25, 2013. 
  4. "Only Test: England v India at Lord's, Jun 25-28, 1932". espncricinfo. http://www.espncricinfo.com/ci/engine/match/62605.html। আহৰণ কৰা হৈছে: 2011-12-18. 
  5. Statsguru, bowling innings list

বাহ্যিক সংযোগ[সম্পাদনা কৰক]