মহীচন্দ্ৰ বৰা
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট গল্পকাৰ মহীচন্দ্ৰ বৰা[১৮৯৪-১৩ জুন ১৯৬৫]৷ তদুপৰি গল্পৰ লগতে তেখেতে কবিতাও ৰচনা কৰিছিল৷ সাহিত্যৰ উপৰিও তেখেত ৰাজনীতিৰ দিশতো সক্ৰিয় আছিল৷ তেখেত আৱাহন যুগৰ এগৰাকী উল্লেখযোগ্য গল্পকাৰ৷ হলিৰাম ডেকা আৰু ত্ৰৈলোক্যনাথ গোস্বামীৰ পিছতে মহীচন্দ্ৰ বৰাই গল্প ৰচনা কৰি আধুনিক অসমীয়া গল্প সাহিত্যৰ ধাৰাটোক বিশেষভাৱে সমৃদ্ধ কৰি তুলিছিল ৷[1]
জন্ম
[সম্পাদনা কৰক]মহীচন্দ্ৰ বৰাৰ জন্ম হৈছিল ১৮৯৪ চনত নগাঁৱ জিলাৰ দেৱ নাৰিকলি গাঁৱত৷ তেখেতৰ পিতৃৰ নাম মলাৰাম বৰা আৰু মাতৃৰ নাম লাহেশ্বৰী বৰা৷[1]
শিক্ষাজীৱন
[সম্পাদনা কৰক]মহীচন্দ্ৰ বৰা শৈশৱৰে পৰাই এগৰাকী মেধাসম্পন্ন ছাত্ৰ আছিল৷ তেখেতে প্ৰাথমিক স্কুল পৰ্যায়তে পৰীক্ষা দি প্ৰাথমিক বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছিল৷ সেই সময়তে প্ৰৱেশিকা পৰীক্ষাত তেখেতে অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল৷ পৰৱৰ্তী সময়ত বি.এ পৰীক্ষাত ডিষ্টিংশ্যনসহ উত্তীৰ্ণ হৈছিল৷ আইনৰ পৰীক্ষাতো বৰাদেৱে প্ৰথম শ্ৰেণী লাভ কৰি কৃতিত্ব লভিবলৈ সক্ষম হৈছিল৷[1]
সাহিত্য কৰ্ম
[সম্পাদনা কৰক]মহীচন্দ্ৰ বৰাই পোনপ্ৰথমে আলোচনী ৰ পাতত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে৷ আলোচনীৰ পাতত লিখা ‘মিতাৰ মৰম’ গল্পটো আছিল তেখেতৰ প্ৰথম গল্প৷ পৰৱৰ্তী সময়ত তেখেতে আৱাহনৰ পাতত গল্প লিখিবলৈ আৰম্ভ কৰে৷ আৱাহনৰ পাতত ‘কাউন্সিল বয়কট’, ছৰ্দাৰ বিল’ আদি কেইবাটাও উল্লেখযোগ্য গল্প লিখি গল্পকাৰ হিচাপে পৰিচিত আৰু প্ৰতিষ্ঠিত হৈ পৰিল৷ তেখেতে ‘ৰামধেনু’ৰ পাততো গল্প লিখিছিল৷ ১৯৫০ চনৰ তৃতীয় বছৰ ষষ্ঠ সংখ্যাৰ ৰামধেনুত তেখেতে ‘নিৰীক্ষণ’ নামৰ এটা গল্প লিখিছিল৷ মৰণোত্তৰভাৱে প্ৰকাশিত তেখেতৰ গল্প সংকলটি হ’ল উকীলৰ জন্ম ৰহস্য[১৯৭০]৷ তেখেতৰ একমাত্ৰ কবিতা সংকলনটিৰ নাম ‘শান্তিশতক’৷[2]
বিশিষ্ট ব্যক্তিৰ মত
[সম্পাদনা কৰক]ড॰ সত্যেন্দ্ৰনাথ শৰ্মা-- “আমোদজনক পৰিস্থিতি আৰু বাকচাতুৰ্যৰ দ্বাৰা ব্যঙ্গ বেছি প্ৰোজ্জ্বল ৷” কৃষ্ণকান্ত সন্দিকৈ-- “দেশৰ কামত আপোনাৰ সময়ৰ নাটনি হৈছে ৷ আপুনি লিখিবলৈ নেৰিব৷ বেজবৰুৱাৰ আসনখন আপুনিহে পূৰাব পাৰিব ৷” ড॰ কবীন ফুকন-- “চল্লিশৰ সংকটৰ কালত গল্প সংখ্যাত হীন হৈ পৰিছিল৷ যুদ্ধৰ সময়ত হলিৰাম ডেকা, মহীচন্দ্ৰ বৰা, ত্ৰৈলোক্যনাথ গোস্বামীৰ কেইটিমান গল্প প্ৰকাশিত হৈছিল৷ ”[3]