মহৰম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
বাহৰেইনত মহৰম উত্‍সৱ উদযাপন কৰা অৱস্থাত কিছুসংখ্যক মুছলিম লোক

মহৰম একেশ্বৰবাদী মুছলমান লোকসকলৰ এটি পৱিত্ৰ পৰ্ব যিটো মুহৰৰম ইছলামিক বৰ্ষপঞ্জিৰ প্ৰথম মাহত পালন কৰা হয়। ই যদিও ছিয়া মুছলমানসকলৰহে পৱিত্ৰ পৰ্ব তথাপিও ইয়াৰ অন্তৰ্নিহিতভাব আৰু অনুভূতিয়ে ইয়াক মুছলমানসকলৰ সৰ্বজনীন পৰ্বত পৰিণত কৰিছে। মহৰম জীৱনদান আৰু আত্মত্যাগৰ এক মহান স্মৃতিপৰ্ব। মুছলমানসকলৰ তীব্ৰ বেদনাৰ স্মৃতি-বিজড়িত মহৰম মাহ অতি পৱিত্ৰ মাহ। এই মাহতেই মহাপুৰুষ হজৰত মহম্মদৰ আবিৰ্ভাৱ হৈছিল। মুছলমানসকলৰ বিশ্বাস যে এই মাহতে সৃষ্টিকৰ্তা ভগৱানে পৃথিৱী সৃষ্টি কৰিছিল। ধৰ্ম্ম প্ৰাণ হোছেনেও এই মাহতেই কাৰাবালা মৰুপ্ৰান্তত অতিশয় কৰুণভাৱে সপৰিয়ালে মৃত্যুবৰণ কৰিছিল; বছৰৰো আদি মাহ মহৰম[1]

মহৰমৰ ইতিহাস[সম্পাদনা কৰক]

মহৰম মুছলমানসকলৰ এটা মহান আৰু পৱিত্ৰ স্মৃতি-পৰ্ব, ই আচলতে ছিয়া সম্প্ৰদায় মুছলমানসকলৰ পৰ্ব যদিও ইয়াৰ বিষাদময়, কৰুণ স্মৃতিয়ে সকলো মুছলমানৰেই সৰ্বজনীন পৰ্বত পৰিণত হৈছে।

‘মহৰম’ মুছলমানৰ এটা মাহৰ নাম। এই মহৰম মাহতেই এই পৰ্ব পালন কৰা হয়; সেইবাবে এই পৰ্বটো মহৰম নামেৰে জনাজাত। ইছলাম ধৰ্ম-প্ৰৱৰ্তক হজৰত মহম্মদৰ নাতি হাচান আৰু হোচেনৰ হিয়া বিদাৰক, মৰ্মন্তুদ মৃত্যুৰ স্মৃতি উপলক্ষে এই পৰ্ব অনুষ্ঠিত হয়।

মহৰম পৰ্বৰ লগত জড়িত শোকাৰ্ত আৰু সকৰুণ কাহিনীটো এনে ধৰণৰ : হজৰত মহম্মদৰ কনিষ্ঠা কন্যা ফাতেমাকহজৰত আলিলৈ বিয়া দিছিল। তেওঁলোকৰ দুটি পুত্ৰ সন্তান হয়; ডাঙৰজনৰ নাম হাচান আৰু সৰুজনৰ নাম হোচেন।

হজৰত আলি মদিনাৰ খলিফা আছিল। খলিফা মানে ইছলাম ধৰ্ম-জগতৰ সৰ্বোচ্চ পদ। ইফালে চিৰিয়াৰ শাসনকৰ্তা মাৰিয়াই হজৰত আলি খলিফা পদত অধিষ্ঠিত হোৱা কাৰণে ভীষণ ঈৰ্ষাপৰায়ণ হৈ বিদ্ৰোহ ঘোষণা কৰে; কিন্তু হজৰত আলি ৰাজধানী কুফা নগৰলৈ যাওঁতে বাটতে গুপ্তঘাতকৰ হাতত মৃত্যুৰ মুখত পৰে। গতিকে কুফাবাসীসকলে হজৰত আলিৰ জ্যেষ্ঠ পুত্ৰ ধৰ্মপ্ৰাণ ইমাম হাচানক মদিনাৰ খলিফা পদত অধিষ্ঠিত কৰে। কিন্তু কুটিল হিংস্ৰ প্ৰকৃতিৰ মাৱিয়াই মদিনাৰ খলিফাপদ লাভ কৰিব নোৱাৰি ঈৰ্ষানলত জ্বলি-পুৰি হাচানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। মাবিয়াৰ দুৰ্দান্ত, নিষ্ঠুৰ আৰু হিংস্ৰ প্ৰকৃতিৰ সৈন্যবিলাকৰ দৌৰাত্মত হাচানৰ ধৰ্মপ্ৰাণ, সৰল সৈন্যবোৰ অস্থিৰ হৈ পৰে। গতিকে বাধ্য হৈ হাচানে মাৰিয়াৰ লগত সন্ধিৰ প্ৰস্তাৰ কৰে। সন্ধিৰ চৰ্ত এনেদৰে হয় যে হাচানে খলিফা পদ ত্যাগ কৰিব আৰু মাৱিয়া খলিফা  হব; কিন্তু মাৱিয়াৰ মৃত্যুৰ পাছত হাচানৰ সৰু ভায়েক হোচেনেহে খলিফা পদ লাভ কৰিব।

ইফালে মাৱিয়াৰ চৰিত্ৰহীন, লম্পট, মহাঅত্যাচাৰী, ধৰ্মহীন পুত্ৰ এজিদে এই চৰ্তত মান্তিহব  নোৱাৰিলে। এজিদৰ কুমন্ত্ৰণাতেই ইমাম হাচানক গোপনে বিহ খুৱাই বধ কৰালে

আনফালে সন্ধিৰ চৰ্তমতে মাৱিয়াই মৃত্যুৰ সময়ত হোচেনক খলিফা পদত অধিষ্ঠিত নকৰি নিজ পুত্ৰ দুৰাচাৰ এজিদকহে অধিষ্ঠিত কৰি থৈ যায়। ফলত মক্কা, মদিনা আৰু কুফাৰ অধিবাসীসকলে মদপী, অত্যাচাৰী আৰু বিশ্বাসঘাতক এজিদ খলিফা হোৱাত সন্তুষ্ট হব নোৱাৰিলে। কাৰণ এজিদ চৰিত্ৰহীন, তদুপৰি খলিফা পদটো উত্তৰাধিকাৰী সূত্ৰে পাব নোৱাৰে; সৰ্বসাধাৰণে নিৰ্বাচিত কৰিব লাগে। গতিকে এজিদৰ লগত হোচেনৰ তীব্ৰ বিৰোধৰ সৃষ্টি হয়।

ইপিনে দুৰ্দান্ত, হিংস্ৰ আৰু নৃশংস এজিদৰ অত্যাচাৰত অতিষ্ঠ হৈ এজিদৰপৰা মুক্তি লাভৰ কাৰণে কুফাৰ অধিবাসীসকলে হোচেনৰ সাহায্য বিচাৰিলে। হোচেনেও কুফাবাসীৰ সাহায্যত এজিদক পৰাভূত কৰাৰ মানসেৰে কিছু সৈন্য-সামন্ত লৈ ল’ৰা-তিৰোতা আদিৰে সৈতে সপৰিয়ালে কুফালৈ যাত্ৰা কৰিলে; কিন্তু তেওঁ আৰু কুফাত উপস্থিত হ’ব নোৱাৰিলে। তেওঁলোকে ইউফ্ৰেটিছ নৈৰ পশ্চিম-পাৰৰ কাৰবালা মৰু-প্ৰান্তৰত উপস্থিত

হোৱাৰ লগে লগে কুফা নগৰত থকা এজিদৰ গৱৰ্ণৰ নৰ-পিশাচ ওবায়দুল্লাই কাৰবালা প্ৰান্তৰত সৈন্য-সমাৱেশ কৰি ইউফ্ৰেটিছ নৈৰ পাৰত তেওঁলোকক অৱৰুদ্ধ কৰিলে।

এফালেপৰিশ্ৰমৰ ক্লান্তি, আনফালে ভোক-পিয়াহতআতুব; তদুপৰি হোচেনৰ পৰিয়ালবৰ্গ আৰু সৈন্য-সামন্তৰ মাজত পানীৰ কাৰণে হাহাকাৰ লাগিল। কাষতে ইউফ্ৰেটিছ নৈ জলৰাশিৰে পৰিপূৰ্ণ; অথচ এটোপা পানী পোৱাৰ উপায় নাই। বহুতে তৃষ্ণাত প্ৰাণ এৰিলে। উপায়হীন হৈ হচেনৰ নিচেই তাকৰীয়া সৈন্যই এজিদৰ বিপুল বাহিনীৰ লগত খুঁজি ছহিদ হবলৈ ধৰিলে।

হোচেনৰ পিয়াহ খোৱা কেঁচুৱা পুতেক আলি আছগৰে মাকৰ বুকুত গাখীৰ নাপাই তৃষ্ণাত আতুৰ হল। কোনো উপায় নেদেখি হোচেনে মুমূৰ্ষু কেঁচুৱাটোক কোলাত লৈ নিজৰ তিতা জিভাখন কেঁচুৱাৰ মুখত দি শত্ৰু সৈন্যৰ মুৰ দুৱাৰ মুখত থিয় হৈ এটোপা পানী খুজিলে। কিন্তু এজন হিংস্ৰ প্ৰকৃতিৰ, নিৰ্মম শত্ৰু-সৈন্যই পানী দিলে—পিতৃৰ কোলাত পিয়াহত আতুৰ হৈ থকা পুত্ৰক এপাট শৰেৰে হত্যা কৰি।

সপোন নে দিঠক হোচেনে ধৰিব নোৱাৰি থৰক বৰককৈ কঁপা হাতেৰে মৃত পুত্ৰৰ ৰক্তাক্ত দেহাটি মাকৰ কোলাত তুলি দিলে। কি হিয়া বিদাৰক, কি মৰ্মন্তুদ সেই দৃশ্য! আনফালে এজিদৰ নৰ-পিশাচ সৈন্যবোৰে পৈশাচিক আনন্দত উন্মত্ত হৈ দানবীয় নৃত্যত মগুল।

হোচেনে অশ্ৰুসিক্ত নয়নেৰে আত্মীয়-স্বজন, বন্ধুবান্ধৱসকলৰ মৃত্যু-যন্ত্ৰণা চাই চাই তেওঁলোকৰ আত্মাৰ সৰ্গতিৰ কাৰণে আল্লাৰ ওচৰত প্ৰাৰ্থনা জনালে। নিজস্ব ৰুগ্ন পুতেক এটা, ছোৱালী এজনী, শোকাতুৰা ঘৈণীয়েক আৰু আধা মৰা হৈ জীয়াই থকা আন আন বন্ধুবান্ধৱসকলক খোদাৰ ওচৰতগতাই দিলে; এনেতেশত্ৰুসৈন্য আহি হোচেনৰ শিৰশ্ছেদ কৰি মূৰটো যাঠিত বিন্ধাই লৈ যায় আৰু পৰিয়ালৰ বাচি থকা কেইজনক বন্দী কৰি এজিদৰ ওচৰলৈ পঠিয়াই দি এজিদ খলিফা পদ নিষ্কণ্টক কৰিলে।

মুছলমানী মাহ মহৰমৰ দহ তাৰিখে কাৰবালাৰ বুকুত এই ঘটনা ঘটিছিল। সেয়েহে প্ৰতি বছৰে এই তিথি অনুসৰি মুছলমানসকলে বিশ্ব ইতিহাসৰ এই কৰুণতম মৰ্মস্পৰ্শী কাহিনীটো স্মৰণ কৰি এই পৰ্বৰ অনুষ্ঠান কৰে। ধৰ্মপ্ৰাণ মুছলমানসকলে এই তিথিৰ দিনা দিনত একোকে নাখায়। কোৰান আৰু নামাজ পঢ়ি কাৰবালাৰ ছহিদসকলৰ আত্মাৰ সদ্‌গতিৰ কাৰণে আল্লাৰ ওচৰত প্ৰাৰ্থনা জনায়।

ছিয়া সম্প্ৰদায়ৰ মুছলমানসকলে সেই দিনা কবৰৰ আকৃতিত কাগজ আদিবে ৰং-বেৰঙৰ তাজিয়া সাজি ‘হায় হোচেন, হায় হোচেন’ বুলি বুকুত চপৰিয়াই চপৰিয়াই শোকৰ গীত গাই বিলাপ কৰে। কাৰবালাৰ যুদ্ধৰ অনুকৰণত লাঠি, তৰোৱাল আদিৰে যুদ্ধাভিনয় দেখুৱাই সমদল উলিয়ায়

মহৰম পৰ্ব জগৎবাসীৰ আগত হোচেনৰ ন্যায়, সত্য আৰু ধৰ্মৰ কাৰণে আত্মত্যাগৰ এক মহান আদৰ্শ সমগ্ৰ মানৱ জাতিয়ে হোচেনৰ এই মহান আদৰ্শদ্বাৰা অনুপ্ৰাণিত হৈ পৃথিৱীৰ কলুষকালিমা,জ্বালা-যন্ত্ৰণা আঁতৰাই সত্য আৰু ধৰ্মৰ কাৰণে আত্মত্যাগ কৰিলেহে কাৰবালাৰ ছহিকলৰ আত্মাই তৃপ্তি পাব।

চিত্ৰবিথিকা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ধৰ্ম্ম সিংহ ডেকাৰ দ্বাৰা লিখিত 'ৰচনা বিচিত্ৰা' নামৰ পুথিৰ 'মহৰম' নামৰ প্ৰবন্ধ (পৃষ্ঠা নং ২৫৪)