মুহাম্মাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(হজৰত মহম্মদৰ পৰা পুনঃনিৰ্দেশিত)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ইছলামৰ নবী
মুহাম্মাদ
(চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম)[1]

আৰবী কেলিগ্ৰাফিত লিখিত
মুহাম্মাদ (ছাঃ)-ৰ নাম
জন্ম মুহাম্মাদ ইবনে আব্দুল্লাহ
২৯ আগষ্ট, ৫৭০[2]
মক্কা, আৰৱ (বৰ্তমানৰ মক্কা, মক্কা প্ৰদেশ, চৌদি আৰৱ)
মৃত্যু ৮ জুন, ৬৩২ (৬২ বছৰ)
ইয়াছৰিব (মদিনা), আৰৱ (বৰ্তমানৰ মদিনা, হেজাজ, চৌদি আৰৱ)
মৃত্যুৰ কাৰণ অসুস্থতা (প্ৰবল জ্বৰ)
সমাধিস্থল মছজিদে নববীৰ সেউজীয়া গম্বুজৰ তলৰ সমাধিক্ষেত্ৰ, স্থান :মদিনা, চৌদি আৰৱ
স্থানাংক: 24°28′03.22″N 039°36′41.18″E / 24.4675611°N 39.6114389°E / 24.4675611; 39.6114389 (Green Dome)
অন্য নাম আহমাদ, আবুল কাছিম, আল আমিন (ৰাছুল, নবী)
বংশদ্ভূত আৰৱ
ধৰ্ম ইছলাম
দাম্পত্যসঙ্গী খাদিজা বিনতু খুওয়াইলিদ (ৰাঃ) (৫৯৫-৬১৯)
ছাওদা বিনতু জামা (ৰাঃ) (৬১৯-৬৩২)
আয়িশ্বা (ৰাঃ) (৬১৯-৬৩২)
হাফছা বিনতে উমৰ (ৰাঃ) (৬২৪-৬৩২)
জয়নব বিনতে খুযায়মা (ৰাঃ) (৬২৫-৬২৭)
উম্মে ছালামা হিন্দ বিনতু আবি উমাইয়া (ৰাঃ) (৬২৯-৬৩২)
জয়নব বিনতে জাহশ্ব( (৬২৭-৬৩২)
জুওয়াইৰিয়া বিনতে আল-হাৰিস (ৰাঃ) (৬২৮-৬৩২)
ৰামালাহ বিনতে আবি-ছুফিয়ান (ৰাঃ) (৬২৮-৬৩২)
ৰায়হানা বিনতে জায়েদ (ৰাঃ) (৬২৯-৬৩১)
ছাফিয়া বিনতে হুওয়াই (ৰাঃ) (৬২৯-৬৩২)
মাইমুনা বিনতে আল-হাৰিছ (ৰাঃ) (৬৩০-৬৩২)
মাৰিয়া আল-কিবতিয়া (ৰাঃ) (৬৩০-৬৩২)
পিতৃ-মাতৃ পিতৃ: আব্দুল্লাহ ইবনে আব্দুল মুত্তালিব
মাতৃ: আমিনা
সন্তান পুত্ৰসকল: কাছিম, আব্দুল্লাহ, ইব্ৰাহিম
কন্যাসকল: জয়নব, ৰুকাইয়াহ, উম্মে কুলছুম, ফাতিমা
আত্মীয়-স্বজন আলী, উমৰ, আবু বকৰ, আবু ছুফিয়ান
স্বাক্ষৰ
টোকা
ওপৰৰ ফটোখনত মিচৰৰ মুকাউকিছক লিখিত চিঠিত মুহাম্মাদ (ছাঃ)-ৰ গোলাকাৰ চীলমোহৰ দেখা গৈছে (১৯০৪ চনত অঙ্কিত মূল চিঠিৰ অনুলিপন)[3]

মুহাম্মাদ[4] (২৯ আগষ্ট ৫৭০[2] – ৮ জুন ৬৩২;[5] মোহাম্মাদ আৰু মহম্মদ নামেও পৰিচিত; সম্পূৰ্ণ নাম: আবু আল-কাশ্বিম মুহাম্মাদ ইবনে আব্দুল্লাহ ইবনে আব্দল মুত্তালিব ইবনে হাশ্বিম) হ'ল ইছলাম ধৰ্মৰ কেন্দ্ৰীয় ব্যক্তিত্ব আৰু ইছলমী বিশ্বাসমতে আল্লাহ (ইছলাম ধৰ্মত ঈশ্বৰ)ৰ দ্বাৰা প্ৰেৰিত সৰ্ৱশেষ নবী[6][n 1][n 2] তথা "বাৰ্তাবাহক" (আৰ-ৰাছুল) যাৰ ওপৰত ইছলামৰ প্ৰধান ধৰ্মগ্ৰন্থ আল-কোৰআন অৱতীৰ্ণ হৈছে। অমুছলিম সকলৰ মতে তেখেত ইছলামী জীৱন ব্যৱস্থাৰ প্ৰৱৰ্তক।[7] অধিকাংশ ইতিহাসবিদ আৰু বিশেষজ্ঞ সকলৰ মতে[8][9] মুহাম্মাদ (ছাঃ) আছিল পৃথিৱীৰ ইতিহাসৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় নেতা।[10][11][12][13][14] তেখেতৰ এই বিশেষত্বৰ অন্যতম কাৰণ হৈছে আধ্যাত্মিক আৰু জাগতিক উভয় জগতেই চূড়ান্ত সফলতা অৰ্জন। তেখেত ধৰ্মীয় জীৱনত যেনেকৈ সফল তেনেকৈৱেই ৰাজনৈতিক জীৱনতো। সমগ্ৰ আৰৱ বিশ্বৰ জাগৰণৰ পথিকৃৎ হিচাপে তেখেত অগ্ৰগণ্য;[15] বিবদমান আৰৱ জনতাক একীভূতকৰণ তেখেতৰ জীৱনৰ অন্যতম সফলতা।[16][17]

মুহাম্মাদ (ছাঃ)-ৰ জন্মৰ পূৰ্ৱৰ আৰৱৰ অৱস্থা[সম্পাদনা কৰক]

৬০০ শতক ইছলামৰ উত্থানৰ পূৰ্ৱমুহূৰ্তত আৰৱ উপদ্বীপ, বাইজাণ্টাইন আৰু ছাছানীয়-পাৰস্য সাম্ৰাজ্য।

তৎকালীন আৰৱ অৰ্থনীতিৰ মূল ভিত্তি আছিল ব্যৱসায় আৰু পশুপালন। নোমেডীয় অঞ্চলৰ সৈতে তেতিয়া বাণিজ্য যোগাযোগ আচল। আৰৱ বুলিলে ইয়াত মক্কা, মদিনা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহক লৈ গঢ়ি উঠা অংশক বুজোৱা হৈছে, এই অংশৰ সৈতেই মুহাম্মাদৰ জীৱনৰ সাক্ষাৎ সম্পৃক্ততা আছিল।

মুহাম্মাদ (ছাঃ)-ৰ জীৱনৰ ওপৰত তথ্যসূত্ৰ[সম্পাদনা কৰক]

মুহাম্মাদ (ছাঃ)-ৰ ওপৰত বহুত জীৱনীকাৰে জীৱনীগ্ৰন্থ লিখিছে। তেখেতৰ জীৱনীগ্ৰন্থক সাধাৰণভাৱে "ছিৰাত" গ্ৰন্থ বোলে। মুহাম্মাদ (ছাঃ)-ৰ মৃত্যুৰ পিছৰ পৰা বহুত মুছলিম আৰু অমুছলিমে তেখেতৰ জীৱনীগ্ৰন্থ লিখিছে। ইয়াৰ মাজত উল্লেখযোগ্য হ'ল ইবনে ইছহাকৰ ৰচিত মুহাম্মাদ (ছাঃ)-ৰ সৰ্বাধিক প্ৰাচীনতম নিৰ্ভৰযোগ্য জীৱনী সংকলন ছিৰাতে ইবনে ইছহাক (যিটো বহুতৰ মতে বৰ্তমান প্ৰায় বিলুপ্ত) আৰু তাৰ পৰা সম্পাদিত ছিৰাতে ইবনে হিশ্বাম,[18] আল তাবাৰিৰ ৰচিত "ছিৰাতে ৰাছুলুল্লাহ",[19] ইবনে কাছিৰৰ ৰচিত "আল-ছিৰাত আল-নববিয়িত", মাৰ্টিন লিংচৰ "মুহাম্মদ : হিজ লাইফ বেজড অন দ্য আৰ্লিয়েষ্ট চোৰ্চেচ", ক্যাৰেণ আৰ্মষ্ট্ৰংৰ ৰচিত "মুহাম্মদ : এ বায়োগ্ৰাফি অব দ্য প্ৰফেট" আৰু "মুহাম্মদ : এ প্ৰফেট অব আওয়াৰ টাইম", মাৰ্মাডিউক পিকথালৰ ৰচীত "আল আমিন : এ বায়োগ্ৰাফি অব প্ৰফেট মুহাম্মদ", সাম্প্ৰতিকঁকালত ৰচিত আৰ-ৰহিকুল মাখতুম, বঙালী ভাষাত গোলাম মোস্তফাৰ ৰচিত বিশ্বনবী, এয়াকুব আলী চৌধুৰীনুৰনবী, মওলানা আকৰম খানৰ ৰচিত মুস্তাফা চৰিত প্ৰভৃতি।

আৰু এটা উল্লেখযোগ্য তথ্যসূত্ৰ হ'ল হাদিছ সংকলন, মুহাম্মাদ (ছাঃ)-ৰ মৌখিক আৰু কাৰ্যগত শিক্ষা আৰু ঐতিহ্য। মুহাম্মাদ (ছাঃ)-ৰ মৃত্যুৰ পাছত বিভিন্ন উল্লেখযোগ্য ব্যক্তিয়ে বহু প্ৰজন্মব্যাপী হাদীছ সংকলন কৰিছে। সিহঁতৰ ভিতৰত অন্যতম হ'ল মুহাম্মাদ আল বুখাৰী, মুহাম্মাদ ইবনে ইছা আত-তিৰমিজি প্ৰভৃতি।[20]

কিছু পাশ্চাত্য শিক্ষাবিদেও হাদিছ সংকলনক সম্পূৰ্ণ নিৰ্ভুল ঐতিহাসিক তথ্যসূত্ৰ বুলি ভাবে।[20] আকৌ ম্যাডেল্যাঙৰ নিচিনা পণ্ডিতসকলে পৰৱৰ্তী যুগত সংগৃহীত হাদিছৰ বিবৃতিক প্ৰত্যাখ্যান নকৰিলেও সেইসমূহ ঐতিহাসিক পৰিস্থিতি সাপেক্ষে আৰু প্ৰসঙ্গ ও ব্যক্তিৰ সৈতে সামঞ্জস্যৰ ভিত্তিত বিচাৰ কৰি থাকে।[21]

ইছলামী চৰিতাভিধান অনুসৰি জীৱনী[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

মুহাম্মাদ (ছাঃ)য়ে বৰ্তমান চৌদি আৰৱত অৱস্থিত মক্কা নগৰীৰ কুৰাইশ্ব বংশৰ বনু হাশ্বিম গোত্ৰত জন্ম গ্ৰহণ কৰিছিল[22][23]। প্ৰচলিত ধাৰণা মতে, তেখেত ৫৭০ খ্ৰীষ্টাব্দৰ ২৯ আগষ্ট বা আৰবী ৰবিউল আউয়াল মাহৰ ১২ তাৰিখে জন্মগ্ৰহণ কৰিছিল।[24]। প্ৰখ্যাত ইতিহাসবিদ মণ্টগোমাৰি ওয়াটএ তেওঁৰ কিতাপত ৫৭০ চন বুলি উল্লেখ কৰিছে; কিন্তু প্ৰকৃত তাৰিখ উদঘাটন সম্ভৱপৰ হোৱা নাই। ইয়াৰ উপৰিও মুহাম্মাদে (ছাঃ) নিজে কোনো মন্তব্য কৰিছে বুলি নিৰ্ভৰযোগ্য কোনো প্ৰমাণ পোৱা যোৱা নাই; সেয়েহেই এইটোক লৈ ব্যাপক মতবিৰোধ আছে। আনকি মাহক লৈও ব্যাপক মতবিৰোধ পোৱা যায়। যেনেকৈ, এটা বৰ্ণনাত এইটো ৫৭১ চনৰ ৯ ৰবিউল আউয়াল এপ্ৰিল ২৬ হ'ব; চাইয়েদ ছোলাইমান নদভী, চালমান মনসুৰপুৰী আৰু মোহাম্মদ পাশ্বা ফালাকিৰ গৱেষণাত এই তথ্য ওলাই আহিছে। কিন্তু তেখেতৰ জন্মৰ বছৰতেই হস্তী যুদ্ধৰ ঘটনা ঘটিছিল[25][26] আৰু সেই সময়ত সম্ৰাট নৰশ্বেৰওয়াৰ সিংহাসনত আৰোহণৰ ৪০ বছৰ পূৰ্ণ হৈছিল ইয়াক লৈ কাৰোৰ মাজত দ্বিমত নাই।

শৈশৱ আৰু কৈশোৰ কাল[সম্পাদনা কৰক]

মুহাম্মাদ (ছাঃ)-ৰ পিতা আব্দল্লাহ ইবনে আব্দল মুত্তালিব তেওঁৰ জন্মৰ প্ৰায় ছয় মাহ পূৰ্ৱতেই মৃত্যুবৰণ কৰে[27]। তৎকালীন আৰৱৰ ৰীতি আছিল যে সিহঁতে মৰুভূমিৰ মুক্ত জলবায়ুত বাঢ়ি উঠাৰ মাধ্যমেৰে সন্তানসকলৰ সুস্থ দেহ আৰু সুঠাম গঠন সৃষ্টিৰ বাবে জন্মৰ পিছতেই গাখীৰ পান কৰোৱাবৰ বাবে নিয়োজিত বেদুইন মহিলাসকলৰ ওচৰত দি দিয়া হৈছিল আৰু নিৰ্দিষ্ট সময়ৰ পাছত আকৌ ঘূৰাই লোৱা হৈছিল[28]। এই ৰীতি অনুসৰি হজৰত মুহাম্মাদ (ছাঃ) কো হালিমা বিনতে আবু জুয়াইবেৰ (অন্য নাম হালিমা ছাদিয়া) হাতত দি দিয়া হয়[29]। এই শিশুক ঘৰলৈ অনাৰ পাছত দেখা যায় হালিমাৰ সচ্ছলতা ঘূৰি আহে আৰু সিহঁতে শিশুপুত্ৰক সঠিকভাৱে লালন-পালন কৰিবলৈ সমৰ্থ হয়। তেতিয়াৰ এটি ঘটনা উল্লেখযোগ্যঃ শিশু মুহাম্মাদ (ছাঃ)এ কেৱল হালিমাৰ এটা স্তনেই পান কৰিছিল আৰু অন্যটো তেওঁৰ অন্য দুধভাইৰ(হালিমাৰ নিজৰ সন্তানৰ) বাবে ৰাখি দিছিল। দুই বছৰ লালন-পালনৰ পাছত হালিমাই শিশু মুহাম্মাদ (ছাঃ) ক আমিনাৰ ওচৰলৈ ওভতাই দিয়ে। কিন্তু ইয়াৰ পিছতেই মক্কাত মহামাৰীয়ে দেখা দিয়ে আৰু শিশু মুহাম্মাদ (ছাঃ) ক হালিমাৰ ওচৰলৈ ঘূৰাই দিয়া হয়। হালিমাও শিশুটিক ঘূৰাই পাবলৈ বিছাৰিছিল। ফলত তেখেতৰ আশাও পূৰ্ণ হ'ল। ইছলামী বিশ্বাসমতে ইয়াৰ কেইদিনমান পাছতেই এটা অলৌকিক ঘটনা ঘটে - এদিনখন শিশু নবীৰ বুকু ফালি কলিজাৰ এটি অংশ বাহিৰ কৰি সেয়া জমজম কোৱাৰ পানিৰে ধুই আকৌ যথাস্থানে স্থাপন কৰি দিয়ে ফৰিষ্টা জিব্ৰাইল আৰু ফৰিষ্টা মিকাইলে। এই ঘটনাটো ইছলামৰ ইতিহাসত বক্ষ বিদাৰণৰ ঘটনা হিচাপে খ্যাত।

এই ঘটনাৰ পিছতেই হালিমাই মুহাম্মাদ (ছাঃ) ক মাক আমিনাৰ ওচৰলৈ ওভতাই দিয়ে। ছয় বছৰ বয়স পূৰ্ণ হোৱালৈকে তেওঁ মাৰ লগতেই কটায়। এই সময়ত এদিন লৰাক লগতলৈ মদিনাতলৈ যাবৰ বাবে মাক আমিনাৰ ইচ্ছা হয়। সম্ভৱত কোনো আত্মীয়ৰ লগত দেখা কৰা আৰু স্বামীৰ কবৰ জিয়াৰত কৰাই ইয়াৰ কাৰণ আছিল। মা আমিনা, লৰা, শশুৰ আৰু সঙ্গী উম্মে আয়মনক লৈ ৫০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি মদিনাত উপস্থিত হয়। তেখেত মদিনাত একমাহ সময় অতিবাহিত কৰে। একমাহৰ পাছত মক্কালৈ ওভতাৰ পথত আৰওয়া নামৰ স্থানত আহি তেখেত গুৰুতৰ অসুস্থ হৈ পৰে আৰু সেই ঠাইতেই মৃত্যুবৰণ কৰে[29][30]। মাতাৰ মৃত্যুৰ পাছত ককা আব্দল মুত্তালিবয়ে শিশু মুহাম্মাদক লৈ মক্কাত আহে। ইয়াৰ পাছৰ পৰাই ককায়েকেই হজৰত মুহাম্মাদ (ছাঃ)ক দেখাশোনা কৰি থাকে[26][29]। মুহাম্মদ (ছাঃ)-ৰ বয়স যেতিয়া ৮ বছৰ ২ মাহ১০ দিন আছিল তেতিয়া তেওঁৰ ককায়েকৰো মৃত্যু হয়। মৃত্যুৰ আগতে তেখেতে তেখেতৰ পুত্ৰ আবু তালিবক মুহাম্মাদ (ছাঃ)-ৰ দায়িত্ব দি যায়।

আবু তালিব ব্যৱসায়ী আছিল আৰু আৱবসকলৰ নিয়ম অনুযায়ী বছৰত এবাৰকৈ চিৰিয়ালৈ ছফৰ সূত্ৰে গৈছিল। মুহাম্মাদ (ছাঃ)-ৰ বয়স যেতিয়া ১২ বছৰ আছিল তেতিয়া তেওঁ খুড়াৰ সৈতে চিৰিয়ালৈ যোৱাৰ বাবে বায়না(জোৰকৈ ধৰিলে। প্ৰগাঢ় মমতাৰ কাৰণে আবু তালিবে নিষেধ কৰিব নোৱাৰিলে। যাত্ৰাপথত বছৰালৈ উপস্থিত হোৱাৰ পাছত কাফেলাসহ আবু তালিবে তান্বু পেলালে(অস্থায়ী বাসস্থান)। সেই সময়ত আৰৱ উপদ্বীপৰ ৰোম অধিকৃত ৰাজ্যৰ ৰাজধানী বছৰা বহুত দিশৰ পৰা অন্যতম আছিল। কথিত আছে, চহৰটোত জাৰজিছ নামৰ এজন খ্ৰীষ্টান পাদ্ৰি আছিল; যিজন বুহাইৰা বা বহিৰা নামেৰে অধিক পৰিচিত আছিল। তেখেত তেখেতৰ গিৰ্জাৰ পৰা বাহিৰলৈ আহি কাফেলাৰ মুছাফিৰ সকললৈ মেহমানদাৰী কৰে। এই সময়ত তেখেতে বালক মুহাম্মাদ (ছাঃ) ক দেখি শেষ নবী হিচাপে চিহ্নিত কৰে[31]। ফিজাৰৰ যুদ্ধ যেতিয়া আৰম্ভ হয় তেতিয়া নবীৰ বয়স ১৫ বছৰ আছিল। এই যুদ্ধত তেওঁ স্বয়ং অংশগ্ৰহণ কৰে। যুদ্ধৰ নিৰ্মমতাত তেওঁ অত্যন্ত ব্যথিত হয়। কিন্তু তেওঁ একোৱেই কৰিব পৰা নাছিল। সেই সময়ৰ পৰাই তেওঁ কিবা এটা কৰাৰ চিন্তাভাবনা আৰম্ভ কৰে। তেওঁৰ উত্তম চৰিত্ৰ আৰু সদাচৰণৰ কাৰণে পৰিচিত মহলৰ সকলোৱেই তেওঁক "আল-আমিন" (আৰবী : الامين, অৰ্থ : "বিশ্বস্ত, বিশ্বাসযোগ্য, আস্থাভাজন") "আছ-ছাদিক" (অৰ্থ : "সত্যবাদীl") বুলি সম্বোধন কৰিছিল।[8][23][32][33]

নবুওৱত-পূৰ্ৱ জীৱন[সম্পাদনা কৰক]

ইছলাম ধৰ্ম প্ৰচাৰৰ প্ৰাথমিক অৱস্থাত আৰৱৰ মানচিত্ৰ

আৰৱ সকলৰ মাজত বিদ্যমান হিংস্ৰতা, খেয়ানতপ্ৰৱণতা আৰু প্ৰতিশোধস্পৃহা দমনৰ বাবেই হিলফুল ফুজুল নামৰ এটি সংগঠন প্ৰতিষ্ঠিত হয়। মুহাম্মাদ (ছাঃ) ইয়াত যোগদান কৰে আৰু এই সংঘক আগুৱাই লৈ যাৱলৈ তেওঁ বিৰাট ভূমিকা ৰাখে। বিভিন্ন সূত্ৰৰ পৰা জনা যায় তৰুণ বয়সত মুহাম্মাদ (ছাঃ)-ৰ তেনেকোৱা কোনো উপাৰ্জন নাছিল। কিন্তু তেওঁ বকৰি(ছাগলী) পুহিছিল বুলি বহুতেই উল্লেখ কৰি। সাধাৰণতে তেওঁ যে বকৰিবোৰ পুহিছিল সেইবোৰ আছিল বনি ছা'দ গোত্ৰৰ। কেই কিৰাত পাৰিশ্ৰমিকৰ বিনিময়ত তেওঁ মক্কাত বসবাস কৰা বিভিন্ন ব্যক্তিৰ বকৰিও পুহি দিছিল। ইয়াৰ পাছত তেওঁ ব্যৱসায় আৰম্ভ কৰে। খুব কম সময়ৰ মাজতেই এইকামত তেওঁ ব্যাপক সফলতা লাভ কৰে। ব্যৱসায় উপলক্ষে তেওঁ চিৰিয়া, বচৰা, বাহৰেইন আৰু য়েমেনলৈ কেইবাবাৰো ভ্ৰমণ কৰে। মুহাম্মাদ (ছাঃ)-ৰ সুখ্যাতি যেতিয়া চাৰিওফালে বিয়পি পৰে তেতিয়া খাদিজা বিনতে খুওয়াইলিদে (ৰাঃ) সেয়া অৱহিত হৈ তেওঁক নিজৰ ব্যৱসায়ৰ বাবে ছজৰলৈ যোৱাৰ অনুৰোধ জনায়। মুহাম্মাদ (ছাঃ)এ সেই প্ৰস্তাৱ গ্ৰহণ আৰু খাদিজাৰ পণ্য লৈ চিৰিয়াৰ অন্তৰ্খত বছৰা লৈকে যায়।

খাদিজা (ৰাঃ)এ মাইছাৰৰ মুখত মুহাম্মাদ (ছাঃ)-ৰ সততা আৰু ন্যায়পৰায়ণতাৰ ভূয়সী প্ৰশংশা শুনি অভিভূত হয়। ইয়াৰ বাহিৰেও ব্যৱসায়ৰ সফলতা দেখি তেখেতে তেওঁৰ যোগ্যতা সম্বন্ধেও অৱহিত হয়। এক পৰ্যায়ত তেখেতে মুহাম্মাদ (ছাঃ)ক বিবাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেখেতে স্বীয় বান্ধৱী নাফিছা বিনতে মুনব্বিহৰৰ ওচৰত বিয়াৰ ব্যাপাৰে তেখেতৰ মনৰ কথা ব্যক্ত কৰে। নাফিছাৰ পৰা শুনি মুহাম্মাদ (ছাঃ)এ কয় যে তেওঁ তেওঁৰ অভিভাবকসকলৰ সৈতে কথা পাতি জনাব। মুহাম্মাদ (ছাঃ)এ তেওঁৰ খুড়াৰ সৈতে কথা পাতি বিয়াৰ সম্মতি জ্ঞাপন কৰে। বিয়াৰ সময়ত খাদিজা (ৰাঃ)ৰ বয়স আছিল ৪০ বছৰ আৰু মুহাম্মাদ (ছাঃ)-ৰ বয়স আচিল ২৫ বছৰ। খাদিজা (ৰাঃ)ৰ জীৱদ্দশাত তেওঁ আৰু কোনো বিয়া কৰোৱা নাই। খাদিজা (ৰাঃ)ৰ গৰ্ভত মুহাম্মাদ (ছাঃ)-ৰ ছয়জন সন্তান জন্মগ্ৰহণ কৰে, যাৰ মাজত চাৰিজনী ছোৱালী আৰু দুজন লৰা। সিহঁতৰ নাম যথাক্ৰমে কাছিম, জয়নাব, ৰুকাইয়া, উম্মে কুলছুম, ফাতিমা আৰু আব্দুল্লাহ। লৰা সন্তান দুজনেই শৈশৱত মৃত্যু হয়। ছোৱালীৰ মাজত সকলোৱেই ইছলামী যুগ পায় আৰু ইছলাম গ্ৰহণ কৰে আৰু একমাত্ৰ ফাতিমা (ৰাঃ)ৰ বাহিৰে সকলোৱেই নবীৰ জীৱদ্দশাতেই মৃত্যুবৰণ কৰে।

মুহাম্মাদ (ছাঃ)-ৰ বয়স যেতিয়া ৩৫ বছৰ তেতিয়া কা'বা গৃহৰ পুনঃনিৰ্মাণৰ প্ৰয়োজনীয়তা দেখা দিয়ে। ভালে কেইটামান কাৰণত কাবা গৃহৰ সংস্কাৰ কাম আৰম্ভ হয়। পুৰণা ইমাৰত ভাঙি পেলাই নতুনকৈ তৈয়াৰ কৰা আৰম্ভ হয়। এনেকৈ পুনঃনিৰ্মাণৰ সময়ত যেতিয়া হাজৰে আছওয়াদ (পৱিত্ৰ কলা পাথৰ) পৰ্য্যন্ত নিৰ্মাণৰ কাম শেষ হয় তেতিয়াই বিপত্তি দেখা দিয়ে। মূলত কোন গোত্ৰৰ লোকে সেই কামটো কৰিব তাকলৈ আছিল কন্দল। নিৰ্মাণকাম সকলো গোত্ৰৰ মাজত ভাগ কৰি দিয়া হৈছিল। কিন্তু হাজৰে আছওয়াদ স্থাপন আছিল এজনৰ কাম। কোনে স্থাপন কৰিব তাক লৈ বিবাদ আৰম্ভ হয় আৰু চাৰি-পাঁচ দিনলৈ এই বিবাদ অব্যাহত থকাত এক পৰ্যায়ত এইটো ইমানেই মাৰাত্মক ৰূপ ধাৰণ কৰে যে হত্যাকাণ্ড পৰ্যন্ত ঘটাৰ সম্ভাৱনাই দেখা দিয়ে। সেই অৱস্থাত আবু উমাইয়া মাখজুমিএ এটা সমাধান নিৰ্ধাৰণ কৰে যে পিছৰ দিনে প্ৰত্যুষে মছজিদ হাৰামৰ দৰ্জায়েদি যিজনে প্ৰথমে প্ৰৱেশ কৰিব তেওঁৰ সিদ্ধান্তই সকলোৱে মানি ল'ব। পৰৱৰ্তী দিনা মুহাম্মাদ (ছাঃ)এ প্ৰথমে কাবাত প্ৰৱেশ কৰে। ইয়াত সকলোৱেই অতি সন্তুষ্ট হয় আৰু তেওঁক বিচাৰক হিচাপে মানি লয়। আৰু তেওঁৰ প্ৰতি সকলোৰৰ সুগভীৰ আস্থাও আছিল। যিয়েই নহওক এই দায়িত্ব পাই মুহাম্মাদ (ছাঃ)এ অত্যন্ত সুচাৰুৰূপে সমাধান কৰে। তেওঁ এটা চাদৰ পেলাই লৈ তাৰ ওপৰত নিজ হাতেৰে হাজৰে আছওয়াদ ৰাখে আৰু বিবদমান প্ৰত্যেক গোত্ৰৰ নেতাসকলক মাতি আনি সিহঁতক চাদৰৰ বিভিন্ন কোণত ধৰি যথাস্থানলৈ লৈ যাৱলৈ কয় আৰু সিহঁতে সেয়াই কৰে। ইয়াৰ পাছত তেওঁ পাথৰ উঠাই লৈ নিৰ্দিষ্ট স্থানত স্থাপন কৰে।

নবুওৱত প্ৰাপ্তি[সম্পাদনা কৰক]

একাদশ শতাব্দীৰ পাৰ্চিয়ান কোৰআনৰ এটা পৃষ্ঠা

ইছলামিক তথ্যসূত্ৰানুসাৰে চল্লিশ বছৰ বয়সত ইছলামৰ নবী মুহাম্মাদে (ছাঃ) নবুওৱত লাভ কৰে, অৰ্থাৎ এই সময়তেই সৃষ্টিকৰ্তাই তেওঁৰ ওচৰলৈ বাণী প্ৰেৰণ কৰে। আজ-জুহৰিৰ বৰ্ণিত হাদিছ অনুসৰি মুহাম্মাদ (ছাঃ) সত্য দৰ্শণৰ মাধ্যমেৰে ওহি লাভ কৰে। ত্ৰিশ বছৰ বয়স হৈ যোৱাৰ পাছত মুহাম্মাদ (ছাঃ)এ প্ৰায়েই মক্কাৰ অদূৰত হিৰা গুহাত ধ্যানমগ্ন অৱস্থাত কটাইছিল। তেওঁৰ স্ত্ৰী খাদিজাই নিয়মিতভাৱে তেওঁক খাদ্য দি থৈ আহিছিল। হাদিছৰ বৰ্ণনা অনুযায়ী আনকি এদিন ধ্যানৰ সময়ত ফৰিষ্টা জিব্ৰাইল(আঃ) তেওঁৰ ওচৰলৈ আল্লাহ প্ৰেৰিত বাণী লৈ আহে[34] আৰু তেওঁক এই পংক্তি কেইটা পঢ়িবলৈ কয় :

পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে; তেওঁ মানুহক আলাক্বৰ পৰা সৃষ্টি কৰিছে। পঢ়া, আৰু তোমাৰ প্ৰতিপালক মহামহিম। যিজনে কলমৰ সহায়ত শিক্ষা দিছে। তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল। [35]

উত্তৰত মুহাম্মাদ (ছাঃ)এ জনায় যে তেওঁ পঢ়িবলৈ নাজানে, পাছত জিব্ৰাইল(আঃ)এ তেওঁক সাবটি ধৰি প্ৰবল চাপ প্ৰয়োগ কৰে আৰু আকৌ একেই পংক্তি পঢ়িবলৈ কলে। কিন্তু এইবাৰো মুহাম্মাদ (ছাঃ)এ নিজৰ অপাৰখতাৰ কথা প্ৰকাশ কৰে। এনেকৈ তিনিবাৰ চাপ দিয়াৰ পাছত মুহাম্মাদ (ছাঃ)এ পংক্তিটো পঢ়িবলৈ সমৰ্থ হয়। মুসলিমসকলৰ বিশ্বাস অনুযায়ী এইটোৱেই কোৰআনৰ প্ৰথম আয়াত গুচ্ছ; ছূৰা আলাকৰ প্ৰথম পাঁচ আয়াত। বৰ্ণনা আৰু উল্লেখ আছে প্ৰথম বাণী লাভৰ পাছত মুহাম্মাদ (ছাঃ) ইমানেই ভীত হৈ পৰিছিল যে কঁপি কঁপি নিজ গৃহলৈ প্ৰৱেশ কৰিয়েই খাদিজা (ৰাঃ)ক কম্বলেদি নিজৰ গাত মেৰিয়াই দিয়াৰ বাবে কৈছিল। বাৰে বাৰে ক'বলৈ ধৰিছিল, "মোক আবৃত কৰা। " খাদিজা (ৰাঃ)নবী (ছাঃ)-ৰ সকলো কথা সম্পূৰ্ণ বিশ্বাস কৰিছিল আৰু তেওঁক নবী হিচাপে মানি লৈছিল। ভীতি দূৰ কৰাৰ বাবে মুহাম্মাদ (ছাঃ)ক লৈ খাদিজা (ৰাঃ)ই নিজ খুড়াৰ লৰা ওয়াৰাকা ইবন নওফেলৰ ওচৰলৈ যায়[36]। নওফেলে তেওঁক শেষ নবী হিচাপে আখ্যায়িত কৰে।[37][37] লাহে লাহে আত্মস্থ হয় নবী। তাৰপাছত আকৌ অপেক্ষা কৰি থাকে পৰৱৰ্তী প্ৰত্যাদেশৰ বাবে। এটা দিঘল বিৰতিৰ পাছত তেওঁৰ ওচৰলৈ দ্বিতীয় বাৰৰ বাবে স্ৰষ্টাৰ বাণী আহে। এইবাৰ অৱতীৰ্ণ হয় ছূৰা মুদ্দাছ্ছিৰ কেইটামান আয়াত। ইয়াৰ পাছৰ পৰা মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লামে গোপনত ইছলাম প্ৰচাৰত আত্মনিয়োগ কৰে।

মক্কী জীৱন[সম্পাদনা কৰক]

হিৰা গুহা, এয়াতেই মুহাম্মাদ (ছাঃ)এ প্ৰথম প্ৰত্যাদেশ লাভ কৰে

গোপনভাবে ইছলাম প্ৰচাৰ (দাওয়াত)[সম্পাদনা কৰক]

প্ৰত্যাদেশ অবতৰণৰ পিছত মুহাম্মাদ (ছাঃ)এ বুজিব পাৰিলে যে, ইয়াক প্ৰতিষ্ঠা কৰিবলৈ হ'লে তেওঁক গোটেই আৰব সমাজৰ প্ৰতিপক্ষ হিচাপে থিয় দিব লাগিব; কাৰণ তৎকালীন নেতৃত্বৰ ভীত ধ্বংস কৰাৰ বাহিৰে ইছলাম প্ৰচাৰ আৰু প্ৰতিষ্ঠাৰ বাবে অন্য কোনো উপায় নাছিল। সেয়েহে প্ৰথমতে তেখেতে নিজ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধবৰ মাজত গোপনে ইছলামৰ বাণী প্ৰচাৰ আৰম্ভ কৰিবলৈ ধৰিলে। মুহাম্মাদ (ছাঃ)-ৰ আহ্বানত ইছলাম গ্ৰহণকাৰী প্ৰথম ব্যক্তি আছিল তেখেতৰ সহধৰ্মিণী খাদিজা। ইয়াৰ পাছত ইছলাম গ্ৰহণ কৰে মুহাম্মাদ (ছাঃ)-ৰ খুৰাৰ ল'ৰা কিশোৰ আলী, ইছলাম গ্ৰহণৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১০ বছৰ। ইছলামৰ বাণী প্ৰচাৰৰ বাবে নবী (ছাঃ)এ নিজ বংশীয় বিশিষ্ট ব্যক্তিসকলক লৈ এটা সভা কৰিছিল; এই সভাত কোনেও তেখেতৰ আদৰ্শ মানি লোৱা নাছিল, এই সভাত মাত্ৰ এজনেই ইছলাম গ্ৰহণ কৰিছিল, তেওঁ আছিল আলী। ইছলাম গ্ৰহণকাৰী তৃতীয় ব্যক্তি আছিল নবী (ছাঃ)-ৰ অন্তৰঙ্গ বন্ধু আবু বকৰ। এনেকৈয়েই প্ৰথম পৰ্যায়ত তেখেতে ইছলাম প্ৰচাৰৰ কাম আৰম্ভ কৰিছিল আৰু এই প্ৰচাৰ কাম চলি থাকিল সম্পূৰ্ণ গোপনে।

প্ৰকাশ্যভাবে ইছলাম প্ৰচাৰ (দাওয়াত)[সম্পাদনা কৰক]

তিনি বছৰ গোপনে ইছলাম প্ৰচাৰ (দাওয়াত দিয়াৰ) পাছত মুহাম্মাদ (ছাঃ)এ প্ৰকাশ্যে ইছলামৰ প্ৰচাৰ আৰম্ভ কৰিছিল। মুহাম্মাদ (ছাঃ)এ ছাফা পৰ্বতৰ ওপৰত থিয় হৈ উচ্চস্বৰে সকলোকে সমবেত কৰিছিল। ইয়াৰ পাছত প্ৰকাশ্যে কৈছিল যে, “আল্লাহ অবিহনে অন্য কোনো প্ৰভু নাই আৰু মুহাম্মাদ আল্লাহ্‌ৰ ৰাছুল”। কিন্তু ইয়াত সকলোৱে তেখেতৰ বিৰুদ্ধে প্ৰচণ্ড খঙাল হৈ উঠে।[38] প্ৰথম অৱস্থাত বেছিৰভাগ মক্কাবাসীসকলে তেখেতক অবজ্ঞা কৰে, কিছু সংখ্যকহে তেখেতৰ অনুসাৰী হয়। মূলত তিনি শ্ৰেণীৰ লোক তেখেতৰ অনুসাৰী হয় আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰেঃ ১) সৰু ভাইসকল ও বৃহৎ ছওদাগৰসকলৰ পুত্ৰসকলে; ২) যিসকল ব্যক্তি তেখেতৰ সম্প্ৰদায়ৰ শীৰ্ষ স্থানৰ পৰা চ্যুত হৈছে বা শীৰ্ষ স্থানলৈ উপস্থিত হ'ব পৰা নাই বা দুৰ্বল ব্যক্তিসকলে, ৩) বিশেষকৈ নিৰাপত্তাহীন বিদেশীসকলে।[39]

অমুছলিমসকলৰ দৃষ্টিভঙ্গি[সম্পাদনা কৰক]

ফৰাচী সম্ৰাট নেপোলিয়ন বোনাপাৰ্টে মুহাম্মাদক এজন আদৰ্শ আইন নিৰ্মাতা আৰু মহামানৱ আখ্যা দি মুহাম্মাদ (ছাঃ) আৰু ইছলামৰ ভূয়সী প্ৰশংসা কৰিছে।[40][41][42] ইতিহাসবিদ টমাচ কাৰ্লাইল[43][44] আৰু উইলিয়াম মণ্টগামাৰি ৱাট[45][46][47][48][49] তেখেতসকলে নিজ নিজ কিতাপত মুহাম্মাদ (ছাঃ)ক ইতিহাসৰ এজন অন্যতম প্ৰভাবশালী ইতিবাচক সংস্কাৰক হিচাপে উল্লেখ কৰিছে। ইয়াৰ উপৰিও মাইকেল এইচ. হাৰ্টৰ তেখেতৰ বিশ্বৰ শ্ৰেষ্ঠ একশ মনীষী নামৰ জীৱনী গ্ৰন্থত মুহাম্মাদ (ছাঃ)ক প্ৰথম স্থানত ৰাখিছে।

টোকা[সম্পাদনা কৰক]

  1. There are smaller sects which too believe Muhammad to be not the last Prophet: The Nation of Islam considers Elijah Muhammad to be a prophet (source: African American Religious Leaders  – Page 76, Jim Haskins, Kathleen Benson  – 2008). United Submitters International consider Rashad Khalifa to be a prophet. (Source: Daniel Pipes, Miniatures: Views of Islamic and Middle Eastern Politics, page 98 (2004))
  2. The Ahmadiyya Muslim Community considers Muhammad to be the "Seal of the Prophets" (Khātam an-Nabiyyīn) and the last law-bearing Prophet but not the last Prophet. See:

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Why send durood on prophet(saws)". http://www.islamhelpline.com/node/7507। আহৰণ কৰা হৈছে: 13 March 2012. 
  2. 2.0 2.1 Amir Ali Syed (1902). "1st" (English ভাষাত). The spirit of Islam; or, The life and teachings of Mohammed. প্ৰকাশক 54, College Street, Calcutta: S.K Lahiri & C0.. পৃষ্ঠা. https://ia801407.us.archive.org/8/items/spiritofislamorl00alisrich/spiritofislamorl00alisrich.pdf. 
  3. "the original of the letter was discovered in 1858 by Monsieur Étienne Barthélémy, member of a French expedition, in a monastery in Egypt and is now carefully preserved in Constantinople. Several photographs of the letter have since been published. The first one was published in the well-known Egyptian newspaper Al-Hilal in November 1904" Muhammad Zafrulla Khan, Muhammad: Seal of the Prophets, Routledge & Kegan Paul, London, 1980 (chapter 12). The drawing of the document published in Al-Hilal was reproduced in David Samuel Margoliouth, Mohammed and the Rise of Islam, London (1905), p. 365, which is the source of this image.
  4. Elizabeth Goldman (1995), p. 63, gives 8 June 632, the dominant Islamic tradition. Many earlier (mainly non-Islamic) traditions refer to him as still alive at the time of the invasion of Palestine. See Stephen J. Shoemaker,The Death of a Prophet: The End of Muhammad's Life and the Beginnings of Islam, University of Pennsylvania Press, 2011.
  5. বিশ্বনবী হজৰত মুহাম্মাদ (ছাঃ)-ৰ জীৱন আৰু নবুয়্যতৰ কাৰ্যকাল, কিতাপঃ দা স্পিৰিট অব্ ইছলাম; অনুবাদকঃ ড॰ ৰশ্বীদুল আলম. "প্ৰথম পৰ্ৱ, প্ৰথম অধ্যায়" (মূল ভাষা: ইংৰাজী, অনূদিত ভাষা: বঙালী ভাষাত). ৰাছুল মুহাম্মাদ (২য় সম্পাদনা). আবুল কালাম মল্লিক, মল্লিক ব্ৰাদাৰ্ছ, ৫৫ কলেজ ষ্ট্ৰীট, কলিকাতা. পৃষ্ঠা. ৭১. 
  6. কোৰআন 33:40
  7. Morgan, Diane (2009). Essential Islam: A Comprehensive Guide to Belief and Practice. পৃষ্ঠা. 101. ISBN 978-0-313-36025-1. http://books.google.com/?id=U94S6N2zECAC&pg=PA101&dq=non-Muslims+Muhammad+%22founder+of+islam%22#v=onepage&q=non-Muslims%20Muhammad%20%22founder%20of%20islam%22&f=false। আহৰণ কৰা হৈছে: 4 July 2012. 
  8. 8.0 8.1 Buhl, F.; Welch, A. T. (1993). "Muḥammad". Encyclopaedia of Islam 7 (2nd ed.). Brill Academic Publishers. pp. 360–376. ISBN 90-04-09419-9.
  9. Watt (1974) p. 231
  10. Tan Ta Sen, Dasheng Chen (2000). Cheng Ho and Islam in Southeast Asia. Institute of Southeast Asian Studies. পৃষ্ঠা. 170. ISBN 981-230-837-7. http://books.google.com/books?id=vIUmU2ytmIIC&pg=PA170&dq=zhu+yuanzhang+the+Hundred+eulogy+prophet's&hl=en&ei=d2o_TJHJFcG88gaHi62cBQ&sa=X&oi=book_result&ct=result&resnum=1&ved=0CDEQ6AEwAA#v=onepage&q=zhu%20yuanzhang%20the%20Hundred%20eulogy%20prophet's&f=false। আহৰণ কৰা হৈছে: 2015-03-17. 
  11. Zvi Ben-Dor Benite (2005). The dao of Muhammad: a cultural history of Muslims in late imperial China. Harvard University Asia Center. পৃষ্ঠা. 182. ISBN 981-230-837-7. https://books.google.ca/books?id=5LfXAAAAMAAJ&q। আহৰণ কৰা হৈছে: 2015-03-17. 
  12. Benite (2005), p.187
  13. Hyunhee Park (2012). Mapping the Chinese and Islamic Worlds. Cambridge University Press. পৃষ্ঠা. 120. ISBN 9781107018686. https://books.google.ca/books?id=W-2iWcxD2e8C&pg=PA120#v=onepage&q&f=false। আহৰণ কৰা হৈছে: 2015-03-17. 
  14. J. Gordon Melton (2014). Faiths Across Time: 5,000 Years of Religious History. ABC-CLIO. পৃষ্ঠা. 929. ISBN 9781610690256. https://books.google.ca/books?id=bI9_AwAAQBAJ&pg=PA929। আহৰণ কৰা হৈছে: 2015-03-17. 
  15. Cambridge History of Islam (1970), p. 30.
  16. Lewis (1998)
  17. S. A. Nigosian(2004), p. 6
  18. Donner (1998), p. 132
  19. 20.0 20.1 Lewis (1993), pp. 33–34
  20. Madelung (1997), pp.xi, 19 and 20
  21. 23.0 23.1 Encyclopedia of World History (1998), p. 452
  22. Esposito, John L. (ed.) (2003). The Oxford Dictionary of Islam. পৃষ্ঠা. 198. ISBN 978-0-19-512558-0. http://books.google.com/?id=E324pQEEQQcC&pg=PA198&dq=muhammad+birthday+Rabi%27+al-awwal#v=onepage&q=muhammad%20birthday%20Rabi%27%20al-awwal&f=false। আহৰণ কৰা হৈছে: 19 June 2012. 
  23. Marr JS, Hubbard E, Cathey JT. (2014): The Year of the Elephant. figshare. http://dx.doi.org/10.6084/m9.figshare.1186833 Retrieved 22:19, Oct 21, 2014 (GMT)
  24. 26.0 26.1 Watt (1974), p. 7.
  25. Meri, Josef W. (2004), Medieval Islamic civilization, 1, Routledge, p. 525, ISBN 978-0-415-96690-0, http://books.google.com/books?id=H-k9oc9xsuAC, r কৰা হৈছে: 3 January 2013 
  26. Watt, "Halimah bint Abi Dhuayb", Encyclopaedia of Islam.
  27. 29.0 29.1 29.2 An Introduction to the Quran (1895), p. 182
  28. Watt, Amina, Encyclopaedia of Islam
  29. Armand Abel, Bahira, Encyclopaedia of Islam
  30. Khan, Majid Ali (1998). Muhammad the final messenger (1998 সম্পাদনা). প্ৰকাশক India: Islamic Book Service. পৃষ্ঠা. 332. ISBN 81-85738-25-4. 
  31. Esposito (1998), p. 6
  32. An Introduction to the Quran (1895), p. 184
  33. কোৰআন: ৯৬/(১ - ৫)। www.islamhouse.com/as ৰ প্ৰাপ্ত কোৰআনৰ অসমীয়া অনুবাদৰ পৰা লোৱা হৈছে।
  34. Esposito (2010), p.8
  35. 37.0 37.1 John Esposito, Islam, Expanded edition, Oxford University Press, p.4–5
  36. Uri Rubin, Quraysh, Encyclopaedia of the Qur'an
  37. Watt, The Cambridge History of Islam (1977), p. 36
  38. Talk Of Napoleon At St. Helena'' (1903), pp. 279–280
  39. The Cambridge Companion to Muhammad. Cambridge University Press. 2010. ISBN 978-0-521-71372-6. http://www.cambridge.org/us/academic/subjects/history/middle-east-history/cambridge-companion-muhammad. 
  40. Younos, Farid (2010) (ইংৰাজী ভাষাত). Islamic Culture. AuthorHouse. পৃষ্ঠা. 15. ISBN 978-1-4918-2344-6. https://books.google.ca/books?id=NUEaAgAAQBAJ&pg=PT31#v=onepage&q&f=false. 
  41. Carlyle, Thomas (1841) (ইংৰাজী ভাষাত). On heroes, hero worship and the heroic in history. প্ৰকাশক London: James Fraser. পৃষ্ঠা. 87. https://archive.org/details/onheroesherowor08carlgoog. 
  42. Kecia Ali (2014) (ইংৰাজী ভাষাত). The Lives of Muhammad. Harvard UP. পৃষ্ঠা. 48. http://books.google.com/books?id=-oWYBAAAQBAJ&pg=PA48. 
  43. Watt, Bell (1995) p. 18
  44. Watt (1974), p. 232
  45. Watt (1974), p. 17
  46. Watt, The Cambridge history of Islam, p. 37
  47. Lewis (1993), p. 45.