বাৰ্তা:মুহাম্মাদ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অনুগ্ৰহ কৰি নামবোৰ ভুলকৈ নিলিখিব।[সম্পাদনা কৰক]

"মুহাম্মাদ" শুদ্ধ শব্দ। "মহম্মদ" শুদ্ধ নহয়। ছাজিদুল ইছলাম (talk) 07:00, 30 april 2017 (ইউ.টি.চি.)

ৱিকিপিডিয়াসকলে সকলো শব্দৰ শুদ্ধ উচ্চাৰণ/বানান নাজানিব পাৰে। সেয়া নিজে শুধৰাই দিলেই হ'ল। — গীতাৰ্থ বৰদলৈ (talk) 17:34, 30 april 2017 (ইউ.টি.চি.)
@ছাজিদুল ইছলাম:, ইছলাম ধৰ্ম প্ৰচাৰক নবীগৰাকীক অসমীয়াত মহম্মদ বুলিয়ে কয়। বাৰশ শতিকাৰ পৰাই ইছলামৰ সৈতে অসমৰ সম্পৰ্ক স্থাপন হৈছে। সুদূৰ পাৰস্যৰ পৰা ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ অহা আজান ফকীৰৰ ৰচনা-ৰাজিতো 'মুহাম্মাদ'ৰ সলনি 'মহম্মদ' নামটোহে ব্যৱহাৰ হৈছে। মই ভাবো, অসমীয়াসকলৰ কাৰণে 'মুহাম্মাদ' এটা আচহুৱা শব্দ। বিভিন্ন ঐতিহাসিক চৰিত্ৰ আৰু স্থানৰ নাম বিভিন্ন ভাষাত, বিভিন্ন দেশত ভিনভিন ধৰণে উচ্চাৰিত হয়। উদাহৰণ স্বৰূপে গ্ৰীক বীৰ আলেকজেণ্ডাৰক পশ্চিম আৰু উত্তৰ ভাৰতত ছিকন্দৰ বুলি কৈছিল। আৰু এটা কথা, 'মুহাম্মাদ' শীৰ্ষক প্ৰবন্ধটো পোনেপোনে বাংলাৰ পৰা অনুবাদ কৰা হৈছে আৰু ৱিকিৰ নিৰপেক্ষ নীতি সম্পৰ্কে ভালকৈ জ্ঞান নথকা বাংলাদেশৰ কিছুমান সদস্যই, ধৰ্মীয় আবেগেৰে পৰিচালিত হৈ মূল বাংলা প্ৰবন্ধটো লিখিছে। ইংৰাজী প্ৰবন্ধটোত হ'লে এনে ধৰণৰ সমস্যা নাই। বাবুল বৈশ্য (talk) 16:44, 16 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
অসমীয়া ভাষাত সততে ব্যৱহাৰ হোৱা বানানটো হৈছে মহম্মদ। সেয়ে WP:COMMONNAME নীতি অনুসৰি প্ৰবন্ধটোৰ নাম মহম্মদ হ'ব লাগে বুলি সমৰ্থন জনালোঁ। --SlowPhoton (talk) 03:12, 17 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
হয়, যদিও মুহাম্মাদ শুদ্ধ হ'ব পাৰে, কিন্তু অধিক প্ৰচলিত শব্দ হৈছে মহম্মদ। সেয়ে মহম্মদ হ'ব লাগে। দিব্য দত্ত (বাৰ্তা) 03:25, 17 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আপোনাৰ কথাত যুক্তি আছে। মহম্মদ উচ্চাৰণ টো যিহেতু ভুল গতিকে মই সমৰ্থন জনাব নোৱাৰিম। 'মোহাম্মদ'শব্দটোৰ সলনি মুহাম্মদ/মুহম্মদ কৰিলেও ওচৰাওচৰি উচ্চাৰণ হয়। mu আৰু ma ৰ মাজত এটা ডাঙৰ উচ্চাৰণৰ পাৰ্থক্য আহি পৰে।

যিয়েই নহওঁক ৱিকিপিডিয়াৰ গাইডলাইন হিচাপে যদি মহম্মদ শব্দ টোৱেই বেছি উপযোগী তেন্তে ৰাখিব পাৰে। 🙂 ছাজিদুল ইছলাম (talk) 07:21, 17 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]