সমললৈ যাওক

মাইহাং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাইহাং ‌বা বেৰা কাঁহী


মাইহাং অসমত পৰম্পৰাগতভাৱে আহাৰ গ্ৰহণ কৰিবলৈ ব্যৱহাৰ হোৱা নাল বা ধাৰকযুক্ত কাঁ‌হীবিশেষ। মাইহাংসমূহ কাঁ‌হেৰে নিৰ্মাণ কৰা হয়। একেধৰণৰ আন এখন কাঁহী হৈছে বানকাঁহী।

মাইহাং শব্দৰ উৎপত্তি

[সম্পাদনা কৰক]

মাইহাং" শব্দটোৱে মূলতঃ বেৰা-কাহীক বুজোৱা হয়। ইয়াৰ উৎসৰ বিষয়ে দুটা মত আছে।‌ কিছু লোকৰ মতে এই শব্দ দেউৰী-চুতীয়া বা‌ বড়ো-কছাৰী ভাষাৰ এটা যুক্তাক্ষৰ যাৰ অৰ্থ হৈছে ভাত(মাই) খাবলৈ ব্যবহাৰ কৰা ওখ কাঁহী(চাং বা হাং), ঠিক একে দৰে যেনেকৈ "মাইবাং" মানে "অত্যাধিক চাউল/ভাত" বা "মাইৰুং" মানে "নিসিজোৱা চাউল" বুজোৱা হয়। বড়ো ভাষাত "বি-চাং" শব্দটোৱে elevated platform বুজাই। একে গুৰিৰ ত্ৰিপুৰি/ককবৰক ভাষাত কাঁহীক "মাইৰাং" কোৱা হয়[1]।‌ বৰ্তমানৰ দেউৰী ভাষাত মাইহাঙক মেহেঙা(মাইহাং), বান-কাঁহীক মেচোৱা(মাইচোৱা) আৰু সাধাৰণ কাঁহীখনক মেৰং(মাইৰং) কোৱা হয়[2]। দেউৰী ভাষাত "চু" শব্দৰ অৰ্থ হৈছে ওখ [3]। গতিকে "মেচুৱা" মানে ওখ কাঁহীও বুজোৱা হ'ব পাৰে। ভাত/খাদ্য বুজোৱা "মাই" শব্দটো দেউৰী ভাষাত কালক্ৰমত "মে/মি" লৈ ৰূপান্তৰিত হৈছিল‌ যদিও বাকী বড়ো-কছাৰী মূলীয় ভাষাত একেই ৰূপতে থাকি গ'ল।

কিছু লোকে আকৌ "মাই-হাং" শব্দটো আহোম ভাষাৰ বুলি আৰু ইয়াৰ অৰ্থ "কাঠৰ চাং" বুলি ক'ব খোজে। কিন্তু আহোম ভাষাৰ অভিধানত মাইহাঙক বুজাবলৈ আহোম‌ শব্দ "ফোন" হে উল্লেখ কৰা‌ হৈছে[4]। একেইখন গ্ৰন্থৰ অনুসৰি "ফোন" শব্দটোৱে শৰাই খনকো বুজোৱা হয়।‌ থাই ভাষাত ইয়াকে "ফান" বুলি কোৱা হয়। অহোম বুৰঞ্জীতো টাই ভাষাৰ অংশত মাইহাঙক "ফোন" বুলি উল্লেখ কৰিছে[5]। ইয়াৰ উপৰিও জনা যায় যে আহোম ভাষাৰ ব্যাকৰণৰ নিয়ম অনুসৰি বিশেষণ (adjective) শব্দটো সংজ্ঞা (noun) শব্দৰ পাছত ব্যৱহাৰ কৰা হয়। গতিকে আহোম ভাষাত "হাং-মাই" হ'ব লাগিছিল,‌যʼত "হাং" শব্দটোৱে সংজ্ঞা আৰু "মাই" শব্দটো বিশেষণ (যেনে চিন-খাম (সোণালী কাপোৰ),কুপ-খাম (সোণালী জাপি), ইত্যাদি)।[6] বানকাঁহী বুজোৱা "বান" শব্দতো আহোম শব্দকোষত "বাটি" বুলি উল্লেখ আছে।‌ এই শব্দটো সংস্কৃত/প্ৰাকৃত ভাষাৰ Cup বুজোৱা "পান" শব্দৰ পৰা অহাৰ সম্ভাৱনা আছে। সম্ভৱতঃ ‌যিহেতো আহোম সকলে আগৰে পৰা দেৱ-দেৱীক উছৰ্গা কৰিবলৈ "ফোন/ফান" ব্যৱহাৰ কৰি আহিছিল,‌ সেই বাবে থলগিৰি লোকে ব্যৱহাৰ কৰা মাইহাং আৰু শৰাই দুয়োকে একেই ধৰণৰ সম্পদ দেখি "ফোন" বুলি‌ উল্লেখ কৰিছিল।‌‌ যি কি নহওঁক, যিহেতু এই‌ কাঁহী সমূহ অসম আৰু উত্তৰ-পূব ভাৰতৰ বাহিৰত দেখা পোৱা‌ নাযায়,সেই বাবে ধৰিব পাৰি যে আহোম সকলে ইয়াৰে থলোৱা লোকৰ পৰা এইবোৰ কাঁহী ব্যৱহাৰ কৰিব লৈছিল।

মাইহাঙৰ ইতিহাস

[সম্পাদনা কৰক]

অসমত মাইহাঙ কাঁহীখন খাদ্য গ্ৰহণ কৰাৰ লগতে দেৱ-দেৱীক‌ সামগ্ৰী উছৰ্গা কৰিবলৈ ব্যৱহাৰ হৈ আহিছে।‌ অসমকে ধৰি দক্ষিণ-পূব‌ এছিয়া, তিব্বত বা চীনদেশৰ বিভিন্ন অঞ্চলত মাইহাং বা শৰাই জাতীয় বাচন পূজা কৰাৰ সময়ত সামগ্ৰী উছৰ্গা কৰিবলৈ ব্যৱহাৰ হৈ‌ আহিছে যদিও কাঁহীৰ দৰে খাদ্য গ্ৰহণ কৰিবলৈ একমাত্ৰ অসমত হে ব্যৱহাৰ কৰা হয়।

বুৰঞ্জীত মাইহাঙৰ‌ প্ৰথম উল্লেখ চুতীয়া ৰাজ্যৰ বিষয়ে লিখা অংশত পোৱা যায়।‌ বুৰঞ্জীত উল্লেখ আছে যে শদিয়া দখল কৰি চুতীয়া ৰজাৰ সোণৰ মাইহাং আহোম ৰজাই ব্যৱহাৰ কৰিব লৈছিল। কাশীনাথ তামুলী ফুকনৰ বুৰঞ্জীৰ(p. 18) আৰু হিতেশ্বৰ বৰবৰুৱাৰ "আহোমৰ দিন" গ্ৰন্থৰ(p. 49) অনুসৰি শদিয়া জয় কৰি আহোম ৰজা চুহুংমুঙে বহুতো সামগ্ৰী নিজৰ ৰাজধানী লৈ আনিছিল আৰু তাৰে ভিতৰত সোণৰ মাইহাং ও অন্যতম। নাওবৈচা ফুকনৰ বুৰঞ্জীত (p.43) মতে চুহুংমুঙ ৰজাই চুতীয়াৰ পৰা লোৱা সোণ-ৰূপৰ মাইহাং‌ ব্যৱহাৰ কৰিব লৈছিল। টাই ভাষাৰ "আহোম বুৰঞ্জী"ত (p. 55) উল্লেখ থকা মতে নীতিপালে সন্ধি কৰিবলৈ অন্য বস্তুৰ লগতে মাইহাং(Phun) উপহাৰ কৰিছিল। সাতসৰী বুৰঞ্জীত এই Phun বুজোৱা শব্দটোক শৰাই বুলি অনুবাদ কৰিছে[7]। আহোম ভাষাৰ অভিধান অনুসৰি "Phun" শব্দটোৱে মাইহাং আৰু শৰাই দুয়োবিধ আহিলাকে বুজাই।[8]

অতীজতে চুতীয়া আৰু আহোম ৰাজপৰিয়াল আৰু সম্ভ্ৰান্ত ঘৰৰ লোকে মাইহাঙত আহাৰ গ্ৰহণ কৰিছিল।[9] ৰজাঘৰৰ মাইহাংসমূহ সোণেৰে নিৰ্মাণ কৰাৰ কথা বুৰঞ্জীবিদ ড° লীলা গগৈয়ে উল্লেখ কৰিছে।[10] চুতীয়া, দেউৰী আৰু আহোমসকলৰ বিভিন্ন মাংগলিক আচাৰ-অনুষ্ঠানত দেৱতালৈ উছৰ্গা আগবঢ়াবলৈ মাইহাঙৰ ব্যৱহাৰ কৰা হয়। ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা মে-ডাম-মে-ফীত আঠখন মাইহাং স্থাপন কৰি থুৰিয়া তামোল, তামোল-পান, হাঁহ কণী, কুকুৰা কণী, লুকলাও, মাটিৰ চাকি, মিঠাতেল, ধূপ, ফুল, পানী, ডেকেৰুৱা কুকুৰা আদি সা-সামগ্ৰীৰে মলুংসকলে পূজা অৰ্পণ কৰাৰ নিয়ম আছে।[11]

মাইহাং বা বানকাঁহী কাঁ‌হেৰে নিৰ্মাণ কৰা হয় যদিও ৰাজপৰিয়ালৰ মাইহাং সোণেৰে নিৰ্মিত হ'ব পাৰে।[10] একোখনৰ ওপৰভাগটো এখন কাঁ‌হীৰ দৰে। ইয়াৰ তলত খুৰা বা ধাৰক সংযুক্ত কৰা হয়। এই ধাৰক কাঁ‌হীখনৰ তলফালে সোঁমাজত এডলীয়াকৈ থাকিব পাৰে বা কাঁ‌হীৰ তিনি মূৰত তিনিটা থাকিব পাৰে। ওপৰৰ কাঁ‌হীখনত ফুল আদি খোদাই কৰি সজোৱা হয়। ধাৰকৰ সৈতে কাঁ‌হীখন তামৰ গজালেৰে যুক্ত হৈ থাকে। কোনো কোনো সময়ত ধাৰকডালো শৰাইৰ দৰে বিভিন্ন গঠনযুক্ত কাৰুকাৰ্য কৰা হ'ব পাৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Kokborok English Bengali Dictionary, Binoy Debbarma, p. 79
  2. Deori, Kishor, "Chuperemago", p. 30-31
  3. An Outline of Deori-Chutia Language, W.B Brown, p.70
  4. G C Barua, Ahom Assamese English Dictionary, p. 138-139
  5. Barua,GC,"Ahom Buranji", p. 253, 276, 287
  6. Barua, GC, "Ahom-Assamese-English Dictionary: Preface", p.11
  7. Bhuyan, S.K, Satsari Buranji,p.58.
  8. Barua, GC, "Ahom Assamese English Dictionary, p.138-139
  9. "মাইহাং". শব্দ ডট অৰ্গ. http://xobdo.org/dic/%E0%A6%AE%E0%A6%BE%E0%A6%87%E0%A6%B9%E0%A6%BE%E0%A6%82। আহৰণ কৰা হৈছে: 14 May 2023. 
  10. 10.0 10.1 লীলা গগৈ (১৯৯৪). টাই সংস্কৃতিৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. ৫১. ISBN 81-7339-079-7. 
  11. চিত্ৰ বৰগোহাঁই (30 January 2022). "মে-ডাম-মে-ফী: তাই-আহোমৰ এক পবিত্ৰ অনুষ্ঠান". pratyahban.in. Archived from the original on 1 February 2023. https://web.archive.org/web/20230201190825/https://pratyahban.in/me_dam_me_phi। আহৰণ কৰা হৈছে: 14 May 2023.