মাইহাং

অসমীয়া ৱিকিপিডিয়াৰ পৰা


একক ধাৰকযুক্ত মাইহাং

মাইহাং বা বানকাঁহী অসমত পৰম্পৰাগতভাৱে আহাৰ গ্ৰহণ কৰিবলৈ ব্যৱহাৰ হোৱা নাল বা ধাৰকযুক্ত কাঁ‌হীবিশেষ। মাইহাংসমূহ কাঁ‌হেৰে নিৰ্মাণ কৰা হয়। অতীজতে ৰাজপৰিয়াল আৰু সম্ভ্ৰান্ত ঘৰৰ লোকে মাইহাঙত আহাৰ গ্ৰহণ কৰিছিল।[1] ৰজাঘৰৰ মাইহাংসমূহ সোণেৰে নিৰ্মাণ কৰাৰ কথা বুৰঞ্জীবিদ ড° লীলা গগৈয়ে উল্লেখ কৰিছে।[2] আহোমসকলৰ বিভিন্ন মাংগলিক আচাৰ-অনুষ্ঠানত দেৱতালৈ উছৰ্গা আগবঢ়াবলৈ মাইহাঙৰ ব্যৱহাৰ কৰা হয়। ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা মে-ডাম-মে-ফীত আঠখন মাইহাং স্থাপন কৰি থুৰিয়া তামোল, তামোল-পান, হাঁহ কণী, কুকুৰা কণী, লুকলাও, মাটিৰ চাকি, মিঠাতেল, ধূপ, ফুল, পানী, ডেকেৰুৱা কুকুৰা আদি সা-সামগ্ৰীৰে মলুংসকলে পূজা অৰ্পণ কৰাৰ নিয়ম আছে।[3]

বিৱৰণ[সম্পাদনা কৰক]

মাইহাং বা বানকাঁহী কাঁ‌হেৰে নিৰ্মাণ কৰা হয় যদিও ৰাজপৰিয়ালৰ মাইহাং সোণেৰে নিৰ্মিত হ'ব পাৰে।[2] একোখনৰ ওপৰভাগটো এখন কাঁ‌হীৰ দৰে। ইয়াৰ তলত খুৰা বা ধাৰক সংযুক্ত কৰা হয়। এই ধাৰক কাঁ‌হীখনৰ তলফালে সোঁমাজত এডলীয়াকৈ থাকিব পাৰে বা কাঁ‌হীৰ তিনি মূৰত তিনিটা থাকিব পাৰে। ওপৰৰ কাঁ‌হীখনত ফুল আদি খোদাই কৰি সজোৱা হয়। ধাৰকৰ সৈতে কাঁ‌হীখন তামৰ গজালেৰে যুক্ত হৈ থাকে। কোনো কোনো সময়ত ধাৰকডালো শৰাইৰ দৰে বিভিন্ন গঠনযুক্ত কাৰুকাৰ্য কৰা হ'ব পাৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "মাইহাং". শব্দ ডট অৰ্গ. http://xobdo.org/dic/%E0%A6%AE%E0%A6%BE%E0%A6%87%E0%A6%B9%E0%A6%BE%E0%A6%82। আহৰণ কৰা হৈছে: 14 May 2023. 
  2. 2.0 2.1 লীলা গগৈ (১৯৯৪). টাই সংস্কৃতিৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. ৫১. ISBN 81-7339-079-7. 
  3. চিত্ৰ বৰগোহাঁই (30 January 2022). "মে-ডাম-মে-ফী: তাই-আহোমৰ এক পবিত্ৰ অনুষ্ঠান". pratyahban.in. Archived from the original on 1 February 2023. https://web.archive.org/web/20230201190825/https://pratyahban.in/me_dam_me_phi। আহৰণ কৰা হৈছে: 14 May 2023.