মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান
মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান | |
---|---|
Taman Nasional Gunung Ciremai | |
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান, পশ্চিম জাভা | |
জাভাত অৱস্থিতি | |
অৱস্থান | পশ্চিম জাভা, ইণ্ডোনেছিয়া |
নিকটতম চহৰ | কুনিংগন; মাজালেংকা; চিৰেবন |
মাটিকালি | ১৫৫ কিমি২ |
প্ৰতিস্থা | ২০০৪ |
পৰ্যটক | ১৫,১২৬ (২০০৭[1] চনত) |
কৰ্তৃপক্ষ | পৰিৱেশ আৰু বন মন্ত্ৰালয়, ইণ্ডোনেছিয়া |
ৱেবছাইট | tngciremai |
মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Mount Ciremai National Park) হৈছে ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন ইণ্ডোনেছিয়াৰ পশ্চিম জাভাৰ চিৰেবন চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৈত দক্ষিণ দিশত অৱস্থিত। উদ্যানখন চিৰেবনৰ দক্ষিণে, কুনিংগন ৰিজেন্সি আৰু মাজালেংকা ৰিজেন্সিলৈকে বিস্তৃত। উদ্যানখনে পশ্চিম জাভাৰ সৰ্বোচ্চ শৃংগ তথা সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট চেৰেমাইক আগুৰি আছে। শিক্ষাৰ্থীৰ দল, পদযাত্ৰীৰ দল আদিয়ে প্ৰায়েই শৃংগটো বগাই যায়। যদিও এই ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়।
উদ্যানখনত বিভিন্ন ধৰণৰ থলুৱা বা বিলুপ্তপ্ৰায় উদ্ভিদ আৰু প্ৰাণী পোৱা যায়[2] যাৰ ভিতৰত তলত দিয়াবোৰ অন্তৰ্ভুক্ত:
- উদ্ভিদকুল: সৰল গছ (Pinus merkusii), Castanopsis javanica (স্থানীয়ভাৱে ছানিণ্টেন নামেৰে জনাজাত), ৰাণ্ডু টিয়াং (Fragraera blumii), নাংছি (Villubrunes rubescens), মাকাৰাংগা (Macaranga denticulata), পাছাং (Lithocarpus sundaicus), ইলেঅ’কাৰ্পাছ (Elaeocarpus stipularis), বিভিন্ন প্ৰজাতিৰ ডিমৰু গছ (Ficus), Ardisia cymosa, আৰু Platea latifolia,
- প্ৰাণীকুল: নাহৰফুটুকী বাঘ, সুগৰী পহু (Muntiacus muntjak বা Javan muntjac), বান্দৰ (Javan surili), জাভাৰ হক-ঈগল আৰু বিভিন্ন প্ৰজাতিৰ অজগৰ।
মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যানখনে এই অঞ্চলৰ কেইবাটাও নদী অৱবাহিকাৰ জলস্ৰোত হিচাপেও কাম কৰে, ইয়াৰে দুটা প্ৰধান অৱবাহিকা হ’ল চিমানুক নদী অৱবাহিকা আৰু চিছাংগাৰুং নদী অৱবাহিকা। উভয়ৰে মূল নদী দুটা জাভা সাগৰত গৈ মিলিত হয়।[3][4]
চিত্ৰ বীথিকা
[সম্পাদনা কৰক]লগতে চাওক
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Forestry statistics of Indonesia 2007, retrieved 20 May 2010
- ↑ These are listed in the Official Letter issued by the Forestry Minister, No SK 424/Menhut-II/2004 issued on 19 October 2004 noted in the External links section below.
- ↑ Hidayat, Rahmat (2023). "Pemanfaatan Jasa Lingkungan Air di Hulu Daerah Aliran Sungai Cisanggarung Taman Nasional Gunung Ciremai Berbasis Masyarakat" (id ভাষাত). Universitas Gadjah Mada - Electronic Theses & Dissertations. https://etd.repository.ugm.ac.id/penelitian/detail/220599। আহৰণ কৰা হৈছে: 2023-08-14.
- ↑ "Pemanfaatan Air • Balai TN Gunung Ciremai" (id ভাষাত). Balai TN Gunung Ciremai. https://tngciremai.menlhk.go.id/pemanfaatan-air/। আহৰণ কৰা হৈছে: 2023-08-14.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা
- আধিকাৰিক ৱেবছাইট
- Lua error in Module:In_lang at line 40: attempt to call local 'name_from_tag' (a nil value). Short description of the Gunung Ciremai National Park in Official Letter issued by the Forestry Minister, 2004.