সমললৈ যাওক

মাউণ্ট ৰিঞ্জানী ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাউণ্ট ৰিঞ্জানী ৰাষ্ট্ৰীয় উদ্যান
Taman Nasional Gunung Rinjani
মাউণ্ট ৰিঞ্জানীৰ টৰিয়ান উপত্যকা
মাউণ্ট ৰিঞ্জানীৰ টৰিয়ান উপত্যকা
অৱস্থান লম্বক, পশ্চিম নুছা টেংগাৰা, ইণ্ডোনেছিয়া
নিকটতম চহৰ মাতৰম
মাটিকালি ৪১৩.৩০ বৰ্গ কি.মি. (41,330 হেক্টৰ)
প্ৰতিস্থা ১৯৯০
পৰ্যটক ১১৭,৭১৫ (২০০৭[1] চনত)
কৰ্তৃপক্ষ পৰিৱেশ আৰু বন মন্ত্ৰালয়, ইণ্ডোনেছিয়া
ৱেবছাইট www.rinjaninationalpark.id

মাউণ্ট ৰিঞ্জানী ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Mount Rinjani National Park) হৈছে ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন ইণ্ডোনেছিয়াৰ উত্তৰ লম্বক ৰিজেন্সিৰ অন্তৰ্গত লম্বক দ্বীপত অৱস্থিত। প্ৰায় ৪১,৩৩০ হেক্টৰ (১০২,১০০ একৰ) এলেকাজুৰি বিস্তৃত, এই উদ্যানখন পাহাৰীয়া অঞ্চলত অৱস্থিত।[2] ইণ্ডোনেছিয়াৰ তৃতীয় সৰ্বোচ্চ আগ্নেয়গিৰি, মাউণ্ট ৰিঞ্জানী (গুনুং ৰিঞ্জানী) এই ৰাষ্ট্ৰীয় উদ্যানতে অৱস্থিত, যাৰ উচ্চতা ৩,৭২৬ মিটাৰ (১২,২২৪ ফুট)। এই আগ্নেয়গিৰিটোৰ নাম অনুসৰিয়েই উদ্যানখনৰ নামো মাউণ্ট ৰিঞ্জানী হয়।[3]

উদ্ভিদকুল আৰু প্ৰাণীকুল

[সম্পাদনা কৰক]

এই ৰাষ্ট্ৰীয় উদ্যানত কিছুমান বিপন্ন উদ্ভিদ প্ৰজাতি সুৰক্ষিত কৰি ৰখা হৈছে, যেনে: প্টেৰ’স্পাৰমাম জাভানিকাম (Pterospermum javanicum),[3] ছুইটেনিয়া মেক্ৰ’ফাইলা (Swietenia macrophylla), ফিকাচ ছুপাৰবা (Ficus superba), টুনা সুৰনি (Toona sureni), ভেণ্ডা (Vanda sp.), উছনেয়া (Usnea sp.) আৰু এনাফেলিছ (Anaphalis sp.) আদি।

এই ৰাষ্ট্ৰীয় উদ্যানখনত কেইবাটাও বিলুপ্তপ্ৰায় প্ৰাণী পোৱা যায়, যাৰ ভিতৰত সুণ্ডাৰ শৰপহু (Rusa timorensis), সুগৰী পহু (Muntiacus muntjak), সুণ্ডাৰ কেঁটেলাপহু (Hystrix javanica), চুৰিলি বান্দৰ (Presbytis), হেলমেটযুক্ত ফ্ৰাইয়াৰবাৰ্ড (Philemon buceroides), কেইবাটাও কʼকাটু (Cacatua) আৰু শল্কাকাৰ-মুকুটযুক্ত মৌপিয়া (Sugomel lombokium) আদি উল্লেখযোগ্য।

চিত্ৰ বীথিকা

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Forestry statistics of Indonesia 2007, retrieved 20 May 2010
  2. "An incredible journey to Gunung Rinjani in Lombok". Times of India. https://timesofindia.indiatimes.com/travel/things-to-do/an-incredible-journey-to-gunung-rinjani-in-lombok/amp_articleshow/51714195.cms। আহৰণ কৰা হৈছে: ১৫ ডিচেম্বৰ ২০২৪. 
  3. 3.0 3.1 Ministry of Forestry of Indonesia: "Gunung Rinjani National Park" Archived 2013-12-07 at the Wayback Machine, retrieved 3 December 2013

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]