মাৰ্ক্সিষ্ট মঞ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মাৰ্ক্সিষ্ট মঞ্চ (Marxist Platform) ভাৰতঅসম ৰাজ্যৰ এটা ৰাজনৈতিক দল। এই দলটোয়ে কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট)ৰ বিভাজিত স্থানীয় গোট হিচাপে আত্মপ্ৰকাশ কৰিছিল।[1] এই দলটোৰ ৰাতাবাৰী বিধানসভা সমষ্টিত কিছূ জনভিত্তি আছে আৰু এই সমষ্টিত দলটোৱে অসম গণ পৰিষদৰ সৈতে নিৰ্বাচনী বুজাবুজি কৰিছিল। [2][3] দলটো মাজতে দুভাগত বিভক্ত হৈছিল যদিও ২০০৩ চনৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ আগে আগে পুনৰ দুয়োটা গোট একত্ৰিত হয়। একত্ৰীকৰণৰ পিছত আব্দুল খালিক বংগাল দলৰ সভাপতি আৰু চিন্ময় চৌধুৰী দলৰ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। [1]

২০০২ চনত মাৰ্ক্সিষ্ট মঞ্চই কনফেডাৰছন অৱ ইণ্ডিয়ান কমিউনিষ্ট এণ্ড ডেম'ক্ৰেটিক চ'ছিয়েলিষ্টছ(Confederation of Indian Communists and Democratic Socialists) গঠনত অংশ লৈছিল। [4]

তথ্য উৎস[সম্পাদনা কৰক]