মীতৈ লিপি
মীতৈ ময়েক ꯃꯤꯇꯩ ꯃꯌꯦꯛ | |
---|---|
প্ৰকাৰ | আবুগিদা |
ভাষা | মণিপুৰী ভাষা |
ISO 15924 | Mtei, 337 |
দিশ | বাওঁৰ পৰা সোঁ |
ইউনিক'ড নাম | Meetei Mayek |
ইউনিক'ড ৰে'ঞ্জ |
|
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে। |
মীতৈ লিপি বা মৈতৈ ময়েক বা মিতৈ ময়েক বা মণিপুৰী লিপি মণিপুৰত প্ৰচলিত মীতৈ ভাষা (মণিপুৰী ভাষা) লিখিবলৈ ব্যৱহাৰ কৰা হয়। মেইতেই ময়েক হৈছে একপ্ৰকাৰৰ আবুগিদা লিখন পদ্ধতি। ১৮শ শতিকালৈ এই লিপিৰ প্ৰচলন আছিল যদিও তাৰ পাছৰ শতিকাত বাংলা লিপিয়ে ইয়াৰ স্থান লয়। বৰ্তমানে এই লিপিৰ পুনৰুদ্ধাৰ কৰা হৈছে আৰু মেইতেই ভাষা লিখিবৰ বাবে আধিকাৰিক ভাবে ব্যৱহাৰ কৰা হয়।
মেইতেই লিপিত পোন্ধৰটা ব্যঞ্জনবৰ্ণ আৰু তাৰ লগতে তিনিটা স্বৰবৰ্ণ মেইতেই ভাষাৰ থলুৱা শব্দবোৰ লিখিবৰ বাবে ব্যৱহাৰ কৰা হয়। আন নটা ব্যঞ্জনবৰ্ণ ভাৰতীয় লিপিসমূহৰ পৰা ব্যৱহাৰৰ বাবে ধাৰ কৰা হৈছে। লিপিটোত সাতটা স্বৰবৰ্ণৰ চিহ্ন আৰু এটা ব্যঞ্জনবৰ্ণৰ চিহ্নও (/ŋ/) ব্যৱহৃত হয়।
মেইতেই লিপিৰ এক বিশেষ বৈশিষ্ট্য হ'ল যে বৰ্ণসমূহৰ নামাকৰণৰ বাবে শৰীৰৰ অংগসমূহৰ নামৰ ব্যৱহাৰ। প্ৰতিটো বৰ্ণৰ নাম মেইতেই ভাষাৰ মানৱ শৰীৰৰ একোটা অংগৰ ওপৰত ৰখা হৈছে। উদাহৰণ স্বৰূপে প্ৰথম বৰ্ণ "কক্"-ৰ অৰ্থ হ'ল মূৰ বা শিৰ; দ্বিতীয় বৰ্ণ "চাম" মানে চুলি; তৃতীয় বৰ্ণ "লাই" মানে কপাল, ইত্যাদি।
বৰ্ণমালা
[সম্পাদনা কৰক]বৰ্ণ | অক্ষৰান্ত | অসমীয়া |
---|---|---|
ꯀ | ꯛ | ক / ক্ |
ꯁ | স | |
ꯂ | ꯜ | ল / ল্ |
ꯃ | ꯝ | ম / ম্ |
ꯄ | ꯞ | প / প্ |
ꯅ | ꯟ | ন / ন্ |
ꯆ | চ | |
ꯇ | ꯠ | ত / ত্ |
ꯈ | খ | |
ꯉ | ꯡ | ঙ / ঙ্ |
ꯊ | থ | |
ꯋ | ব | |
ꯌ | য | |
ꯍ | হ | |
ꯎ | উ | |
ꯏ | ꯢ | ই / ঈ |
ꯐ | ফ | |
ꯑ | অ | |
ꯒ | গ | |
ꯓ | ঝ | |
ꯔ | ৰ | |
ꯕ | ব | |
ꯖ | জ | |
ꯗ | দ | |
ꯘ | ঘ | |
ꯙ | ধ | |
ꯚ | ভ |
- ꫢ -- ছ
- ꫣ -- ঞ
- ꫤ -- ট
- ꫥ -- ঠ
- ꫦ -- গ
- ꫧ -- ঢ়
- ꫨ -- ণ
- ꫩ -- শ
- ꫪ -- ষ
মাত্ৰা
[সম্পাদনা কৰক]मात्राएँ | ꯀ + ꯣ = ꯀꯣ | ꯀ + ꯤ = ꯀꯤ | ꯀ + ꯥ = ꯀꯥ | ꯀ + ꯦ = ꯀꯦ | ꯀ + ꯧ = ꯀꯧ | ꯀ + ꯨ = ꯀꯨ | ꯀ + ꯩ = ꯀꯩ | ꯀ + ꯪ = ꯀꯪ |
---|---|---|---|---|---|---|---|---|
অসমীয়া | কো | কি | কা | কে | কৌ | কু | কৈ | কং |
অন্য বৰ্ণ
[সম্পাদনা কৰক]যদি ( ꯬ ) , ইয়াক আখৰৰ শেষত লগোৱা হয় তেন্তে ইয়াৰ অৰ্থ হ’ল আখৰটোৰ সুৰটো কোমল (downkey) হ'ব।
ব্যঞ্জনবৰ্ণৰ সংযুক্ত ৰূপ দেখুৱাবলৈ দুয়োটা সংযুক্ত ব্যঞ্জনবৰ্ণৰ তলত ৰেখা ( ꯭ ) টানি লোৱা হয়। উদাহৰণ স্বৰূপে,ꯄ꯭ꯔ = 'প্ৰ' । তলৰ ৰেখাডালৰ ইউনিক’ড অৱস্থান দুটা ব্যঞ্জনবৰ্ণৰ ইউনিক’ড মানৰ মাজত থাকে।
বাক্যৰ শেষৰ সূচক -- ( ꯫ )
সংখ্যা
[সম্পাদনা কৰক]সংখ্যা | ০ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
---|---|---|---|---|---|---|---|---|---|---|
মণিপুৰী ভাষাত | ꯰
ফুন্ |
꯱
অমা |
꯲
অনি |
꯳
অহুম্ |
꯴
মাৰি |
꯵
মঙা |
꯶
তৰুক |
꯷
নিপাল |
꯸
মাপল |
꯹
তৰা |
ইউনিক’ড
[সম্পাদনা কৰক]ইউনিক’ডৰ ২০০৯ চনৰ অক্টোবৰত প্ৰকাশিত ৫.২ সংস্কৰণত মৈতৈ লিপিক অন্তৰ্ভুক্ত কৰা হয়।
ইউনিক’ড ব্লক
[সম্পাদনা কৰক]মেইতেই লিপিৰ ইউনিক’ড ব্লকটোক মেইতেই ময়েক নামেৰে জনা যায় আৰু ই U+ABC0 ৰ পৰা U+ABFF ক'ড বিন্দুলৈ বিয়পি আছে।
মেইতেই লিপিত ঐতিহাসিক ভাবে ব্যৱহৃত চিহ্নবোৰ মেইতেই ময়েক এক্সটেঞ্চন ব্লকত U+AAE0 ৰ পৰা U+AAFF লৈ অন্তৰ্ভুক্ত কৰা হৈছে।
মৈতৈ ময়েক[1][2] মৈতৈ ময়েক ইউনিক'ড তালিকা (পি.ডি.এফ.) | ||||||||||||||||
0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | A | B | C | D | E | F | |
U+ABCx | ꯀ | ꯁ | ꯂ | ꯃ | ꯄ | ꯅ | ꯆ | ꯇ | ꯈ | ꯉ | ꯊ | ꯋ | ꯌ | ꯍ | ꯎ | ꯏ |
U+ABDx | ꯐ | ꯑ | ꯒ | ꯓ | ꯔ | ꯕ | ꯖ | ꯗ | ꯘ | ꯙ | ꯚ | ꯛ | ꯜ | ꯝ | ꯞ | ꯟ |
U+ABEx | ꯠ | ꯡ | ꯢ | ꯣ | ꯤ | ꯥ | ꯦ | ꯧ | ꯨ | ꯩ | ꯪ | ꯫ | ꯬ | ꯭ | ||
U+ABFx | ꯰ | ꯱ | ꯲ | ꯳ | ꯴ | ꯵ | ꯶ | ꯷ | ꯸ | ꯹ | ||||||
বি. দ্ৰ. |
মৈতৈ ময়েক এক্সটেঞ্চন[1][2] ঐতিহাসিক মৈতৈ ময়েক বৰ্ণৰ ইউনিক'ড তালিকা (পি.ডি.এফ.) | ||||||||||||||||
0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | A | B | C | D | E | F | |
U+AAEx | ꫠ | ꫡ | ꫢ | ꫣ | ꫤ | ꫥ | ꫦ | ꫧ | ꫨ | ꫩ | ꫪ | ꫫ | ꫬ | ꫭ | ꫮ | ꫯ |
U+AAFx | ꫰ | ꫱ | ꫲ | ꫳ | ꫴ | ꫵ | ꫶ | |||||||||
বি. দ্ৰ. |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- Chelliah, Shobhana L. (1997). A grammar of Meithei. Berlin: Mouton de Gruyter. ISBN 0-19-564331-3.
- Chelliah, Shobhana L. (2002). Early Meithei manuscripts. In C. I. Beckwith (Ed.), Medieval Tibeto-Burman languages: PIATS 2000: Tibetan studies: Proceedings of the ninth seminar of the International Association of Tibetan Studies, Leiden 2000 (pp. 59–71). Leiden, Netherlands: Brill.
- Chelliah, Shobhana L. (2002). A glossary of 39 basic words in archaic and modern Meithei. In C. I. Beckwith (Ed.), Medieval Tibeto-Burman languages: PIATS 2000: Tibetan studies: Proceedings of the ninth seminar of the International Association of Tibetan Studies, Leiden 2000 (pp. 189–190). Leiden, Netherlands: Brill.