মীনা স্বামীনাথন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


মীনা স্বামীনাথন
জন্ম ২৯ মাৰ্চ, ১৯৩৩
দিল্লী, ভাৰত
মৃত্যু ১৪ মাৰ্চ, ২০২২ (৮৮ বছৰ)
চেন্নাই, তামিলনাডু, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়
কেমব্ৰিজ বিশ্ববিদ্যালয়
পেচা শিক্ষাবিদ
দাম্পত্যসঙ্গী এম এছ স্বামীনাথন (বি. ১৯৫৫; দেহাৱসান পৰ্যন্ত ২০২২)
সন্তান ৩ গৰাকী


মীনা স্বামীনাথন (মালয়ালম: மீனா சுவாமிநாதன்; ২৯ মাৰ্চ ১৯৩৩ – ১৪ মাৰ্চ ২০২২) এগৰাকী ভাৰতীয় শিক্ষাবিদ আছিল। তেওঁৰ ক্ষেত্ৰ আছিল প্ৰাক-বিদ্যালয় শিক্ষা।[1] নতুন দিল্লীৰ ছেইণ্ট থমাছ স্কুলৰ শিক্ষয়িত্ৰী হিচাপে তেওঁ শ্ৰেণীকোঠাৰ ভিতৰত আৰু বাহিৰত শিক্ষা আৰু ভাষা শিকাৰ ক্ষেত্ৰত নাট্য ব্যৱহাৰৰ পদ্ধতি বিকশিত কৰিছিল।[2] শিশু নাট্যত তেওঁ সৃষ্টিশীল তাৎক্ষণিক পৰিৱেশনৰ (ইংৰাজী: improvisation) লগতে তথ্যচিত্ৰ লেখন আৰু প্ৰযোজনাত 'মাইম প্লে'ৰ কৌশল বিকশিত কৰিছিল। মীনা স্বামীনাথনে ১৯৫১ চনত কেমব্ৰিজত পঢ়ি থাকোঁতে ভাৰতীয় কৃষি বিজ্ঞানী, আৰু "সেউজ বিপ্লৱৰ পিতৃ" এম.এছ. স্বামীনাথনক লগ পায় আৰু পৰৱৰ্তী কালত তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]