মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯
দীঘল শিৰোনাম
  • বিবাহিতা মুছলমান মহিলাৰ অধিকাৰ সুৰক্ষা আৰু তেওঁলোকৰ স্বামীৰ দ্বাৰা তালাক উচ্চাৰণৰে বিবাহ-বিচ্ছেদ দিয়া কাৰ্য ৰোধ আৰু ইয়াৰ সৈতে সংযুক্ত বা সম্পৰ্কীত বিষয়ৰ বাবে প্ৰদান কৰা এখন আইন
ভাষ্য Act No. 20 of 2019
ভৌগোলিক পৰিসীমা ভাৰত
বিবেচনা কৰে ভাৰতৰ সংসদ
প্ৰণয়নকাৰী লোকসভা
প্ৰণয়নকাৰী ৰাজ্যসভা
সম্মতিৰ তাৰিখ ৩১ জুলাই ২০১৯
কাৰ্যকৰী হয় ১৯ চেপ্তেম্বৰ ২০১৮
বিধেয়কৰ ভাষ্য বিধেয়ক নং ২৪৭/ ২০১৯
উত্থাপন কৰোঁতা ৰবি শংকৰ প্ৰসাদ (আইন আৰু ন্যায় মন্ত্ৰী)
স্থিতি: প্ৰচলিত

মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯ (ইংৰাজী: Muslim Women (Protection of Rights on Marriage) Act, 2019) ভাৰতৰ সংসদত গৃহীত হোৱা এখন আইন, য’ত তিনি তালাকক অপৰাধ ৰূপে গণ্য কৰা হৈছে। ২০১৭ চনত উচ্চতম ন্যায়ালয়ে মুছলমান পুৰুষসকলে পত্নীক সহজে বিবাহ বিচ্ছেদ দিব পৰা তিনি তালাকৰ ব্যৱস্থাৱলীক অসংবিধানিক বুলি ঘোষণা কৰে।[1] সংখ্যালঘু নেতৃত্বই তিনি তালাকক নিয়ন্ত্ৰণ কৰিবলৈ সংসদে উপযুক্ত আইন প্ৰণয়নৰ বিবেচনাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল।[2][3]

২০১৭ চনৰ ডিচেম্বৰত উচ্চতম ন্যায়ালয় আৰু তিনি তালাক গোচৰৰ উদ্ধৃতি দি[4] চৰকাৰে মুছলমান মহিলা (বিবাহ অধিকাৰৰ সুৰক্ষা) বিধেয়ক, ২০১৭ দাখিল কৰে।[5] এই বিধেয়কত প্ৰস্থাৱ কৰা হৈছিল যে যি কোনো ৰূপত- মুখৰ কথাৰে, লিখিত ভাবে বা ইলেক্ট্ৰনিক মাধ্যমেৰে তিনি তালাক অবৈধ আৰু অকাৰ্যকৰী হব। লগতে ইয়াত তিনি তালাক দিয়া স্বামীক আইন ভঙ্গৰ অপৰাধত তিনি বছৰলৈকে কাৰাবাস দিয়াৰ ব্যৱস্থাও ৰখা হৈছিল।[5] বিধেয়কখন লোকসভাত গৃহীত হয়, যদিও উচ্চসদন ৰাজ্যসভাত বিৰোধীপক্ষই ইয়াক গৃহীত হ’বলৈ নিদিয়ে।[6][7]

বিধেয়কখন ২০১৯ চনৰ জুলাইত পুনৰবাৰ লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰা হয় আৰু ই গৃহীত হয়।[8][9] লগেলগে বিধেয়কখনে ৰাষ্ট্ৰপতিৰ সন্মতিও লাভ কৰে।[10] এই আইনখনে পীড়িতা মহিলাক অপ্ৰাপ্তবয়স্ক সন্তানৰ ভৰণ-পোষকৰ দাবী জনোৱাৰো অধিকাৰ দিছে। এমাহৰ ভিতৰতে আইনখৰ বিষয়ে জাননী জাৰী কৰা হ’ল। ইয়াক ২০১৮ চনৰ ১৯ চেপ্তেম্বৰৰ পৰা কাৰ্যকৰী কৰা হয়।[11]

ইতিহাস[সম্পাদনা কৰক]

২০১৭ৰ বিধেয়কখন লোকসভাত ২০১৮ চনৰ ২৭ ডিচেম্বৰত গৃহীত হয়[12] যদিও ৰাজ্যসভাৰ বিৰোধী পক্ষই ইয়াক ষ্টেণ্ডিং কমিটিৰ ওচৰলৈ প্ৰেৰণ কৰাৰ বাবে দাবী জনায়।[13][14] সংসদৰ অধিবেশনৰ সময়সীমাৰ ভিতৰত বিধেয়কখন গৃহীত নোহোৱাত ইয়াক কাৰ্যকৰী কৰিবলৈ এখন ৰাষ্ট্ৰপতিৰ অধ্যাদেশ জাৰী কৰা হয়। ২০১৯ চনৰ ২২ জানুৱাৰীত অধ্যাদেশৰ মিয়াদ উকলি যায়। ২০১৯ চনৰ ১০ জানুৱাৰীত পুনৰ একেখন বিধেয়ককে সংসদত উত্থাপন কৰে।[15][16] এইবাৰো লোকসভাত গৃহীত হয় যদিও ৰাজ্যসভাত ই স্থবিৰ হৈ ৰয়। ২০১৯ চনৰ এপ্ৰিলত সংসদৰ অধিবেশন স্থগিত হোৱাত বিধেয়কখনো তেনেকৈয়ে পৰি ৰয়।[17]

আকৌ নতুনকৈ মুছলমান মহিলা (বিবাহ অধিকাৰৰ সুৰক্ষা) অধ্যাদেশ, ২০১৯ জাৰী কৰা হয় আৰু ইয়াৰো মিয়াদো, সংসদৰ অধিবেশন আৰম্ভ হোৱাৰ ৬ সপ্তাহ পিছত, একে বছৰৰে ২৯ আগষ্টত উকলি যায়। চৰকাৰে ২০১৯ চনৰ ২১ জুনত লোকসভাত চৰকাৰে নতুন বিধেয়ক এখন উত্থাপন কৰে।[18][19] ই ২০১৯ চনৰ ২৫ জুনত লোকসভাত গৃহীত হয়। ৰাজ্যসভাত গৃহীত হয় ২০১৯ৰ ৩১ জুলাইত।[20][21] ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে় বিধেয়কত চহী কৰে ৩১ জুলাই ২০১৯ত। একে দিনাই ৰাজপত্ৰত জাননী জাৰীও কৰা হয়। এই আইন কাৰ্যকৰী হয় ১৯ চেপ্তেম্বৰ ২০১৮ৰ পৰা।[11]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Shayara Bano v. Union of India". Supreme Court Cases খণ্ড 9: 1–298. 2017. https://www.scconline.com/। আহৰণ কৰা হৈছে: 23 September 2019. 
  2. Deshpande, Pushkraj (30 January 2018). "India: Triple Talaq, Judgment Of Hon'ble Supreme Court And The Most Anticipated Triple Talaq Bill". www.mondaq.com. http://www.mondaq.com/india/x/668468/divorce/Triple+Talaq+Judgment+Of+Honble+Supreme+Court+And+The+Most+Anticipated+Triple+Talaq+Bill। আহৰণ কৰা হৈছে: 23 September 2019. 
  3. "Supreme court bars triple talaq". The Times of India. 22 August 2017. https://timesofindia.indiatimes.com/india/supreme-court-bars-triple-talaq-for-6-months-until-parliament-legislates-on-issue/articleshow/60170130.cms। আহৰণ কৰা হৈছে: 2 January 2019. 
  4. "'100 cases of instant triple talaq in the country since the SC judgement'". 28 December 2017. https://timesofindia.indiatimes.com/india/66-cases-of-triple-talaq-in-the-country-since-the-sc-judgement-law-minister/articleshow/62279519.cms. 
  5. 5.0 5.1 "Government introduces triple talaq bill in Lok Sabha". 28 December 2017. https://economictimes.indiatimes.com/news/politics-and-nation/government-introduces-triple-talaq-bill-in-lok-sabha/articleshow/62279081.cms. 
  6. Choudhury, Sunetra; Prabhu, Sunil (28 December 2017). "Landmark 'Triple Talaq' Bill Clears Lok Sabha, In Rajya Sabha Next". https://www.ndtv.com/india-news/triple-talaq-bill-in-parliament-now-minister-says-its-about-equality-1793027. 
  7. Prabhu, Sunil (5 January 2018). "No Triple Talaq Bill As Parliament's Winter Session Ends". In Dutta Roy, Divyanshu. NDTV. https://www.ndtv.com/india-news/in-triple-talaq-bill-clash-congress-orders-all-mps-to-attend-rajya-sabha-1796157। আহৰণ কৰা হৈছে: 2 January 2019. 
  8. "Lok Sabha passes instant triple talaq bill". Economic Times. 26 July 2019. https://economictimes.indiatimes.com/news/politics-and-nation/lok-sabha-passes-triple-talaq-bill-over-to-rajya-sabha-now/articleshow/70381627.cms। আহৰণ কৰা হৈছে: 2019-07-26. 
  9. "History made, triple talaq bill passed by Parliament". India Today. 30 July 2019. https://www.indiatoday.in/india/story/triple-talaq-bill-passed-in-rajya-sabha-1575309-2019-07-30। আহৰণ কৰা হৈছে: 2019-07-30. 
  10. "President Ram Nath Kovind gives assent to triple talaq Bill" (en-IN ভাষাত). The Hindu. 2019-08-01. ISSN 0971-751X. https://www.thehindu.com/news/national/president-ram-nath-kovind-gives-assent-to-triple-talaq-bill/article28780061.ece. 
  11. 11.0 11.1 "The Gazette of India. EXTRAORDINARY. PART II—Section 1". 31 July 2019. http://egazette.nic.in/WriteReadData/2019/209473.pdf. 
  12. "Lok Sabha debates bill 'criminalising' instant triple talaq: Who said what - Times of India". The Times of India. https://timesofindia.indiatimes.com/india/lok-sabha-debates-bill-criminalising-instant-triple-talaq-who-said-what/articleshow/67271378.cms। আহৰণ কৰা হৈছে: 27 December 2018. 
  13. "triple talaq bill in Rajya Sabha". The Times of India. https://timesofindia.indiatimes.com/india/triple-talaq-bill-in-rajya-sabha-on-monday-congress-others-set-to-oppose-it/articleshow/67309823.cms। আহৰণ কৰা হৈছে: 30 December 2018. 
  14. "triple talaq bill stuck in Rajya Sabha". The Times of India. https://timesofindia.indiatimes.com/india/triple-talaq-bill-stuck-in-rajya-sabha/articleshow/67460442.cms। আহৰণ কৰা হৈছে: 12 January 2019. 
  15. "Cabinet approves re-promulgation of triple talaq Ordinance- Economic Times". The Economic Times. https://economictimes.indiatimes.com/news/politics-and-nation/cabinet-approves-re-promulgation-of-triple-talaq-ordinance/articleshow/67477401.cms। আহৰণ কৰা হৈছে: 12 January 2019. 
  16. "Cabinet approves re-promulgation of triple talaq Ordinance- News18". The News18. https://www.news18.com/news/india/cabinet-approves-re-promulgation-of-triple-talaq-ordinance-1998651.html। আহৰণ কৰা হৈছে: 12 January 2019. 
  17. "Citizenship and triple talaq Bills lapse as budget session comes to an end" (en ভাষাত). Mint. https://www.livemint.com/politics/news/citizenship-and-triple-talaq-bills-lapse-as-budget-session-comes-to-an-end-1550083992860.html। আহৰণ কৰা হৈছে: 2019-02-17. 
  18. "Fresh triple talaq Bill introduced in Lok Sabha". Indian Express Website. https://economictimes.indiatimes.com/news/politics-and-nation/fresh-triple-talaq-bill-introduced-in-lok-sabha-oppositon-members-protest/articleshow/69891244.cms?from=mdr। আহৰণ কৰা হৈছে: 2019-07-31. 
  19. "THE MUSLIM WOMEN (PROTECTION OF RIGHTS ON MARRIAGE)BILL, 2019". Lok Sabha India Website. http://164.100.47.4/BillsTexts/LSBillTexts/PassedLoksabha/82_Eng_Muslim_2019.pdf। আহৰণ কৰা হৈছে: 2019-07-30. 
  20. "Lok Sabha passes instant triple talaq bill". Economic Times. https://economictimes.indiatimes.com/news/politics-and-nation/lok-sabha-passes-triple-talaq-bill-over-to-rajya-sabha-now/articleshow/70381627.cms। আহৰণ কৰা হৈছে: 2019-07-26. 
  21. "triple talaq bill passed in Rajya Sabha - India Today". India Today. https://www.indiatoday.in/india/story/triple-talaq-bill-passed-in-rajya-sabha-1575309-2019-07-30। আহৰণ কৰা হৈছে: 2019-07-30.