মৃত্যু গচকি আনা জয়জিনি
মৃত্যু গচকি আনা জয়জিনি | |
---|---|
লেখক | বীৰেণ বৰকটকী |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বিষয় | উপন্যাস |
প্ৰকাৰ | জীৱনীমূলক উপন্যাস |
প্ৰকাশক | ষ্টুডেন্টচ্ ষ্ট'ৰচ, গুৱাহাটী |
প্ৰকাশ | ডিচেম্বৰ,১৯৮৮(প্ৰথম প্ৰকাশ) |
পৃষ্ঠা সংখ্যা | ১৬২ |
মৃত্যু গচকি আনা জয়জিনি সাহিত্যিক বীৰেণ বৰকটকী ৰচিত এখন জীৱনীভিত্তিক উপন্যাস। উপন্যাসখন কনকলতা বৰুৱাৰ জীৱনৰ আধাৰত ৰচিত। ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি ১৬ বছৰ বয়সতে দেশৰ হকে ছহীদ হোৱা কনকলতা বৰুৱা গহপুৰৰ নিবাসী আছিল।[1]
লেখকৰ পৰিচয়
[সম্পাদনা কৰক]আৱাহন যুগৰ পৰা কবিতা লিখি সাহিত্যিক জীৱনৰ পাতনি মেলা বীৰেন বৰকটকীয়ে পৰৱৰ্তী সময়ত ঔপন্যাসিক, সমালোচক তথা অনুবাদক হিচাপে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে।
গ্ৰন্থৰ সংক্ষিপ্ত বিৱৰণ
[সম্পাদনা কৰক]গ্ৰন্থখনত কনকলতা বৰুৱা শৈশৱৰ পৰা স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি ছহীদ হোৱালৈকে সময়ছোৱাক উপস্থাপন কৰিছে। সৰুৰে পৰাই সাহসী আৰু স্পষ্টবাদীতাৰ পৰিচয় দিয়া কনকলতাই ২০ ছেপ্তেম্বৰ তাৰিখে বৰঙাবাৰীৰ পৰা গহপুৰ থানাত পতাকা উত্তোলনৰ বাবে ওলোৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । এই শোভাযাত্ৰাৰ কাৰ্যসূচীত প্ৰথমে সদস্য হিচাপেহে অন্তৰ্ভুক্ত কৰিছিল কিন্তু কনকলতা বৰুৱাই নিজৰ যুক্তি আৰু আগ্ৰহ দেখুৱাই এক প্ৰকাৰৰ জোৰ-জবৰদস্তিয়ে মৃত্যুবাহিনীত নামভৰ্তি কৰি লয়। কাৰণ ১৮ বছৰ বয়সৰ পৰাহে মৃত্যুবাহিনীত নাম দিয়ে। কিন্তু ১৮ বছৰ বয়স নোহোৱাত কনকলতাক মৃত্যুবাহিনীত অংশগ্ৰহণ কৰিবলৈ শোভাযাত্ৰাৰ নেতৃ পুষ্পলতা দাস অমান্তি হৈছিল। পাছত কনকলতা সাহস আৰু একাগ্ৰতাত নাম ভৰাবলৈ বাধ্য হয়। এনেদৰে কনকলতা বৰুৱাই দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ব্ৰিটিছৰ গুলিত মৃত্যুবৰণ কৰে। উপন্যাসখনত কনকলতা বৰুৱাৰ লগতে গহপুৰ অঞ্চলৰ সমসাময়িক সমাজখন তথা ব্ৰিটিছ অধ্যুষিত অসমৰ সামগ্ৰিক এক ছবি এখন প্ৰকাশ পাইছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ কীৰ্তনীয়া, দেৱ. "কনকলতা বৰুৱা আৰু জীৱনী". Dev Library. https://devlibrary.in/biography-of-kanaklata-barua-in-assamse। আহৰণ কৰা হৈছে: 1 November 2024.