মেথিল দেৱীকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেথিলী দেৱীকা
জন্ম ১৯৭৬ চন
ডুবাই, ইউ. এ. ই.
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান
পেচা গৱেষক, নৃত্যশিল্পী
জনা যায় ভাৰতীয় শাস্ত্ৰীয় নৃত্য, মোহিনীঅট্টম
দাম্পত্যসঙ্গী
পিতৃ-মাতৃ এন গোপালাচাৰী, মেথিল ৰাজেশ্বৰী
আত্মীয়-স্বজন ৰাধিকা পিল্লাই(ভনী)
মেথিক ৰেণুকা (ভনী)

মেথিল দেৱীকা, জন্ম: ১৯৭৬ চন, এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু গৱেষণা তত্ত্বাৱধায়ক।[3] তেওঁ ইছৰোৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ স্পেচ ছায়েন্স এণ্ড টেকন'লজিৰ জ্যেষ্ঠ গৱেষণা সহযোগী আছিল, ২০২৩ চনত তেওঁৰ নিজে পৰিকল্পনা কৰা আৰ্টচ্ ইণ্টিগ্ৰেটেড এডভান্স চাইন্স প্ৰজেক্টত কাম কৰিছিল।[4] বৰ্তমান তেওঁ কেৰালাৰ মুখ্যমন্ত্ৰীৰ নভা কেৰালা পোষ্ট ডক্টৰেট ফেল'শ্বিপ কৰি আছে। তেওঁৰ গৱেষণাৰ বিষয়, মন্দিৰ পৰিসৰত মহিলা নৃত্যশিল্পীৰ বাবে নতুন প্ৰদৰ্শন স্থান: এ ষ্টাডি অন হাউ দ্য মডাৰ্ণ উইমেন ৰি-ইনভাৰ্ট হাৰ ইছ'টেৰিক স্পেচ।[5]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

দেৱীকাৰ দুগৰাকী জ্যেষ্ঠ ভগ্নীৰ এগৰাকী ৰাধিকা পিল্লাই, শিক্ষক আৰু কলা সমালোচক আৰু মেথিল ৰেণুকা[3] যিয়ে ফৰ্বছৰ সম্পাদক হিচাপে কাম কৰে। প্ৰখ্যাত সাহিত্যিক মেথিল ৰাধাকৃষ্ণন তেওঁৰ আপোন মোমায়েক। লেখক ভি কে এনৰ পত্নী বেদৱতী তেওঁৰ নিজৰ মাহীয়েক।[3]

মেথিল দেৱীকাই তিৰুচিৰাপল্লীৰ ভাৰতীদাসন বিশ্ববিদ্যালয়ৰ পৰা মোহিনীঅট্টমত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে।[6] তেওঁ কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ্য কলাত এম.এ. আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰিছে।[7]

কৃতিত্ব[সম্পাদনা কৰক]

মেথিল দেৱীকাই ভাৰতখজুৰাহো আন্তঃৰাষ্ট্ৰীয় মহোৎসৱকে ধৰি বিভিন্ন নৃত্য মহোৎসৱত এককভাৱে নৃত্য পৰিৱেশন কৰিছে।[8]

তেওঁ মাদ্ৰাজ মিউজিক একাডেমী,[9] মুদ্ৰা উৎসৱ[10] আৰু নিশাগন্ধি নৃত্য উৎসৱত নৃত্য অনুষ্ঠান পৰিৱেশন কৰিছে।[11] বিদেশৰ মাটিত তেওঁ বষ্টন,[12] নিউয়ৰ্ক চহৰ, টেক্সাছ, ফিলাডেলফিয়া, লাওছ,[13] চিয়াং মাই,[14] ছিডনী আৰু মেলবৰ্ণ[15] আদি বিভিন্ন দেশত অনুষ্ঠান পৰিৱেশন কৰিছে।

ডকুমেণ্টেছন[সম্পাদনা কৰক]

২০১৮ চনত দেৱীকাই এখন চুটি ছবি তথ্যচিত্ৰ সৰ্পততৱাম বা দ্য চাৰ্পেণ্ট উইজডম নামৰ এখন চুটি ছবি নিৰ্মাণ কৰিছিল। ছবিখনত তেওঁ গীতৰ কথা লিখে আৰু সংগীত সংযোজন কৰে, নৃত্যৰ নৃত্য পৰিচালনা আৰু পৰিৱেশন কৰাৰ উপৰি সহ-পৰিচালক আৰু সহ-প্ৰযোজক হিচাপেও কাম কৰে।[16] ২০১৮ চনত এই ছবিখনে অকাডেমী বঁটাৰ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈ ভোট লাভ কৰিছিল।[17] এল এৰ প্ৰেষ্টিজ থিয়েটাৰত ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ হোৱাৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰতো ই প্ৰদৰ্শিত হৈছিল। ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ, পুনেতো ছবিখন মুকলি কৰা হৈছিল।

সম্প্ৰদায় ডান্স কোম্পানীয়ে পৃষ্ঠপোষকতা কৰা মেথিল দেৱীকাৰ আন এক সৃষ্টি “অহল্যা’’ও ২০২১ চনৰ মে' মাহত বিশ্ব প্ৰিমিয়াৰৰ বাবে মুকলি হয়।[18]

বঁটা[সম্পাদনা কৰক]

দেৱীকাৰ আৰ্কাইভত সংগৃহীত ছবিখন ২০১৮ চনৰ অকাডেমী বঁটাৰ প্ৰতিদ্বন্দ্বিতা তালিকাত ভোট লাভ কৰিছিল।[19][17] তেওঁ দুটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰে, মোহিনীঅট্টম ২০০৭ৰ[20] বাবে “উস্তাদ বিছমিল্লাহ যুৱাপুৰস্কাৰ’’ আৰু ২০১০ চনত উৰিষ্যাৰ মন্ত্ৰীৰ পৰা “দেৱদাসী বঁটা’’ লাভ কৰে।[21] তেওঁ লাভ কৰা ৰাজ্যিক সন্মান হ’ল, ক্ষেত্ৰকলা একাডেমী বঁটা ২০২০[22] আৰু কেৰালা সংগীত নাটক অকাডেমী বঁটা ২০১১ চনৰ।[23][24]

২০১৬ চনত মাদ্ৰাজ মিউজিক অকাডেমীৰ পৰা মিড-ইয়াৰ ফেষ্টৰ শ্ৰেষ্ঠ নৃত্যশিল্পী বঁটা লাভ কৰে।[25] ২০১০ চনত তেওঁক SPIC‐MACAY অৰ্থাৎ ছ'চাইটি ফৰ দ্য প্ৰমোচন অৱ ইণ্ডিয়ান ক্লাছিকেল মিউজিক এণ্ড কালচাৰ এমংষ্ট ইউথত নিযুক্তি দিয়া হয়।[26][27] তেওঁ ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদত মোহিনীঅট্টমৰ বাবে এম্পেনেল শিল্পী।[28] শেহতীয়াকৈ তেওঁৰ বঁটা হৈছে দক্ষিণমূৰ্তিপুৰস্কাৰ, যিটো তেওঁ ২০২২ চনত পণ্ডিত হৰিপ্ৰসাদ চৌৰসিয়া আৰু শিৱামণিৰ সৈতে লাভ কৰে।[29]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "ഇത് ഞങ്ങള്‍ കാത്തിരുന്ന വിവാഹം - articles,infocus_interview". Mathrubhumi.com. Archived from the original on 2014-03-18. https://web.archive.org/web/20140318180508/http://www.mathrubhumi.com/mb4eves/online/malayalam/kerala/women/articles/infocus_interview-article-410052। আহৰণ কৰা হৈছে: 2014-03-19. 
  2. Radhika C. Pillai (9 November 2013). "My marriage with Mukesh is an arranged one: Methil Devika". The Times of India. Archived from the original on 14 November 2013. https://web.archive.org/web/20131114092006/http://articles.timesofindia.indiatimes.com/2013-11-09/news-and-interviews/43853904_1_love-marriage-mukesh-sandhya. 
  3. 3.0 3.1 3.2 "methil devika" (en ভাষাত). eShe. https://eshe.in/tag/methil-devika/। আহৰণ কৰা হৈছে: 2021-05-24. 
  4. "Women have come a long way, but a little more improvement won't do harm: Kerala Minister Mridula Ramesh" (en ভাষাত). India Today. https://www.indiatoday.in/india/video/women-have-come-a-long-way-but-a-little-more-improvement-wont-do-harm-kerala-minister-mridula-ramesh-2387884-2023-06-02। আহৰণ কৰা হৈছে: 2023-07-21. 
  5. "GOVERNMENT OF KERALA". Archived from the original on 2023-05-29. https://web.archive.org/web/20230529014051/http://www.kshec.kerala.gov.in/images/pdf/List_merged.pdf। আহৰণ কৰা হৈছে: 2024-03-18. 
  6. "Dancing to the tunes of life" (en ভাষাত). Deccan Chronicle. 16 February 2017. https://www.deccanchronicle.com/lifestyle/books-and-art/160217/dancing-to-the-tunes-of-life.html. 
  7. "Dancing to the tunes of life". https://www.deccanchronicle.com/lifestyle/books-and-art/160217/dancing-to-the-tunes-of-life.html। আহৰণ কৰা হৈছে: 2023-07-21. 
  8. "So much divine energy in Khajuraho: Methil Devika" (en ভাষাত). INDIA New England News. 2016-03-07. Archived from the original on 2021-07-28. https://web.archive.org/web/20210728212359/https://indianewengland.com/2016/03/much-divine-energy-khajuraho-methil-devika/। আহৰণ কৰা হৈছে: 2021-05-24. 
  9. Kochi, RITZ (2019-01-22). "Redefining Dance : A Chat With Dr.Methil Devika! | RITZ" (en-US ভাষাত). https://www.ritzmagazine.in/redefining-dance-a-chat-with-dr-methil-devika/। আহৰণ কৰা হৈছে: 2021-05-24. 
  10. Nisha (2010-09-17). "Exquisite recitals" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/friday-review/dance/Exquisite-recitals/article15971330.ece. 
  11. Nampoothiri, Hareesh N. (2015-02-05). "Potpourri of dance" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/friday-review/nishagandhi-festival-review/article6856139.ece. 
  12. "Mohiniyattam recital by Methil Devika in Boston!! at Chinmaya Mission Auditorium, Andover, MA | Indian Event" (en ভাষাত). events.sulekha.com. https://events.sulekha.com/mohiniyattam-recital-by-methil-devika-in-boston_event-in_andover-ma_294065। আহৰণ কৰা হৈছে: 2021-05-24. 
  13. "First Indian Classical Dance Show Debuts in Vientiane Capital – Lao Tribune" (en-US ভাষাত). 26 January 2017. https://laotribune.com/first-indian-classical-dance-show-debuts-in-vientiane-capital/। আহৰণ কৰা হৈছে: 2021-05-24. 
  14. "Indian Dance and Fashion Show at Central festival" (en-US ভাষাত). Chiang Mai Citylife. http://www.chiangmaicitylife.com/social-pics/indian-dance-and-fashion-show-at-central-festival/। আহৰণ কৰা হৈছে: 2021-05-24. 
  15. admin. "Methil Devika Dance workshop in Melbourne" (en-US ভাষাত). Indian Events | Movies | Australian. https://www.india2australia.com/methil-devika-dance-workshop-in-melbourne/। আহৰণ কৰা হৈছে: 2021-05-24. 
  16. Nagarajan, Saraswathy (20 September 2018). "In tune with the dance of the serpent" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/methil-devika-delves-into-the-myth-of-the-serpent-in-rajesh-kadambas-documentary-sarpatatwam/article24994940.ece. 
  17. 17.0 17.1 Slayton, Jeff (26 September 2018). "Sarpathathwa -The Serpent Wisdom: A Beautiful Short Film by Indian Classical Dancer Methil Devika" (en-US ভাষাত). L.A. Dance Chronicle. https://www.ladancechronicle.com/sarpathathwa-the-serpent-wisdom-a-beautiful-short-film-by-indian-classical-dancer-methil-devika/। আহৰণ কৰা হৈছে: 2021-05-24. 
  18. Kumar, P. k Ajith (2021-05-06). "When life imitates art during pandemic" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/dance/when-life-imitates-art-during-pandemic/article34496090.ece. 
  19. "Review - Sarpatatwam - Padma Jayaraj". narthaki.com. https://narthaki.com/info/rev20/rev2500.html। আহৰণ কৰা হৈছে: 2021-05-24. 
  20. "Methil Devika interacts with students in the city - Times of India". 19 April 2013. https://timesofindia.indiatimes.com/city/vadodara/methil-devika-interacts-with-students-in-the-city/articleshow/19635783.cms. 
  21. "Keeping a tradition alive". The New Indian Express. https://www.newindianexpress.com/states/odisha/2010/oct/01/keeping-a-tradition-alive-191386.html। আহৰণ কৰা হৈছে: 2021-05-24. 
  22. "Thiraseela.com". thiraseela.com. https://thiraseela.com/achievement। আহৰণ কৰা হৈছে: 2021-05-24. 
  23. "Kerala Sangeetha Nataka Akademi Award: Dance". Department of Cultural Affairs, Government of Kerala. http://www.keralaculture.org/dance-a-ksna/466। আহৰণ কৰা হৈছে: 26 February 2023. 
  24. "Methil Devika" (en ভাষাত). Mathrubhumi. 14 January 2019. https://english.mathrubhumi.com/mbifl2019/speakers/methil-devika-mbifl-2019-1.3480230। আহৰণ কৰা হৈছে: 2021-05-24. 
  25. Srikanth, Rupa (2016-07-08). "Dance of grace" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/friday-review/Dance-of-grace/article14477818.ece. 
  26. "Samskriti: Collaborations With SPIC MACAY | Amrita Vishwa Vidyapeetham". www.amrita.edu. https://www.amrita.edu/association/samskriti/spicmacay। আহৰণ কৰা হৈছে: 2021-05-24. 
  27. "Forgotten moves" (en ভাষাত). Hindustan Times. 2013-04-10. https://www.hindustantimes.com/brunch/forgotten-moves/story-YNkBi7SiizJlIsK8LdgqDL.html। আহৰণ কৰা হৈছে: 2021-05-24. 
  28. "Dr. Methil Devika | Indian Council for Cultural Relations". www.iccr.gov.in. https://www.iccr.gov.in/cultural/list-of-empanelment-artist/dr-methil-devika। আহৰণ কৰা হৈছে: 2021-05-24. 
  29. "Singer Nanchamma, 3 others to receive awards". The Times of India. 2022-12-13. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/kochi/singer-nanchamma-3-others-to-receive-awards/articleshow/96187270.cms.