মেইতেই লিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মৈতৈ ময়েকৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
মেইতেই ময়েক
ꯃꯤꯇꯩ ꯃꯌꯦꯛ
Meithei manuscript, a Indian language.jpg
প্ৰকাৰ আবুগিদা
ভাষা মণিপুৰী ভাষা
ISO 15924 Mtei, 337
দিশ বাওঁৰ পৰা সোঁ
ইউনিক'ড নাম Meetei Mayek
ইউনিক'ড ৰে'ঞ্জ
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে।

মেইতেই লিপি বা মেইতেই ময়েক মণিপুৰত প্ৰচলিত মেইতেই ভাষা (মণিপুৰী ভাষা) লিখিবলৈ ব্যৱহাৰ কৰা হয়। মেইতেই ময়েক হৈছে একপ্ৰকাৰৰ আবুগিদা লিখন পদ্ধতি। ১৮শ শতিকালৈ এই লিপিৰ প্ৰচলন আছিল যদিও তাৰ পাছৰ শতিকাত বাংলা লিপিয়ে ইয়াৰ স্থান লয়। বৰ্তমানে এই লিপিৰ পুনৰুদ্ধাৰ কৰা হৈছে আৰু মেইতেই ভাষা লিখিবৰ বাবে আধিকাৰিক ভাবে ব্যৱহাৰ কৰা হয়।

মেইতেই লিপিত পোন্ধৰটা ব্যঞ্জনবৰ্ণ আৰু তাৰ লগতে তিনিটা স্বৰবৰ্ণ মেইতেই ভাষাৰ থলুৱা শব্দবোৰ লিখিবৰ বাবে ব্যৱহাৰ কৰা হয়। আন নটা ব্যঞ্জনবৰ্ণ ভাৰতীয় লিপিসমূহৰ পৰা ব্যৱহাৰৰ বাবে ধাৰ কৰা হৈছে। লিপিটোত সাতটা স্বৰবৰ্ণৰ চিহ্ন আৰু এটা ব্যঞ্জনবৰ্ণৰ চিহ্নও (/ŋ/) ব্যৱহৃত হয়।

মেইতেই লিপিৰ এক বিশেষ বৈশিষ্ট্য হ'ল যে বৰ্ণসমূহৰ নামাকৰণৰ বাবে শৰীৰৰ অংগসমূহৰ নামৰ ব্যৱহাৰ। প্ৰতিটো বৰ্ণৰ নাম মেইতেই ভাষাৰ মানৱ শৰীৰৰ একোটা অংগৰ ওপৰত ৰখা হৈছে। উদাহৰণ স্বৰূপে প্ৰথম বৰ্ণ "কক্"-ৰ অৰ্থ হ'ল মূৰ বা শিৰ; দ্বিতীয় বৰ্ণ "চাম" মানে চুলি; তৃতীয় বৰ্ণ "লাই" মানে কপাল, ইত্যাদি।

ইউনিক’ড[সম্পাদনা কৰক]

ইউনিক’ডৰ ২০০৯ চনৰ অক্টোবৰত প্ৰকাশিত ৫.২ সংস্কৰণত মৈতৈ লিপিক অন্তৰ্ভুক্ত কৰা হয়।

ইউনিক’ড ব্লক[সম্পাদনা কৰক]

মেইতেই লিপিৰ ইউনিক’ড ব্লকটোক মেইতেই ময়েক নামেৰে জনা যায় আৰু ই U+ABC0 ৰ পৰা U+ABFF ক'ড বিন্দুলৈ বিয়পি আছে।

মেইতেই লিপিত ঐতিহাসিক ভাবে ব্যৱহৃত চিহ্নবোৰ মেইতেই ময়েক এক্সটেঞ্চন ব্লকত U+AAE0 ৰ পৰা U+AAFF লৈ অন্তৰ্ভুক্ত কৰা হৈছে।

মৈতৈ ময়েক[1][2]
মৈতৈ ময়েক ইউনিক'ড তালিকা (পি.ডি.এফ.)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+ABCx
U+ABDx
U+ABEx
U+ABFx
বি. দ্ৰ.
১.^ ইউনিক'ড সংস্কৰণ ৮.০ অনুসৰি
২.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে।
মৈতৈ ময়েক এক্সটেঞ্চন[1][2]
ঐতিহাসিক মৈতৈ ময়েক বৰ্ণৰ ইউনিক'ড তালিকা (পি.ডি.এফ.)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+AAEx
U+AAFx     
বি. দ্ৰ.
1.^ ইউনিক'ড সংস্কৰণ ৮.০ অনুসৰি
2.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • Chelliah, Shobhana L. (1997). A grammar of Meithei. Berlin: Mouton de Gruyter. ISBN 0-19-564331-3.
  • Chelliah, Shobhana L. (2002). Early Meithei manuscripts. In C. I. Beckwith (Ed.), Medieval Tibeto-Burman languages: PIATS 2000: Tibetan studies: Proceedings of the ninth seminar of the International Association of Tibetan Studies, Leiden 2000 (pp. 59–71). Leiden, Netherlands: Brill.
  • Chelliah, Shobhana L. (2002). A glossary of 39 basic words in archaic and modern Meithei. In C. I. Beckwith (Ed.), Medieval Tibeto-Burman languages: PIATS 2000: Tibetan studies: Proceedings of the ninth seminar of the International Association of Tibetan Studies, Leiden 2000 (pp. 189–190). Leiden, Netherlands: Brill.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]