মৈত্ৰেয়ী দেবী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


মৈত্ৰেয়ী দেবী
চিত্ৰ:মৈত্ৰেয়ী দেৱী.jpg
জন্ম ১ ছেপ্টেম্বৰ, ১৯১৪
কলিকতা
মৃত্যু ২৯ জানুৱাৰী, ১৯৮৯
পেচা কবি, ঔপন্যাসিক (বাংলা ভাষা)

মৈত্ৰেয়ী দেবী (ইংৰাজী: Maitreyi Devi, জন্ম:১৯১৪ - মৃত্যু:১৯৮৯) হৈছে বাংলা ভাষাৰ কবি তথা ঔপন্যাসিক। তেওঁ দাৰ্শনিক সুৰেন্দ্ৰনাথ দাসগুপ্তৰ জীয়াৰী আছিল। সাহিত্যত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা বিশেষভাবে শিক্ষাপ্ৰাপ্ত আছিল।

শিক্ষা[সম্পাদনা কৰক]

কলিকতাৰ যোগমায়া দেবী কলেজৰ পৰা দৰ্শনত স্নাতক[1]

কৰ্ম তথা সাহিত্য জীৱন[সম্পাদনা কৰক]

মাত্ৰ ষোল্ল বছৰ বয়সত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভূমিকা সন্বলিত তেখেতৰ প্ৰথম কাব্যগ্ৰন্থ প্ৰকাশিত হৈছিল। ৰবীন্দ্ৰনাথৰ জী্ৱনৰ শেষ পোন্ধৰ বছৰত তেওঁ আছিল ৰবীন্দ্ৰনাথৰ ঘনিষ্ঠ সহযোগী। "Rabindranath--the man behind his poetry" [2]নামৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱনীমূলক গ্ৰন্থ লিখা মৈত্ৰেয়ী দেবীয়ে ছোভিয়েট ইউনিয়ন, ইউৰোপ আৰু আমেৰিকাত তেওঁ ৰবীন্দ্ৰনাথৰ ওপৰত আৰু শান্তিৰ সমস্যা বিষয়ক বহুতো ভাষণ দিছিল। মৈত্ৰেয়ী দেবীৰ "ন হন্যতে" উপন্যাসখনৰ ভিত্তিতে বলীউডৰ বিখ্যাত চলচিত্ৰ "Hum Dil De Chuke Sanam" নিৰ্মাণ কৰা হৈছিল।

তেখেতে কলিকতাৰ পৰা ২৪ মাইল নিলগৰ বাদু নামৰ গাওঁ এখনত ৯ বিঘা মাটিজোৰা কৃষি, মীন পালন, মৌ পালন, গো পালন, হা্হঁ কুকুৰা পামৰে সৈতে "খেলাঘৰ" নামৰ শিশু নিবাস তথা অনাথ আশ্ৰম আৰু প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তুলিছিল।

পুৰস্কা্ৰ[সম্পাদনা কৰক]

১৯৬১ চনত ৰবীন্দ্ৰ শতবাৰ্ষিকীত আমন্ত্ৰিত হৈ তেওঁ বুলগেৰিয়া, হাংগেৰী আৰু ছোভিয়েট ইউনিয়নলৈ গৈছিল। ছোভিয়েট ইউনিয়নে তেওঁক ৰবীন্দ্ৰ শতবাৰ্ষিকী পদকেৰে ভূষিত কৰে। ১৯৭৫ চনত ভাৰতীয় লেখিকা সংঘই "ন হন্যতে" ঊপন্যাসৰ বাবে সন্মানসূচক পদক আগবঢ়ায়। ১৯৭৬ চনত "ন হন্যতে" পুথিখনৰ বাবেই তেওঁ সাহিত্য একাডেমী বটা লাভ কৰে[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. History of the College
  2. Devi, Maitreyi (1973). Rabindranath--the man behind his poetry. Sudhir Das at Nabajatak Printers. http://books.google.co.in/books/about/Rabindranath_the_man_behind_his_poetry.html?id=dp1jAAAAMAAJ&redir_esc=y. 
  3. ন হন্যতে, মৈত্ৰেয়ী দেবী