মৈত্ৰেয়ী দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৈত্ৰেয়ী দেৱী
জন্ম ১ ছেপ্টেম্বৰ, ১৯১৪
কলিকতা
মৃত্যু ০৪ ফেব্ৰুৱাৰী, ১৯৯০ (৭৫ বছৰ)[1]
পেচা কবি, ঔপন্যাসিক (বঙালী ভাষা)

মৈত্ৰেয়ী দেৱী (ইংৰাজী: Maitreyi Devi, ১৯১৪ - ১৯৯০) হৈছে বঙালী ভাষাৰ কবি তথা ঔপন্যাসিক। তেওঁ দাৰ্শনিক সুৰেন্দ্ৰনাথ দাসগুপ্তৰ জীয়াৰী আছিল। সাহিত্যত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা বিশেষভাৱে শিক্ষাপ্ৰাপ্ত আছিল।

শিক্ষা[সম্পাদনা কৰক]

তেওঁ কলিকতাৰ যোগমায়া দেৱী কলেজৰ পৰা দৰ্শনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[2]

কৰ্ম তথা সাহিত্য জীৱন[সম্পাদনা কৰক]

মাত্ৰ ষোল্ল বছৰ বয়সত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভূমিকা সন্বলিত তেখেতৰ প্ৰথম কাব্যগ্ৰন্থ প্ৰকাশিত হৈছিল। ৰবীন্দ্ৰনাথৰ জীৱনৰ শেষ পোন্ধৰ বছৰত তেওঁ আছিল ৰবীন্দ্ৰনাথৰ ঘনিষ্ঠ সহযোগী। "Rabindranath - the man behind his poetry"[3] নামৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱনীমূলক গ্ৰন্থ লিখা মৈত্ৰেয়ী দেৱীয়ে ছোভিয়েট ইউনিয়ন, ইউৰোপ আৰু আমেৰিকাত তেওঁ ৰবীন্দ্ৰনাথৰ ওপৰত আৰু শান্তিৰ সমস্যা বিষয়ক বহুতো ভাষণ দিছিল। মৈত্ৰেয়ী দেৱীৰ "ন হন্যতে" উপন্যাসখনৰ ভিত্তিতে বলিউডৰ বিখ্যাত চলচ্চিত্ৰ "হম দিল দে চুকে সনম" নিৰ্মাণ কৰা হৈছিল।

তেখেতে কলিকতাৰ পৰা ২৪ মাইল নিলগৰ বাদু নামৰ গাঁও এখনত ৯ বিঘা মাটিজোৰা কৃষি, মীন পালন, মৌ পালন, গো পালন, হাঁহ কুকুৰা পামৰে সৈতে "খেলাঘৰ" নামৰ শিশু নিবাস তথা অনাথ আশ্ৰম আৰু প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তুলিছিল।

পুৰস্কাৰ[সম্পাদনা কৰক]

১৯৬১ চনত ৰবীন্দ্ৰ শতবাৰ্ষিকীত আমন্ত্ৰিত হৈ তেওঁ বুলগেৰিয়া, হাংগেৰী আৰু ছোভিয়েট ইউনিয়নলৈ গৈছিল। ছোভিয়েট ইউনিয়নে তেওঁক ৰবীন্দ্ৰ শতবাৰ্ষিকী পদকেৰে ভূষিত কৰে। ১৯৭৫ চনত ভাৰতীয় লেখিকা সংঘই "ন হন্যতে" ঊপন্যাসৰ বাবে সন্মানসূচক পদক আগবঢ়ায়। ১৯৭৬ চনত "ন হন্যতে" পুথিখনৰ বাবেই তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. দিনেশচন্দ্ৰ জয়ধৰ (১ ছেপ্তেম্বৰ ২০১৬). "অনন্য সাহিত্যিক মৈত্ৰেয়ী দেবী". এইবেলা. Archived from the original on ৬ নৱেম্বৰ ২০১৬. https://web.archive.org/web/20161106001327/http://eibela.com/article/%E0%A6%85%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%AF-%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%BF%E0%A6%95-%E0%A6%AE%E0%A7%88%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A7%9F%E0%A7%80-%E0%A6%A6%E0%A7%87%E0%A6%AC%E0%A7%80। আহৰণ কৰা হৈছে: ২ ফেব্ৰুৱাৰী ২০২৪. 
  2. "History of the College". Archived from the original on 2011-07-26. https://web.archive.org/web/20110726210012/http://www.jogamayadevicollege.org/history.htm। আহৰণ কৰা হৈছে: 2013-01-29. 
  3. Devi, Maitreyi (1973). Rabindranath--the man behind his poetry. Sudhir Das at Nabajatak Printers. http://books.google.co.in/books/about/Rabindranath_the_man_behind_his_poetry.html?id=dp1jAAAAMAAJ&redir_esc=y. 
  4. ন হন্যতে, মৈত্ৰেয়ী দেৱী