য়াজিদি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
য়াজিদি
Êzidîtî
Yezidis of Jabal.jpg
ইৰাক আৰু ছিৰিয়াৰ সীমান্তত চিনজাৰ পৰ্বত (mountain of Sinjar)ত য়াজিদিসকল, ১৯২০ৰ দশকত
সৰ্বমুঠ জনসংখ্যা

1,000,000[1][2][3]

সৰ্বাধিক জনসংখ্যা বিশিষ্ট অঞ্চল
 ইৰাক 850,000 [4]
 জাৰ্মানী 200,000 [1][5]
 ছিৰিয়া 50,000[6][7]
 ৰাছিয়া 70,000 [8]
 আৰ্মেনিয়া 60,000 [9]
 জৰ্জিয়া 20,000 (18,000 in Tbilisi) [10]
 ছুইডেন 7,000 [5]
ধৰ্ম
Iranian religions
গ্ৰন্থ
Yazidi Book of Revelation (Kitêba Cilwe)
Yazidi Black Book (Mishefa Reş)
ভাষা
Arabic and Kurdish (Latin)

য়াজিদি (ইংৰাজী: Yazidi) কূৰ্দিছ (Kurdish) আৰু আৰবী (Arabic) ভাষী এটা জাতি৷ এওঁলোক জ'ৰ'ষ্ট্ৰীয়ানিজম (Zoroastrianism) আৰু মেছ'পটেমিয়াৰ প্ৰাচীন ধৰ্মসমূহৰ সৈতে মিল থকা এক ধৰ্মবিশ্বাসী লোক৷ [11] তেওঁলোকৰ প্ৰধান বসতিস্থল উত্তৰ ইৰাকৰ 'Nineveh Province' অঞ্চল৷ ইয়াৰ উপৰিও আৰ্মেনিয়া, জৰ্জিয়া আৰু ছিৰিয়াত থকা এই জাতৰ লোকসকলে ইউৰোপৰ বিভিন্ন অঞ্চললৈ প্ৰব্ৰজন কৰাৰ ফলত এই অঞ্চলবোৰত তেওঁলোকৰ সংখ্যা হ্ৰাস পাইছে৷[12]

আন্ত:গাথঁনি[সম্পাদনা কৰক]

ঐতিহাসিকভাৱে য়াজিদিসকল বৰ্তমানৰ ইৰাক, ছিৰিয়া আৰু তুৰ্কীত বাস কৰিছিল৷ তাৰোপৰি আৰ্মেনিয়া আৰু জৰ্জিয়াতো এই ধৰ্মাৱলম্বী বহুলোক বাস কৰিছিল৷ অৱশ্যে বিংশ শতিকাৰ বিভিন্ন হিংসাত্মক ঘটনাই তেওঁলোকৰ আন্ত:গাথঁনিত যথেষ্ট বিৰূপ প্ৰভাৱ পেলায় আৰু বহু অঞ্চলৰ পৰা প্ৰব্ৰজন বৃদ্ধি পায়৷ [5] ইয়াৰ ফলত তেওঁলোকৰ প্ৰকৃত জনসংখ্যাৰ সম্পৰ্কে কোনো বিশ্বাসযোগ্য তথ্য পোৱা নাযায়৷ [1]

ইতিহাস[সম্পাদনা কৰক]

য়াজিদিসকল প্ৰধানকৈ কূৰ্দিছ ভাষী৷ তেওঁলোকৰ ধৰ্ম ইৰাণী ধৰ্মসমূহৰ এটা আৰু ই মেছ'পটেমিয়াৰ ধৰ্মীয় বিশ্বাস তথা খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ বিভিন্ন উপাদানৰ সানমিহলি হৈ গঠন হোৱা৷ কূৰ্দিছৰ লগতে য়াজিদিসকলৰ বহুতেই আৰবী ভাষা ব্যৱহাৰ কৰে৷ তেওঁলোকৰ প্ৰধান তীৰ্থস্থান হৈছে মছুল (Mosul) ৰ উত্তৰ-পূবত থকা লালিছ (Lalish) নামৰ অঞ্চলটো৷

ধৰ্মবিশ্বাস[সম্পাদনা কৰক]

য়াজিদিসকলে ঈশ্বৰক পৃথিৱীৰ স্ৰষ্টা জ্ঞান কৰে৷ ঈশ্বৰৰ অধীনত সাতগৰাকী দেৱী ("holy beings" or angels) এ পৃথিৱীৰ চোৱাচিতা কৰে বুলি ধাৰণা কৰা হয়৷ ইয়াৰে এগৰাকী হৈছে মেলেক টাওছ (Melek Taus) যাক ময়ুৰ দেৱী ("Peacock Angel") বুলি কোৱা হয়৷[13]

Yazidi leaders and Chaldean clergymen meeting in Mesopotamia, 19th century.

ভৌগোলিক বিস্তাৰ[সম্পাদনা কৰক]

য়াজিদিসকলৰ সৰহসংখ্যকেই ইৰাকত বাস কৰে৷ ইৰকৰ জনসংখ্যাৰ সংখ্যলঘুসকলৰ ভিতৰত য়াজিদিসকল অন্যতম৷ [1] এওঁলোকৰ বৰ্তমানৰ জনসংখ্যা ৭০,০০০-৫০০,০০০ বুলি অনুমান কৰা হয়৷ তেওঁলোক প্ৰধানকৈ উত্তৰ ইৰাকৰ Neneveh province ত বসবাস কৰে৷ শ্বেখান (Shekhan), উত্তৰ-পূব মছুল ( Mosul) আৰু চিনজাৰ (Sinjar) এওঁলোকৰ সংখ্যা অধিক ৷ বিংশশতিকাত চিনজাৰবাসীসকলৰ সৈতে শ্বেখানবাসী য়াজিদিসকলে ক্ষমতাৰ বাবে যুঁজ দিবগীয়াত পৰে৷ [1] ২০০৩ চনত আৰম্ভ হোৱা ইৰাক যুদ্ধ আৰু ছাদ্দাম হুছেইনৰ পতনৰ পিছৰ পৰা য়াজিদিসকল নানা সংকটৰ সন্মুখীন হৈছে আৰু তেওঁলোকৰ সমগ্ৰ আন্ত:গাথঁনিৰ বিস্তৰ পৰিৱৰ্ত্তন সাধন হৈছে৷ [1]

Yazidi men
Yazidi men in Mardin, late 19th century.

শেহতীয়া ঘটনা[সম্পাদনা কৰক]

ইৰাক যুদ্ধৰ আৰম্ভণিৰ পিছত ২০০৭ চনৰ আগষ্টত কাহটানিয়া (Qahtaniya) নামৰ অঞ্চলটোত হোৱা নিৰ্বিচাৰ বোমা বিস্ফোৰণত প্ৰায় ৫০০ য়াজিদি লোক মৃত্যুমুখত পৰে৷ ২০০৯ চনৰ আগষ্টত উত্তৰ ইৰাকত ঘটা অন্য এটা আত্মঘাতী বোমা বিস্ফোৰণত কমেও ২০ জন য়াজিদিৰ মৃত্যু হয় আৰু অন্য বহুতো লোক আঘাতপ্ৰাপ্ত হয়৷[14]

চালাফিষ্ট উগ্ৰপন্থী দল (Salafist militant group) এ এই য়াজিদিসকলক চয়তানৰ উপাসক বুলি গণ্য কৰি ২০১৪ চনৰ আগষ্ট মাহত য়াজিদি সমকলৰ প্ৰধান বাসস্থান চিনজাৰ অধিকাৰ কৰি লয়৷ এই ঘটনাৰ ফলত প্ৰায় ৫০,০০০ য়াজিদি লোকে কাষৰীয়া পৰ্বতমালালৈ পলায়ন কৰিবলৈ বাধ্য হয়৷[15] আতংকবাদীৰ ভাবুকি আৰু খাদ্যদ্ৰব্যৰ অভাৱত জীয়াতু ভোগা য়াজিদি লোকসকলে সমগ্ৰ বিশ্বতে সংবাদমাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু আন্ত:ৰাষ্ট্ৰীয় সহানুভূতি লাভ কৰিছে৷[16] পৰৰ্ৱত্তী ঘটনাক্ৰমৰ ওপৰত নজৰ দি আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই এই লোকসকলৰ বাবে চিনজাৰ পৰ্বতমালাত সাহায্য বিতৰণৰ লগতে ইৰাকী উগ্ৰপন্থীৰ ওপৰত আক্ৰমণৰো পদক্ষেপ লৈছে৷ ২০১৪ চনৰ ৭ আগষ্টৰ পৰা এই পদক্ষেপ কাৰ্যকৰী কৰা হৈছে৷ [17]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 Allison, Christine (2004-02-20). "Yazidis i: General". Encyclopædia Iranica. http://www.iranicaonline.org/articles/yazidis-i-general-1। আহৰণ কৰা হৈছে: August 20, 2010. "There are probably some 200,000-300,000 Yazidis worldwide." 
  2. "Yezidi". Adherents.com. http://adherents.com/Na/Na_670.html#4286। আহৰণ কৰা হৈছে: 2008-03-31.  Cites estimates between 100,000 and 700,000.
  3. "Deadly Iraq sect attacks kill 200". BBC News. 2007-08-15. http://news.bbc.co.uk/2/hi/middle_east/6946028.stm। আহৰণ কৰা হৈছে: 2008-03-31. 
  4. Iraq Yezidis: A Religious and Ethnic Minority Group Faces Repression and Assimilation By Christian Peacemaker Teams in Iraq (25 September 2005)
  5. 5.0 5.1 5.2 Megalommatis, Muhammad Shamsaddin (February 28, 2010). "Dispersion of the Yazidi Nation in Syria, Turkey, Armenia, Georgia and Europe: Call for UN Action". American Chronicle. http://www.americanchronicle.com/articles/view/143737। আহৰণ কৰা হৈছে: August 20, 2010. 
  6. "Yazidi in Syria Between acceptance and marginalization". KurdWatch. kurdwatch.org. p. 4. http://kurdwatch.org/pdf/kurdwatch_yeziden_en.pdf। আহৰণ কৰা হৈছে: 1 April 2014. 
  7. Andrea Glioti (18 October 2013). "Yazidis Benefit From Kurdish Gains in Northeast Syria". al-monitor. http://www.al-monitor.com/pulse/originals/2013/10/syria-yazidi-minorities-kurds.html#। আহৰণ কৰা হৈছে: 1 April 2014. 
  8. "Всероссийская перепись населения 2010 г. Национальный состав населения Российской Федерации". Demoscope. Demoscope. http://demoscope.ru/weekly/ssp/rus_nac_10.php। আহৰণ কৰা হৈছে: 26 October 2013. 
  9. 2011 Armenian census
  10. http://upload.wikimedia.org/wikipedia/commons/9/92/Georgia_Census_2002-_Ethnic_group_by_major_administrative-territorial_units.pdf
  11. Palmer, Michael D.; Burgess, Stanley M. (2012-03-12). The Wiley-Blackwell Companion to Religion and Social Justice. John Wiley & Sons. পৃষ্ঠা. 405. ISBN 9781444355369. http://books.google.com/books?id=ptYpOSKPCgMC&pg=PA404। আহৰণ কৰা হৈছে: 25 February 2014. 
  12. Reeves, Bob (2007-02-28). "Lincoln Iraqis call for protection from terrorism". Lincoln Journal Star. http://journalstar.com/articles/2007/02/28/news/local/doc45e4c4211d311953438645.txt। আহৰণ কৰা হৈছে: 2007-02-28. 
  13. The Devil worshippers, of Iraq. "The Devil worshippers of Iraq". The Telegraph. http://www.telegraph.co.uk/news/worldnews/1560714/The-Devil-worshippers-of-Iraq.html। আহৰণ কৰা হৈছে: 7 July 2014. 
  14. "At least 20 killed in Iraq blast". CNN.com International. August 13, 2009. http://edition.cnn.com/2009/WORLD/meast/08/13/iraq.violence/index.html। আহৰণ কৰা হৈছে: August 13, 2009. 
  15. http://gulfnews.com/news/region/iraq/isil-militants-execute-dozens-from-yazidi-minority-1.1367034
  16. "Iraqi Yazidis: 'If we move they will kill us'". Al Jazeera. August 5, 2014. http://www.aljazeera.com/news/middleeast/2014/08/iraqi-yazidis-if-move-they-will-kill-us-20148513656188206.html। আহৰণ কৰা হৈছে: August 8, 2014. 
  17. "Obama authorises Iraq air strikes on Islamist fighters". BBC World News. August 8, 2014. http://www.bbc.com/news/world-middle-east-28699832। আহৰণ কৰা হৈছে: August 8, 2014. 

লগতে চাওক[সম্পাদনা কৰক]

  • Cumont, Franz. Oriental Religions in Roman Paganism. New York: Dover Publications, 1956, p. 152-153.
  • Drower, E.S. [E.S. Stevens]. Peacock Angel. Being Some Account of Votaries of a Secret Cult and their Sanctuaries. London: John Murray, 1941.
  • Joseph, I. "Yezidi Texts". The American Journal of Semitic Languages and Literatures, 1908–1909/XXV, 2, pp. 111–156.
  • Kreyenbroek, F.G. "Yezidism - its Background, Observances and Textual Tradition". Texts and Studies in Religion, 62. Lewiston, Queenston and Lampeter: Edwin Mellen Press, 1995.
  • Kurdoev, K.K. "Ob alfavite ezidskikh religioznykh knig" (Report on the alphabet of the Yezidi religious books). Pis'mennye pamiatniki i problemy istorii kul'tury narodov Vostoka. VIII godichnaia nauchnaia sessiia LO IV AN SSSR. Leningrad, 1972, pp. 196–199. In Russian.
  • Kurdoev, K.K. "Ob avtorstve i iazyke religioznykh knig kurdov XI–XII vv. predvaritel'noe soobshchenie" (Preliminary report on the Yezidi religious books of the eleventh-twelfth centuries: their author and language). VII godichnaia nauchnaia sessiia LO IV AN SSSR. Leningrad, 1971, pp. 22–24. In Russian.
  • Marie, A. 1911. "La découverte récente des deux livres sacrés des Yêzîdis". Anthropos, 1911/VI, 1. pp. 1–39.
  • Menzel, Th. "Yazidi, Yazidiya" in Encyclopaedia of Islam.
  • Omarkhali, Kh. "Yezidizm. Iz glubini tisyachaletiy" (Yezidism. From the early millennia). Sankt Peterburg, 2005. In Russian.
  • Omarkhali, Kh. "Yezidism: Society, Symbol, Observance". Istanbul, 2007. In Kurdish.
  • Reshid, T. Yezidism: historical roots, International Journal of Yezidi Studies, January 2005.
  • Reshid, R., Etnokonfessionalnaya situasiya v sovremennom Kurdistane. Moskva-Sankt-Peterburg: Nauka, 2004, p. 16. In Russian.
  • Rodziewicz, A., Yezidi Eros. Love as The Cosmogonic Factor and Distinctive Feature of The Yezidi Theology in The Light of Some Ancient Cosmogonies, Fritillaria Kurdica, 2014/3,41, pp. 42–105.
  • Rodziewicz, A., Tawus Protogonos: Parallels between the Yezidi Theology and Some Ancient Greek Cosmogonies, Iran and the Caucasus, 2014/18,1, pp. 27–45.
  • Wahbi, T., Dînî Caranî Kurd, Gelawej Journal, N 11-12, Baghdad, 1940, pp. 51–52. In Kurdish.
  • Williams, Kayla, and Michael E. Staub. 2005. Love My Rifle More Than You. W.W. Norton, New York. ISBN 0-393-06098-5
  • Ph.G. Kreyenbroek in collaboration with Z. Kartal, Kh. Omarkhali, and Kh.J. Rashow. Yezidism in Europe: Different Generations Speak about their Religion. Wiesbaden, 2009.
  • Omarkhali Khanna in collaboration with Kovan Khanki. A method of the analysis of the Yezidi Qewls: On the example of the religious hymn of Omar Khala and Hesin Chineri. Avesta, Istanbul, 2009.
  • Salman H Haji, Pharmacist, Lincoln NE US

বাহ্যিক সংযোগ[সম্পাদনা কৰক]