য়ে মেৰে ৱতন কে লোগো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
"য়ে মেৰে ৱতন কে লোগো"
লতা মংগেশকাৰ-ৰ সংগীত
ভাষা হিন্দী
ইংৰাজী শীৰ্ষক O' people of my country
কথা প্ৰদীপ
মুক্তি পায় ২৬ জানুৱাৰী ১৯৬৩ (1963-01-26)
স্থান নেচনেল ষ্টেডিয়াম, নতুন দিল্লী
প্ৰকাৰ দেশপ্ৰেমমূলক গীত
লেবেল সাৰেগামা
সুৰকাৰ চি. ৰামচন্দ্ৰ
গীতিকাৰ কবি প্ৰদীপ

য়ে মেৰে ৱতন কে লোগো (ইংৰাজী: Aye Mere Watan Ke Logo; lit. “O' people of my country”) হৈছে কবি প্ৰদীপৰ দ্বাৰা ৰচিত, চি. ৰামচন্দ্ৰই সুৰ আৰোপ কৰা আৰু নেপথ্য কণ্ঠশিল্পী লতা মংগেশকাৰে কণ্ঠদান কৰা এটা হিন্দী ভাষাৰ দেশপ্ৰেমমূলক গীত। গীতটো ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধত শ্বহীদ হোৱা প্ৰতিজন ভাৰতীয় সৈনিকৰ স্মৃতিত ৰচিত।

যুদ্ধৰ দুমাহ পিছত ১৯৬৩ চনৰ গণৰাজ্য দিৱসত (২৬ জানুৱাৰী) প্ৰথমবাৰৰ বাবে লতা মংগেশকাৰে গীতটি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৰাষ্ট্ৰপতি সৰ্ব্বপল্লী ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উপস্থিতিত লাইভ পৰিবেশন কৰে।

ভাৰতৰ ৰাজহুৱা অনুষ্ঠান আৰু সমাৱেশত সততে পৰিবেশন কৰা “জন গণ মন” (ৰাষ্ট্ৰীয় সংগীত), “বন্দে মাতৰম্‌” (ৰাষ্ট্ৰীয় গীত), “সাৰে জহা সে অচ্ছা” আদিৰ সমান্তৰালকৈ এই গীতটোকো অন্যতম দেশপ্ৰেমমূলক গীত বুলি গণ্য কৰা হয়।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]