লক্ষ্য সেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লক্ষ্য সেন

২০১৮ চনৰ গ্ৰীষ্মকালীন যুৱ অলিম্পিকত ৰূপৰ পদক লৈ সেন
ব্যক্তিগত তথ্য
দেশ ভাৰত
জন্ম ১৬ আগষ্ট, ২০০১ (২২ বছৰ)
আলমোৰা, উত্তৰাখণ্ড, ভাৰত
বাসগৃহ আলমোৰা
উচ্চতা ১.৭৯ মি.
হাত সোঁফাল
প্ৰশিক্ষক য়ু ইয়ং-ছুং
পুৰুষৰ একক
কেৰিয়াৰ টাইটেল ১০
সৰ্বোচ্চ ৰেংকিং ৯ (২২মাৰ্চ, ২০২২)
বৰ্তমান ৰেংকিং ১০ (১৪ জুন, ২০২২)
BWF profile

লক্ষ্য সেন (ইংৰাজী: Lakshya Sen; জন্ম: ১৬ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ।[1] সেন এজন প্ৰাক্তন বিশ্ব জুনিয়ৰ ১ নং খেলুৱৈ। তেওঁ ২০১৮ চনৰ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ল’ৰাৰ একক আৰু গ্ৰীষ্মকালীন যুৱ অলিম্পিকত মিক্সড টিম ইভেণ্টত সোণৰ পদক লাভ কৰিছে। ২০২১ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে ২০২২ চনৰ অল ইংলেণ্ড অ’পেনত ৰানাৰ্ছ আপ আছিল। থমাছ কাপ ২০২২ জয় কৰা ভাৰতীয় দলটোৰো তেওঁ অংশ আছিল। পুৰুষৰ একক বেডমিণ্টনত ২০২২ চনৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত লক্ষ্য সেনে সোণৰ পদক লাভ কৰিছিল। এই প্ৰতিযোগিতাৰে মিক্সড দল ইভেণ্টত তেওঁ ৰূপৰ পদক লাভ কৰিছিল।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

লক্ষ্য সেনৰ জন্ম হৈছিল উত্তৰাখণ্ডত। তেওঁৰ পিতৃ ডি কে সেন ভাৰতৰ এগৰাকী প্ৰশিক্ষক আৰু তেওঁৰ ভাতৃ চিৰাগ সেন এজন আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ।[2]

কেৰিয়াৰ[সম্পাদনা কৰক]

২০১৬ চন

প্ৰকাশ পাডুকন বেডমিণ্টন একাডেমীত প্ৰশিক্ষণ লোৱা সেনে অতি কম বয়সতে বেডমিণ্টন খেলুৱৈ হিচাপে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল আৰু ২০১৬ চনত জুনিয়ৰ বেডমিণ্টন চাৰ্কিটত এটা উজ্জ্বল বছৰ অতিবাহিত কৰিবলৈ সক্ষম হয়। ছান ফেইচিয়াঙৰ হাতত ১২-২১, ১৬-২১ পইণ্টৰ ব্যৱধানত পৰাস্ত হোৱাৰ পিছত তেওঁ জুনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। কাকতলীয়াকৈ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰি-কোৱাৰ্টাৰত পুনৰ ছানৰ হাতত ২১-১৭, ৮-২১ আৰু ১৩-২১ পইণ্টত তেওঁ পৰাস্ত হয়। সেনৰ দলটোৱে দলীয় ইভেণ্টত ৮ম স্থান দখল কৰে। সেনে ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ২০১৬ চনৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ছিৰিজ প্ৰতিযোগিতাত পুৰুষৰ একক খিতাপ দখল কৰিছিল।

২০১৭ চন

চৈয়দ মোদী ইণ্টাৰনেশ্যনেলত বছৰটো আৰম্ভ কৰা সেন প্ৰি-কোৱাৰ্টাৰত সৌৰভ ভাৰ্মাৰ হাতত ১৪-২১,১৬-২১ পইণ্টত পৰাস্ত হৈছিল। ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত সেনে বি ডব্লিউ এফ ৱৰ্ল্ড জুনিয়ৰ ৰেংকিঙত এক নম্বৰৰ জুনিয়ৰ একক খেলুৱৈ হিচাপে পৰিগণিত হয়।[3] জুনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপত সেনে ১ নং ছিডত স্থান লাভ কৰিছিল যদিও প্ৰি-কোৱাৰ্টাৰত লিন চুন-ইৰ হাতত ২১-১৩,২৩-২৫ আৰু ২০-২২ পইণ্টত পৰাস্ত হৈছিল। সেনে ভিয়েটনাম অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পূৰ্বে কোডাই নাৰাওকাৰ হাতত ২১-১৭,২১-২৩ আৰু ১০-২১ গ’লত পৰাস্ত হৈছিল। জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ২ নং ছিডত প্ৰৱেশ কৰিছিল যদিও কোৱাৰ্টাৰ ফাইনেলত তেওঁ পুনৰ কোডাই নাৰায়োকাৰ হাতত ২১-১৪,১৭-২১,১৪-২১ পইণ্টত পৰাস্ত হৈছিল।

২০১৮ চন
২০১৮ চনৰ জুলাই মাহত মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ সৈতে সেন (বাওঁফালে)।

সেনে নিউজিলেণ্ড অ’পেনত ষ্ট্ৰেইট গেমত তেওঁতকৈ বহু উচ্চ ৰেংকিঙৰ খেলুৱৈ চেম জুন ৱেইক ২১-১১,২১-১৬ পইণ্টত পৰাস্ত কৰিছিল যদিও ২বাৰ অলিম্পিকৰ সোণৰ পদক বিজয়ী আৰু ছিড নং ১ লিন ডেনৰ হাতত ২১-১৫,১৫-২১, ১২-২১ পইণ্টত তথা অষ্ট্ৰেলিয়ান অ’পেনত তেওঁ ছিড নং ৭ লি চেউক য়িউৰ হাতত ২০-২২,২১-১৩ আৰু ১৯-২১ পইণ্টত পৰাস্ত হয়। ২০১৮ চনৰ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত শীৰ্ষ ছিডৰ বিশ্ব জুনিয়ৰ ১ নং খেলুৱৈ কুনলাভুত ভিটিডছাৰ্ণক ২১-১৯,২১-১৮ গ'লত পৰাস্ত কৰি সেনে চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰে।[4]

হায়দৰাবাদ অ’পেনত সেন ছিড নং ৮ হেও কোৱাং-হিৰ হাতত ১৩-২১ আৰু ১২-২১ পইণ্টত পৰাস্ত হয়। ২০১৮ চনৰ বাংকা বেলিটুং ইণ্ডোনেছিয়া মাষ্টাৰছৰ প্ৰি-কোৱাৰ্টাৰত সেনে ২ নং ছিডৰ খেলুৱৈ ছিটথিকম থামাচিনক ২১-১৪,২১-১৯ গ’লত পৰাস্ত কৰিছিল যদিও কোৱাটাৰ ফাইনেলত ছিড নং ৭ লিন ইউ-ছিয়েনৰ হাতত ২১-১২,২০-২১ আৰু ১৪-২১ গ’লত পৰাস্ত হৈছিল।

২০১৮ চনৰ গ্ৰীষ্মকালীন যুৱ অলিম্পিকত সেনে চতুৰ্থ ছিড হিচাপে অংশগ্ৰহণ কৰিছিল। চীনা খেলুৱৈ লি শ্বিফেঙৰ হাতত ১৫–২১, ১৯–২১ গ'লত পৰাস্ত হৈ তেওঁ ল'ৰাৰ একক বেডমিণ্টনৰ বাবে ৰূপৰ পদক লাভ কৰে।[5] তেওঁ মিশ্ৰ দলীয় ইভেণ্টতো অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰাত সহযোগ কৰিছিল।[6]

ছেমি ফাইনেলত ২২-২০,১৬-২১,১৩-২১ গ’লত পৰাস্ত হৈ বি ডব্লিউ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।

২০১৯ চন

বেলজিয়ামৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত সেনে ভিক্টৰ স্ভেণ্ডচেনক ২১-১৪ আৰু ২১-১৫ গ’লত পৰাস্ত কৰি জয়লাভ কৰে। জাপানৰ ইউছুকে অনোডেৰাক পৰাস্ত কৰি ডাচ অ’পেন পুৰুষৰ একক খিতাপ জয় কৰি সেনে প্ৰথমটো বি ডব্লিউ এফ ট্যুৰৰ খিতাপ দখল কৰে। ডাচ অ’পেন হৈছে বি ডব্লিউ এফ ট্যুৰ ছুপাৰ ১০০ৰ প্ৰতিযোগিতা। ২০১৯ চনৰ নৱেম্বৰ মাহত তেওঁ জাৰ্মানীৰ ছাৰব্ৰুকেনত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাতৰ ফাইনেলত চীনৰ ৱেং হংয়াঙক পৰাস্ত কৰি এই খিতাপ দখল কৰে।[7]

২০১৯ চনৰে নৱেম্বৰ মাহত স্কটিছ অ'পেনত তেওঁ পুৰুষৰ একক খিতাপ দখল কৰিছিল, এই প্ৰতিযোগিতাত তেওঁ ব্ৰাজিলৰ ইগ'ৰ ক'য়েল'ৰ বিৰুদ্ধে জয়লাভ কৰিছিল।[8]

২০২০ চন

তেওঁ ২০২০ বৰ্ষৰ বেডমিণ্টন এছিয়া দল চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰা ভাৰতীয় দলটোৰ এজন সদস্য আছিল।

সেনে ২০২০ চনৰ অল ইংলেণ্ড অ’পেনৰ ২য় ৰাউণ্ডত প্ৰৱেশ কৰাৰ পিছত চেম্পিয়ন তথা বিশ্বৰ ১ নং ভিক্টৰ এক্সেলছনৰ হাতত ১৭-২১ আৰু ১৮-২১ গ’লত পৰাস্ত হৈছিল। ২০২০ চনৰ ডেনমাৰ্ক অ’পেনৰ ২য় ৰাউণ্ডত হান্স-ক্ৰিষ্টিয়ান ভিটিংহাছৰ হাতত ২১-১৫,৭-২১ আৰু ১৫-২১ গ’লত পৰাস্ত হৈছিল।

২০২১ চন

ডিচেম্বৰ মাহত তেওঁ বিশ্ব চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰৱেশ কৰে য'ত তেওঁ শ্ৰীকান্ত কিদাম্বীৰ হাতত ২১–১৭, ১৪–২১, ১৭–২১ গ'লত পৰাস্ত হয় আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।[9]

২০২২ চন

জানুৱাৰী মাহত তেওঁ ইণ্ডিয়া অ’পেনৰ ফাইনেলত বৰ্তমানৰ বিশ্ব চেম্পিয়ন লোহ কিন ইউক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ছুপাৰ ৫০০ খিতাপ দখল কৰিছিল। তেওঁ লোহক একেৰাহে দুখন খেলত ২৪–২২, ২১–১৭ গ’লত পৰাস্ত কৰে।[10] জাৰ্মান অ’পেনত ছেমিফাইনেলত বিশ্বৰ ১ নং ভিক্টৰ এক্সেলছনক লক্ষ্যই পৰাস্ত কৰিছিল যদিও তেওঁ ফাইনেলত কুনলাভুত ভিটিডছাৰ্ণৰ হাতত পৰাস্ত হৈছিল। ইয়াৰ পিছত তেওঁ বিশ্ব নং ৩ এণ্ডাৰছ এণ্টনচেন আৰু বিশ্ব নং ৭ লি জি জিয়াক পৰাস্ত কৰি ২০২২ চনৰ অল ইংলেণ্ড অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰে।[11] তেওঁ ফাইনেলত ভিক্টৰ এক্সেলছনৰ হাতত ১০-২১, ১৫-২১ গ'লত পৰাস্ত হয়।[12][13] পৰৱৰ্তী সময়ত তেওঁ চুইছ অ'পেনৰ পৰা আঁতৰি যায়।[14] লক্ষ্য সেন থমাছ কাপ ২০২২ৰ বাবে ভাৰতীয় পুৰুষ দলৰ অংশ আছিল। ইণ্ডোনেছিয়াক ৩-০ গ’লত পৰাস্ত কৰি থমাছ কাপ জয় কৰিবলৈ সক্ষম হয়। ২০২২ চনৰ কমনৱেলথ গেমছৰ ফাইনেলত মালয়েছিয়াৰ এন জি চে ইয়ংক পৰাস্ত কৰি তেওঁ কমনৱেলথ চেম্পিয়ন হৈছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Players: Lakshya Sen". Badminton World Federation. http://bwfbadminton.com/player/68870/lakshya-sen। আহৰণ কৰা হৈছে: 27 November 2016. 
  2. Nadkarni, Shirish (8 February 2017). "Decoding Lakshya Sen: How the world's No 1 junior has taken the badminton world by storm". Firstpost. https://www.firstpost.com/sports/decoding-lakshya-sen-how-the-worlds-no-1-junior-has-taken-the-badminton-world-by-storm-3272018.html. 
  3. Talwar, Gaurav (2 February 2017). "Lakshya Sen becomes World No 1 junior badminton player". The Times of India. https://timesofindia.indiatimes.com/sports/badminton/lakshya-sen-becomes-world-no-1-junior-badminton-player/articleshow/56936876.cms. 
  4. "Lakshya Sen stuns World No 1 to bag badminton gold in Asian Junior Championships". The Indian Express. 22 July 2018. https://indianexpress.com/article/sports/badminton/lakshya-sen-badminton-gold-asian-junior-championship-5269939/. 
  5. "Youth Olympics 2018: Lakshya Sen settles for silver medal in Badminton". The Indian Express. 13 October 2018. https://indianexpress.com/article/sports/badminton/youth-olympics-2018-lakshya-sen-silver-badminton-5400191/। আহৰণ কৰা হৈছে: 13 October 2018. 
  6. "Youth Olympics: Why Lakshya Sen's gold, Manu Bhaker's silver won't be added to India's medal count". DNA. 13 October 2018. https://www.dnaindia.com/sports/report-youth-olympics-why-lakshya-sen-s-gold-manu-bhaker-s-silver-will-not-be-added-to-india-s-medal-count-at-yog-2018-2674872। আহৰণ কৰা হৈছে: 13 October 2018. 
  7. "Sensational Lakshya Sen claims SaarLorlux Open title". The Times of India. https://timesofindia.indiatimes.com/sports/badminton/sensational-lakshya-sen-claims-saarlorlux-open-title/articleshow/71881552.cms। আহৰণ কৰা হৈছে: 2019-11-04. 
  8. "Lakshya Sen wins Scottish Open badminton title". The Hindu. 2019-11-25. ISSN 0971-751X. https://www.thehindu.com/sport/other-sports/lakshya-sen-wins-scottish-open-badminton-title/article30079497.ece. 
  9. Anab, Mohammad (20 December 2021). "Lakshya Sen clinches bronze at World Badminton Championship". The Times of India. https://timesofindia.indiatimes.com/city/dehradun/lakshya-sen-clinches-bronze-at-world-badminton-championship/articleshow/88378494.cms। আহৰণ কৰা হৈছে: 19 January 2022. 
  10. "India Open: Lakshya Sen stuns world champion Loh Kean Yew to win maiden Super 500 title". The Times of India. 16 January 2022. https://timesofindia.indiatimes.com/sports/badminton/india-open-lakshya-sen-stuns-world-champion-loh-kean-yew-to-win-maiden-super-500-title/articleshow/88934522.cms। আহৰণ কৰা হৈছে: 19 January 2022. 
  11. Hoover, Mashoor (March 18, 2022). "Laskhay Sen defeated World Number 3 Player In All England Badminton Championship". https://mashoor.media/lakshay-sen-defeated-world-number-3-player-in-all-england-badminton-championships/। আহৰণ কৰা হৈছে: March 24, 2022. 
  12. "Lakshya Sen's impressive run ends in agony at All England final | Badminton News - Times of India" (en ভাষাত). The Times of India. Mar 21, 2022. https://timesofindia.indiatimes.com/sports/badminton/lakshya-sens-impressive-run-ends-in-agony-at-all-england-final/articleshow/90340389.cms। আহৰণ কৰা হৈছে: 2022-03-21. 
  13. "All England Championships: Lakshya Sen Loses to Viktor Axelsen in Final, Clinches Silver" (en ভাষাত). News18. 2022-03-20. https://www.news18.com/news/sports/all-england-championships-lakshya-sen-loses-to-viktor-axelsen-in-final-clinches-silver-4892240.html। আহৰণ কৰা হৈছে: 2022-03-21. 
  14. "Lakshya Sen withdraws from Swiss Open" (en ভাষাত). The Indian Express. 2022-03-21. https://indianexpress.com/article/sports/badminton/lakshya-sen-withdraws-from-swiss-open-7829384/। আহৰণ কৰা হৈছে: 2022-03-22.