সমললৈ যাওক

লাভ জেহাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লাভ জেহাদ হৈছে ভাৰতৰ কিছুমান ঠাইত ইছলাম ধৰ্মীসকলৰ বৃহত্তৰ জনসংখ্যাগত বৃদ্ধিৰ কাৰণে[1] হিন্দু মহিলাক জোৰ-জবৰদস্থিকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ উদ্দেশ্যেৰে মুছলমান পুৰুষে নিকাহ কৰোৱা প্ৰথাক বুজাবলৈ ব্যৱহাৰ কৰা হয়।[2] গজবা-ই-হিন্দ অৰ্থাৎ সমগ্ৰ ভাৰতীয় উপমহাদেশক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাটোৱেই হৈছে ইয়াৰ মূল উদ্দেশ্য।[3][4]

ইয়ে ধৰ্মান্তৰকৰণৰ আহিলা হিচাপে বিবাহক কথিত ব্যৱহাৰক নিৰ্দেশিত কৰে। এনে কিছুমান নিৰ্দিষ্ট ঘটনা ঘটিছে, য’ত হিন্দু মহিলাসকলক মুছলমান পুৰুষৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে প্ৰলোভিত কৰা হয় আৰু তাৰ পিছত ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা হয় নতুবা হত্যা কৰা হয়।[5][6]

সমগ্ৰ ভাৰতৰ লগতে অসমতো লাভ জেহাদৰ ঘটনা দিনক দিনে ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰাপ্ত তথ্য মতে কিছু সংখ্যক ইছলামধৰ্মী লোকে থলুৱা অসমীয়া তথা জনজাতীয় লোকৰ নাম আৰু উপাধি ব্যৱহাৰ কৰি ভুৱা একাউণ্ট খুলে।[7][8] পৰবৰ্তী সময়ত সেইবোৰৰ সহায়ত আন আন ছোৱালীক নিজৰ প্ৰেমত জালত ফচাবলৈ ফান্দ পাতে আৰু শেষত ঘৰৰ পৰা পলুৱাই লৈ যায়।[9]

বলপূৰ্বক ধৰ্মান্তকৰণ

[সম্পাদনা কৰক]

ড° স্বামী, ড° তাহিৰ মাহমুদ আদি কিছুমান পণ্ডিত আৰু বিশেষজ্ঞই যুক্তি আগবঢ়ায় যে বলপূৰ্বক লাভ জেহাদত অন্য ধৰ্মৰ ব্যক্তিক বিশেষকৈ হিন্দু মহিলাক ইছলামলৈ ধৰ্মান্তৰিত কৰিবলৈ জোৰ-জবৰদস্তি,[10] হেতালি খেলা নতুবা তেওঁলোকক শোষণ কৰা হয়।[11] অভিযুক্তসকলে ব্লেকমেইল,[12] আনকি ভুক্তভোগী তথা পৰিয়ালৰ লোককো ভাবুকি প্ৰদান কৰে।[13] যাৰ ফলত ভুক্তভোগীৰ মানসিকৰ উপৰিও সামাজিক ক্ষতি হোৱা পৰিলক্ষিত হয়।[14]

ব্ৰেইনৱাছৰ সহায়ত ধৰ্মান্তকৰণ

[সম্পাদনা কৰক]

শেহতীয়া বছৰবোৰত ভাৰতত বিশেষকৈ কেৰেলা, পশ্চিম বংগ[15] আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত হিন্দু মহিলাসকলৰ ব্ৰেইনৱাছ কৰাৰ অভিযোগ উত্থাপন হৈছে।[16] এই গোচৰবোৰত প্ৰায়ে জোৰ-জবৰদস্তি কৰা, আৰু কেতিয়াবা আইছিছ, অল-কায়দা, ছিমিৰ দৰে উগ্ৰপন্থী সংগঠনতো নিযুক্তি দিয়া আদিও জড়িত হৈ থাকে।[17]

আবেগৰ মাধ্যমত ধৰ্মান্তকৰণ

[সম্পাদনা কৰক]

অক্সফৰ্ড হেণ্ডবুক অৱ ৰিলিজিয়াছ কনভাৰ্চনত উল্লেখ কৰা হৈছে যে এটা ধৰ্মৰ পৰা আন এটা ধৰ্মলৈ মানুহক ধৰ্মান্তৰিত কৰিবলৈ আৱেগৰ ব্যৱহাৰ জনপ্ৰিয় আৰু কেতিয়াবা ইছলামিক ধৰ্মগুৰুসকলেও ইয়াক ব্যৱহাৰ কৰে। লাভ জেহাদ তত্ত্বৰ সমৰ্থকসকলে যুক্তি আগবঢ়ায় যে লাভ জেহাদ হৈছে এনে এক কাৰ্য্য য’ত মুছলমান যুৱকসকলে আৱেগৰ সহায়ত নতুবা ধনবল প্ৰদৰ্শিত ভুৱা ৰোমান্টিক সম্পৰ্ক কৰি অন্য ধৰ্মৰ ছোৱালীক প্ৰেমত আৱদ্ধ কৰে।

অপৰাধমূলক ঘটনাসমূহ

[সম্পাদনা কৰক]

বিগত বৰ্ষৰ ২৬ অক্টোবৰ মাহত হাৰিয়ানাৰ বল্লভগড়ত নিকিতা তোমৰ নামৰ হিন্দু যুৱতীগৰাকী দুপৰীয়া ৩.৪৫ বজাত কলেজৰ পৰা উভতি অহাৰ পথতে মহম্মদ তৌফিক নামৰ যুৱক এজনে ৰাজপথতে গুলীয়াই হত্যা কৰা ঘটনাটোৰ লগতে এলাহাবাদ উচ্চ ন্যায়ালয়ে ধৰ্ম পৰিৱৰ্তনক লৈ দিয়া এটা গুৰুত্বপূৰ্ণ ৰায়ে লাভ জেহাদক চৰ্চাৰ শীৰ্ষলৈ আনি দিছিল।[18][19]

অৱশ্যে বল্লভগড়ৰ ঘটনাটো দেশখনত লাভ জেহাদৰ প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও দেশখনত তেনে কেইবাটাও ঘটনা সংঘটিত হৈছে। বৰং ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত লাভ জেহাদৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পাই আহিছে।

সম্প্ৰতি বৰপেটাৰ এগৰাকী যুৱতীয়ে পৰীক্ষা দিবলৈ যোৱাৰ সময়তে ৰিতুল হুছেইন নামৰ যুৱক এজনে অপহৰণ কৰি ভয়-ভাবুকিৰে চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিধায়ক আৱাসত ৰাখিছিল। তাৰ পিছত যুৱতীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ লগতে অনৈতিক কাৰ্যকলাপত জড়িত কৰাৰো অভিযোগ উত্থাপন হৈছিল। বৰপেটাৰ মুখ্য ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে অভিযুক্ত ৰিতুল হুছেইনক জেললৈ প্ৰেৰণ কৰে।[20][21][22]

লগতে চাওঁক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Singh, Bikash (2024-08-29). "Demographic changes happening in Assam due to increase in Muslim population: Chief Minister Sarma". The Economic Times. https://economictimes.indiatimes.com/news/india/demographic-changes-happening-in-assam-due-to-increase-in-muslim-population-chief-minister-sarma/articleshow/112876818.cms?from=mdr আহৰণ কৰা হৈছে: 2024-10-17.
  2. "UP man converts woman, uses her money to travel abroad, gives her talaq". India Today. 2024-08-31. https://www.indiatoday.in/india/story/uttar-pradesh-love-jihad-lucknow-muslim-man-fakes-identity-hindu-woman-conversion-to-islam-triple-talaq-2591428-2024-08-31 আহৰণ কৰা হৈছে: 2024-10-17.
  3. Haqqani, Husain (27 March 2015). "Prophecy & the Jihad in the Indian Subcontinent - by Husain Haqqani" (en ভাষাত). Hudson Institute. https://www.hudson.org/research/11167-prophecy-the-jihad-in-the-indian-subcontinent.
  4. "Ghazwa e Hind: भारत से हिंदू धर्म का अस्तित्व मिटाने का ख्वाब, जानें क्या है गजवा-ए हिंद?". https://zeenews.india.com/hindi/india/what-is-ghazwa-e-hind-a-conspiracy-to-eradicate-existence-of-hinduism-from-india/1098143.
  5. "লাভ জিহাদ". নিয়মীয়া বাৰ্তা. https://niyomiyabarta.com/special-writing/love-jihad/.
  6. "পুনৰ লাভ জেহাদ! ইছলাম ধৰ্ম গ্ৰহণ নকৰা বাবে হিন্দু প্ৰেমিকাক হত্যা কৰিলে মুছলমান প্ৰেমিকে". প্ৰাগ নিউজ. Archived from the original on 2023-04-20. https://web.archive.org/web/20230420114554/https://pragnews.com/index.php/national-assamese/lucknow-police-fir-on-nidhi-love-jihad-murder-case.
  7. "Nagaon Police: কেৰালাত নগাঁও আৰক্ষীৰ অভিযান, উদ্ধাৰ কৰিলে লাভ জেহাদৰ বলি হোৱা অসমীয়া যুৱতীক". News18. https://assam.news18.com/amp/news/assam/the-victim-of-love-jihad-was-rescued-from-kerala-by-the-nagaon-police-nilutpal-borah-subham-g-280152.html.
  8. Bharat, ETV (2023-03-11). "Love Jihad Case: হিন্দুৰ পৰিচয়েৰে প্ৰেমৰ জালত পেলাই যুৱতীক পলুৱাই নিলে মুছলমান যুৱকে" (as ভাষাত). ETV Bharat News. https://www.etvbharat.com/assamese/assam/state/nagaon/love-jihad-case-muslim-youth-drives-hindu-girl-into-love-trap/assam20230311205619179179282 আহৰণ কৰা হৈছে: 2024-10-21.
  9. "Love Jihad in Dhubri: ধুবুৰীত লাভ জেহাদৰ ঘটনা". ইটিভি ভাৰত. https://www.etvbharat.com/assamese/assam/city/dhubri/love-jihad-in-dhubri-one-muslim-boy-trapped-hindu-girl-and-started-blackmailing/assam20220515170702104104362.
  10. "Minor Hindu girl abducted, married off to elderly man and converted to Islam in Pak’s Sindh province". The Indian Express. 2024-09-12. https://indianexpress.com/article/pakistan/hindu-girl-abducted-married-converted-to-islam-in-sindh-pakistan-9564788/ আহৰণ কৰা হৈছে: 2024-10-21.
  11. "Moradabad, UP: Altaf pretends to be Akash, sexually exploits Hindu woman then threatens to rape her daughter if she doesn't convert to Islam". OpIndia. 2024-09-06. https://www.opindia.com/2024/09/up-altaf-poses-as-akash-to-lure-hindu-woman-rapes-her-forces-her-to-convert-to-islam-in-moradabad-arrested/ আহৰণ কৰা হৈছে: 2024-10-21.
  12. "Pak Hindu girl ends life after being blackmailed by rapists out on bail". The Hindu. 2020-10-02. https://www.thehindu.com/news/international/pak-hindu-girl-commits-suicide/article32750366.ece আহৰণ কৰা হৈছে: 2024-10-21.
  13. "Love Jihad in UP: Jibran and his friends kidnap a minor Hindu girl in Unnao, victim's family flees after death threats". OpIndia. 2024-09-17. https://www.opindia.com/2024/09/up-jibran-his-friends-kidnap-minor-hindu-girl-in-unnao-victim-family-flees-their-home-after-death-threats/ আহৰণ কৰা হৈছে: 2024-10-21.
  14. Standard, Business (2017-08-17). "Swamy dubs Love Jihad as 'dimension of terrorism'". Business Standard. https://www.business-standard.com/article/news-ani/swamy-dubs-love-jihad-as-dimension-of-terrorism-117081700422_1.html আহৰণ কৰা হৈছে: 2024-10-17.
  15. "Hindu Girl From Bengal Who Converted To Islam Arrested From Dhaka For Terror Links". Swarajya by Kovai Media Private Limited. 2020-07-18. https://swarajyamag.com/news-brief/hindu-girl-from-bengal-who-converted-to-islam-arrested-from-dhaka-for-terror-links আহৰণ কৰা হৈছে: 2024-10-21.
  16. Verma, Ashish (2023-05-10). "Exclusive: Not just Kerala, even UP battles religious conversion and brainwashing". News9live. https://www.news9live.com/india/exclusive-not-just-kerala-even-up-battles-religious-conversion-and-brainwashing-2133284 আহৰণ কৰা হৈছে: 2024-10-21.
  17. Unnithan, P S Gopikrishnan (2021-08-17). "Mother of Kerala woman who went to Afghanistan to join ISIS asks govt to bring her back". India Today. https://www.indiatoday.in/india/story/mother-kerala-woman-afghanistan-join-isis-asks-govt-bring-back-1841695-2021-08-17 আহৰণ কৰা হৈছে: 2024-10-21.
  18. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; সমলবিহীন refসমূহৰ অৱশ্যেই এটা নাম থাকিব লাগিব।
  19. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; সমলবিহীন refসমূহৰ অৱশ্যেই এটা নাম থাকিব লাগিব।
  20. "লাভ জেহাদৰ অভিযুক্ত ৰিতুল হুছেইনক জেললৈ প্ৰেৰণ". অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/assam/ritul-hussain-sent-to-jail.
  21. "লাভ জেহাদৰ অভিযোগত গ্ৰেপ্তাৰ ৰিতুল হুচেইন…". Guwahati Times. Archived from the original on 2023-04-20. https://web.archive.org/web/20230420114736/https://guwahatitimes.com/%E0%A6%B2%E0%A6%BE%E0%A6%AD-%E0%A6%9C%E0%A7%87%E0%A6%B9%E0%A6%BE%E0%A6%A6%E0%A7%B0-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%A4-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%AA/.
  22. "ৰাজ্যজুৰি সামাজিক মাধ্যমত ভাইৰেল হৈ থকা ৰিতুল হুছেইনক গ্ৰেপ্তাৰ". পূৰ্বোত্তৰ. https://purbottar.com/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%9C%E0%A7%81%E0%A7%B0%E0%A6%BF-%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%95-%E0%A6%AE%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AE/.