সমললৈ যাওক

গজবা-ই-হিন্দ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গজবা-ই-হিন্দ হৈছে ইছলামৰ শেষ নবী মহম্মদৰ ভৱিষ্যদ্বাণী, য’ত কোৱা হৈছে যে ভাৰতীয় উপমহাদেশত মুছলমান আৰু অমুছলমানৰ মাজত যুদ্ধ হ’ব, য’ত মুছলমানসকলে বিজয়ী হ’ব।[1]

নাছাৰ কৃত্ৰিম উপগ্ৰহৰ সহায়ত তোলা ভাৰতীয় উপমহাদেশৰ ছবি।

"গজবা" শব্দটোৱে ইছলাম প্ৰচাৰৰ উদ্দেশ্যে কৰা সামৰিক অভিযান বুজায়, আৰু "হিন্দ" হৈছে ভাৰতৰ আৰবী প্ৰতিশব্দ। বহলভাৱে ক’বলৈ গ’লে গাজৱা-ই-হিন্দৰ অৰ্থ হ’ল যুদ্ধৰ জৰিয়তে ভাৰতীয় উপমহাদেশত বসবাস কৰা কাফিৰসকলক জয় কৰি মুছলমানলৈ ৰূপান্তৰ কৰা আৰু ইছলামীয় শাসন প্ৰতিষ্ঠা। এই যুদ্ধত জড়িত ইছলামিক যোদ্ধাসকলক ‘গাজী’ বুলি কোৱা হয়।[2]

ধৰ্মীয় গ্ৰন্থত বিৱৰণ

[সম্পাদনা কৰক]

কেইবাখনো হাদীছত মহম্মদে গজবা-ই-হিন্দৰ ভৱিষ্যদ্বাণী কৰিছিল।

আবু হুৰায়ৰা দ্বাৰা বৰ্ণিত, মুহাম্মাদে ভাৰতৰ (তৎকালীন সময়ত ভাৰত বুলি অভিহিত কৰোঁতে অখণ্ড ভাৰত নতুবা ভাৰতীয় উপমহাদেশক বুজোৱা হৈছিল) কথা উল্লেখ কৰিছিল আৰু লগতে কৈছিল যে,

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"মোৰ উম্মাহৰ দুটা গোট, আল্লাহ তাআলাই তেওঁলোকক জাহান্নামৰ পৰা ৰক্ষা কৰিব। হিন্দুস্তানত জেহাদ চলাব পৰা এটা গোট, আৰু ইছা ইবনে মৰিয়মৰ লগত থকা এটা গোট।" [3][4]

এই সন্দৰ্ভত চাহাবী আবু হুৰাইৰা দ্বাৰা বৰ্ণিত কেইটামান উক্তি হাদীছত আছে। তলত পৰ্যায়ক্ৰমে উল্লেখ কৰা হৈছে:

নিশ্চয় আমাৰ এটা দলে হিন্দুস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিব, আল্লাহে সেই গোটৰ যোদ্ধাসকলক সফলতা প্ৰদান কৰিব, আৰু সিহঁতে (হিন্দু) ৰজাসকলক শিকলিৰে বান্ধি টানি আনিব। আল্লাহে সেই মুজাহিদীন অৰ্থাৎ মুছলমান যোদ্ধাসকলক এই মৰ্যাদাপূৰ্ণ যুদ্ধৰ বাবে ক্ষমা কৰিব। সেই মুছলমান সকলে ঘূৰি আহি ঈছা ইবনে মৰিয়মক শ্বামত বিচাৰি পাব। আবু হুৰাইৰা-এ লগতে কৈছিল, গজবা-ই-হিন্দৰ সময়ত যদি মই জীয়াই থাকোঁ তেন্তে মই মোৰ সকলো বস্তু বিক্ৰী কৰি হ'লেও সেই যুদ্ধত যোগ দিম। তাৰ পিছত আল্লাহ তাআলাই আমাক জয়ী কৰিব।[5][6]

১ম হাদিছ

[সম্পাদনা কৰক]
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছালামে আমাক হিন্দুস্তানত জেহাদৰ আশ্বাস দিছে। আমি তাৰ বাবে প্ৰাণ-সম্পত্তি ত্যাগ কৰিম। আৰু যদি মোক হত্যা কৰা হয়, তেন্তে মোক সন্মানীয় শ্বহীদ বুলি গণ্য কৰা হ’ব। যদি মই উভতি যাওঁ, তেন্তে মই আবু হুৰাইৰা আজাদ হ’ম নতুবা জাহান্নামৰ পৰা মুক্ত হ’ম।[7]

অপৰাধমূলক কাৰ্যকলাপ

[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় তদন্ত সংস্থাই অভিযান চলাইছিল, য’ত তেওঁলোকে মোবাইল ফোন, মেম’ৰী কাৰ্ড, চিম কাৰ্ড ইত্যাদি ডিজিটেল ডিভাইচৰ লগতে জিহাদ সম্পৰ্কীয় নথি-পত্ৰ জব্দ কৰে। দৰভঙাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, পুৱা প্ৰায় ৬:০০ বজাত নিয়া(NIA) ৰ দলে ছ’টি বজাৰ অঞ্চলৰ এজন সন্দেহযুক্ত লোকৰ বাসগৃহত অভিযান চলায়। মহম্মদ হাবিবুল্লাহ তথা তেওঁৰ পুত্ৰ মহম্মদ চমিউল্লাহক দুঘণ্টা ধৰি জেৰা কৰি আটক কৰা হয়। এই সময়ছোৱাত তেওঁৰ মোবাইল ফোন আৰু চিম কাৰ্ড জব্দ কৰা হয়।[8]

বিহাৰৰ পাটনা জিলাৰ ফুলৱৰীশ্বৰীফ আৰক্ষীয়ে মাৰ্ঘুব আহমেদ দানিশ ওৰফে তাহিৰক গ্ৰেপ্তাৰ কৰাৰ পিছত ১৪ জুলাই ২০২২ তাৰিখে মোং নং ৮৪০/২০২২ অধীনত গোচৰ ৰুজু কৰিছিল। মাৰ্ঘুব আছিল জেন (Zain) নামৰ এজন পাকিস্তানী নাগৰিকে সৃষ্টি কৰা হোৱাটছএপ গ্ৰুপ ‘গজবা-ই-হিন্দ’ৰ এডমিন।[9]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "As Islamists Call For “Ghazwa e Hind” Post Article 370 Abolition, A Look At The Term’s History And Meaning". Swarajya by Kovai Media Private Limited. 2019-08-12. https://swarajyamag.com/news-brief/as-islamists-call-for-ghazwa-e-hind-post-article-370-abolition-a-look-at-the-terms-history-and-meaning। আহৰণ কৰা হৈছে: 2024-10-17. 
  2. शुक्ला, अभिषेक (2024-02-23). "What is Ghazwa e Hind Also Know History of Darul Uloom-क्‍या है गजवा-ए-हिंद का मकसद" (hi ভাষাত). Navbharat Times. https://navbharattimes.indiatimes.com/state/uttar-pradesh/saharanpur/what-is-ghazwa-e-hind-also-know-the-history-of-darul-uloom/articleshow/107940043.cms। আহৰণ কৰা হৈছে: 2024-10-17. 
  3. "হাদীস, জিহাদ গ্ৰন্থ, সুন্নাহ নাসায়ী, 3175". Sunnah.com. https://sunnah.com/nasai/25/91. 
  4. "Sunan An Nasai 3175". hamariweb.com. https://hamariweb.com/islam/hadith/sunan-an-nasai-3175/. 
  5. কিতাবুল ফিতান, হাদীস নং: ১২৩৬
  6. কিতাবুল ফিতান, হাদীস নং: ১২৩৯
  7. "Sunan An Nasai Hadith No. 3175 in Urdu & English". UrduPoint. https://www.urdupoint.com/islam/hadith-topic/sunan-an-nasai-hadith-no-3175.html। আহৰণ কৰা হৈছে: 2024-10-17. 
  8. "NIA raids in 3 states uncover PFI's 'Ghazwa-e-Hind' module". The Times of India. 2023-07-03. https://timesofindia.indiatimes.com/city/lucknow/nia-raids-in-3-states-uncover-pfis-ghazwa-e-hind-module/articleshow/101441804.cms। আহৰণ কৰা হৈছে: 2024-10-17. 
  9. Standard, Business (2023-11-26). "NIA conducts raids in Pakistan-backed Ghazwa-e-Hind terror module case". Business Standard. https://www.business-standard.com/india-news/nia-conducts-raids-in-pakistan-backed-ghazwa-e-hind-terror-module-case-123112600761_1.html। আহৰণ কৰা হৈছে: 2024-10-17.